নৱবৰ্ষৰ সংকল্প
Dainik Janambhumi
January 02, 2025
নৱবৰ্ষৰ প্ৰথম দিনৰ আৰম্ভণি বা বছৰৰ শেষ বুলিলে সাধাৰণতে গ্ৰেগ’ৰিয়ান কেলেণ্ডাৰ অনুসৰিয়েই কোৱা হয়৷ গ্ৰেগ’ৰিয়ান পঞ্জিকা অনুসৰি ৩১ ডিচেম্বৰ দিনটো বছৰৰ শেষ দিন৷ এই দিনটো বিদায়ী বৰ্ষৰ অৰ্থাৎ পুৰণি বছৰৰ দিৱস হিচাপে বিশ্বজুৰি পালন কৰা হয়৷ বহু দেশত এই দিনটো পূৰ্বাহ্ন নৃত্য, খোৱা-বোৱা, মদ্যপান আৰু আতচবাজী চোৱা বা জ্বলোৱা আদিৰে উদ্যাপন কৰা হয়৷ খ্ৰীষ্টানসকলে এই দিনটোত নিশাৰ প্ৰহৰী সেৱা কৰে৷ মাজনিশাৰ পৰা আকৌ নতুন বৰ্ষৰ আৰম্ভণি বুলি ধৰা হয়৷
আন্তৰ্জাতিক তাৰিখ ৰেখাৰ [International Date Line] পশ্চিমে থকা দেশসমূহত প্ৰথমে নৱবৰ্ষৰ সূচনা হোৱা বুলি ধৰা হয়৷ অৰ্থাৎ এই দেশসমূহত থকা স্থানীয় সময় মণ্ডলে এই নিৰ্দেশনা দিয়ে৷ সেয়ে প্ৰশান্ত মহাসাগৰৰ লাইন দ্বীপপুঞ্জ [Line Islands] কিৰিবাটিৰ অংশ, চামোয়া আৰু টংগাত প্ৰথম নৱবৰ্ষৰ আৰম্ভণি হয়৷ আনহাতে, আমেৰিকাৰ বেকাৰ দ্বীপ, হাউলেণ্ড দ্বীপ তথা মাইনৰ আউটলায়িং দ্বীপপুঞ্জৰ [Minor Outlying Islands] অংশবিশেষত আটাইতকৈ দেৰিকৈ নৱবৰ্ষৰ শুভাৰম্ভ হয়৷ সি যি নহওক, প্ৰতিখন দেশে নিজা নিজা ধৰণে নতুন বছৰক আদৰা উৎসৱ পালন কৰে৷ চীনত অৱশ্যে লুনাৰ নিউ ইয়েৰ উদ্যাপন কৰা হয়৷ এই উদ্যাপন গ্ৰেগ’ৰিয়ান নৱবৰ্ষৰ কেইসপ্তাহমানৰ পাছতহে কৰা হয়৷ তথাপি কিছুমান অঞ্চলত বিশেষকৈ কেতবোৰ ডাঙৰ চহৰত গ্ৰেগ’ৰিয়ান নৱবৰ্ষ উদ্যাপন কৰা হয়৷ বেইজিঙৰ ছ’লানা ব্লু হাৰ্বাৰ শ্বপিং পাৰ্কত আতচবাজী আৰু কনচাৰ্টৰ সৈতে উদ্যাপন কৰা হয়৷ আনহাতে, চহৰখনৰ মিলেনিয়াম মনুমেণ্ট, টেম্পল অব্ হেভেন, গ্ৰেট ৱাল অব্ চাইনা, অলিম্পিক গ্ৰীন, ছামাৰ পেলেচ আদিত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়৷ দক্ষিণ আফ্ৰিকাত ৩১ ডিচেম্বৰৰ আগতে শীৰ্ষ দহটা সংগীতৰ কাউণ্টডাউনত ভোটিং হয়৷
যেতিয়া কাউণ্টডাউন প্ৰথম নম্বৰত উপনীত হয়, তেতিয়া সৰ্বাধিক ভোট পোৱা গীতটো দেশৰ সকলো ৰেডিঅ’ ষ্টেছনতে বাজি উঠে৷ দক্ষিণ আফ্ৰিকাৰ চাৰিওফালে আতচবাজী জ্বলি উঠে৷ নাইজেৰিয়াৰ দেশত প্ৰায়ে গিৰ্জালৈ গৈ নতুন বছৰৰ পূৰ্বাহ্ন উদ্যাপন কৰে৷ কিছুমানে ব্যক্তি, সম্প্ৰদায় আৰু অন্যান্য সংগঠনৰ দ্বাৰা আয়োজিত নাইট ক্লাব আৰু পাৰ্টিলৈ গৈ স্ফূৰ্তি কৰে৷ আমাৰ ভাৰতবৰ্ষতো নৱবৰ্ষৰ পূৰ্বে আধুনিক আৰু পৰম্পৰাগত উৎসৱৰ মিশ্ৰণ ঘটাই পৰিৱেশন কৰা হয়৷ মুম্বাই, দিল্লী, বেংগালুৰু, কলকাতাৰ দৰে মহানগৰত পাৰ্টি, কনচাৰ্ট আৰু ৰঙীন আতচবাজী প্ৰদৰ্শন কৰা হয়৷ গোৱা আৰু মানালীত বীচচ পাৰ্টি হয়৷ বহুতে শীতকালীন উৎসৱৰ সৈতে একেলগে নতুন বছৰো উদ্যাপন কৰে৷
ভাৰতবৰ্ষ সাংস্কৃতিকভাৱে বৈচিত্ৰ্যময় দেশ৷ সেয়ে বহুতে প্ৰাৰ্থনা অনুষ্ঠানো অনুষ্ঠিত কৰে৷ অসমতো ঐতিহাসিক স্থান, মঠ-মন্দিৰ আদিত নৱবৰ্ষৰ প্ৰথম দিনা মানুহৰ ভিৰ হয়৷ ধৰ্মীয় স্থানসমূহত সেৱা কৰি বছৰটোৰ বাবে মংগল কামনা কৰা হয়৷ অৱশ্যে ৩১ ডিচেম্বৰৰ নিশা বাৰ বজালৈকে মানুহে জুই ধৰি, ঘৰৰ চোতাল, মুকলি ঠাই আদিত ভোজৰ আয়োজন কৰে৷ পহিলা জানুৱাৰীৰ দিনটোত বহুতে বনভোজলৈও যায়৷ সি যি নহওক, নৱবৰ্ষৰ প্ৰাক্ক্ষণত মানুহে নতুন নতুন পৰিকল্পনা গ্ৰহণ কৰে, প্ৰত্যেকে প্ৰত্যেকৰ মংগল, সুখ-সমৃদ্ধি কামনাৰে বাৰ্তা প্ৰেৰণ কৰে৷ এই কাৰ্য মানৱীয়তাৰে এক সুখজনক বতৰা৷ আগতে গ্ৰীটিংছ কাৰ্ড আদান-প্ৰদানৰ দ্বাৰা এনে বতৰা বিলাইছিল৷ এতিয়া ম’বাইলযোগেই এনে শুভ বাৰ্তাৰ বিনিময় ঘটে৷ নৱবৰ্ষ উপলক্ষে অসমৰ মুখ্যমন্ত্ৰীয়েও অসমবাসীৰ মংগল কামনা কৰিছে আৰু বুধবাৰে কইনাধৰাত এক বাৰ্তালাপ অনুষ্ঠানত চৰকাৰখনৰ ইতিবাচক কাম-কাজৰ খতিয়ানো দাঙি ধৰে৷ আচলতে নৱবৰ্ষ বুলিয়েই নহয়, এটা নিৰ্দিষ্ট দিনৰ পৰা মানুহ মাত্ৰেই সংকল্প-পৰিকল্পনা আদি গ্ৰহণ কৰাটো ইতিবাচক খবৰ৷ আজিৰ অসমৰ পৰিস্থিতিত চৰকাৰ-জনতা উভয়েই গ্ৰাম্য অৰ্থনীতি, কৃষি অৰ্থনীতিৰ উন্নয়নৰ সংকল্প লোৱাৰ প্ৰয়োজন আছে৷ এই সময়ছোৱাত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ চকুত পৰে বিশাল বিশাল খেতিপথাৰ৷ কিছুমান ঠাইত চকুৰে মণিব পৰালৈকে সৰিয়হ, মাটিমাহ, আলু, মটৰ আদি অনেক খেতি৷ এই ৰবি শস্যই মাঘ-ফাগুনলৈকে পথাৰ শুৱনি কৰি ৰাখে৷ এইখিনিলৈকে ঠিকেই থাকে৷ কিন্তু পথাৰৰ পৰা শস্য চপোৱাৰ পাছতহে সমস্যাবোৰ আহি হাজিৰ হয়হি৷ কিয়নো গ্ৰাম্য কৃষকসকলে উৎপাদিত সামগ্ৰীৰ এখন যথোচিত বজাৰ বিচাৰি এতিয়াও হাহাকাৰ কৰিবলগীয়া হৈ আছে৷ এতিয়াও যথোচিত মূল্যত সৰিয়হ, মাটিমাহ আদি বিক্ৰী কৰিব নোৱাৰি কৃষক সমাজে মূৰে-কপালে হাত দিবলগীয়া হয়৷ শেহতীয়াকৈ বিজেপি চৰকাৰে কৃষকৰ ধান আৰু সৰিয়হ বিক্ৰীৰ বাবে ক্ৰয় কেন্দ্ৰৰ ব্যৱস্থা কৰিছে৷
