'নীট'ৰ যুঁজ

dainik janambhumi May 06, 2025

ডিজিটেল ডেস্ক : যোৱা ১০ ফেব্ৰুৱাৰীত 'পৰীক্ষা পে চর্চা' অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কৈছিল যে ছাত্র-ছাত্রীসকলক কিতাপৰ কাৰাগাৰত বন্দী কৰি থ'ব নালাগে, তেওঁলোকৰ স্বতঃস্ফূর্ত বিকাশৰ এটা পৰিৱেশহে ৰচনা কৰি দিব লাগে। প্রধানমন্ত্রীৰ এই অভিমত এশ শতাংশই শুদ্ধ; কিন্তু শৈশৱৰ পৰা কৈশোৰলৈ সন্তান এটিব বাবে কিতাপৰ কাৰাগাৰখন কোনে নির্মাণ কৰি দিছে-ছাত্র-ছাত্রীসকলে নিজেই নির্মাণ কৰি লৈছে, নে শিক্ষকে নির্মাণ কৰি দিছে, নে অভিভাৱকসকলে, নে শৈক্ষিক পৰিৱেশটোৱে। যুক্তি-তর্ক কৰিবলৈ গ'লে এই বিষয়ত ভিন্ন ধৰণৰ মত ওলাই থাকিব, কিন্তু বাস্তব সত্যটো হ'ল কিশোৰ ছাত্র-ছাত্রীসকলৰ সম্মুখত থিয় কৰাই দিয়া কঠিন প্রত্যাহ্বান কিছুমানে পলুৱে লেটা বন্ধাৰ দৰে শিক্ষার্থীসকলকো নিজৰ চৌপাশে কিতাপৰ কাৰাগাৰ এখন নিৰ্মাণ কৰি ল'বলৈ বাধ্য কৰায়। তাৰ মাজত কোনোবাই খেলে, কোনোবাই নৃত্য-গীত শিকি আজৰি উলিয়াই চর্চা কৰে, কোনোবাই বাহিৰা কিতাপ পড়ে, কোনোবাই শিক্ষানুষ্ঠানৰ ছাত্র-ইউনিয়নৰ নেতৃত্ব লৈ সমাজসেৱা কৰে, সেইটো বেলেগ কথা, কিন্তু 'কেৰিয়াৰ' এটা গঢ় দিব খোজাসকলৰ বাবে কিতাপৰ কাৰাগাৰখনত আবদ্ধ হৈ পৰাৰ বিকল্প নাথাকে। 

