'লিংক ফেইল, ছাৰ্ভাৰ ডাউন'

dainik janambhumi June 23, 2025

ডিজিটেল ডেস্কঃ বিগত কেইবাবছৰত পৃথিৱীজুৰি ডিজিটেল মাধ্যম ব্যৱহাৰকাৰীৰ সংখ্যা দ্রুতগতিত বাঢ়িছে, বাঢ়িছে ডিজিটাইজেশ্যন প্রকোপো। ভাৰতো এইক্ষেত্ৰত পিছ পৰি থকা নাই। পৰিসংখ্যা অনুসৰি ডিজিটেল মাধ্যম ব্যৱহাৰকাৰীৰ সংখ্যাত ভাৰত বিশ্বৰ ভিতৰতে তৃতীয় স্থানত। কিন্তু আমোদজনক কথাটো হ'ল ডিজিটেল মাধ্যমৰ ব্যৱহাৰৰ গড় জনমূৰি হিচাপ কৰিলে ভাৰতৰ স্থান নামি আহি হয় আঠাইশ। অর্থাৎ, বৃহৎ আকাৰৰ জনসংখ্যাৰ আৰু ম'বাইল ফ'নত ইণ্টাৰনেট সেৱা সুলভ হোৱাৰ বাবে আমেৰিকা আৰু চীনৰ পাছতে ডিজিটেল মাধ্যম ব্যৱহাৰকাৰীৰ স্থান লাভ কৰিছে ভাৰতে।

কিন্তু যিমানবোৰ কামৰ বাবে ডিজিটেল মাধ্যম ব্যৱহাৰ কৰিব পাৰি সেই ক্ষেত্ৰত ভাৰতীয়সকলৰ অংশগ্রহণ বেছ পাতল। অর্থাৎ সহজ ভাষাত ক'লে ম'বাইল আছে, ইণ্টাৰনেট আছে, কিন্তু ইয়াৰ ব্যৱহাৰ সেই অনুপাতে হোৱা নাই। এইক্ষেত্রত গাঁও-নগৰ, পুৰুষ-নাৰীৰূপেও যথেষ্ট পার্থক্য চকুত পৰে। তথ্য মতে, নগৰত ৭১ শতাংশ পুৰুষ আৰু ৬২ শতাংশ নাৰীয়ে স্মার্টফ'ন ব্যৱহাৰ কৰাৰ বিপৰীতে গাঁৱত মাত্র ৪৫ শতাংশ পুৰুষ আৰু ৩১ শতাংশ নাৰীৰহে ডিজিটেল সক্ষমতা আছে। আকৌ ভাৰতৰ ভিতৰত ৰাজ্যসমূহৰ মাজতো ডিজিটেল সক্ষমতাত যথেষ্ট পার্থক্য আছে। এইবোৰ দেখি-শুনি দেশৰ ডিজিটেল সক্ষমতাৰ প্ৰসংগত কেতবোৰ চিন্তা-প্রশ্ন উদ্ভৱ হয়।

এই কথাও ঠিক যে আধুনিক বিজ্ঞান-প্রযুক্তিৰ সৈতে ফেৰ মাৰি এখন সমাজ বা দেশ আগবাঢ়ি যাবলৈ হ'লে এতিয়াৰ যুগৰ নাগৰিকসকলৰ ডিজিটেল সক্ষমতা থাকিব লাগিব। এই কথাকে আধাৰৰূপে লৈ আমাৰ দেশেও টকা-পইচাৰ লেনদেনৰ পৰা আৰম্ভ কৰি বিভিন্ন চৰকাৰী-বেচৰকাৰী কাম-কাজ, শিক্ষানুষ্ঠান আদিত ব্যাপক হাৰত ডিজিটেল সেৱা আৰম্ভ কৰিলে। ভাৰতৰ দৰে বহুল জনসংখ্যাৰ দেশ এখনত এই সেৱাই বহু যোগাত্মক সম্ভাৱনাৰ বাটো কাটিলে। বিশেষকৈ অন্ততঃ চহৰাঞ্চলত বেংক তথা বিত্তীয় কাম-কাজত ডিজিটেল সক্ষমতাৰ প্ৰভাৱ লক্ষণীয়। ভাৰতৰ ডিজিটেল প্রযুক্তিৰ প্ৰসাৰক লৈ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰখনো অত্যন্ত উৎসাহী। ভাৰতৰ বিশাল বজাৰত এতিয়া ইণ্টাৰনেট উপলব্ধ অনলাইন মার্কেটিঙৰ দপদপনি। ৪০ লাখ মানুহে ম'বাইল এপেৰে খোৱা বস্তু আনিছে।

এইবোৰ তথ্য যিকোনো অনলাইন ব্যৱসায়ীৰ বাবে উৎসাহজনক খবৰ। আনকি সমীক্ষাই দেখুৱাইছে, ২০২৩ চনতে ভাৰতৰ অৰ্থনীতিৰ মুঠ ঘৰুৱা উৎপাদনৰ ১২ শতাংশ আগুৰি আছে ডিজিটেল অর্থনীতিয়ে। স্বাভাৱিকতেই এইবোৰ দেশৰ ডিজিটেল সক্ষমতাৰ সপক্ষে যথেষ্ট আশাৰ বতৰা। এইবোৰ দেখি-শুনি অনেকেই আশা কৰিছিল ডিজিটেল মাধ্যমৰ সম্প্ৰসাৰণে সমাজৰ সকলো স্তৰৰ নাগৰিকক স্পর্শ কৰিব, উপকৃত কৰিব। কিন্তু বাস্তৱিকতে এয়া হৈছে জানো? দেশৰ যুৱ সম্প্রদায়টোৱে ব্যাপক হাৰত ব্যৱহাৰ কৰিছে ডিজিটেল মাধ্যম- আধাৰ, ইউ পি আইৰ দৰে ডিজিটেল

