ডিজিটেল ডেস্ক : কথাতে কোৱা হয়- এগৰাকী মহীৰূহৰ মৃত্যু হোৱা মানে এখন সমাজৰ মৃত্যু হোৱা আৰু এগৰাকী সক্রিয় কৃষকৰ মৃত্যু হোৱা মানে এখন পথাৰৰ মৃত্যু হোৱা। যেতিয়া সেই কৃষকগৰাকী ঘৰখনৰ একমাত্র উপার্জনকাৰী হয়, তেতিয়াহ'লে পথাৰখনৰ লগতে সেই পৰিয়ালটোৰো মৃত্যু হোৱা বুলিয়ে হয়তো ক'ব পৰা যাব নিশ্চয়। ঠিক এনে এটা ঘটনাই এইকেইদিন সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আছে আৰু মানুহৰ মাজত বিভিন্ন মাধ্যমযোগে ব্যাপক চর্চা অব্যাহত আছে। ঘটনাটো আছিল গোলাঘাট জিলাৰ দেৰগাঁও থানাৰ অন্তৰ্গত বুধে চাপৰিৰ।
সচৰাচৰ আন দিনাৰ দৰে সোমবাৰেও চেলেক গাঁৱৰ গোপীনাথ মিলিয়ে বুধে চাপৰিত থকা ম'হৰ খুঁটিলৈ গৈছিল আৰু ম'হবোৰ চৰোৱাৰ লগতে আন আন কৰণীয় কাম-কাজবোৰো কৰিছিল। কিন্তু বিয়লি হঠাৎ কোনোদিনে নঘটা ঘটনাটো ঘটি গ'ল। ওচৰৰ হাবিৰ পৰা ওলাই অহা এটা প্রকাণ্ড বাঘে অতর্কিতে গোপীনাথক আক্ৰমণ কৰি চোঁচৰাই টানি লৈ গ'ল। দূৰৈৰ পৰা দেখা লোকে লগে লগে চিঞৰ-বাখৰ কৰিলে, কিন্তু ওচৰলৈ যাবলৈ কাৰো সাহে নুকুলালে। বোকাখাত বন সংমণ্ডলৰ বিষয়াৰ সৈতে যোগাযোগ কৰা হ'ল। ১০-১৫জনীয়া বন বিভাগৰ দল আহিল। বন্দুক-বাৰুদেৰে সু-সজ্জিত হৈ অহা দলটোৱে হাবিৰ মাজৰ পৰা আধা খোৱা গোপীনাথৰ মৃতদেহটো উদ্ধাৰ কৰে যদিও দণ্ডাধীশৰ অনুপস্থিতি, প্রয়োজনীয় বাহন আহি নোপোৱা আদি কাৰণত নিব নোৱাৰি গোটেই নিশা ৰখি থাকে। পিছদিনাহে মৃতদেহটো পৰিয়ালৰ লোকক চমজাই দিয়া হয়। গোপীনাথ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল। তেওঁ ব্ৰহ্মপুত্ৰৰ ক্ষুদ্ৰ মাজুলীস্বৰূপ বুধে চাপৰিত ম'হ খুঁটি চম্ভালাৰ লগতে তাতে গাঁৱৰ আন আন লোকৰ সৈতে বিঘা বিঘা মাহ, সৰিয়হ, মিঠা আলু, ৰঙালাউ আদিৰ খেতি কৰিছিল। কৃষিৰ দ্বাৰাই পৰিয়াল পোহপাল দিয়া গোপীনাথৰ কথাকে কৈ কৈ ৰাউচি জুৰি কান্দিলে পত্নীয়ে।
