সেনাপতি

dainik janambhumi July 17, 2025

ডিজিটেল ডেস্কঃ 'বাঘে খায় দেখি, সাপে খায় লেখি।'- কিছু বছৰৰ আগলৈকে অসমীয়া মানুহৰ মাজত এই ধাৰণা আৰু বিশ্বাসেই দৃঢ় আছিল। অর্থাৎ সর্প দংশনক কপালৰ লিখন বুলি ভবা হৈছিল। কেৱল সেয়াই নহয়, সর্প দংশনক লৈ অনেক লোকবিশ্বাস-অন্ধবিশ্বাস আজিও একাংশৰ মাজত প্রচলিত। বেজ-বেজালিৰ দ্বাৰা চিকিৎসা, পুনৰ জী উঠাৰ আশাত কলৰ ভূঁৰ সাজি নদীত মৃতদেহ উটুৱাই দিয়া আদিবোৰ এই লোকবিশ্বাসৰে অংগ।

কিন্তু চিকিৎসা বিজ্ঞানৰ উন্নতিয়ে লাহে লাহে মানুহৰ চকু খোল খুৱাবলৈ সক্ষম হৈছে। সৰহভাগ লোকেই আজিকালি চিকিৎসা বিজ্ঞানৰ ওপৰত বিশ্বাসী। কিন্তু দুর্ভাগ্যৰ বিষয়টো হৈছে- অত্যাধুনিক চিকিৎসা ব্যৱস্থাই এতিয়াও সকলো গ্রামাঞ্চলক তথা গ্রামাঞ্চলৰ সকলো চুক-কোণক সামৰি ল'বগৈ পৰা নাই। যাৰ বাবে বহু লোকে পৌৰাণিক চিকিৎসা আৰু বিশ্বাসকে বুকুত সাবটি ধৰি আছে। এনেবোৰ কাৰণতে অসমত সর্প দংশন আজিও এক চিন্তাৰ বিষয় হৈয়ে ৰৈছে। 

তথ্য মতে, আমাৰ ৰাজ্যত বছৰি সৰ্প দংশনত গড়ে ৩৬জন লোকৰ মৃত্যু হয়। অৱশ্যে দংশনৰ ঘটনা যথেষ্ট বেছি, বছৰি প্রায় ৩৫,০০০টা। হ'লেও কিন্তু ভাৰতবৰ্ষৰ আন ৰাজ্যৰ তুলনাত অসমত মত্যুৰ হাৰ যথেষ্ট কম। গড় হিচাপত অসমত প্রতি এক লাখ লোকৰ ভিতৰত মৃত্যুৰ হাৰ হৈছে ২.১। অসমৰ হাবিত 'বিগ ফ'ৰ' বুলি অভিহিত কৰা ক'ৱা (Cobra), ক্রাইট (Krait), ৰাছেলছ ভাইপাৰ (Russell's viper) আৰু শ্ব-স্কেলড ভাইপাৰ (Saw-scaled viper)ৰ উপৰি বিভিন্ন প্রজাতিৰ বিষাক্ত সাপ যেনে- ৰজা ফেঁটী, মন'কলেড ফেঁটী, সেউজীয়া পিট ভাইপাৰ আদি পোৱা যায়। বিভিন্ন সময়ত এই বিষাক্ত সাপৰ দংশনত মানুহ ধৰাশায়ী হয়। বিশিষ্ট সংজ্ঞাহাৰক বিশেষজ্ঞ, দীর্ঘদিন সর্পদংশিত ৰোগীৰ গৱেষণা আৰু ক্লিনিকেল ব্যৱস্থাপনাৰে জড়িত ডাঃ সুৰজিত গিৰিয়ে আকৌ ইয়াক মানুহ আৰু সাপৰ সংঘাত বুলিহে অভিহিত কৰিছে। তেওঁৰ মতে, মানুহ আৰু সৰ্পৰ স্বাভাৱিক জীৱন ধাৰণৰ বেলিকা বিভিন্ন সময়ত, বিভিন্ন ক্ষেত্ৰত দুয়ো দুয়োৰে মুখামুখি হয় আৰু সংঘাতত লিপ্ত হয়। কিন্তু এই সংঘাত মানে মৃত্যু নহয়। অর্থাৎ সাপ দেখিলেই মানুহে মাৰিব নালাগে আৰু সৰ্পই দংশন কৰিলেও মানুহৰ মৃত্যু হ'ব বুলি ভাবি ভয় খাব নালাগে। ইয়াৰ শক্তিশালী আধুনিক চিকিৎসা ব্যৱস্থা আছে। কিন্তু এই ব্যৱস্থাত পৌৰাণিক বিশ্বাস তথা বেজ-বেজালিৰ চিকিৎসা, তন্ত্র-মন্ত্র আদিবোৰেহে অন্তৰায় হৈ থিয় দিয়ে।

