ডিজিটেল ডেস্কঃ যোৱা ১ এপ্ৰিলৰ পৰা সমগ্র দেশতে ৭৪৮বিধ ঔষধৰ দাম বাঢ়িছে। এই মূল্যবৃদ্ধিৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সংস্থা 'নেশ্যনেল ফার্মাচিউটিকেল প্রাইছিং অথৰিটি' বা চমুকৈ এন পি পি এ। দৰবৰ পাইকাৰী বিক্ৰীমূল্যৰ ওপৰত সর্বোচ্চ ১.৭৪ শতাংশ দাম বৃদ্ধিত অনুমোদন জনাইছে এন পি পিয়ে। এই তালিকাত আছে কলেষ্টেৰল, ব্লাড প্ৰেছাৰ, ব্লাড ছুগাৰ নিয়ন্ত্ৰণৰ ঔষধকে ধৰি অন্যান্য অসংখ্য সঘন ব্যৱহৃত ঔষধ। আনকি জ্বৰ নিয়ন্ত্ৰণৰ বাবে ব্যৱহৃত বহু জনপ্রিয় পেৰাচিটামলৰ দৰে ঔষধো আছে এই বর্ধিত মূল্যৰ তালিকাত। পাইকাৰী মূল্যবৃদ্ধি হ'লে ঔষধকেইবিধৰ খুচুৰা বিক্রীমূল্য অনেক বাঢ়িব বুলি অনুমান কৰিছে বিশেষজ্ঞসকলে।
স্বাভাৱিকতেই এই মূল্যবৃদ্ধিক লৈ সর্বত্রে প্রতিক্রিয়া হৈছে। পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনাজীয়ে এই প্রসংগত সঠিকভাৱেই কেন্দ্রক প্রশ্ন কৰিছে, 'সুস্থ হৈ থাকিবলৈ মানুহে আৰু কিমান দাম দিব লাগিব?'
কেৱল এইবাৰেই নহয়, বিগত কিছু বছৰ ধৰি ঔষধৰ ধাৰাবাহিক মূল্যবৃদ্ধি দেশৰ সৰ্বসাধাৰণৰ বাবে এক চর্চিত প্রসংগ। বিগত ২০২২-২৩ বৰ্ষত ঔষধৰ মূল্য ১০-১২ শতাংশ পর্যন্ত বৃদ্ধি হৈছে। ঔষধৰ মূল্য নিয়ন্ত্ৰণত চৰকাৰৰ বিশেষ ভূমিকা নথকাৰ সুযোগ লৈ ঔষধ কোম্পানীসমূহে দৰবৰ বিক্ৰীত ১০০০ শতাংশ পর্যন্ত লাভ কৰে বুলি ইতিমধ্যেই ৰাজহুৱা অভিযোগ উঠিছে। এ পি পি এৰ তথ্য মতেই ২০২২ চনৰ আগলৈকে বিগত ৮ বছৰত ঔষধৰ গড় মূল্যবৃদ্ধি আছিল ২.৫ শতাংশ। কিন্তু ২০২৩ বর্ষত ভাৰতবৰ্ষত স্বাস্থ্য খণ্ডৰ মূল্যবৃদ্ধি হৈছে ১৪ শতাংশ, যিটো এছিয়া মহাদেশৰ ভিতৰতে সৰ্বাধিক।
প্রসংগতে উল্লেখযোগ্য যে ২০২২ চনৰ এপ্রিল মাহৰ পৰাও ৮০০ৰো অধিক জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধি ঘটিছিল আৰু ইয়াক লৈ সমগ্র দেশত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
অলপতে এজন আগশাৰীৰ চিকিৎসকে 'ৰোগী পৰীক্ষা কৰোঁতে বা অস্ত্রোপচাৰ কৰোঁতে নহয়, ৰোগীৰ প্ৰেছক্রিপশ্যন লিখোঁতেহে হাত কঁপে' বুলি সামাজিক মাধ্যমত ঔষধৰ মূল্যবৃদ্ধি প্ৰসংগত দিয়া এটা প'ষ্টে ব্যাপক চর্চা লাভ কৰিছিল। সঁচাকৈয়ে সংবেদনশীল চিকিৎসক এজনৰ বাবে এয়া এক জটিল মুহূর্ত। ৰোগীৰ শাৰীৰিক স্বাস্থ্যৰ আৰোগ্যৰ বাবে ঔষধৰ প্ৰয়োজন, কিন্তু এই ঔষধৰ ভয়ানক মলাই ৰোগীৰ অৰ্থনৈতিক স্বাস্থ্য যে ধ্বংস পেলাব, সেই কথা জানি প্রেছক্রিপশ্যন লিখা বৰ জটিল। কিন্তু এই জটিল পৰিস্থিতিটোৰেই বাৰে বাৰে সন্মুখীন হৈছে দেশৰ অসংখ্য ৰোগী, চিকিৎসক।
এনে পৰিস্থিতিৰ বিকল্প ৰূপে আয়ুর্বেদকে ধৰি পৰম্পৰাগত চিকিৎসা ব্যৱস্থাসমূহৰ প্ৰসাৰত উৎসাহ প্রদান আৰু জেনেৰিক ঔষধৰ ব্যৱহাৰ বৃদ্ধি কৰিবলৈ চৰকাৰে কিছু প্রচেষ্টা হাতত লোৱা দেখা যায়। ইতিমধ্যে জিলাই জিলাই জনঔষধি কেন্দ্ৰ মুকলি কৰা হৈছে। প্রধানমন্ত্রীয়েও একাধিক ৰাজহুৱা সভাত জেনেৰিক ঔষধ ব্যৱহাৰ সম্পর্কত বক্তব্য আগবঢ়াইছে। কিন্তু বাস্তৱিকতেই এইবোৰে জনসাধাৰণৰ সমস্যা নিৰাময় কৰিব পাৰিছে জানো?
