লক্ষ্য বাংলাদেশী

dainik janambhumi May 21, 2025

দেশৰ এখন আগশাৰীৰ সংবাদপত্ৰই প্ৰকাশ কৰা মতে, কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে বাংলাদেশ আৰু ম্যানমাৰৰ পৰা অহা অবৈধ বিদেশীসকলক চিনাক্ত কৰিবলৈ ৩০ দিনৰ সময়সীমা বান্ধি দি ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলবিলাকলৈ এক নির্দেশনা প্ৰেৰণ কৰিছে। সন্দেহযুক্ত লোকসকলৰ নথি-পত্ৰ পৰীক্ষা কৰি যিসকল অবৈধভাৱে বসবাস কৰি থকা বুলি প্রমাণ হয় তেওঁলোকক বহিষ্কাৰৰ ব্যৱস্থা ল'বলৈও নির্দেশটোত কোৱা হৈছে।

এই নির্দেশৰ প্ৰতিলিপি বি এছ এফ আৰু অসম ৰাইফলছৰ সঞ্চালক প্ৰধানলৈও প্ৰেৰণ কৰা হৈছে। কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ৰ এই নির্দেশৰ বাতৰিটোৱে আমাৰ ৰাজ্যৰ বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে। এনে কৌতূহল স্বাভাৱিক এই বাবেই যে অবৈধ বিদেশীৰ সমস্যাৰে ভাৰাক্ৰান্ত হ'ব লগা হোৱা অসমেই দেশৰ আটাইতকৈ স্পৰ্শকাতৰ ৰাজ্য। পশ্চিম বংগতো এই সমস্যা গুৰুতৰ হ'লেও সেই ৰাজ্যই অসমৰ দৰে অস্তিত্বৰ সংকটত ভুগিবলগীয়া হোৱা নাই। সেয়েহে, অসমৰ দৃষ্টিকোণৰ পৰা চালে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ এই নির্দেশনা অতি গুৰুত্বপূৰ্ণ। এই নির্দেশৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰাটো অসমৰ খিলঞ্জীয়া জনসাধাৰণে বিচাৰে। লক্ষণীয় বিষয়টো হ'ল- এই নির্দেশনা এনে এক সময়ত জাৰি কৰা হৈছে যি সময়ত গুজৰাট, ৰাজস্থানৰ দৰে ৰাজ্যত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে ৰাজ্য দুখনৰ আৰক্ষী প্ৰশাসনৰ অভিযান চলিছে আৰু ছয় সহস্রাধিক অনুপ্ৰৱেশকাৰীক এই অভিযানত চিনাক্ত কৰা হৈছে। এনে পৰিপ্ৰেক্ষিতত আমি এনেকৈও ভাবিব পাৰোঁ যে পূৰ্বাঞ্চলৰ পৰা গৈ অনুপ্ৰৱেশকাৰীৰ সমস্যাটোৱে লাহে লাহে হিন্দীবলয়কো আক্রান্ত কৰিবলৈ আৰম্ভ কৰাৰ পাছত এতিয়া কেন্দ্ৰীয় চৰকাৰৰ চকু মুকলি হৈছে আৰু এনে অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ সময়সীমা বান্ধি দিছে। প্রকাশিত বাতৰিটোৰ মতে, নির্দেশনাটোত গৃহ মন্ত্র্যালয়ে এই বুলিও উল্লেখ কৰিছে যে বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়াটোৰ বাবে প্রয়োজন হ'লে জিলাই জিলাই ডিটেনশ্যন কেম্প স্থাপন কৰিব লাগে। এই নির্দেশনাৰ পাছত হিন্দী বলয়ৰ ৰাজ্যবোৰত, বিশেষকৈ বিজেপি শাসিত ৰাজ্যবোৰত চৰকাৰ বাংলাদেশ, ম্যানমাৰৰ অনুপ্ৰৱেশৰ বিৰুদ্ধে অধিক তৎপৰ হোৱাটো খাটাং, কিন্তু প্রশ্ন হয় আমাৰ ৰাজ্যৰ ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ উক্ত নির্দেশনা অনুসৰি অনুপ্ৰৱেশকাৰীক চিনাক্ত আৰু বহিষ্কৰণৰ বাবে ব্যৱস্থা ল'ব। নে নাই?

