ডিজিটেল ডেস্ক : কেৱল আর্থিক প্রাচুর্য, সমৰ-শক্তি, ক্ষেপণাস্ত্রৰ শক্তি, কিম্বা কূটনৈতিক শক্তিৰ বাবে আমেৰিকাক বিশ্বৰ শ্রেষ্ঠ ৰাজ্য ৰূপে গণ্য কৰা বুলি ভাবিলে ভুল হ'ব, আমেৰিকাৰ এনে কিছুমান বিশেষত্ব আছে, যিবিলাকে দেশখনৰ প্রতি বিশ্বক আকৰ্ষণ কৰি থাকে। ইয়াৰ ভিতৰত অন্যতম হ'ল তাৰ বিখ্যাত বিশ্ববিদ্যালয়বিলাক, সমান্তৰালকৈ তাৰ গৱেষণাৰ বিশাল পৰিক্ষেত্র, হলিউডৰ দৰে বিশ্ব চিনেমাৰ সর্বোত্তম কেন্দ্র ইত্যাদি। যি পৰিৱেশ চীনত নাই। এসময়ত বেলি মাৰ নোযোৱা আয়তনলৈ বিস্তৃত হৈ আছিল ব্রিটিছ সাম্রাজ্য। সেই সময়ত বিশ্বক বশীভূত কৰি ৰাখিবলৈ সামৰিক শক্তি, বিচক্ষণতা ব্রিটিছসকলৰ পূৰামাত্ৰাই আছিল, লগে লগে তেওঁলোকৰ আছিল বিশ্বখ্যাত সাহিত্যিক, দার্শনিকসকল, শিক্ষাৰ আকর্ষণীয় পৰিৱেশ, যিবিলাকৰ প্ৰতি আপোনা-আপুনি বিশ্বৰ শিক্ষিতচামৰ মূৰ দোঁ খাইছিল। সেই ব্রিটিছৰ শ্রেষ্ঠত্বক স্বীকাৰ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। যুগে যুগে বিশ্বৰ শ্রেষ্ঠ শক্তি ৰূপে চিহ্নিত হৈ অহা সকলো দেশৰে বা সাম্রাজ্যৰে তেনেকুৱা কিছুমান বিশেষত্ব আছিল, যিবিলাকে সেই দেশবিলাকৰ শক্তিত সোণত সুৱগা চৰাইছিল। সাম্প্রতিক বিশ্বত তেনে বিশেষত্বৰে মহীয়ান হোৱা আমেৰিকাত এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈছে। সেই দেশৰ পৰা বৃহৎ অংশৰ বিজ্ঞানী-গৱেষকে পলায়ন কৰিবলৈ চিন্তা কৰা এক পৰিস্থতিৰ সৃষ্টি কৰা হৈছে।
বিভিন্ন সংবাদ মাধ্যমত প্রকাশ পোৱা মতে, দেশখনৰ পৰা ৭৫ শতাংশ বিজ্ঞানী-গৱেষকে আঁতৰিবলৈ যো-জা কৰিছে, কিছু সংখ্যকে ইতিমধ্যে আমেৰিকা এৰি অন্য দেশত আশ্রয় গ্রহণ কৰিছেও। স্বৈৰাচাৰী ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ কেতবোৰ নীতি-সিদ্ধান্ত আৰু কাৰ্যই বিজ্ঞানী-গৱেষকসকলক দেশখন এৰাৰ চিন্তা কৰিবলৈ বাধ্য কৰোৱা বুলি জানিব পৰা গৈছে। আমেৰিকাত বৈজ্ঞানিক গৱেষণাৰ পৰিৱেশটো ৰচনা কৰিছে ঘাইকৈ দুটা প্রতিষ্ঠানে। এটা হ'ল নেশ্যনেল ছায়েন্স ফাউণ্ডেশ্যন আৰু আনটো হ'ল নেশ্যনেল ইনষ্টিটিউট অব হেল্থ। পৰিৱেশ বিজ্ঞানকে ধৰি বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত গৱেষণা চলোৱাৰ বাবে এই দুয়োটা এজেঞ্চিলৈ দেশখনৰ চৰকাৰে পুঁজি আগবঢ়ায়। তদুপৰি, ব্যক্তিগত কোম্পানী আৰু আৰু অনা-চৰকাৰী সংস্থা কিছুমানেও বৈজ্ঞানিক গৱেষণাত বৃহৎ পুঁজি ব্যয় কৰে। ইয়াৰ লগতে বিশ্ববিদ্যালয়বিলাক আৰু গৱেষণা প্ৰতিষ্ঠান কিছুমানে গৱেষণা, বিজ্ঞানীৰ প্ৰশিক্ষণ আৰু গৱেষণাৰ ফল প্ৰকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই সকলোবিলাকে মিলি আমেৰিকাক গৱেষণাৰ এখন উৎকৃষ্ট