যুদ্ধ বন্ধৰ যুদ্ধ

dainik janambhumi June 19, 2025

ফ্রান্সৰ মিলিটেৰী জেনেৰেল নেপোলিয়ন বোনাপার্টে ১৮০৫-১৮১৩ চনত বিশাল সৈন্য-সামন্ত লৈ ৰাছিয়া আক্রমণ কৰিছিল। এই যুদ্ধৰ প্রেক্ষাপটতে ৰাছিয়াৰে বিশ্ববিখ্যাত ঔপন্যাসিক লিও টলষ্টয়ে তেওঁৰ জীৱনৰ অন্যতম অমূল্য সম্পদ 'যুদ্ধ আৰু শান্তি' (War and Peace) লিখি উলিয়াইছিল। ১৮৬৫ চনত উপন্যাসখনৰ প্ৰাৰম্ভিক সংস্কৰণ প্ৰকাশ পায় যদিও পৰৱৰ্তী সময়ত ইয়াক পুনৰ লিখা হয় আৰু পূর্ণাংগ গ্রন্থখন প্রকাশ পায় ১৮৬৯ চনত। উপন্যাসখনত যুদ্ধকালীন সময়ৰ ৰাছিয়াৰ তিনিটা পৰিয়ালৰ কাহিনীক লৈ যি বিৱৰণ দাঙি ধৰিছে, তাক কিন্তু বিশ্বৰ সমালোচক সমাজে সাধাৰণ বিশ্লেষণ বুলি অভিহিত কৰা নাই।

বৰং ইয়াক মানৱ প্রকৃতি, ইতিহাস তথা জীৱনৰ গভীৰ দার্শনিক অনুসন্ধানেৰে লিখা এক 'মাষ্টাৰপিচ' বুলি আখ্যায়িত কৰিছে। এইখন ধ্রুপদী উপন্যাসতে দাঙি ধৰা হৈছে সমাজত, প্রকৃতিৰ ওপৰত যুদ্ধৰ বিভীষিকাই কিদৰে প্ৰভাৱ পেলাব পাৰে, কিদৰে যুদ্ধৰ ধ্বংসলীলাই যুগ-যুগান্তৰলৈ মানৱ সমাজকো বিধ্বস্ত কৰি তুলিব পাৰে। ঔপন্যাসিকৰ মতে, জীৱনৰ প্রকৃত অর্থ আৰু সুখ যুদ্ধ নহয়, অথবা বৃহৎ ঐতিহাসিক পৰিঘটনা বা ব্যক্তিগত উচ্চাকাংক্ষাও নহয়। বৰং এয়া কেৱল প্রেম, পৰিয়াল আৰু মানৱ সংযোগৰ দৈনন্দিন অভিজ্ঞতাৰ পৰা প্ৰাপ্ত এক অতিন্দ্রীয় আৱেদন। ই মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰৰ শক্তি আৰু স্বীকৃতিৰ পৰা পোৱা এক জৈৱিক অনুভূতিও হ'ব পাৰে, যি মানৱ জীৱনক গঢ় দিয়ে। লিও টলষ্টয়ৰ এই বিখ্যাত সৃষ্টিৰ প্ৰসংগ আজিৰ যুদ্ধকালীন পৰিস্থিতিত পুনৰবাৰ অৱগাহনৰ প্ৰয়োজনীয়তা সময়েই লৈ আহিছে। নেপোলিয়নৰ যুদ্ধত যিদৰে ব্যক্তিগত আকাংক্ষা, ৰাজনৈতিক উদ্দেশ্য নিহিত আছিল, তেনেদৰে আজিৰ যুদ্ধতো ঠিক অনুৰূপ প্রতিপত্তিৰ আকাংক্ষা আৰু উদ্দেশ্যই নিহিত।