অসমৰ অবৈধ বিদেশীৰ সমস্যাটোৰ ভয়াৱহতা তথা ই আমাৰ ৰাজ্যখনৰ জন গাঁথনিৰ পৰিৱৰ্তনত পেলোৱা প্ৰভাৱৰ কথা নতুনকৈ আলোচনা কৰাৰ প্ৰয়োজন নাই। আমাৰ মুখ্যমন্ত্ৰীয়েই মাজে মাজে এই ভয়াৱহতাৰ কথা জনসাধাৰণক জনাই আহিছে। ১৯৭৯-ৰ পৰা ১৯৮৫ চনলৈ হোৱা বিশাল আন্দোলটোৱে অসমত বিদেশীৰ ব্যাপক আগ্রাসনৰ কথা বিশ্বক জনালে। কেন্দ্ৰীয় চৰকাৰে আন্দোলনকাৰী পক্ষৰ লগত চুক্তি কৰিলে আৰু ১৯৭১-ৰ পাছত অহা সকলো বাংলাদেশীক বহিষ্কাৰ কৰিব বুলি ক'লে। সেই ইছ্যুক লৈয়ে ৰাজ্যত এখন জাতীয়তাবাদী আদৰ্শৰ চৰকাৰ গঠন হ'ল, তাৰ পাছতো এই বিষয়টোক লৈ নানা ধৰণৰ চৰ্চা চলিয়েই থাকিল, কিন্তু বিদেশী চিনাক্তকৰণ আৰু বিতাৰণৰ ফলপ্ৰসূ ব্যৱস্থা এটাহে আজিলৈকে কোনেও গঢ়ি তুলিব নোৱাৰিলে। ১৯৯৮ চনত অসমৰ তদানীন্তন ৰাজ্যপাল এছ কে সিনহাই দেশৰ সেই সময়ৰ ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনলৈ প্ৰেৰণ কৰা ২২ পৃষ্ঠাৰ এখন প্রতিবেদনত অসম তথা উত্তৰ-পূবৰ ভয়াৱহ বিদেশী সমস্যাটোৰ বিষয়ে উল্লেখ কৰি কৈছিল যে এই অনুপ্ৰৱেশৰ সমস্যাটোৱে অসমীয়া মানুহৰ পৰিচয়ৰ সংকট সৃষ্টি কৰাই নহয় ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতিও সৃষ্টি কৰিছে গুৰুতৰ ভাবুকিৰ।

সময় বাগৰাৰ লগে লগে এই সকলো কথাই তল পৰিবলৈ ধৰিছে। এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে যে ৰাজ্যৰ কোনো চৰকাৰেই বিদেশী চিনাক্তকৰণ তথা বিতাৰণৰ প্ৰসংগটো চর্চা হোৱাটো নিবিচাৰে। মাজত তৰুণ গগৈৰ চৰকাৰৰ আমোলত ঢাক-ঢোল বজাই নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ কাম চলিল যদিও বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পাছত সেইখন ধোঁৱাচাঙত উঠিল। ভিত্তিবর্ষ ১৯৫১, ১১৯৭১-ৰ তয়াময়া যুঁজ এখন লাগি লাগি অৱশেষত সেয়াও ফুটুকাৰ ফেন হ'ল। এনেদৰে মহাভাৰত সদৃশ কাহিনী পাৰ হৈ অহাৰ পাছত এতিয়া কেন্দ্রীয় গৃহ মন্ত্রালয়ে অবৈধ বিদেশী চিনাক্তকৰণ, বহিষ্কৰণৰ এমাহ সময়সীমা বান্ধি দিয়া বাতৰিটোৱে ৰাজ্যৰ কৌতূহলী মহলৰ দৃষ্টি আকৰ্ষণ কৰিলেও অসমত যে এই নির্দেশনাৰ কিবা প্ৰভাৱ পৰিব তাৰ আশা কৰা নাই। চাবলৈ গ'লে বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ যিসকল মন্ত্রী-বিধায়ক আছে সেইসকলৰ গৰিষ্ঠ অংশ এটা অসম আন্দোলনৰ লগত জড়িত আছিল। বৰ্তমানৰ মন্ত্রীসভাতে আছে সদৌ অসম ছাত্ৰ সন্থাৰ একালৰ শীৰ্ষ পদাধিকাৰী। বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত তেওঁলোকৰ নিজা এটা তাগিদা থাকিব লাগিছিল। এতিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ নিৰ্দেশনাৰ পাছত মন্ত্রীসভাখনে বিষয়টো কেনেদৰে গ্ৰহণ কৰে সেইটো লক্ষণীয় হ'ব।

Share This