খলনায়ক

Dainik Janambhumi November 18, 2024

পুলিচ, এই শব্দটো হৈছে এটা এব্ৰেৱিয়েশ্যন, অৰ্থাৎ সংক্ষেপে ব্যৱহৃত এটা শব্দ, য’ত ছটা ইংৰাজ বৰ্ণ সোমাই আছে Police ‘পাব্লিক অফিচাৰ ফৰ লিগেল ইনভেষ্টিগেশ্যন এণ্ড ক্ৰিমিনেল ইমাৰ্জেন্সিজ৷’ আইন বলৱৎকৰণৰ লগতে জীৱন আৰু ৰাজহুৱা সা-সম্পত্তিৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব ন্যস্ত হৈ থাকে এই পুলিচৰ ওপৰত৷ অসমীয়াত আৰক্ষী বুলি কোৱা হয়৷ এওঁলোকৰ অন্য এক অভিধা হৈছে শান্তিৰক্ষী৷

এওঁলোকে আইন-শৃংখলা ৰক্ষাৰ কাম কৰে৷ ব্ৰিটিছৰ শাসনৰ দিনৰ পৰা চলি অহা পুুলিচৰ ব্যৱস্থাটোৰ সৈতে জনসাধাৰণৰ সম্পৰ্কৰ সুদীৰ্ঘ দিনৰ অভিজ্ঞতাৰ ভিত্তিত জনমানসত পুলিচৰ যি ভাবমূৰ্তি, তাক অম্ল-মধুৰ বুলি ক’ব পাৰি৷ ৰাজহুৱা স্থানত পুলিচৰ উপস্থিতিক সাধাৰণ মানুহে ভাল পায়, অজানিত এক স্বস্তিৰ ভাব বেছিভাগ মানুহৰ মনলৈ আছে, কিন্তু পুলিচৰ কাষ চাপিবলৈ অস্বস্তি বোধ কৰে৷ পুলিচৰ প্ৰতি এক ভীতিগ্ৰস্ততাও বহু মানুহৰ থাকে৷ ন্যস্ত দায়িত্বৰ দিশৰ পৰা পুলিচক জনসাধাৰণে বন্ধু বুলি গণ্য কৰিব পৰা পৰিৱেশ এটা সদায় বৰ্তি থাকিব লাগে– এইবাবেই যে অপৰাধীক বাদ দি আন সাধাৰণ মানুহক সুৰক্ষা প্ৰদানৰ বাবেহে তেওঁলোকক নিয়োজিত কৰা হয়৷ কিন্তু বিভিন্ন কাৰণত আৰক্ষীৰ কাষলৈ যাবলগীয়া হোৱা বহু মানুহে একাংশ আৰক্ষীৰ পৰা তেনে সুহৃদৰ ব্যৱহাৰ নাপায়৷

ইয়াৰ বিপৰীতে অযথা হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ বিৰক্তিদায়ক অভিজ্ঞতাহে বহুতৰ জীৱনত আছে৷ সেয়েহে আৰক্ষী বা পুলিচৰ ‘খলনায়ক’ৰ ভাবমূৰ্তি এটাও জনমানসত বৰ্তি থকা দেখা যায়৷ আৰক্ষীৰ বহু ভাল কামৰ মাজতে মাজে মাজে কিছুমান এনেকুৱা ঘটনাও ঘটে বা পোহৰলৈ আহে, যি আৰক্ষীৰ এই ‘খলনায়ক’ৰ ভাবমূৰ্তিটোক স্থায়ী কৰি ৰাখে৷ কেইবছৰমান পূৰ্বে গোলাঘাটত ৰাঘৱেন্দ্ৰ অৱস্থি নামৰ আৰক্ষী বিষয়া এজনে জ্যোতি লোহাৰ নামৰ নিৰপৰাধী যুৱ ব্যৱসায়ী এজনক ধনৰ লোভত থানাত নিৰ্দয়ভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিছিল৷ সেই সময়ত ঘটনাটোৰ ব্যাপক চৰ্চা হৈছিল৷ ধনৰ বাবে আৰক্ষীয়ে কৰা তেনেকুৱা কু-কৰ্মৰ উদাহৰণ বহুত আছে৷ ঠিক তেনেদৰে থানাত নাৰী নিৰাপদ নোহোৱাৰ উদাহৰণো কম নহয়৷ দৰং জিলাৰ ধলা থানাৰ অন্তৰ্গত এটা পৰিয়ালৰ নিৰ্যাতনত মৃত্যু হোৱা বনকৰা কিশোৰী এগৰাকীৰ ঘটনাটোক আৰক্ষীয়ে ধনৰ বিনিময়ত আত্মহত্যাৰ ৰূপ দিব খুজিছিল৷ সেই জঘন্য ঘটনাটো মানুহে পাহৰা নাই৷ জোনমণি ৰাভাৰ আত্মহত্যাৰ ঘটনাটোৱেও আৰক্ষীৰ অভ্যন্তৰৰ কদৰ্য ৰূপ এটা উন্মোচিত কৰিছিল৷ এনেকুৱা ঘটনাবিলাকে পুলিচৰ ‘খলনায়ক’ৰ ভাবমূৰ্তিটোক সজীৱ কৰি ৰখা অৱস্থাতে গুৱাহাটী মহানগৰৰ ব্যাৱসায়িক প্ৰাণকেন্দ্ৰ ফাঁচিবজাৰত আৰক্ষী বিষয়া এজনে ‘ডেলিভাৰী বয়’ এজনক নিৰ্মমভাৱে প্ৰহাৰ কৰা ঘটনাটোৱে পুলিচৰ একাংশৰ পৰিচিত নিষ্ঠুৰতাক পুনৰ এবাৰ চৰ্চালৈ আনিলে৷