 ডাঃ গিৰিয়ে আৰু ব্যক্ত কৰা মতে, অসমৰ মাত্র ১৩ শতাংশ সাপহে বিষধৰ। বাকী অধিকাংশ সাপেই বিষহীন। এই বিষহীন সাপৰ দংশনৰ পৰা জৰা-ফুকা কৰি মানুহক আৰোগ্য কৰা বুলি দাবী কৰি আহিছে একাংশ বেজে। যাৰ ফলত আজিও একাংশ লোকৰ মনত 'বেজে ভাল কৰিব পাৰে' জাতীয় ধাৰণা সজীৱ হৈ ৰৈছে।

সি যি নহওক, এইখিনিতে ডাঃ সুৰজিত গিৰিৰ বিষয়ে কিছু কথা কৈ লোৱা উচিত হ'ব। আধুনিক চিকিৎসা পদ্ধতিৰে সর্প দংশিত লোকক আৰোগ্য কৰি তুলিব পৰাৰ কথা অসমৰ জনতাক হাতে-কামে কৰি উদাহৰণসহ বিশ্বাসৰ আধাৰ কৰি তোলাত যিকেইজন মুষ্টিমেয় চিকিৎসক তথা ব্যক্তিয়ে অৰিহণা যোগাই আহিছে, তাৰ ভিতৰত প্ৰথমেই ল'ব পাৰি ডাঃ সুৰজিত গিৰিৰ নাম। শিৱসাগৰ জিলাৰ ডিমৌ গ্রাম্য চিকিৎসালয়ত কৰ্মৰত ডাঃ গিৰিয়ে ইতিমধ্যে এই সম্পর্কীয় গৱেষণা-পত্ৰৰ উপৰি ভালেসংখ্যক লেখা, বোমাঞ্চকৰ কাহিনী, ঘটনা-পৰিঘটনাৰ উল্লিখন বিভিন্ন সংবাদ মাধ্যম, ছ'চিয়েল মিডিয়া আদিৰ মাধ্যমেৰে কৰি এককভাৱেই জনতাক সজাগ কৰাৰ প্রচেষ্টা চলাই আহিছে। অৱশ্যে শেহতীয়াকৈ বঙাইগাঁও জিলাৰ শ্ৰীজান অঞ্চলত ডাঃ নেকিবুৰ জামান, ওৰাং গ্রাম্য চিকিৎসালয়ৰ ডাঃ জয়দীপৰ দৰে চিকিৎসকে এইক্ষেত্রত যথেষ্ট উদ্যমেৰে কাম-কাজ কৰিছে। সি যি নহওক, ডাঃ সুৰজিত গিৰিয়ে ইতিমধ্যে ৩৫০০ৰো অধিক সর্প দংশিত লোকক চিকিৎসা প্রদান কৰি একপ্ৰকাৰৰ চাঞ্চল্যই সৃষ্টি কৰিছে। যাৰ বাবে অসমৰ জনতাই তেওঁক 'সর্প-চিকিৎসক', 'সর্প-যোদ্ধা', 'সর্প-বিশেষজ্ঞ' আদি অভিধাৰেও আখ্যায়িত কৰিছে। 