তেন্ডুলকাৰ, লতা মংগেশকাৰ, আলিয়া ভাট বা কৰণ জোহৰ সকলোৱে হ'ব নোৱাৰে। সেইবাবে 'কিবা এটা হ'বলৈ' কিতাপৰ কাৰাগাৰখনত অনিচ্ছা সত্ত্বেও সোমাই পৰিব লগা হয় অধিকাংশ ছাত্র-ছাত্রী। বেরি বেছিভাগ ছাত্র-ছাত্রীয়েই কিতাপৰ এই কাৰাগাৰখনত সোমাই থাকিবলৈ ইচ্ছা নকৰে, কিন্তু পৰীক্ষা বা 'এন্ট্রেন্স' নামৰ দৈত্যকেইটাই এনেকৈ শিক্ষার্থীসকলক খেদি থাকে যে ভয়তে তেওঁলোকে কিতাপৰ কাৰাগাৰখনত সোমাই আত্মৰক্ষাৰ চেষ্টা কৰিব লগা হয়। এই পৰীক্ষা আৰু এন্ট্ৰেন্সৰ নামত পৰীক্ষা-নিৰীক্ষাৰ অন্ত নাই। নিত্য-নতুন বিষয়, পৰীক্ষাৰ নিত্য-নতুন ধৰণ-কৰণে শিক্ষার্থী-পৰীক্ষাৰ্থীসকলক পেঁপুৱা লগাই দিয়ে। ঘনে ঘনে পাঠ্যক্ৰমৰ ৰূপ সলনি, পৰীক্ষাৰ 'পেটার্ন' সলনিয়ে শিক্ষার্থীসকলৰ বিদ্যা আহৰণ কিমান সম্ভৱ কৰি তুলিছে, সেইটো বিজ্ঞসকলে জানিব, কিন্তু শিক্ষার্থী-পৰীক্ষাৰ্থীসকলক যে অনৱৰত হায়ৰান-ভীতিগ্রস্ত কৰি ৰাখে সেইটো ধুৰূপ। এইবাৰ 'নীট', অর্থাৎ নেশ্যনেল এলিজিবিলিটি কাম এন্ট্রেন্স টেষ্টৰ প্ৰশ্নকাকতখনলৈ চালেই গম পোৱা যায় যে কেনেকৈ গিনিপিগ-সদৃশ শিক্ষার্থীসকলক হতাশ আৰু ভীতিগ্রস্ত কৰি তোলাৰ লক্ষ্য লৈছিল পৰীক্ষাটো পৰিচালনা কৰা কর্তৃপক্ষ 'নেশ্যনেল টেষ্টিং এজেঞ্চি' (এন টি এ)ই। এম বি বি এছ পাঠ্যক্রমত নামভৰ্তিৰ বাবে পতা এই পৰীক্ষাটো এইবাৰ ইমানেই কঠিন কৰি পেলোৱা হ'ল যে দেশত মুঠ নম্বৰ ৭২০ৰ সম্পূর্ণ নম্বৰ পোৱা পৰীক্ষাৰ্থী এইবাৰ নোলালেও আচৰিত হ'বলগীয়া নাথাকিব। এই 'এন্ট্রেন্স'ত ফিজিক্স, কেমেস্ট্রি আৰু বায়'লজি- এই তিনিটা বিষয়ৰ পৰীক্ষা হয়। এইবাৰৰ ফিজিক্সৰ অংশটোৰ প্ৰশ্নকাকত নীটৰ ইতিহাসৰ আটাইতকৈ কঠিন প্রশ্নকাকতৰূপে চিহ্নিত হৈছে। কেমেস্ট্রিৰ অংশটোৰ প্ৰশ্নকাকত মধ্যমীয়াৰ পৰা জটিল বুলি বিশেষজ্ঞসকলে কৈছে। 

