ডিজিটেল ডেস্ক : এয়াৰ ইণ্ডিয়াৰ বয়িং বিমানৰ দুর্ঘটনা বিষয়টো বর্তমান এটা আন্তঃৰাষ্ট্ৰীয় বিষয় হৈ পৰিছে। কাৰণ লণ্ডনগামী এই বিমানত ভাৰতৰ বাহিৰেও ইউৰোপৰ আন বহু দেশৰ যাত্রী আছিল। সেইবাবেই এই ঘটনাক আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ে বৰ সহজভাবে লোবা নাই। এয়াৰ ইণ্ডিয়া আৰম্ভণিতে আছিল এটা চৰকাৰী সংস্থা। অৱশ্যে, ইয়াৰ আৰম্ভণি টাটা গোষ্ঠীয়েই একালত কৰিছিল যদিও পাছত ৰাষ্ট্ৰীয়কৰণ কৰা হয় আৰু এটা চৰকাৰী সংস্থাৰূপে অতি দক্ষতাৰে সেৱা আগবঢ়াই থাকে। দেশত বিশ্বায়নৰ অর্থনৈতিক ব্যৱস্থাৱলী প্ৰৱৰ্তন কৰাৰ পাছত যিবোৰ চৰকাৰী সংস্থা ক্রমাগতভাৱে বেচৰকাৰীকৰণ বা আন কথাত ব্যক্তিগত খণ্ডক সমর্পণ কৰা হয়, তাৰ ভিতৰত এয়াৰ ইণ্ডিয়াও এটা। অৱশ্যে, টাটা গোষ্ঠীক সমর্পণ কৰাৰ পাছত ইয়াৰ সেৱাৰ মান অধিক উন্নত হ'ব বুলি আশা কৰা হৈছিল'। বর্তমান ভাৰতৰ প্ৰায় সকলো বিমান বন্দৰ আদানি গোষ্ঠীয়ে পৰিচালনা কৰে। অৰ্থাৎ বেচৰকাৰীকৰণ হ'ল। তেনেদৰে টাটা গোষ্ঠীও বেচৰকাৰী। এতিয়া প্রশ্ন হ'ল দুটাকৈ প্রসিদ্ধ আৰু দক্ষ বুলি সুনাম থকা প্রতিষ্ঠান টাটা (বিমান), আদানি (বিমান বন্দৰৰ কাৰিকৰী পৰিচালনাৰ দায়িত্বত থকা)ৰ দায়িত্বত থকা সত্ত্বেও বিশ্বত কোনো কালে নঘটা বয়িং যাত্রীবাহী বিমানৰ এনে অবাঞ্ছিত দুর্ঘটনা কেনেকৈ হ'বলৈ পালে? ক্ষতিপূৰণেই শেষ কথানে? কেৱল আত্মাৰ সদ্গতি কামনাৰ প্রার্থনাতে দায়িত্ব শেষ হ'বনে। যি তদন্তৰ কথা কোৱা হৈছে আৰু দুর্ঘটনা সংঘটিত হোৱাৰ এদিনৰ পাছতে যিবোৰ গাফিলতি পোহৰলৈ আহিছে তাৰ পৰা প্ৰমাণ হয় যে এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ দীর্ঘ দূৰত্বৰ উৰণৰ বিমানৰ যাত্ৰাৰ পূৰ্বে কৰিব লগা পৰীক্ষা-নিৰীক্ষা আৰু গ্রহণ কৰিব লগা সাৱধানতা যথোচিত নাছিল। সেইবাবেই 'ব্যক্তিগত বা বেচৰকাৰী খণ্ড'ই অধিক দক্ষতা আৰু কাৰ্যকুশলতাৰ পৰিচয় দিয়ে বুলি থকা আমাৰ ধাৰণা সলনি কৰিবৰ হ'ল। আদানিৰ দ্বাৰা পৰিচালিত নতুন দিল্লী আৰু গুৱাহাটী বিমান বন্দৰৰ বিভিন্ন অংশ খহি পৰি বিমান বন্দৰ জলমগ্ন হোৱাৰ বাতৰি বৰ পুৰণি হোৱা নাই। সেইবাবেই বেচৰকাৰীকৰণে দক্ষতা আৰু সেৱাৰ মান বৃদ্ধি কৰে বুলি প্ৰচাৰিত কথাষাৰ এতিয়া আৰু বিতৰ্কৰ ঊর্ধ্বত নহয়। টাটা গোষ্ঠীৰ সুনামক স্বীকাৰ কৰিও সেয়ে এয়াৰ ইণ্ডিয়াৰ কাৰিকৰী পৰিচালনাত থকা ত্রুটী সম্পর্কে নানা আলোচনা-পর্যালোচনা চলিছে।
