ডিজিটেল ডেস্ক : 'লখিমী মিস্ত্রী- নামটো শুনিবলৈ অতি শুৱলা। লখিমী শব্দটো আমাৰ অসমীয়া সমাজত বহু ব্যৱহৃত এটা শব্দ। লখিমী-লক্ষ্মীৰ পৰা সবলীকৰণ কৰা। আধ্যাত্মিক বিশ্বাস মতে, লক্ষ্মী ধন সম্পত্তিৰ দেৱী। গতিকে, লখিমী অভিধাটো এনে কন্যা, বোৱাৰী বা তিৰোতাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, যিসকলে একোখন ঘৰলৈ সম্পদ-সৌভাগ্য কঢ়িয়াই অনা বুলি পৰিয়াল, স্থানীয় সমাজে বিশ্বাস কৰে। লখিমী ছোৱালী, লখিমী বোৱাৰী, লখিমী তিৰোতা অভিধা মহিলা ভেদে ব্যৱহাৰ হয়, উল্লিখিত বিশ্বাস বা ধাৰণাৰ আধাৰতে। 'লখিমী'ক লৈ আমাৰ সমাজত আচাৰ-আচৰণো বহুত। আঘোণৰ পথাৰত সোণোৱালী দলিচা হৈ পৰা ধান দাই-চপাই শেষ হ'বৰ দিনা এগোছা ধান ভাব-ভক্তিৰে গামোচাৰে মেৰিয়াই মুৰত তুলি নি ভঁৰালত সুমুওৱা হয়। সেইগছি ধানক কোৱা হয় লখিমী।
ভঁৰালৰ সম্মুখত চাকি জ্বলাই সেই 'লখিমী'ক উদ্দেশ্যি প্রার্থনা জনায় কৃষক পৰিয়ালে-যাতে বছৰে বছৰে এনেকৈ ভঁৰাল উপচি থাকে 'লখিমী' ধানেৰে। আমাৰ ৰাজ্যত, বিশেষকৈ উজনি অসমত গাঁবে গাঁৱে মহিলাসকলে মিলি লখিমী সবাহ পাতে। এই লখিমী সবাহৰ নির্দিষ্ট পদ্ধতি আছে- উদ্দেশ্য একেই, পথাৰবোৰ যাতে শস্য-শ্যামলা হৈ গাঁৱৰ সকলোৰে মন-প্রাণ উজলায় ৰাখে। অসমৰ ব্যক্তি, পৰিয়াল আৰু সমাজে সৌভাগ্যৰ প্রতীক ৰূপে গণ্য কৰা এই 'লখিমী' শব্দটো এইবাৰ চৰকাৰী আঁচনিতো সোমাল। শনিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত শুভাৰম্ভ কৰা হ'ল 'লখিমী মিস্ত্রী' নামৰ আঁচনিখন। কেন্দ্রীয় কৃষি, কৃষক কল্যাণ আৰু গ্রামোন্নয়ন দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই 'লখিমী মিস্ত্রী' আঁচনিখনৰ শুভাৰম্ভ কৰে। পি এম এ বাই-জিৰ অধীনত আৰম্ভ কৰা এই আঁচনিৰ লক্ষ্য হৈছে মহিলাৰ সবলীকৰণ। মহিলাসকলক লক্ষ্য কৰি তেওঁলোকৰ বাবে কৰ্মসংস্থাপনৰ এখন নতুন পৰিক্ষেত্ৰ যাতে নিৰ্মাণ কৰিব পৰা যায়, তাৰ এক ভেটি তৈয়াৰ কৰিব এই আঁচনিয়ে। পকীঘৰ নিৰ্মাণ কৰা কাৰিকৰসকলক ৰাজমিস্ত্রী বুলি কোৱা হয়। এনেদৰে দক্ষ হৈ উঠা অসমৰ মহিলা ৰাজমিস্ত্রীসকলেই হ'বগৈ ভৱিষ্যতৰ 'লখিমী মিস্ত্রী'। এনে এটা অতি প্রয়োজনীয় বৃত্তিলৈ মহিলাসকলক আকৰ্ষিত কৰাৰ বাবে চৰকাৰে যি লক্ষ্য লৈছে সেয়া প্রশংসনীয় যদিও এই আঁচনিয়ে ইয়াৰ খিলঞ্জীয়া মহিলাসকলক সামৰিব পাৰিব নে নোৱাৰে সেইটোহে গুৰুত্বপূৰ্ণ কথা। কাৰণ বিভিন্নধৰণৰ বৃত্তিৰে অসমৰ খিলঞ্জীয়া সমাজখনত কিছু বছৰৰ আগলৈকে যি কর্ম-সংস্কৃতি আছিল সেয়া বিভিন্ন কাৰণত হ্রাস পাই গৈ আছে। পকা মিস্ত্রী বা ৰাজমিস্ত্ৰীৰ বৃত্তিটোতো এসময়ত বহুত খিলঞ্জীয়া মানুহ জড়িত হৈ আছিল, এতিয়া প্রায় নোহোৱাৰ নিচিনা হৈছে। তেনে অৱস্থাত মহিলাসকল এই বৃত্তিটোত জড়িত হ'লে অসমৰ অৰ্থনীতিত সৌভাগ্যৰ অন্য এখন দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা থাকিব। এই অর্থত 'লখিমী মিস্ত্রী' নামটো তাৎপৰ্যপূৰ্ণ বুলি ক'ব পাৰি। এনে নামে জনসাধাৰণক আকৰ্ষণ কৰে।
