পঞ্চায়তৰ যুঁজখন

dainik janambhumi May 07, 2025

ডিজিটেল ডেস্ক :  বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ ইউনিয়নৰ নিৰ্বাচনত যেতিয়া বিভিন্ন বিভাগত প্রতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল প্ৰচাৰৰ বাবে শ্ৰেণীকোঠালৈ যায় বা ছাত্রাৱাসলৈ যায় তেতিয়া প্রতিগৰাকী প্রার্থীকে ছাত্র-ছাত্রীসকলে প্রশ্ন কৰে- আপুনি কিয় এই বিভাগৰ সম্পাদক পদৰ বাবে প্রতিদ্বন্দ্বিতা কৰিছে? আপোনাৰ আঁচনি কি? প্রার্থীসকলেও সামর্থ্য অনুযায়ী ছাত্র-ছাত্ৰীৰ প্ৰশ্নৰ উত্তৰ দিয়ে। নিজৰ নিজৰ পৰিকল্পনাৰ কথা কয়।

প্রতিদ্বন্দ্বী প্রার্থীৰ বিষয়ে প্রশ্ন কৰিলে শালীনতা ৰাখি প্রতিদ্বন্দ্বীগৰাকীৰ বিষয়ে কয় আৰু নিজৰ প্ৰাৰ্থিত্বৰ সমৰ্থনত ক'ব পৰা দিশসমূহৰ বিষয়ে অৱলোকন কৰে। অৱশেষত তাৰ মাজৰ পৰা অৰ্হতা আৰু উপযুক্ততা বিবেচনা কৰি নিৰ্ধাৰিত পদসমূহৰ বাবে একো একোজন প্রার্থী নির্বাচন কৰে ছাত্র-ছাত্রীসকলে। আচলতে আমাৰ গণতন্ত্ৰৰ বিভিন্ন পৰ্যায়ৰ নিৰ্বাচনসমূহো এনে হোৱাই উচিত। কিন্তু সম্প্রতি নিৰ্বাচনৰ ৰূপ বদলি হৈ গৈছে। তাতোকৈ ডাঙৰ কথা হৈছে লোক সভা, বিধানসভাৰ নিৰ্বাচনৰ লগত স্থানীয় নিকায়ৰ নিৰ্বাচনৰ পাৰ্থক্য নোহোৱা হৈ পৰিছে।

আজি তেৰখন জিলাত ১৮১টা জিলা পৰিষদৰ সদস্য পদ, ৮৭খন আঞ্চলিক পঞ্চায়তৰ সদস্য পদ আৰু গাঁও পঞ্চায়তৰ ১০,৫৩০টা সদস্য পদৰ বাবে হ'ব লগা ভোটগ্রহণৰ পৰ্বলৈকে সামগ্রিকভাৱে ৰাজ্যৰ পঞ্চায়ত নির্বাচনটোক লৈ যি পৰিৱেশ-পৰিস্থিতিৰ সৃষ্টি হ'ল তাৰ ৰূপ দেখি ধাৰণাই নহয় যে এয়া গ্রামোন্নয়নৰ বাবে স্থানীয় প্রতিনিধিৰ বাছনিৰহে নির্বাচন। ৰাজ্য চৰকাৰে এইবাৰ এটা প্রশংসনীয় পদক্ষেপেই লৈছে- গাঁও পঞ্চায়তসমূহৰ সদস্য পদৰ নিৰ্বাচনত দলীয় প্রতীক ব্যৱহাৰ এইবাৰ কৰা হোৱা নাই। ফলত প্ৰতিগৰাকী প্রার্থীয়েই 'নির্দলীয়'। সেয়েহে এইবাৰ সমাজ সেৱাৰ ইচ্ছা থকা যিকোনো ব্যক্তিৰ বাবে গাঁও পঞ্চায়তৰ নিৰ্বাচনটো মুকলি হৈ পৰা যেনেই ধাৰণা হৈছিল। কিন্তু মনোনয়ন দাখিলৰ পাছত হঠাৎ প্রার্থিত্ব প্রত্যাহাৰৰ যিটো ধুম উঠিল সেয়া সাধাৰণ মানুহৰ বাবে সাঁথৰ হৈ থাকিল। কোনো কোনোৱে অভিযোগ কৰিছে যে ভাবুকি দি ব্যাপক সংখ্যকৰ প্রার্থিত্ব প্রত্যাহাৰ কৰা হ'ল। ইয়াৰ পাছত আহিল প্ৰচাৰৰ পৰ্ব। এই সময়ছোৱাত কিছুমান ঠাইত দলীয় সংঘর্ষ হ'ল, হতাহতও হ'ল বহুত। আনহাতে, প্ৰচাৰত উবুৰি খাই পৰিল মুখ্যমন্ত্রী, বিভিন্ন দলৰ মুৰব্বীসকলকে ধৰি শীর্ষস্থানীয় ৰাজনৈতিক নেতাসকল। প্ৰচাৰৰ বিষয়সমূহ কেনেদৰে ব্যক্তিকেন্দ্রিক আৰু প্ৰৰোচনামূলক হৈ পৰিল তাৰ বিস্তাৰিত বিৱৰণ দিয়াৰ প্ৰয়োজন নাই। গাঁও পঞ্চায়তত নির্দলীয় প্রার্থীৰ বিষয়টো নেতাসকলৰ পোহাৰী চুপতিয়ে ঢাক খুৱাই পেলালে।