ক্ষেত্ৰত পৰিণত কৰিছে। নোবেল বঁটা প্রাপক ব্যক্তিসকলৰ তালিকালৈ লক্ষ্য কৰিলেই দেখা যায় যে বিজ্ঞান, সাহিত্য, অৰ্থনীতিৰ গৱেষণাৰ বাবে যিসকল বিশ্বৰ এই সর্বোচ্চ বঁটাৰ বাবে বাছনিত উঠিছে তেওঁলোকৰ গৰিষ্ঠ অংশই হয় আমেৰিকাৰ, নতুবা আমেৰিকাত থাকি গৱেষণা কৰা। এনে ঐতিহ্য, সামর্থ্য আৰু পৰিৱেশৰ প্ৰতি আকৰ্ষিত হৈয়ে ভাৰতীয় বংশোদ্ভৱৰ বুজন অংশ এটাই আমেৰিকাত গৱেষণা কৰি আছে। সেই আমেৰিকাৰ পৰা প্ৰতিকূল পৰিস্থিতিৰ বাবে বিজ্ঞানী-গৱেষকে পলায়ন কৰিবলগীয়া হোৱা বুলি খবৰ ওলোৱাটো বিশ্বৰ বাবে কিমান উদ্বেগজনক কথা হ'ব পাৰে তাৰ ব্যাখ্যা নিষ্প্রয়োজন। এই পৰিৱেশ ৰচনা কৰি দিছে ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে।
দশক দশকজুৰি মার্কিন চৰকাৰে দেশখনৰ দুটা মুখ্য গৱেষণা প্রতিষ্ঠান নেশ্যনেল হেল্থ ইনষ্টিটিউট আৰু নেশ্যনেল ছায়েন্স ফাউণ্ডেশ্যনলৈ আগবঢ়াই অহা কেইবা বিলিয়ন ডলাৰৰ অনুষ্ঠান হঠাৎ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে ৰাষ্ট্ৰপতি ট্রাম্পে। ইমানেই নহয় হার্ভার্ড বিশ্ববিদ্যালয়ত বিদেশী ছাত্র-ছাত্ৰীৰ অধ্যয়নো নিষিদ্ধ কৰিছে স্বৈৰাচাৰী ৰাষ্ট্ৰপতিজনে। প্ৰব্ৰজন আইন কঠোৰ কৰা, ভিছাৰ ক্ষেত্ৰৰ অবাঞ্ছিত বাধ্যবাধকতা আৰোপ কৰা আদি বিষয়বিলাকেও বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰখনত পেলাইছে অভাৱনীয় কু-প্ৰভাৱ। আনৰ কথা বাদেই বহু সংখ্যক নোবেল বিজয়ী বিজ্ঞানীও ব্যথিত হৈছে ট্রাম্পৰ এনে হঠকাৰী সিদ্ধান্তত। ট্রাম্পে ৰচনা কৰি দিয়া এই পৰিৱেশৰ বাবেই বিশাল সংখ্যক বিজ্ঞানী-গৱেষকে আমেৰিকা এৰিবলৈ মনস্থ কৰিছে। দ্বিতীয় মহাযুদ্ধৰ সময়ত এডল্ফ হিটলাৰৰ স্বৈৰাচাৰৰ বাবে বিশাল সংখ্যক বিজ্ঞানী-গৱেষক-দার্শনিকে জার্মানি এৰাৰ অনুৰূপ পৰিস্থিতি হৈছে আমেৰিকাত। কিন্তু বিশ্ববাসীৰ বাবে শুভ বার্তাটো হ'ল- ইংলেণ্ড, ফ্রান্স, অষ্ট্ৰেলিয়াষ, কানাডা, ছুইডেন আদি দেশে আমেৰিকাৰ পৰা আঁতৰি আহিব খোজা বিজ্ঞানী গৱেষকসকলক সেই দেশবোৰত মর্যাদাসহকাৰে স্থান দিব বুলি ঘোষণা কৰিছে। আনকি চীনেও ঘোষণা কৰিছে যে আমেৰিকা এৰিবলগীয়া চীনৰ গৱেষকসকলক উচ্চ হাৰত ধন দি সংস্থাপন দিয়া হ'ব। অৱশ্যে, আমেৰিকাত ইতিমধ্যে গঢ় লৈ উঠা বিজ্ঞান-গৱেষণাৰ উচ্চ পৰিৱেশটো অন্য ঠাইত সম্ভৱ হ'ব নে নাই সেইটো গুৰুত্বপূৰ্ণ কথা। সেইটো যি নহওক ট্রাম্পে আমেৰিকাৰ এটা গৌৰৱময় অধ্যায় ধ্বংস কৰিবলৈ ওলাইছে। এই অধ্যায়টোৱে আমেৰিকাৰ শ্ৰেষ্ঠত্বৰ এটা দিশ খর্ব কৰিব। 'মেক আমেৰিকা গ্রেট এগেইন' শ্ল'গান দিয়া ট্রাম্পে এনে হঠকাৰী নীতিৰে কেনেকৈ আমেৰিকাক সফল কৰিব সেইটোহে গুৰুত্বপূৰ্ণ প্রশ্ন।