আজিৰ সম্পাদকীয়, ৰৌ-বৰালি

dainik janambhumi July 13, 2026

ডিজিটেল ডেস্ক : অসমত ভয়াৱহভাৱে বৃদ্ধি পাইছে ড্ৰাগছৰ প্ৰচলন। ই হৈ পৰিছে এক ভয়ংকৰ সামাজিক ব্যাধি। বর্তমান সময়ত অসমৰ যুৱ প্ৰজন্মক তিলতিলকৈ ধ্বংসৰ মুখলৈ ঠেলি দিয়া এই ব্যাধিটোৱে কেৱল যুৱ সমাজকে নহয়, সামগ্রিকভাৱে আমাৰ সমাজখনকো বাৰুকৈয়ে ক্ষতিগ্রস্ত কৰিছে। পৰিস্থিতি এনে হৈছে যে এই সমস্যাটো কেৱল এজন ব্যক্তি বা এটা পৰিয়ালৰ মাজতে আবদ্ধ হৈ থকা নাই, ই এতিয়া এক ভয়াৱহ সামাজিক আৰু অর্থনৈতিক সংকটত পৰিণত হৈছে।

বিভিন্ন বিশেষজ্ঞই কয়-অসমত ড্ৰাগছৰ এই ভয়ংকৰ প্ৰাদুৰ্ভাৱৰ অন্তৰালত ইয়াৰ ভৌগোলিক অৱস্থিতিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছে। গ'ল্ডেন ট্রায়েংগেল'ৰূপে খ্যাত ম্যানমাৰ, লাওছ আৰু থাইলেণ্ডক বিশ্বৰ অন্যতম বৃহৎ অবৈধ ড্রাগ উৎপাদনকাৰী অঞ্চল বুলি জনা যায়। ম্যানমাৰৰ সৈতে উত্তৰ-পূব ভাৰতৰ, বিশেষকৈ মিজোৰাম, মণিপুৰ, নগালেণ্ডৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে। এই সীমান্তইদি অবৈধভাৱে অহা ড্রাগসমূহ অসমক মুখ্য কৰি এক নিষিদ্ধ নেটৱৰ্কৰে সমগ্ৰ ভাৰততে সৰবৰাহ হয়। ফলত অসম এই মাৰাত্মক ব্যৱসায়ৰ অন্যতম কেন্দ্ৰ হৈ পৰিছে। শেহতীয়াকৈ অসম বিধানসভাতো পোহৰলৈ আহিছে যে বৰাক উপত্যকা এতিয়া অসমলৈ ড্রাগছ সৰবৰাহৰ ট্রেনজিট পইণ্ট হৈ পৰিছে।

প্ৰসংগতে উল্লেখ কৰি যাব লাগিব, সাধাৰণতে প্লাষ্টিক কণ্টেইনাৰত বিক্ৰী হোৱা হেৰ'ইন বা ব্রাউন ছুগাৰ (যাক সাধাৰণতে ড্রাগ বুলি কোৱা হয়) সবাতোকৈ জনপ্ৰিয় আৰু মাৰাত্মক হোৱাৰ লগে লগে ড্রাগছ মাফিয়াই সহজতে উপলব্ধ কফ ছিৰাপ, বিভিন্ন নিচাযুক্ত টেবলেটো স্কুল-কলেজৰ শিক্ষাৰ্থীৰ মাজত বিয়পাই তেওঁলোকক ক্রমশঃ নিচাসক্ত কৰি আনিছে। উচ্চ শিক্ষিত বা অশিক্ষিত সকলো স্তৰৰ কিশোৰ-কিশোৰী, যুৱক-যুৱতী এই নিচাৰ কবলত পৰাৰ দুৰ্ভাৱনা এতিয়া প্ৰখৰ। কৌতূহলবশতঃ বা বন্ধু-বান্ধৱৰ প্ৰৰোচনাত পৰি আৰম্ভ কৰা এই অভ্যাস সোনকালেই আসক্তিলৈ ৰূপান্তৰিত হয়, শেষ হয় এক উজ্জ্বল জীৱনৰ সম্ভাৱনা।