কিন্তু এনে হ'ব লাগিছিলনে? পঞ্চায়তীৰাজ ব্যৱস্থাটোক আমাৰ দেশৰ উন্নয়নৰ প্রক্রিয়াটোৰ সৈতে সাঙোৰাৰ উদ্দেশ্য আছিল ই মহাত্মা গান্ধীৰ গ্রাম স্বৰাজৰ আদৰ্শৰ বাহক। সেই অর্থত পঞ্চায়ত হৈছে গাঁওসমূহৰ স্ব-শাসনৰ ভেটি। ইয়াত ৰাজনীতি সোমাই পৰাৰ লগে লগে ইয়াৰ মূল উদ্দেশ্যটোৱেই অর্থহীন হৈ পৰে। পঞ্চায়তৰ যি মূল কাম, যেনে গাঁও বা অঞ্চলৰ সমস্যাবিলাক সমাধানৰ চেষ্টা কৰা আৰু উন্নয়নৰ কামৰ তদাৰক কৰা, গাঁৱৰ পথ, নলা, পানী যোগান, শিক্ষা, স্বাস্থ্য আদি ক্ষেত্ৰৰ বিকাশৰ বাবে কাম কৰা, গাঁৱৰ দুৰ্গত আৰু অসমর্থ লোকসকলক সহায় কৰা, স্থানীয় সৰু-সুৰা বিবাদ, সংঘাতবোৰৰ সমাধান কৰা আদি কামবোৰত ৰাজনীতি সোমালে গোটেই ব্যৱস্থাটো পক্ষপাতদুষ্ট হোৱাৰ আশংকা থাকে। গতিকে কেৱল গাঁও পঞ্চায়তেই নহয়, আচলতে তিনিতৰপীয়া সমগ্র পঞ্চায়তীৰাজ ব্যৱস্থাটোৱেই দলীয় ৰাজনীতিমুক্ত হোৱা উচিত। কিন্তু এইবাৰেই নহয়, প্ৰথমৰে পৰাই পঞ্চায়তবিলাক দলীয় নির্বাচনেৰে গঠন হৈ অহাৰ পৰিপ্ৰেক্ষিতত ই এক গণ্ডীৰ ভিতৰত আবদ্ধ হৈ আছে। এইবাৰৰ নিৰ্বাচনটোৰ সমগ্ৰ প্ৰচাৰ পৰ্বটো দলীয় নেতাকেন্দ্রিক হৈ পৰাৰ পৰিপ্ৰেক্ষিতত ব্যক্তিকেন্দ্রিক, ঘৃণা-বিদ্বেষপ্রসূত বিষয়বিলাকেহে প্ৰচাৰত প্রাধান্য লাভ কৰিলে, পঞ্চায়তৰ স্বাৰ্থজড়িত কোনো বিষয় আলোচনালৈ নাহিলেই। পাতনিতে শিক্ষানুষ্ঠানৰ ইউনিয়নৰ নিৰ্বাচনৰ প্ৰসংগ উত্থাপনৰ উদ্দেশ্য এয়াই আছিল যে প্রার্থীসকলক গাঁওবাসীয়ে তেওঁৰ লক্ষ্য কি, উদ্দেশ্য কি, গাঁওখনৰ বিকাশ প্রার্থীগৰাকীয়ে কেনেকৈ কৰিম বুলি ভাবিছে, সেই প্রশ্নবোৰ সুধিব পাৰিব লাগিছিল, গাঁও উন্নয়নৰ আঁচনিবোৰৰ মুক্ত আলোচনা, সমস্যাসমূহৰ সমাধানৰ পথ উলিওৱাৰ আলোচনা এই প্ৰচাৰৰ কালতে হ'ব লাগিছিল, কিন্তু এনেকুৱা একো নহ'ল। তাৰ পৰিৱৰ্তে কি হ'ল সেয়া ৰাইজে দেখিছে, শুনিছে।

