ডিজিটেল ডেস্ক : 'ইজৰাইল-ইৰানৰ যুদ্ধখনে বিশ্বলৈ অনা শংকা আৰু অনিশ্চয়তাক কিছু পৰিমাণে দূৰ কৰি অৱশেষত দেশ দুখনৰ মাজত যুদ্ধ-বিৰতিৰ সিদ্ধান্ত হ'ল। লক্ষণীয়ভাৱে ভাৰত-পাকিস্তানৰ যুদ্ধখনৰ দৰেই এই যুদ্ধ-বিৰতিৰ সিদ্ধান্তও ঘোষণা হ'ল হোৱাইট হাউছৰ পৰা। ভাৰত-পাকিস্তানৰ ক্ষেত্ৰত কৰাৰ দৰেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ভাৰতীয় সময় মতে আজি পুৱা ঘোষণা কৰিলে যে সামগ্রিক (total) আৰু। সম্পূর্ণ (Complete) যুদ্ধ-বিৰতি কৰিবলৈ ইৰান আৰু আমেৰিকাৰ বন্ধু ৰাষ্ট্ৰ ইজৰাইল সম্মত হৈছে। বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰিত আৰু প্ৰকাশিত বাতৰি মতে, ইৰানে মধ্য প্রাচ্যৰ একাংশ মুছলমান ৰাষ্ট্ৰৰ জৰিয়তে যুদ্ধ-বিৰতিৰ এক প্রচেষ্টা যুদ্ধৰ সমান্তৰালভাৱে চলাই আছিল। সেই প্রচেষ্টাৰ অংশ হিচাপেই এই যুদ্ধ-বিৰতি ঘোষণা হ'ল নে আমেৰিকাৰ নিজা স্বাৰ্থত কৰা হ'ল সেয়া এতিয়ালৈকে কোনো মাধ্যমে প্রকাশ কৰা নাই। যি সময়ত বা যি পৰিস্থিতিত এই যুদ্ধ-বিৰতিৰ সিদ্ধান্ত দেশ দুখনক শুনোৱা হ'ল তাৰ পৰা বিভিন্ন ধাৰণা লোৱাৰ বাট মুকলি থাকি গ'ল। প্রথমেই এটা কথা ক'বই লাগিব যে ইজৰাইল-ইৰানৰ এই যুদ্ধখন আছিল সম্পূর্ণভাৱে অপ্রত্যাশিত।
প্রসংগক্রমে উল্লেখযোগ্য যে ১৯৭৯ চনত আয়াতুল্লা খোমেইনীয়ে ইৰানৰ ৰাজনীতিলৈ বৈপ্লৱিক পৰিৱৰ্তন অনাৰ পাছত ইৰানৰ চৰিত্ৰ সম্পূৰ্ণ সলনি হৈ গ'ল। দেশখনে গ্রহণ কৰিলে নিজস্ব স্বাধীন বৈদেশিক নীতি। তেওঁ প্রতিষ্ঠা কৰা খোমেইনীবাদে ইৰানত ইছলামীয় চৰকাৰ, সামাজিক ন্যায় আৰু প্ৰতিৰোধ আৰু পশ্চিমীয়া প্ৰভাৱৰ ক্ষেত্ৰত নতুন ধাৰাৰ সূচনা কৰিলে। তেতিয়াৰ পৰাই পশ্চিমীয়া দেশসমূহৰ সৈতে, বিশেষকৈ আমেৰিকাৰ সৈতে ইৰানৰ দূৰত্ব বৃদ্ধি পাবলৈ ধৰিলে। সম্প্রতি যি পাৰমাণৱিক অস্ত্ৰক কেন্দ্ৰ কৰি ইজৰাইল-ইৰানৰ যুদ্ধ হৈছে সেই পাৰমাণৱিক শক্তি আহৰণৰ প্ৰক্ৰিয়া দেশখনত পূৰ্বৰ পহলৱী বংশৰ শাসনৰ সময়ত আমেৰিকাৰ সহযোগতে আৰম্ভ হৈছিল শক্তি প্রকল্প নিৰ্মাণৰ লক্ষ্যৰে। আয়াতুল্লা খোমেইনীয়ে ইৰানৰ ক্ষমতা হস্তগত কৰাৰ পাছত সেই প্রক্রিয়া বন্ধহে কৰিছিল। কিন্তু