এনে সময়তে ড্রাগমুক্ত অসমৰ সংকল্পৰে অসম বিধানসভাৰ চলিত অধিৱেশনত ঐক্যবদ্ধ হৈছে শাসক-বিৰোধী। ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা অসমখনক উদ্ধাৰ কৰিবলৈ সকলোৱে লৈছে পণ। নিঃসন্দেহে এয়া এক পৰম আশাৰ বতৰা। সদনত হোৱা আলোচনাত শাসক-বিৰোধী সকলোৱে ড্রাগে কিদৰে সমাজখন ধ্বংসৰ দিশে লৈ গৈছে, সেই বিষয়ে মুকলিকৈ আলোচনা কৰে। আলোচনাত অংশ লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ড্রাগ সৰবৰাহ আৰু ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে চৰকাৰে আগন্তুক দিনত আৰু অধিক ব্যৱস্থা গ্রহণ কৰিব বুলি উল্লেখ কৰি ড্ৰাগছ বিৰোধী অভিযান অধিক শক্তিশালী কৰাৰ সংকল্প দোহাৰে। তেখেতে প্ৰসংগতে ড্ৰাগছ সৰবৰাহকাৰীৰ ধর্মকেন্দ্ৰিক বিষয়বোৰ আলোচনা নকৰি অপৰাধীক অপৰাধীৰূপেই বিবেচনা কৰিবলৈ জনোৱা আহ্বান নিঃসন্দেহে এক তাৎপর্যপূর্ণ বিষয়।

এই কথা কোনো কাৰণতে অস্বীকাৰ কৰাৰ উপায় নাই যে অসম চৰকাৰ শেহতীয়াভাৱে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে যথেষ্ট কঠোৰ হৈছে। পৰিসংখ্যাই দেখুৱায় ২০১১ চনত অসমত ড্ৰাগছৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন হৈছিল ১৯৫টা। সেই বছৰত ড্ৰাগছ সৰবৰাহত গ্ৰেপ্তাৰ কৰা হৈছিল ২১৭জন। ইয়াৰ বিপৰীতে ২০২৩ চনত পঞ্জীয়ন হৈছিল ৩০৩৫টা, ২০২৪ চনত ৩৩২৩টা, আৰু ২০২৫ চনত পঞ্জীয়ন হৈছিল ৩৩৩৩টা গোচৰ। ড্ৰাগ সম্পৰ্কীয় গোচৰত গ্রেপ্তাৰো হৈছে ২০২১ চনত ৪১৭৫, ২০২৫ চনত ৪৯০১জন।

এনেবোৰ দিশে আৰু অসম বিধানসভাৰ শেহতীয়া আলোচনাৰ দৰে কথাবোৰে ৰাইজৰ মনত কিছু আশাৰ সঞ্চাৰ কৰিলেও ড্ৰাগছৰ দৰে ভয়াৱহ প্রসংগ এটাত ৰাইজ আশ্বস্ত হ'ব পৰা নাই। কাৰণ চৰকাৰৰ সকলো চেষ্টাৰ পাছতো ড্ৰাগছৰ প্রাদুর্ভাব ভয়ানক গতিত বৃদ্ধি পোৱাটো ৰাইজে মর্মে মর্মে অনুভৱ কৰিছে। তদুপৰি ড্ৰাগছৰ আসক্তিৰ বাবেই চিলনী চোৰৰ দৰে একাধিক সৰু-বৰ অপৰাধো যে ভয়ংকৰ গতিত বৃদ্ধি পাইছে, সেয়া ৰাইজে বুজিছে। তাৰ মাজতে ৰাইজৰ মনত সদায় এক প্রশ্ন জাগ্রত হৈ আছে, আৰক্ষীয়ে ব্যাপক তৎপৰতাৰে ড্রাগ বিৰোধী অভিযান শক্তিশালী কৰি আনিছে যদিও এই অভিযোগসমূহত সততে সৰু-সুৰা সৰবৰাহকাৰীহে কৰায়ত্ত হয়। এক কথাত আৰক্ষীৰ জালত পুঠি-খলিহনাহে উঠে। 

ড্ৰাগছৰ এই বৃহৎ ব্যৱসায়ত নিঃসন্দেহে অনেক ৰৌ-বৰালিও আছে, যাক কৰায়ত্ত কৰিব পাৰিলে নেটৱৰ্কটোৰ এক বৃহৎ অংশ ছিন্ন-ভিন্ন হৈ যাব। এনে ৰৌ-বৰালি কিন্তু আৰক্ষীৰ জালত পৰা সংবাদ বৰ সুলভ নহয়। এয়া ৰাইজৰ এক নুবুজা সাঁথৰ। ৰাইজে আশা কৰে চৰকাৰে কঠোৰ পদক্ষেপেৰে এই ৰৌ-বৰালিকো জালত তুলি ড্ৰাগছৰ এই ভয়ংকৰ নেটৱৰ্ক দুৰ্বল কৰি অসমৰ উঠি অহা প্রজন্মটোক শাৰীৰিক-মানসিকভাৱে শক্তিশালী কৰি তুলিব- এক কথাত জাতিটোক ৰক্ষা কৰিব।

Share This