ডিজিটেল ডেস্কঃ আকৌ ধৰ্মৰ নামত সন্ত্রাসবাদ! জম্মু আৰু কাশ্মীৰৰ পহলগামৰ বেছৰনত মঙলবাৰে সংঘটিত এনে সন্ত্রাসবাদী কাৰ্যক গৰিহণাৰে উপচাই দিছে সমগ্র বিশ্বই। কিন্তু এইটো কেৱল গৰিহণা দিয়েই এৰি দিব পৰা বিষয়নে? পৰিয়ালসহ কাশ্মীৰৰ সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱা ২৬গৰাকী পৰ্যটকক (ইয়াৰ দুগৰাকী বিদেশী) এজন এজনকৈ বাছি বাছি নৃশংসভাৱে হত্যা কৰা হ'ল। হত্যাৰ পূৰ্বে সোধা হ'ল- ধর্ম কি?
আনকি ধর্ম চিনাক্তকৰণৰ বাবে পেন্টৰ চেইন পর্যন্ত খোলা হ'ল। তাৰ পাছত পত্নী, সন্তানৰ সন্মুখতে নির্বিচাৰে গুলীয়াই দিয়া হ'ল। কাৰোবাৰ মূৰৰ লাওখোলা উৰি গ'ল, কোনোজনৰ বুকু ফুটি চালনী হ'ল। নিমিষতে ৰক্তৰঞ্জিত হৈ পৰিল বিশাল সেউজীয়া দলিচাসদৃশ-সৌন্দর্যশালী বেছৰনৰ ভূমি। এনে নৃশংসতাক নিন্দাৰ বাবে পৰিভাষা নাই, গৰিহণাৰ বাবেও যেন শব্দ-বিশেষণ নাই। কাৰ বাবে এই পৈশাচিকতা? কিহৰ বাবে? এই প্রশ্নই জুমুৰি দি ধৰিছে বিভিন্নজনক। সমানে সকলোৰে মনত ভুমুকি মাৰিছেহি অমীমাংসিত কাশ্মীৰ সমস্যাটোৰ প্ৰসংগয়ো। বহুতে আকৌ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুকে দোষাৰোপ কৰিছে। নেহৰুৱে যদি তেতিয়াই কাশ্মীৰ সমস্যাটো সমাধান কৰি গ'লহেঁতেন, তেতিয়াহ'লে যুগে যুগে এনেধৰণৰ ঘটনা সংঘটিত হৈ নাথাকিলহেঁতেন।
নেহৰুৱেনো এনে কি কৰিলে যে কাশ্মীৰত নিৰাপত্তাজনিত সমস্যাৰ সৃষ্টি হ'লেই তেওঁৰ প্ৰসংগ উত্থাপিত হয়? ভাৰত বিভাজনৰ সময়ত কাশ্মীৰ কেৱল কাশ্মীৰ নাছিল, আছিল 'আজাদ কাশ্মীৰ'। তেতিয়া তাৰ ৰজা আছিল মহাৰাজ হৰি সিং। হৰি সিঙৰ পাছতেই কাশ্মীৰৰ ক্ষমতাশালী আৰু জনপ্রিয় ব্যক্তি আছিল শেখ আব্দুল্লা। তেওঁ বিপ্লৱী নেশ্যনেল কনফাৰেন্স দলৰ নেতা আছিল। সেই সময়ত পাকিস্তানৰ প্রধানমন্ত্রী লিয়াকত আলি খানে কাশ্মীৰক পাকিস্তানৰ সৈতে চামিল কৰিবলৈ অহৰহ প্ৰচেষ্টা কৰিছিল। কিন্তু হৰি সিং আৰু শ্বেখ আব্দুল্লাৰ বিৰোধিতাৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল। যাৰ বাবে পাকিস্তানে জনজাতীয় পাঠানসকলৰ দ্বাৰা কাশ্মীৰ আক্ৰমণ কৰিছিল।