ডাঃ গিৰিৰ আটাইতকৈ উল্লেখনীয় সফলতা হ'ল- তেওঁ একেৰাহে তিনি বছৰ (২০২১, ২০২২ আৰু ২০২৩ বর্ষ) ডিমৌ গ্রাম্য চিকিৎসালয়ক সর্প দংশনত 'মৃত্যু-শূন্য' কৰি হেটত্রিক গঢ়িছে। তেওঁৰ লক্ষ্য- ২০২৫ বর্ষত সমগ্র অসমক সর্প দংশনত 'মৃত্যু-শূন্য' কৰি অভিলেখ গঢ়াৰ। এই লক্ষ্যত উপনীত হ'বলৈ তেওঁ চিকিৎসকেই হওক, জনগণই হওক- সকলোকে সজাগ আৰু সচেতন কৰাত অধিক গুৰুত্ব দিছে। ইতিমধ্যে তেওঁ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন চিকিৎসালয়ত আলোচনা-চক্র, স্বাস্থ্য শিবিৰ আদিত অংশ লৈ প্ৰচাৰাভিযান চলাই আহিছে। তেওঁৰ মতে, অসমৰ গ্রাম্য সমাজ ব্যৱস্থাত কেতবোৰ অন্ধবিশ্বাসে ইতিমধ্যে বহু দূৰলৈ শিপাই আছে। ইয়াক দূৰ কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব। সেয়ে সমাজৰ প্ৰতিগৰাকী শিক্ষিত-সচেতন ব্যক্তিয়েই এইক্ষেত্রত সহযোগ কৰিব লাগিব। তেওঁ ইতিমধ্যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ সজাগতামূলক কার্যব্যৱস্থাৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰা বুলিও ব্যক্ত কৰিছে। শেহতীয়াকৈ ডাঃ গিৰিৰ আন এক উল্লেখনীয় কর্ম হ'ল- 'ভেনম আর্মি' গঠনৰ ব্যতিক্ৰম চিন্তা। সাধাৰণ জনতাৰ মনত সততে প্রশ্ন উঠিব পাৰে- কি এই ভেনম আর্মি? ডাঃ গিৰিৰ মতে, ভেনম আর্মি হ'বলৈ চিকিৎসক হ'বই লাগিব বুলি কোনো কথা নাই। শিক্ষিত আৰু সচেতন মনেৰে সকলো লোকেই ভেনম আর্মি হ'ব পাৰে। ডিমৌ গ্রাম্য চিকিৎসালয়ৰ সফলতাৰ ক্ষেত্ৰত অঞ্চলটোৰ জনগণ, সংগঠন, স্বাস্থ্য কৰ্মীসকলৰ অৱদান আছে। সেয়ে এই সকলো লোকেই ভেনম আর্মি। যদি অসমৰ ৭০-৮০ শতাংশ লোক ভেনম আর্মি হৈ পৰে, তেতিয়াহ'লে অসমৰ কোনো অঞ্চলতে কোনো এজন ব্যক্তিৰ সৰ্প দংশনত কেতিয়াও মৃত্যু নহ'ব। অসমৰ একাংশ ভেনম আর্মিয়ে গ্রাম্য চিকিৎসালয়ত এঘড়ী যুঁজি থকাৰ বাবেই ২০২২ চনৰ তুলনাত বর্তমান সর্প দংশনত মৃত্যুৰ হাৰ ৭৫ শতাংশ হ্রাস পাইছে। এই হাৰ এশ শতাংশ হ'বলৈ বেছি দিন নালাগিব, যদিহে সকলো পক্ষৰে সহযোগিতা থাকে। কিন্তু এইগৰাকী অক্লান্ত সৈনিক তথা ব্যতিক্রম চিন্তাৰে উদ্বুদ্ধ চিকিৎসকক এগৰাকী সহকাৰী আয়ুক্তই মনোবেদনা দিয়াৰ কথা ইতিমধ্যে ছ'চিয়েল মিডিয়াত চর্চিত হৈছে। লগতে এই কথাও চর্চা হৈছে যে ডাঃ গিৰিয়ে বিভাগীয়ভাৱে অব্যাহতি লৈছে। কোনো কোনোৱে আকৌ ডাঃ গিৰিয়ে চিকিৎসা বৃত্তিকেই এৰিব পাৰে বুলি আশংকা কৰিছে। 


সি যি নহওক, তেওঁৰ মনোকষ্টৰ সমভাগী হৈয়ো ক'ব পাৰি- এখন বিশেষ ক্ষেত্রত বৃহৎ বৃহৎ প্রত্যাহ্বান নেওচি ডাঃ গিৰিয়ে যিখিনি কৰি আছে, সেইখিনি নিশ্চয়কৈ আন কাৰোৰে বাবে সহজ নহ'ব। তদুপৰি ই আন বহুজনৰ বাবে কাটি দিয়া এটা দীঘল বাট। ডাঃ গিৰিয়ে ডিমৌৰ চিকিৎসালয় এৰিলেও নিজৰ অভিযান অব্যাহত ৰাখক। অন্ততঃ তেওঁৰ দীর্ঘদিনীয়া পৰিকল্পনা তথা নীৰৱ বিপ্লবে পূর্ণতা নোপোৱালৈকে, অসম সর্প দংশনত 'মৃত্যু-শূন্য' নোহোৱালৈকে তেওঁ ৰাইজৰ একমাত্র সেনাপতিগৰাকী হৈ থাকক। অসমৰ জনতা এতিয়া তেওঁৰে পক্ষত।

Share This