মুখ্যমন্ত্ৰীকে ধৰি চৰকাৰৰ অন্য দায়িত্বশীল নেতাসকলে যে কৈ আছে অসমক দেশৰ উন্নত ৫খন ৰাজ্যৰ শাৰীলৈ নিয়া হ'ব, সেই শ্ল'গান বাস্তৱ হ'ব পাৰে যদিহে গ্রাম্য অৰ্থনীতিৰ স্তৰ ওপৰলৈ নিব পৰা যায়। আমাৰ দেশৰ সৰ্বাধিক জি ডি পি থকা ৰাজ্যকেইখন হৈছে মহাৰাষ্ট্ৰ, তামিলনাডু, গুজৰাট, কৰ্ণাটক আৰু উত্তৰ প্ৰদেশ। মহাৰাষ্ট্ৰৰ জি ডি পি ৪০,৪৪৩ বিলিয়ন, তামিলনাডুৰ ২৭,২১৬ বিলিয়ন, কৰ্ণাটকৰ ২৫,০০৭ বিলিয়ন, উত্তৰ প্ৰদেশৰ ২৫,৪৭৯ বিলিয়ন আৰু গুজৰাটৰ ২৪,২৫৮ বিলিয়ন টকাৰ। আনহাতে, অসমৰ জি এছ ডি পি ৫,৭০২ বিলিয়ন টকাৰ। গতিকে সেই প্রথম শাৰীৰ ৰাজ্যকেইখনৰ সৈতে অসমৰ অৰ্থনীতিৰ এই সুবিশাল পার্থক্যটো কমোৱাৰ একমাত্র পথ হ'ল আমাৰ গ্ৰাম্য অৰ্থনীতিৰ ৰূপ সলনি কৰা। পঞ্চায়ত নির্বাচনত সেই বিষয়টোৱে মুখ্য স্থান অধিকাৰ কৰিব লাগিছিল, কিন্তু সেই আলোচনা নহ'ল। আজি গাঁওবাসীয়ে পঞ্চায়ত নিৰ্বাচনৰ অন্তিম পর্বত ভোটদান কৰিব আৰু অহা ১১ মে'ত আমি আমাৰ পঞ্চায়তৰ ভৱিষ্যতৰ কৰ্ণধাৰসকলৰ নাম গম পাম। তেওঁলোকে গ্রামোন্নয়ন কেনেদৰে সাধন কৰিব সেয়া সময়ত প্রকাশ হ'ব।

Share This