এই আক্ৰমণত ভাৰতৰ স্বাধীনতাৰ পাছত কিছুদিন গভর্নৰ জেনেৰেল হিচাপে থকা লর্ড মাউন্ট বেটনেও পাঠানসকলক সকলোপ্ৰকাৰে সহায় কৰিছিল। অর্থাৎ, লর্ড মাউন্টবেটেনৰ লগতে সেই সময়ৰ উচ্চপদস্থ ইংৰাজ বিষয়াসকলেও কাশ্মীৰ পাকিস্তানৰ সৈতে চামিল হোৱাটো বিচাৰিছিল। কিন্তু ৰজা হৰি সিঙে পূৰ্বৰে পৰা কাশ্মীৰ ভাৰতৰ অংগৰাজ্য হোৱাটো বিচাৰিছিল। তেওঁ ১৯৩১ চনৰ ঘূৰণীয়া মেজমেলত এইবুলিও কৈছিল যে তেওঁ প্রথমে এজন ভাৰতীয়, তাৰ পাছতহে কাশ্মীৰৰ মহাৰাজ। কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সৈতে ঘনিষ্ঠ নেতা শেখ আব্দুল্লাৰ ভূমিকা ৰহস্যজনক আছিল। তেওঁ মুকলিকৈ ভাৰতৰ সৈতে চামিল হোৱাৰ কথা নকৈছিল আৰু পাকিস্তানৰ সৈতেও। কিন্তু শেখ আব্দুল্লাৰ এনে ভূমিকাৰ বাবে হৰি সিঙৰ উদ্দেশ্যও সফল হোৱা নাছিল। ১৯৪৬ চনত আৰম্ভ
হোৱা শেখ আব্দুল্লাৰ 'কুইট কাশ্মীৰ ম'ভমেন্ট'ত নেহৰুৱে শেখ আব্দুল্লাক সমর্থন কৰিছিল। আনকি তেওঁ আব্দুল্লাৰ হৈ বিষয়টো হস্তক্ষেপ কৰিবলৈ কাশ্মীৰলৈও যাব বিচাৰিছিল। কিন্তু হৰি সিঙে তেওঁক কাশ্মীৰত সোমোৱাত বাধা দিছিল। পৰৱৰ্তী সময়ত নেহৰুৱে তেতিয়াৰ আইন মন্ত্ৰী ড° আম্বেদকাৰক ভাৰতৰ সংবিধানত অনুচ্ছেদ ৩০৬-(এ) লিপিবদ্ধ কৰিবলৈ পৰামৰ্শ দিয়ে। কিন্তু আম্বেদকাৰে এফালে ভাৰতে কাশ্মীৰক ৰক্ষণা-বেক্ষণ দিয়া, উন্নয়ন কৰা আৰু কাশ্মীৰৰ নাগৰিকক ভাৰতীয়ৰ সমানে অধিকাৰ দিয়াৰ বিপৰীতে আকৌ ভাৰতীয় নাগৰিকৰ কাশ্মীৰত কোনো সাংবিধানিক অধিকাৰ নথকা কথাটোক সমর্থন কৰা নাছিল। তেওঁ ভাৰতীয় নাগৰিকক বিশ্বাসঘাতকতা কৰিব নোৱাৰিব বুলিয়ে শেখ আব্দুল্লাক জনাই দিছিল। নেহৰুৱে অনুচ্ছেদ ৩০৬-(এ)ৰ বাবে গোপালাস্বামী আয়াৰকো অনুৰোধ কৰিছিল। আনকি পাকিস্তানৰ আক্ৰমণৰ বিৰুদ্ধে পঠিওৱা ভাৰতীয় সৈন্যক নেহৰুৱে হঠাতে যুদ্ধ-বিৰতি ঘোষণা কৰি ৰখাই দিছিল। যাৰ বাবে কাশ্মীৰৰ এক তৃতীয়াংশ অঞ্চল পাকিস্তানৰ হাততে ৰৈ যায়। সি যি নহওক, পৰৱৰ্তী সময়ত কাশ্মীৰ কিছুমান চৰ্তসাপেক্ষে ভাৰতৰ সৈতে চামিল হ'ল। সেইদৰে ৩০৬-(এ)ই পাছলৈ ভাৰতীয় সংবিধানত কাশ্মীৰৰ বিতর্কিত অনুচ্ছেদ ৩৭০ হিচাপে (অস্থায়ী) অন্তর্ভুক্ত হ'ল।