জনসাধাৰণৰ জীৱন-যাত্ৰাক নিৰাপদ কৰাৰ বাবে, আইন-শৃংখলা ৰক্ষাৰ বাবে, পথ-শৃংখলা ৰখাৰ বাবে আইন-কানুনৰ কঠোৰ প্ৰয়োগ অনস্বীকাৰ্য, অপৰাধীৰ ক্ষেত্ৰত আৰক্ষীৰ অনমনীয় পদক্ষেপো জনসাধাৰণে বিচাৰে, কিন্তু নিষ্ঠুৰতা নহয়৷ আইন-কানুন ৰক্ষাৰ বাবে আৰক্ষী অভদ্ৰ হ’বই লাগিব বুলিও কথা নাই৷ কিন্তু ফাঁচিবজাৰৰ ঘটনাটোৱে আৰক্ষীৰ দায়বদ্ধতাতকৈ অভদ্ৰামি আৰু নিষ্ঠুৰতাকহে অধিক প্ৰকট কৰি তুলিলে৷ আনহাতে যিজন ‘ডেলিভাৰী বয়’ক  আৰক্ষী বিষয়াজনে প্ৰহাৰ কৰিলে তেওঁ হৈছে আজিৰ যুৱ প্ৰজন্মৰ শিক্ষিত অংশ এটাৰ প্ৰতিনিধি, যি বৰ্তমানৰ নিৰাপত্তাহীন সমাজ ব্যৱস্থাত অসহায় হৈ কাৰোবাৰ অনুকম্পালৈ আশা নকৰি শ্ৰমেৰে প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ পথক নিজেও আঁকোৱালি লৈছে, আনকো আদৰ্শ দেখুৱাইছে৷ কাৰো বোজা নোহোৱাকৈ শ্ৰম কৰি জীয়াই থকাসকলৰ ক্ষেত্ৰত কেৱল আৰক্ষীয়ে নহয়, সকলোৰে সুদৃষ্টি থকা উচিত৷

তেনেস্থলত জ্ঞানদীপ হাজৰিকা নামৰ ‘ডেলিভাৰী বয়’জনক ৰাজপথত নিগ্ৰহ কৰি আৰক্ষীয়ে যিটো বাৰ্তা সমাজলৈ প্ৰেৰণ কৰিলে সেয়া অৱধাৰিতভাৱে প্ৰতিক্ৰিয়াৰ যোগ্য আৰু নিন্দনীয়৷ জ্ঞানদীপে পথৰ নিয়ম ভুল কৰিলেও তাক শুধৰোৱাৰ বা তাৰ বাবে আইনগত শাস্তি দিয়াৰ অন্য পথবোৰ ব্যৱহাৰ নকৰি আৰক্ষী বিষয়া এজনে তেওঁক ৰাজপথত নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ পথ লোৱাটো আৰক্ষীৰ মাজৰে এচামৰ জিঘাংসাৰ মানসিকতাৰ প্ৰতিফলন৷ তেনে মানসিকতাৰ বাবেই ‘কা’ আন্দোলনৰ সময়ত পাঁচজন নিৰপৰাধী যুৱকক আৰক্ষীয়ে গুলীয়াই হত্যা কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল৷ মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই জ্ঞানদীপৰ ঘটনাটো বেয়া পাইছে, আৰক্ষীক এনে মানসিকতা পৰিহাৰ কৰিবলৈ সকীয়াই দি অন্যথা শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলিও কৈছে মুখ্যমন্ত্ৰী শৰ্মাই৷ কিন্তু এই সকীয়নিয়েই সেই চাম আৰক্ষীৰ মানসিকতাক সলনি কৰিবলৈ যথেষ্টনে? অনস্বীকাৰ্য যে ‘খলনায়ক’সদৃশ এই আৰক্ষী বিষয়া-জোৱানসকল বৰ্তমানৰ চৰকাৰী ব্যৱস্থাটোৰ পৰাই উদ্ভূট৷ কিবিলাক কাৰণে একোজন আৰক্ষীক ‘খলনায়ক’ৰ ৰূপত উত্থান ঘটায়, তাৰ কাৰণবোৰৰ বিশ্লেষণ বিভাগটোত হয়নে?

অসম আৰক্ষীৰ এখন দায়বদ্ধতা আয়োগ আছে; সেইখনক যথাযোগ্য মৰ্যাদা দিয়া হয়নে? সেই আয়োগৰ পৰামৰ্শাৱলী ৰূপায়ণত ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট পক্ষবিলাকৰ আন্তৰিকতা কিমান? এই কথাবোৰৰ যথাযোগ্য পৰ্যালোচনা নহ’লে আৰু দোষীসকলৰ যথোচিত শাস্তি নহ’লে আৰক্ষীৰ ‘খলনায়ক’সকলৰ অপকৰ্মৰ দায়িত্ব চৰকাৰে এৰাই চলিব নোৱাৰে৷

Share This