ব্যৱস্থাৰ প্ৰয়োগে ভাৰতক তথ্য-প্রযুক্তিৰ জগততো দিছে উচ্চ স্থান, কিন্তু ইয়াৰ কাষতে আছে আন্ধাৰ ছবি এখনো। সেয়া যেন চাকিৰ তলৰ আন্ধাৰ। পৰিসংখ্যাই দেখুৱাইছে, বিগত বৰ্ষত দেশৰ মুঠ ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাত্র ২৬ শতাংশইহে ডিজিটেল উপায়েৰে ধনৰ লেনদেন কৰিছে, ৪৩ শতাংশই সামাজিক মাধ্যম ব্যৱহাৰ কৰিছে, ৪০ শতাংশই ই মেইল কৰিছে। স্মার্টফ'ন বা ডিজিটেল সংযোগ থাকিলেই নহ'ব, সেয়া কিমান কামত লাগিছে সেয়াও লক্ষ্য কৰিব লাগিব। জনমূৰি ডিজিটেল ব্যৱহাৰৰ হিচাপত ভাৰত এতিয়াও ব্রাজিল, থাইলেণ্ড, মেক্সিকোতকৈ পিছত। ইয়াৰ অন্যতম কাৰণ সুৰক্ষাৰ অভাৱ বুলি বিশেষজ্ঞসকলে কয়। ডিজিটেল মাধ্যমৰ যোগেদি হোৱা বিভিন্ন ধৰণৰ জালিয়াতি আৰু প্ৰতাৰণাৰ ঘটনা সঘনাই পোহৰলৈ আহিছে। এনে পৰিপ্ৰেক্ষিতত আর্থিক লেনদেনৰ বাবে ডিজিটেল মাধ্যমৰ ব্যৱহাৰকাৰীৰ সংখ্যা বাঢ়িছে যদিও আশানুৰূপ গতিত বঢ়া নাই, বিশেষকৈ জ্যেষ্ঠ নাগৰিকসকলে এতিয়াও এই বিষয়টো সন্দেহৰ চকুৰে চায়। এয়া বৰ অযুক্তিকৰ বুলিও ক'ব নোৱাৰি। কাৰণ ৰিজার্ভ বেংক অব ইণ্ডিয়াৰে এক প্রতিবেদন অনুসৰি, তথ্য চুৰিৰ বাবে হোৱা আর্থিক ক্ষতিৰ পৰিমাণ ২০২০-২৩ চনৰ ভিতৰত ২৮ শতাংশ বৃদ্ধি পাইছে।

গুৰুত্বপূর্ণ কথাটো হ'ল ইণ্টাৰনেট তথা স্মার্টফ'ন ব্যৱহাৰকাৰীৰ সংখ্যা বহু বেছি হ'লেও দেশৰ কিন্তু ৪০ শতাংশ নাগৰিকে ইণ্টাৰনেট ব্যৱহাৰ নকৰে, আধাতকৈয়ো বেছি মানুহৰ স্মার্টফ'ন নাই। ডিজিটেল পৃথিৱীত প্রৱেশ কৰিব নোৱৰা আৰু প্ৰৱেশ কৰিব নোখোজা মানুহখিনিৰ কথাও কিন্তু চৰকাৰে মনত ৰাখিব লাগিব। একে সময়তে বিচাৰ কৰিব লাগিব বেংক, চক্র বিষয়াৰ কাৰ্যালয় আদিলৈ বিত্তীয় লেনদেন বা মাটি-বাৰীৰ কামৰ বাবে গৈ আজি 'লিংক ফেইল, ছার্ভাৰ ডাউন'ৰ দৰে অজুহাতত কাম নকৰাকৈ ওভতাই পঠোৱা মানুহখিনিৰ কথাও।

যি সময়ত হাতে হাতে থকা ম'বাইলবোৰ সচল হৈ থাকে, যি সময়ত ব্যক্তিগত খণ্ডৰ বৃহৎ প্রতিষ্ঠানসমূহৰ ছাৰ্ভাৰ সক্ৰিয় হৈ থাকে, যি সময়ত ৰে'ল-বিমানৰ লিংক সক্ৰিয় হৈ থাকে, সেই সময়বোৰতনো আমাৰ ৰাষ্ট্ৰীয়কৃত বেংক, চৰকাৰী কাৰ্যালয়সমূহৰহে নাগৰিকৰ প্রয়োজনৰ কাম-কাজসমূহৰ ছাৰ্ভাৰটো কিয় ডাউন হৈ যায়, সেয়া বহুতৰে বাবে নুবুজা সাঁথৰ। আৰু এই নুবুজা সাঁথৰটোৱে জটিল কৰি তোলে দেশক ডিজিটেলাইজড কৰাৰ সপোন। সেয়ে অনলাইন ব্যৱস্থা এশ শতাংশ সক্রিয় আৰু নিৰাপদ নোহোৱা পর্যন্ত অফলাইন প্রক্রিয়াটোও সমানেই সচল কৰি ৰখাটো প্রয়োজনীয়। অন্যথা নাগৰিকৰ হাৰাশাস্তি হয়, ডিজিটেল ব্যৱস্থাৰ প্ৰতি বিৰাগ আৰু অনীহা হয়। নতুন প্রযুক্তিক আদৰিবলৈ যাওঁতে সামাজিক ন্যায় আৰু নাগৰিকৰ সা-সুবিধাৰ কথাও কল্যাণকামী দেশ এখনৰ চৰকাৰে চকুৰ আগত ৰখাটো বাঞ্ছনীয়।

Share This