সেইদৰে জড়িত বহু পৰিমাণে বাণিজ্যিক কাৰণো। এনেয়েও পৃথিৱীৰ সকলো যুদ্ধৰ ইতিহাস লুটিয়ালে সেই একে ছবিকে দেখা যায়, য'ত আকাংক্ষা আছে, উদ্দেশ্য আছে, ৰাজনৈতিক-বাণিজ্যিক অভীপ্সা আছে। টুজান যুদ্ধৰ পৰা দুয়োখন বিশ্ব যুদ্ধলৈ; ৰজা ফিলিপ, উইলিয়ামৰ যুদ্ধৰ পৰা আলেকজেণ্ডাৰ, মীৰজুমলাৰ যুদ্ধলৈকে সকলোতে পৰিলক্ষিত সাম্রাজ্য বিস্তাৰ, প্ৰতিপত্তিৰ বিস্তাৰ, শক্তি প্রতিপন্ন তথা বাণিজ্যিক সম্প্ৰসাৰ। আনকি মুছলমানসকলে কৰা অসম আক্ৰমণ আৰু দখলৰ কাৰণো আছিল বাণিজ্যিক। হীৰাৰ সদাগৰ মীৰজুমলাই আকৌ বান্ধি লৈছিল অসমৰ উপৰি চীন-তিব্বতলৈকে তেওঁৰ সাম্রাজ্য বিস্তাৰৰ লক্ষ্য আৰু সেই উদ্দেশ্যে আক্রমণো কৰি গৈছিল। ঊনবিংশ শতিকাৰ আটাইতকৈ বৃহৎ আৰু ভয়ংকৰ যুদ্ধ হিচাপে বিবেচিত হোৱা দুয়োখন বিশ্ব যুদ্ধৰ আঁৰতো আছিল বাণিজ্যিক আৰু শক্তি প্রতিপন্ন কৰা মানুহৰ অনিয়ন্ত্রিত মনোভাব।

প্রথমখন বিশ্ব যুদ্ধত (১৯১৪-১৯১৮) প্রায় ১৫ মিলিয়ন লোকৰ প্ৰাণহানি হৈছিল। সেইদৰে দ্বিতীয়খন বিশ্ব যুদ্ধত (১৯৩৯-১৯৪৫) প্ৰথমখনৰ প্ৰায় তিনি-চাৰি গুণৰো অধিক অর্থাৎ ৪০ৰ পৰা ৭০ মিলিয়ন লোকৰ মৃত্যু হৈছিল। এই বীভৎস স্মৃতি বিশ্ববাসীয়ে পাহৰিব পৰা নৌহওঁতেই বিংশ শতিকাৰ অনেক যুদ্ধই বিশ্বৰ দেশসমূহত পুনৰ তোলপাৰ তুলিলেহি। কার্গিল যুদ্ধ, ইজৰাইল-হামাছৰ যুদ্ধ, ৰাছিয়া-ইউক্রেইনৰ যুদ্ধ, ভাৰত-পাকিস্তানৰ যুদ্ধ, আনকি শেহতীয়াকৈ চলি থকা ইজৰাইল-ইৰানৰ যুদ্ধই সমগ্র বিশ্বজুৰি ত্ৰাস-সন্ত্রাস, আতংক-উত্তেজনা আৰু দুর্ভাবনাকে বিয়পাইছে। যুদ্ধৰ অভ্যন্তৰীণ কাৰণ যিয়েই নহওক, দোষী-নির্দোষী যিয়েই নহওক, প্রশ্নটো হ'ব যুদ্ধৰ পৰা বিশ্ববাসীয়ে কি পাইছে? লিও টলষ্টয়ে তেওঁৰ কালজয়ী উপন্যাসখনৰ দ্বাৰা এটা কথা স্পষ্ট কৰি গৈছে-'হওঁতে যুদ্ধই মানুহক কিছু শিক্ষা দি যাব পাৰে, কিন্তু শান্তি কেতিয়াও দিব নোৱাৰে।' কিন্তু এতিয়াৰ পৰিস্থিতিৰ পৰা এই কথা নিশ্চিত যে টলষ্টয়ে কোৱা সেই কিছু শিক্ষাকো যুদ্ধই দিব পৰা নাই অথবা যুদ্ধৰ পৰা দেশসমূহে ল'ব পৰা নাই। নহ'লেনো পূৰ্বৰ যুদ্ধসমূহৰ পৰা মানৱ জাতিয়ে শিক্ষা লোৱাৰ প্ৰয়োজনবোধ নকৰিলেহেঁতেননে?