কিন্তু মহকুমা ভিত্তিত বা পঞ্চায়ত ভিত্তিত এটা বা দুটা ক্ৰয় কেন্দ্ৰ হোৱাৰ বাবে তেওঁলোকে শস্য বিক্ৰী কৰিবলৈ নিয়াটো নিতান্তই কঠিন আৰু দুৰূহ হৈ পৰে৷ কেতিয়াবা ২০-২৫ কিল’মিটাৰ দূৰৈৰ পৰা গৈ দিনটো খপিও ভিৰৰ বাবে শস্য বিক্ৰী কৰিব নোৱাৰি উভতি আহিবলগীয়া পৰিস্থিতিও হৈ আহিছে৷ যাৰ সুবিধা পূৰ্বৰ দৰে গ্ৰহণ কৰি আহিছে মহাজন শ্ৰেণীয়ে৷ এতিয়াও এচাম মধ্যভোগীয়ে পথাৰতে কম দামতে কৃষকৰ পৰা ফচলসমূহ ক্ৰয় কৰি নগৰ-চহৰসমূহত অথবা পাছত অধিক দামত বিক্ৰী কৰে৷ ধান আৰু সৰিয়হক বাদ দি মাটিমাহ, আলু, লাই-পালেং আদি শস্যৰ বিক্ৰীৰ ক্ষেত্ৰত পূৰাদমেই মধ্যভোগীৰ ওপৰতে নিৰ্ভৰশীল৷ ফলত বিঘা বিঘা নদন-বদন শস্যৰ খেতি কৰিও কৃষকসকলৰ শ্ৰীবৃদ্ধি যিদৰে হ’ব লাগিছিল সেইদৰে নহয়গৈ৷ আনহাতে, খেতিপথাৰৰ পৰা সামগ্ৰী ক্ৰয় কৰা দুই-এজন খুচুৰা বেপাৰীৰ বাদে উপযুক্ত বজাৰৰ অভাৱতে পথাৰতে এলাগি হৈ পৰি থাকে মূলা, লাই, লফা, পালেং, লাও আদি শস্য৷ যি সময়ত গুৱাহাটীৰ বজাৰত দহ টকাতো এমুঠি লাই শাক পোৱা নাযায়, কেজি চল্লিশ টকাৰ তলত মূলা পাবলৈ নাই, সেই সময়তে গাঁৱৰ বাৰীয়ে বাৰীয়ে পোকে খাই নষ্ট কৰিছে বিশাল বিশাল আকাৰৰ লাই৷
এনে অপচয় ৰোধ কৰাত চৰকাৰ-কৃষি বিভাগৰ নি(য়কৈ কৰণীয় আছে৷ পৰাপক্ষত চহৰৰ বজাৰক লক্ষ্য কৰি কৃষি বিপণন পৰিষদে গাঁৱৰ খেতিপথাৰৰ পৰাই শস্যবোৰ ক্ৰয় কৰাৰ ব্যৱস্থা কৰিব পাৰে৷ সেইদৰে গাঁৱে গাঁৱে মহাজনে লোৱা ভূমিকা কৃষি বিভাগে নিজাববীয়াকৈ ল’ব পাৰে৷ বিঘা বিঘা মাটিমাহথলীৰ পৰা ক্ৰয় কৰি আনি পাছত নগৰ-মহানগৰৰ বজাৰত যোগান ধৰিব পাৰে৷ বছৰচেৰেক পূৰ্বে কৃষি বিভাগে উৰাজাহাজেৰে ডুবাইলৈ ৰঙালাওৰ ১৫ানি কৰিছিল৷ সেইদৰে কিছুদিন পূৰ্বে শিৱসাগৰ জিলাৰ পৰাও কৃষিজাত সামগ্ৰী বাহিৰলৈ প্ৰেৰণ কৰিছিল৷ এই আন্তঃৰাজ্যিক-আন্তঃৰাষ্ট্ৰীয় বাণিজ্য ব্যৱস্থা নিয়মীয়াকৈ অব্যাহত ৰাখিব পাৰিলেহে কৃষক সমাজ উপকৃত হ’ব আৰু কৃষি অৰ্থনীতিয়েও প্ৰসাৰ লাভ কৰিব৷ নতুন বছৰটোত আনবোৰৰ সমানে এই সংকল্পও প্ৰধান সংকল্প হৈ উঠক৷
Share This