নিটি আয়োগৰ প্ৰতিবেদনত ভাৰতীয় বিমান সেৱা সংস্থাৰ কিছুমান দুর্বলতা বিশেষভাবে প্রতিফলিত হৈছে। আয়োগৰ প্ৰতিবেদন অনুসৰি ২০২৫ চনৰ মার্চ মাহলৈকে ভাৰতীয় বিমান সংস্থাৰ এশ ত্রিশখন বিমান গ্রাউণ্ড কৰা হৈছে অর্থাৎ চলাচলৰ পৰা আঁতৰত ৰখা হৈছে। এই ক্ষেত্ৰত গ' এয়াৰলাইন্সৰ বিমানৰ পৰিমাণ অধিক। ২০২৪ বিত্তীয় বৰ্ষত ইঞ্জিনৰ বিজুতিৰ বাবে এই গোষ্ঠীৰ প্ৰায় আধা বিমান বন্ধ কৰা হৈছিল। ইণ্ডিগ'ৰ ২০২৫ৰ ত্রিশ জানুৱাৰী পর্যন্ত ষাঠিখনৰো অধিক বিমান গ্রাউণ্ড কৰা হয়। ভাৰতীয় বিমান সেৱাসমূহৰ ক্ষেত্রত অধিক কম সময় আৰু কম বেতন পাইলটসকলৰ এটা আপত্তিৰো কাৰণ হৈ আছিল। তদুপৰি, আনবোৰ দেশৰ বিমান পৰিচালনাত গ্রাউণ্ড ষ্টাফে যিদৰে পৰীক্ষা কৰে, বহু ক্ষেত্ৰত অভিযন্তাৰ উপস্থিতিত একাধিকবাৰ পৰীক্ষা কৰাৰ যি ব্যবস্থা সেয়া ভাৰতত নাই বুলিও অভিযোগ উঠিছে। তেন্তে
ব্যক্তিগতকৰণ বা বেচৰকাৰীকৰণে আমাৰ বিমান সেৱাৰ মান কেনেকৈ উন্নত কৰিব।
বয়িং হ'ল এটি আমেৰিকান কোম্পানী। এই কোম্পানীৰে বিশ্ব প্রসিদ্ধ উৎপাদন ৭৮৭ ড্রিমলাইনৰ। এই কোম্পানীত দীর্ঘকাল কাম কৰা এগৰাকী ব্যৱস্থাপকে এবাৰ এই বিমানৰ নিৰ্মাণত ৰৈ যোৱা গুৰুতৰ ত্রুটী আৰু গাফিলতি আঙুলিয়াই দি বিপদত পৰিছিল। তেওঁ চাকৰি হেৰুৱাব লগাত পৰে। বিমান নির্মাণৰ ত্রুটী-বিচ্যুতি সম্পর্কত ন্যায়ালয়ত গোচৰো তৰে। পাছত ৰহস্যজনক পৰিস্থিতিত তেওঁ গুলীবিদ্ধ হৈ মৃত্যু হয়। বিষয়টো এটা সময়ত তল পৰে। বিশ্ব প্রসিদ্ধ এটা সংস্থাৰ উৎপাদনত যদি গুণ আৰু মান ৰক্ষাত অৱহেলা হয় তেন্তে তাৰ পৰিণতি পলমকৈ হ'লেও দেখা পোৱা যাব পাৰে। বহুজাতিক কোম্পানী, বৃহৎ পুঁজিৰ প্ৰথম লক্ষ্য হ'ল অধিক মুনাফা অর্জন। সৰ্বসাধাৰণ লোকে বিচাৰে উন্নত মানৰ সেৱা আৰু যথাসম্ভব ন্যায্য মূল্যত। সেয়ে যদি হৈ উঠে কোম্পানীৰো লাভ আৰু যাত্ৰীৰো আনন্দদায়ক ভ্রমণ। কিন্তু যোৱা সময়ছোৱাত এই ক্ষেত্ৰত আশানুৰূপ ফলাফল দেখা পোৱা নাই। বর্তমান বিমান পৰিবহণ ক্ষেত্ৰত বিভিন্ন গোষ্ঠীৰ মাজত চলি আছে প্রতিদ্বন্দ্বিতা আৰু প্রতিযোগিতা। প্রতিটো বিমান সেৱা সংস্থাই উন্নত সেৱাৰ প্রতিশ্রুতি দিয়ে। কিন্তু বাস্তৱ ক্ষেত্ৰত আপত্তিৰ কাৰণ থাকি যায়। আমাৰ বিমান সেৱা ক্ষেত্রত এতিয়া চৰকাৰী খণ্ড নাই। কিন্তু যোৱা সময়ছোৱাত বিমান সেৱাৰ মান সম্পৰ্কত আলোচনাৰো অন্ত নাই। কূটাঘাতমূলক কাৰণত হোৱা দুৰ্ঘটনাৰ কথা বেলেগ। কিন্তু যিটো দুর্ঘটনা প্রতিৰোধ কৰিব পৰা ধৰণৰ তাক প্ৰতিৰোধ কৰিব নোৱৰা অর্থাৎ সময়োচিত তৎপৰতা ল'ব নোৱৰাটো আচলতে এটা অপৰাধ। দেশত বিমান সেৱাৰ সংখ্যা আৰু বিমান যাত্ৰীৰ সংখ্যা প্রতিবছৰেই বৃদ্ধি হৈ গৈ আছে। বিমান কোম্পানীৰ সংখ্যাও বৃদ্ধি পাইছে। অথচ সেই অনুসৰি সেৱাৰ মান উন্নত কৰা আৰু নতুন নতুন অঞ্চলক বিমান সেৱাৰে সংযোগ কৰাত প্রতিষ্ঠানসমূহে গুৰুত্ব দিয়া নাই। বেচৰকাৰীকৰণৰ ইও এটা দুর্বলতা।