এই কথা অপ্রিয় হ'লেও সত্য যে এই বিকল্প ব্যৱস্থাসমূহে ঔষধৰ বৰ্ধিত মূল্যৰ টেটুচেপাৰ পৰা নাগৰিকক ৰক্ষা কৰিব পৰা নাই। জেনেৰিক ঔষধ প্রসংগত ঔষধ কোম্পানী, চিকিৎসক আৰু ৰোগী সকলোৱেই উদাসীন। চৰকাৰেও জনঔষধি কেন্দ্ৰ, জেনেৰিক ঔষধ ধৰণৰ কথাৰোৰ কৈছে যদিও সেইবোৰৰ সফল বাস্তৱ ব্যৱহাৰৰ প্ৰতি যথোপযুক্ত গুৰুত্ব নিদি বিষয়টো কেৱল বেলুনৰ দৰে ৰংচঙীয়াকৈ আলংকাৰিকভাৱে ফুলাইহে থোৱা যেন লাগে। একে সময়তে চিকিৎসকে প্রেছক্রিপশ্যনত জেনেৰিক ঔষধৰ নাম নিলিখে বুলি এক সুলভঅভিযোগ আছে যদিও এই প্রসংগত কিছু বহল অধ্যয়নৰ প্ৰয়োজন। কাৰণ একাংশ চিকিৎসকৰ মতে জেনেৰিকৰ নামত জেনেৰিক ঔষধ প্ৰস্তুত কৰা কোনো নিৰ্ভৰযোগ্য কোম্পানী ভাৰতত নাই, নাই নিৰ্ভৰযোগ্য দৰবো।
এই কথা ঠিক ঔষধৰ মূল্যবৃদ্ধিৰ প্ৰসংগটো একাধিক বিষয়ৰ ওপৰত নিৰ্ভৰশীল। কিন্তু ই দেশৰ জনসাধাৰণৰ সৈতে পোনপটীয়াকৈ জড়িত এক বিষয়। সেয়ে এখন কল্যাণকামী চৰকাৰে এই বিষয়ত বিশেষ গুৰুত্ব দিয়াটো দেশৰ নাগৰিকে আশা কৰে। আৰোপিত কৰ হ্ৰাস কৰি দৰবৰ মূল্য হ্রাস কৰিব পৰাটো চৰকাৰৰ দক্ষতাৰ চিনৰূপে বিবেচিত হ'ব পাৰে। একে সময়তে জেনেৰিক ঔষধ ৰোগী-চিকিৎসক উভয়ৰে ওচৰত নিৰ্ভৰযোগ্য তথা বিশ্বাসযোগ্য আৰু সুলভ কৰি তুলিৱ পৰাটো কল্যাণকামী চৰকাৰৰ এক প্রধান দায়িত্ব। চৰকাৰে জনঔষধি কেন্দ্রসমূহকো অধিক কার্যক্ষম কৰি গ্রামাঞ্চলতো এনে কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলাওক। মুঠৰ ওপৰত ঔষধৰ মূল্যবৃদ্ধি আৰু নাগৰিকৰ স্বাস্থ্যৰ প্ৰসংগটো চৰকাৰে অতি গুৰুত্বপূৰ্ণ বিষয়ৰূপে বিবেচনা কৰা উচিত। অন্যথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰীৰ সুৰতে সুৰ মিলাই সকলোৱে ক'বলৈ বাধ্য হ'ব- 'সুস্থ হৈ থাকিবলৈ মানুহে আৰু কিমান দাম দিব লাগিব?'