মহাৰাষ্ট্ৰতো চৰকাৰে 'তেজস্বিনী' নামৰ এখন আঁচনি লৈ ৰাজ্যখনৰ ৩৪খন জিলাৰ লাখ লাখ মহিলাৰ মাজত কর্ম-সংস্কৃতি গঢ়ি তুলি তেওঁলোকক দৰিদ্ৰতাৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে। উল্লেখ কৰা উচিত হ'ব যে পৰিৱৰ্তিত সময়ত নতুন নতুন কর্মক্ষেত্রত জড়িত হৈ স্বাৱলম্বী হোৱাৰ প্ৰৱণতা মহিলাসকলৰ মাজত তীব্ৰ গতিত বৃদ্ধি পাইছে। মহিলা আত্মসহায়ক গোটবোৰে বিভিন্ন উৎপাদনমূলক কামেৰে নীৰৱে এক অর্থনৈতিক বিপ্লৱ গঢ়ি তুলিছে। শোণিতপুৰ জিলাৰ জয়মতী কৃষি গোট এই ক্ষেত্রত এক চমকপ্রদ নাম। শোণিতপুৰ জিলাৰ পুঠিমাৰীৰ এই কৃষি উৎপাদক গোটটোৱে চাৰি শতাধিক মহিলাক একগোট কৰি হাজাৰ হাজাৰ বিঘা মাটিত নতুন নতুন প্রজাতিৰ ধান-পাচলিৰ খেতি কৰিছে, মহিলায়ো ট্রেক্টৰ আৰু অন্যান্য কৃষি সঁজুলি চলাই ব্যৱহাৰ কৰি পুৰুষৰ উদ্যমকো চেৰ পেলাইছে, আন্তর্জাতিক স্তৰত প্রশংসা বুটলিবলৈ সক্ষম হৈছে। সেই উদাহৰণ দেখি-শুনি আমাৰ মুলুকৰ মহিলাৰ সক্ষমতাক লৈ মানুহৰ ধাৰণাই সলনি হৈ গৈছে। ইয়াৰ পাছত অসমৰ মহিলা, বিশেষকৈ খিলঞ্জীয়া মহিলা ৰাজমিস্ত্রী হ'ব নোৱৰাৰ কথাই নাই। গতিকে, ৰাজ্য চৰকাৰখনৰ এই আঁচনিখনে অদূৰ ভৱিষ্যতে ৰাজ্যৰ দৃশ্যপটত আৰু অভিনৱ অধ্যায়ৰ সংযোজন ঘটোৱাৰ সম্ভাৱনা নথকা নহয়। এই প্রসংগতে উল্লেখ কৰা উচিত হ'ব যে যোৱা কেইবছৰমানত আমাৰ দেশত মহিলা শ্রমিকৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে। বিশেষকৈ কভিড অতিমাৰীৰ পাছত মহিলা শ্ৰমিকৰ বৃদ্ধিৰ হাৰে অভিলেখ ৰচনা কৰা বুলিয়েই ক'ব পাৰি। ২০১৭-১৮ বৰ্ষত দেশৰ শ্ৰমিকৰ মাজত মহিলাৰ হাৰ আছিল ২৩.৩ শতাংশ। ২০২৩-২৪ বৰ্ষত এই হাৰ বৃদ্ধি পাই ৪১.৭ শতাংশ হয়গৈ। গ্রামাঞ্চলত এই হাৰ ২০২২-২৩ বর্ষত ৪১.৫ শতাংশ। এই পৰিসংখ্যাৰ পৰাই ধাৰণা কৰিব পাৰি যে মহিলাসকল এতিয়া আৰু ৰান্ধনীঘৰত সোমাই থকাৰ পক্ষপাতী নহয়। গতিকে, মহিলাৰ পৰিৱৰ্তিত এনে ধ্যান-ধাৰণাই বুজাই দিছে যে আহিবলগীয়া দিনবোৰত কেৱল 'লখিমী মিস্ত্রী'য়েই নহয়, 'লখিমী কৃষক', 'লখিমী মেকানিক', 'লখিমী গাড়ীচালক' 'লখিমী ইলেক্ট্ৰিচিয়ান'ৰ দৰে অনেক লখিমীয়ে আমাৰ চৌদিশৰ কৰ্মক্ষেত্ৰবোৰ ভৰাই তুলিব পাৰে। শিক্ষিতসকলেতো চৰকাৰী-বেচৰকাৰী কৰ্মক্ষেত্ৰবোৰত তীব্ৰ গতিত আগবাঢ়ি গৈছেই।