নেহৰুক দোষাৰোপ কৰাসকলৰ মতে সেই তেতিয়াৰে পৰা অন্তহীন কাশ্মীৰ সমস্যাৰ আৰম্ভ হয় আৰু সময়ে সময়ে ই উক দি আছে। পহলগাম-কাণ্ডও ইয়াৰে এক ফল, য'ত পাকিস্তান জড়িত বুলিও তেওঁলোকে ব্যক্ত কৰে। সি যি নহওক, ২০১৯ বৰ্ষত পুলৱামা আক্ৰমণৰ পাছত কাশ্মীৰ উপত্যকাত সংঘটিত এইটোৱেই আটাইতকৈ ডাঙৰ আক্ৰমণ, যি দেশৰ লগতে বিশ্বজুৰি জোঁকাৰণি তুলিছে। মঙলবাৰে দিন-দুপৰতে (বিয়লি ২-৪৫ বজা) নিৰাপত্তাৰক্ষীৰ পোছাকত অহা উগ্রপন্থীৰ নিষ্ঠুৰ আক্ৰমণৰ খবৰ পোৱাৰ লগে লগে প্রধানমন্ত্রী মোদীয়ে ছৌদি আৰব ভ্রমণ আধাতে সামৰি উভতি আহে। প্রকাশিত খবৰ মতে তেওঁ যাওঁতে পাকিস্তানৰ আকাশমাৰ্গেৰে গৈছিল। কিন্তু উভতি আহোঁতে সেই পথেৰে নাহিল। ইফালে ঘটনাৰ লগে লগে দিল্লীত উচ্চ পৰ্যায়ৰ বৈঠকৰ পাছত কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে জম্মু-কাশ্মীৰলৈ ৰাওনা হয় আৰু তাৰ ৰাজ্যপালকো সাক্ষাৎ কৰে। ইতিমধ্যেই ভাৰতীয় সেনাই পহলগামত সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে।
পহলগামলৈ নতুনকৈ পৰ্যটক যোৱা বাৰণ কৰা হৈছে। বুধবাৰৰ পুৱাৰ ভাগলৈ দুজনকৈ সন্ত্রাসবাদীক ভাৰতীয় সেনাই নিধন কৰিছে। সেনাৰ এই অভিযানক সমর্থন দিছে সমগ্র ভাৰতবাসীয়ে। কেৱল ভাৰতবাসীয়েই নহয়, সমর্থন দিছে বিদেশী ৰাষ্ট্ৰইও। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুকে ধৰি বহুকেইখন ৰাষ্ট্ৰই সন্ত্রাসবাদ-বিৰোধী যুঁজত' ভাৰতৰ কাষত থিয় দিব বুলিও ঘোষণা কৰিছে। তেওঁলোকে ইতিমধ্যে প্রধানমন্ত্রী মোদীলৈ টেলিফ'ন কৰি নিজৰ মনৰ ভাব ব্যক্ত কৰিছে। ইতিমধ্যে লস্কৰ-ই-তৈবাই পহলগাম-আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। কিছুদিন পূৰ্বে ৰাৱালকোটৰ এক বৈঠকত সংগঠনটোৰ কমাণ্ডাৰ আবু মুছাই মঞ্চৰ পৰাই ভাৰতক ভাবুকি দি কৈছিল- 'জেহাদ চলি থাকিব, শিৰচ্ছেদো চলি থাকিব। কাশ্মীৰত পুনৰ বন্দুক গৰজিব, সেউজীয়া ভূমি ৰক্তাক্ত হ'ব।' বাস্তৱত সেয়াই হৈছে।
এতিয়া ভাৰতীয় সেনাই কিদৰে লস্কৰ-ই-তৈবাৰ দৰে উগ্রপন্থীক নির্মূল কৰিষ, তাৰ ওপৰতে কাশ্মীৰৰ জনতাৰ শান্তি নিৰ্ভৰ কৰিব। দেখাত তেনে যেনেই লাগে। কিন্তু স্থায়ী শান্তিৰ উপায় কেৱল উগ্রপন্থী নিধন নহয়। আজিৰ এচাম উগ্রপন্থীক নির্মূল কৰিলেও কাইলৈ আন এচামৰ জন্ম হ'ব। এইক্ষেত্ৰত ভাৰতে উগ্রপন্থী-বিৰোধী অভিযানৰ সমানে কূটনৈতিকভাৱেও কেতবোৰ বলিষ্ঠ পদক্ষেপ ল'ব লাগিব, যি সমগ্র কাশ্মীৰৰ লগতে দেশৰ বাবেও স্থায়ী শান্তিৰ বাতাৱৰণ কঢ়িয়াই আনিব আৰু উগ্রপন্থী লালন-পালন কৰা পাকিস্তানৰ দৰে দেশবোৰেও শিক্ষা পাব। প্রয়োজনত ৰাষ্ট্ৰসংঘৰো সহায় ল'ব লাগিব।