এতিয়া খেতিখন কোনে কৰিব, সৰু সৰু ল'ৰা-ছোৱালীকেইটাক কেনেকৈ পোহপাল দিব আদি...। এই হৃদয়বিদাৰক পৰিস্থিতিৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত ৰাজ্যজুৰি বিষয়টো ব্যাপক চর্চা হয়। বহুতে বন বিভাগকে দোষাৰোপ কৰে। অৱশ্যে গোলাঘাট জিলাৰ বুধে চাপৰি, শিয়াল চাপৰি, টিকিৰাই চাপৰি, লহৰে চাপৰি আদি অনেক ক্ষুদ্র মাজুলীসদৃশ নদীদ্বীপ আছে। এই চাপৰিসমূহত এতিয়া বহু মানুহে বসবাস কৰিবলৈ লৈছে আৰু মানুহ নথকা চাপৰিসমূহতো হাল বাই, মাটি চহ কৰি বিশাল পৰিমাণত খেতি-বাতি কৰি অহা হৈছে। যুগ যুগ ধৰি কৰি অহা এনে খেতি-খোলাত কাচিৎ কেতিয়াবাহে বন্য জীৱ-জন্তুৰ আক্ৰমণৰ ঘটনা ঘটিছে। কিয়নো চাপৰিসমূহত নিগাজিকৈ কোনো বনৰীয়া জীৱ-জন্তু নাই। কিন্তু মাজে-সময়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা দুই এটা গঁড়, হাতী, বাঘে অঞ্চলটোত ভুমুকি মাৰেহি। কিন্তু তেতিয়া লগে লগেই বিষয়টো বন বিভাগৰ অৱগত হয় আৰু ঘূৰাই অনাৰ ব্যৱস্থা কৰে। কিন্তু এইবাৰ পোৱালিসহ এজনী বাঘিনী যোৱা কেইবাদিন ধৰি চাপৰিটোত সোমাই আছিলহি, যিকথা স্থানীয় ৰাইজ তথা বন বিভাগে গমেই নাপালে। সি যি নহওক এনেধৰণৰ ঘটনা ৰাজ্যখনৰ বিভিন্ন ঠাইত সততে ঘটিয়েই থাকে। কিছুদিন পূর্বে কলিয়াবৰ-লাহোৱালৰ বাগান এলেকা, আনকি গুৱাহাটীতো বাঘৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। কলিয়াবৰত এজনৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আঘাতপ্রাপ্ত হৈছে। সাধাৰণতে ৰাজ্যখনত ক্রমাৎ বৃদ্ধি পোৱা হাতী-মানুহৰ সংঘাতৰ খবৰবোৰৰ ভিৰত বাঘৰ আক্ৰমণৰ খবৰবোৰ তেনেই তল পৰি থাকে। কিন্তু অপ্রিয় সত্যটো হৈছে বাঘৰ আক্ৰমণৰ ঘটনাও ৰাজ্যখনত ক্রমাৎ বৃদ্ধি পাই গৈ আছে। অথচ বিভাগীয়ভাৱে সমস্যা সমাধানৰ প্ৰচেষ্টা একোৱেই নাই।
অৱশ্যে আধুনিক বিশ্বত বন্য জীৱ-জন্তুৰ আক্ৰমণত মানুহৰ মৃত্যুৰ হাৰ ক্ৰমাৎ হ্রাস পাই আহিছে। এতিয়াৰ বিশ্বত বছৰি গড়ে ৮৫জনতকৈও কম লোকহে বাঘৰ আক্ৰমণত নিহত হয়। ইয়াৰ বিপৰীতে আকৌ আমাৰ দেশ ভাৰতবৰ্ষত ইয়াৰ সংখ্যা বৃদ্ধিহে পাবলৈ লৈছে। ভাৰতত বছৰি ৫৬জন লোকে বাঘৰ আক্ৰমণত প্রাণ হেৰুৱাইছে। ২০১৪ চনৰ পৰা ২০২৪ চনৰ ৩০ জুনলৈ মুঠ ৬২১ জনে প্রাণ বিসর্জন দিবলগীয়া হৈছে। এই সময়ছোৱাত মহাৰাষ্ট্ৰতে ২৬৯জনৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। ২০২২ চনত অভিলেখসংখ্যক ১১০জন লোকৰ প্ৰাণ হানি হৈছে। আনহাতে, ২০২৩-২০২৪ চনত ছট্টিশগড়ত ৫১, ঝাৰখণ্ডত ৮৭জন, মহাৰাষ্ট্ৰত ৩৯জনৰ মৃত্যু হৈছে। আমাৰ অসমতো গড়ে ১০-২০ শতাংশ লোক (দেশত মৃত্যু হোৱা মুঠ লোকৰ) বাঘৰ আক্ৰমণত মৃত্যু হোৱা বুলি কোৱা হৈছে। কিন্তু যোৱা সময়ছোৱাত অৰুণাচল প্ৰদেশত এজনৰো মৃত্যু হোৱাৰ তথ্য নাই। কেৱল বাঘৰ আক্রমণতেই নহয়, হাতীৰ আক্ৰমণতো অসমত বছৰি ভালেমান লোকৰ মৃত্যু হৈ আহিছে। তথ্য মতে, ২০১৩-১৬ চনৰ ভিতৰত হাতীৰ আক্ৰমণত ৰাজ্যখনত ২৬৬জন লোকে প্রাণ হেৰুৱাইছে। সেইদৰে ২০২৩-২৪ চনত প্রাণহানি হৈছে ৭৪জন লোকৰ। এই সময়ছোৱাত উত্তৰ-পূবৰ আন ৰাজ্য নগালেণ্ডত এজন, মেঘালয়ত ৭জনৰ মৃত্যু হোৱাৰ বিপৰীতে অৰুণাচল প্ৰদেশত এজনো মৃত্যু হোৱা নাই। অৱশ্যে কর্ণাটকত ৪৮জন, ঝাৰখণ্ডত ৮৭জন, কেৰালাত ২৩জন, ছট্টিশগড়ত ৫১জন, মহাৰাষ্ট্ৰত ৫জনৰ হাতীৰ আক্ৰমণত মৃত্যু হৈছে। সি যি নহওক বনৰীয়া জীৱ-জন্তুৰ আক্ৰমণত সঘনাই মানুহৰ মৃত্যুৱে এই কথাই নিশ্চিত কৰে যে এতিয়াও একাংশ লোকে অতি সংকটজনক পৰিৱেশত জীৱন সংগ্ৰামত নিবৃত্ত হ'বলগীয়া হৈছে। আন কথাত এইসকল লোকৰ জীৱনৰ নিশ্চয়তা নোহোৱা হৈছে। এনেক্ষেত্ৰত তেওঁলোকৰ নিৰাপত্তাহীন জীৱন সুৰক্ষিত কৰি ৰখাত প্রয়োজনীয় ব্যৱস্থা কোনে ল'ব সেয়াও এক লাখ টকীয়া প্রশ্ন। কাৰ্যকৰী প্ৰতিৰোধ ব্যৱস্থা সম্ভৱ নহ'লেও হাতী-মানুহৰ সংঘাতৰ কাৰণ ইতিমধ্যে ওলাইছে। কিন্তু বাঘ-মানুহৰ সংঘাতৰ কাৰণ কি সেয়াও গৱেষকসকলে বিচাৰি উলিওৱাৰ প্ৰয়োজন আছে। ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দৰে অঞ্চলসমূহত ব্যাঘ্র প্রকল্প ঘোষণাৰে বাঘৰ সংৰক্ষণকে ধৰি কিছুমান ক্ষেত্ৰত চৰকাৰে কেতবোৰ ব্যৱস্থা গ্রহণ কৰিছে। কিন্তু ইয়াৰ দাঁতিকাষৰীয়া লোকৰ জীৱনক কিদৰে নিৰাপত্তা দিব সেইক্ষেত্রত এতিয়াও গ্রহণযোগ্যভাৱে কাৰ্যকৰী ব্যৱস্থা লোৱা দেখা নাই। যেতিয়ালৈকে সঠিক ব্যৱস্থা কাৰ্যকৰী নহ'ব তেতিয়ালৈকে আমাৰ দেশত বাঘৰ দৰে হিংস্র জন্তুৰ দ্বাৰা আক্ৰমণৰ ঘটনাও বৃদ্ধি পায়েই থাকিব আৰু গোপীনাথ মিলিৰ
দৰে কৰ্মঠ কৃষকে প্রাণ হেৰুৱায়ে থাকিব।