ইজৰাইল-হামাছৰ যুদ্ধতে দেখা গৈছে- পেলেষ্টাইনত শ শ শিশু-মহিলা কিদৰে যুদ্ধোন্মাদৰ বলি হৈছে, কিদৰে আধুনিক অস্ত্র-শস্ত্ৰৰ আক্ৰমণত নিমিষতে প্রাণ হেৰুৱাই নিথৰ দেহত পৰিণত হৈছে। ঘৰ-দুৱাৰ, পৰিৱেশ ধূলিসাৎ হৈ কিদৰে কিম্ভুত-কিমাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আটাইতকৈ ডাঙৰ সত্যটো এয়ে যে যুদ্ধই ভৱিষ্যতৰ পৃথিৱীৰ প্রতিয়েই ব্যাপক প্রত্যাহ্বান নমাই আনিছে। হিৰোছিমা-নাগাচাকিত হোৱা পাৰমাণৱিক বোমা আক্ৰমণৰ পৰৱৰ্তী ছবিখন আজিও বিশ্ববাসীৰ মনত উজ্জীৱিত হৈ আছে। শেহতীয়া ইৰান-ইজৰাইলৰ যুদ্ধই এনে ৰূপ পাইছেগৈ যে যিকোনো সময়তে ই পাৰমাণৱিক অথবা তৃতীয় বিশ্ব যুদ্ধৰ ৰূপ ল'বগৈ পাৰে। যদি তেনে হয়, ই নিশ্চয়কৈ আন এক হিৰোছিমা-নাগাচাকি-কাণ্ডৰ সূচনা কৰিব, ফলত ধন-জনৰ উপৰি প্ৰকৃতি তথা ভৱিষ্যতৰ পৃথিৱীৰ প্ৰতিয়ে এক অনাকাংক্ষিত-অকল্পনীয় বিপদ নমাই আনিব। এনেয়ে কোৱা নহয়- পৃথিৱীৰ বিৰল জীৱ ডাইন'ছৰ প্ৰজাতিটোৰ যিদৰে নিজৰ মাজত হোৱা সংঘাতৰ ফলতে এদিন বিলুপ্ত হৈছিল; ঠিক সেইদৰে নিজৰ মাজত হোৱা খোৱা-কামোৰা, সংঘাতৰ ফলতে এদিন মানুহো সমূলঞ্চে পৃথিৱীৰ পৰা নির্মূল হ'বগৈ। কিন্তু মানুহ নামৰ প্ৰাণীবিধ এনেকুৱা নহয় যে ই কেৱল নিজে নির্মূল হ'ব। ই নিজৰ লগতে সমগ্র পৃথিৱীকেই ধ্বংস কৰি যাব। তাৰ উমান ইতিমধ্যে লাহে লাহে পাবলৈ আৰম্ভ কৰিছে বিশ্ববাসীয়ে। আজি বিশ্বৰ উষ্ণতা ক্ৰমাৎ অসহনীয় হৈ গৈ আছে। এই উষ্ণতা বৃদ্ধিত ৫.৫ শতাংশ অৰিহণা যোগাই আহিছে যুদ্ধ তথা সৈন্য-বাহিনীৰ কাম-কাজে। অৱশ্যে বহু দেশে সৈন্য-বাহিনীৰ কাম-কাজ লুকুৱাই ৰাখে বাবে এই হাৰ আৰু অধিক যদিও পৰিদৃশ্যমান হোৱা নাই। শেহতীয়া যুদ্ধত অত্যাধুনিক মাৰাত্মক অস্ত্র-শস্ত্ৰৰ ব্যৱহাৰে এই হাৰ উচ্চ হাৰত বৃদ্ধি কৰাৰ আশংকাই সত্য। ছুইজাৰলেণ্ডৰ এম ডি পি আইৰ জার্নেলৰ (Multidisciplinary Digital Publishing Institute) এক প্রতিবেদনতো কোৱা হৈছে যে যুদ্ধৰ কাৰুকাৰ্যই পৃথিৱীৰ বায়ুমণ্ডলৰ NO2ৰ পৰিসৰ অতি উচ্চ হাৰত বৃদ্ধি কৰি গৈ আছে। অ' এম টি (Occupational Medicine and Toxicology) জার্নেলতো কোৱা হৈছে যে বিশ্বৰ দেশসমূহত সঘনাই হোৱা বোমা বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ ফলত নাটকীয়ভাৱে বায়ুমণ্ডলত PM2.5 বৃদ্ধি পাবলৈ ধৰিছে, যিটো মানৱ জাতিৰ বাবেই ভয়াৱহ হৈ উঠিছে। আন এক তথ্য মতে, ১৯৯৮ৰ পৰা ২০২১ চনলৈ পৃথিৱীত গড় প্ৰদূষণৰ মাত্রা ৬৭.৭ শতাংশ বৃদ্ধি পাইছে, যাৰ ফলত মানুহৰ গড় আয়ুস ২.৩ বছৰকৈ হ্রাস পাবলৈ লৈছে। সি যি নহওক, এই কথাবোৰে অন্য এখন বৃহৎ যুদ্ধৰে ইংগিত দিয়ে, য'ত মানুহে জীয়াই থাকিবৰ বাবেই যুদ্ধ বন্ধৰ যুদ্ধত হাতে-কামে অৱতীৰ্ণ হোৱাৰ প্ৰয়োজন হৈ উঠিছে।

Share This