আনহাতে, বায়'লজি অংশটোৰ প্ৰশ্নবোৰ ইমান পাকলগাই কৰা হৈছে যে মেধাবী শিক্ষার্থীসকলৰো প্ৰশ্নটো বুজি ল'বলৈকে যথেষ্ট সময় লাগে। ফলত নিৰ্ধাৰিত ৩ ঘণ্টাৰ ভিতৰত এই প্রশ্নকাকতখনৰ সকলো প্ৰশ্নৰ উত্তৰ কৰাটো অধিকাংশ পৰীক্ষাৰ্থীৰ বাবেই সম্ভৱ হৈ নুঠিল। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত কোনো কোনোৱে মন্তব্য কৰিছে যে সংশ্লিষ্ট শিক্ষকসকল এই প্রশ্নকাকতখনৰ পৰীক্ষাত অৱতীর্ণ হ'লেও সকলো উত্তৰ হয়তো লিখিব নোৱাৰিব। ফলত অৱশ্যেই মনলৈ প্রশ্ন আহিব- 'নীট'ৰ ইতিহাসত অথবা এম বি বি এছৰ ইতিহাসত ইমান কঠিন আৰু জটিল প্রশ্নকাকত এখন পৰীক্ষাৰ্থীসকলৰ হাতত তুলি দিয়াৰ কাৰণ কি? দেশৰ ২২ লক্ষাধিক শিক্ষার্থী এইবাৰৰ 'নীট'ত অৱতীৰ্ণ হৈছে, তাৰে অধিকাংশই কেইটামান দিনৰ পূর্বে চি বি এছ ই, ৰাজ্যিক শিক্ষা পৰিষদৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা। মাজৰ কেইটামান দিনৰ ব্যৱধানত 'নীট'ৰ এনে অভূতপূর্ব প্রশ্নকাকতৰ পৰীক্ষা দিয়াৰ প্রস্তুতি শিক্ষার্থীসকলৰ বাবে সম্ভবনে। দেশৰ সকলো শিক্ষানুষ্ঠানতে একাদশ-দ্বাদশ শ্রেণীর পাঠাে জটিল পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে শিক্ষার্থীসকলক প্ৰস্তুত কৰা হয়নে? দেশৰ সকলো শিক্ষানুষ্ঠানতে 'নীট'ৰ পৰিৱৰ্তিত প্রশ্ন প্রণালী সম্পর্কে আভাস দিব পৰা শিক্ষক আছেনে? এই প্রশ্নবোৰৰ উত্তৰ কোনে দিব? এই প্ৰৱেশ পৰীক্ষাটো দি প্ৰায়বোৰ পৰীক্ষাৰ্থীয়েই বিমর্ষ হৈ পৰীক্ষাগৃহৰ পৰা ওলাই আহিবলগীয়া পৰিস্থিতিৰ কথা ইতিমধ্যে বিভিন্ন মাধ্যমেৰে প্ৰকাশ পাইছে। এগৰাকী পৰীক্ষার্থীয়ে অভিভাৱকক প্রশ্ন কৰিছে, 'মই এন চি ই আৰ টিৰ গোটেইবোৰ কিতাপ খৰচী মাৰি পঢ়িলোঁ, 'ৰিভাইজ' কৰিলোঁ, প্রাসংগিক কিতাপো বহুত পঢ়িলোঁ, ইয়াৰ আগৰ 'নীট'ৰ কেইবাটাও পৰীক্ষাৰ প্ৰশ্নকাকতৰ উত্তৰ কৰি প্ৰস্তুতি চলালোঁ, তাৰ পাছতো পৰীক্ষা ভাল নহ'ল। তেনেহ'লে মই কেনেদৰে প্ৰস্তুতি চলাব লাগিছিল।' এনেকুৱা প্রশ্ন আৰু হাজাৰ হাজাৰ পৰীক্ষাৰ্থীয়েও নিশ্চয় কৰিছে। ৰাতিক দিন কৰি প্ৰস্তুতি চলোৱা এনে শিক্ষার্থীসকলৰ বাবে বিড়ম্বনা হ'ল পৰীক্ষাটো দিয়াৰ পাছত এওঁলোকৰ মানসিক অৱস্থাটোৰ সমভাগী কোনো নহয়। কোনেও তেওঁলোকৰ প্রশ্নবোৰৰ উত্তৰ নিদিয়ে। এনে পৰিস্থিতিত ভৱিষ্যতে 'নীট' বা তেনেধৰণৰ এন্ট্রেন্স বা অন্য 'কেৰিয়াৰ'-কেন্দ্ৰিক পৰীক্ষা দিব লগা শিক্ষার্থীসকলৰ কি হ'ব? তেওঁলোকৰ সন্মুখত এটা ৰাস্তাই খোলা থাকে- অধিক কষ্ট কৰি পঢ়া! সেইদৰে পঢ়িবলৈ কিতাপৰ এখন কাৰাগাৰ নিৰ্মাণ কৰি ল'বলৈ শিক্ষার্থীসকল বাধ্য হ'বই। সকলোৱেতো তেনে কাৰাগাৰত নোসোমাই জীৱনটোক লৈ জুৱা খেলিব নোৱাৰে। 'মানৱ সম্পদ গঢ়া'ৰ ব্যৱস্থাটো যিমানে জটিল হৈ গৈ থাকিব, পৰীক্ষাবিলাক সিমানে কঠিন হৈ গৈ থাকিব, শিক্ষার্থীৰ কিতাপৰ কাৰাগাৰৰ উচ্চতাও সিমানে বাঢ়ি গৈ থাকিব!

Share This