ইৰানক নিয়ন্ত্ৰণ কৰিবলৈ ১৯৮০ চনত যেতিয়া আমেৰিকাৰ প্ৰৰোচনাত ইৰান-ইৰাকৰ যুদ্ধ হ'ল তাৰ পাছৰ পৰাহে ইৰানে ইউৰেনিয়ামৰ সঞ্চয় বৃদ্ধি কৰি পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ কথা চিন্তা কৰিবলৈ ল'লে। ২০০২ চনৰ পৰা ২০০৯ চনৰ ভিতৰত ইৰানত তিনিটা গোপন স্থানৰ সন্ধান ওলাল য'ত অত্যধিক পৰিমাণৰ ইউৰেনিয়াম সংৰক্ষণ কৰি ৰখাৰ প্ৰমাণ উদ্ধাৰ হ'ল। লগে লগে এই ইউৰেনিয়াম যে দেশখনে পাৰমাণৱিক অস্ত্র নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিব সেই আশংকা ঘনীভূত হৈ পৰিল। ইৰান পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰ হোৱাটো আমেৰিকা, ইজৰাইল আৰু পশ্চিমীয়া অন্যান্য খ্ৰীষ্টান দেশবোৰৰ লগতে মধ্য প্রাচ্যৰ ছুন্নি মুছলমানৰ দেশবোৰেও নিবিচাৰে। ইৰান পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰ হ'লে মধ্য প্রাচ্যৰ দৃশ্যপটেই সলনি হৈ যোৱাৰ আশংকা থাকিব। সেয়াই দেশখনৰ সৈতে আমেৰিকা, ইজৰাইলৰ সংঘাতৰ মূল কাৰণ। কিন্তু এইবাৰ ইজৰাইলে ইৰানত হঠাৎ আক্ৰমণ কৰাটো অপ্রত্যাশিত বুলি এই কাৰণেই ভবা হৈছে যে আমেৰিকাত দ্বিতীয়বাৰলৈ ৰাষ্ট্ৰপতি হোৱাৰ পাছতে আমেৰিকাই ইৰানৰ সৈতে পাৰমাণৱিক অস্ত্র সম্প্ৰসাৰণ ৰোধ সন্দৰ্ভত এক শান্তি আলোচনা আৰম্ভ কৰিবলৈ প্ৰক্ৰিয়া চলাই আছিল। ইজৰাইলৰ আক্রমণে সেই প্রক্রিয়াটো বন্ধ কৰি পেলালে। যোৱা ডেৰ সপ্তাহ ধৰি চলা যুদ্ধখনত ইৰানৰ কেইবাজনো পৰমাণু বিজ্ঞানী, সেনাধ্যক্ষসহ চাৰি শতাধিক সৈন্য আৰু নাগৰিকে প্রাণ হেৰুৱাইছে, পাৰমাণৱিক ক্ষেত্ৰসমূহ আৰু সেনাৰ ঘাটিবোৰত উপর্যুপৰি আক্ৰমণ চলাই ব্যাপক ধ্বংসলীলা সংঘটিত কৰা হৈছে ঠিকেই, ইয়াৰ বিপৰীতে কিন্তু ইজৰাইলেও কম মূল্য ভৰিব লগা হোৱা নাই।
ইজৰাইলৰ এয়াৰ ডিফেন্স ব্যৱস্থাক ওফৰাই ইৰানৰ মিছাইলে সেই দেশখনৰ ৰাজধানী টেল আভিভকে ধৰি বিভিন্ন স্থানত যিদৰে ধ্বংসযজ্ঞ চলালে সেয়াও অবিশ্বাস্য আছিল। যুদ্ধখনক ব্যাপক কৰি আমেৰিকাই ইৰানৰ ফৰ্দো, ইস্ফাহান আৰু নাটাঞ্জত ইউৰেনিয়াম লুকুৱাই ৰখা স্থানত ৩০ হাজাৰ পাউণ্ড ওজনৰ বোমা পেলাই যি অৱস্থাৰ সৃষ্টি কৰিছিল তাৰ পাছত ইৰানে সেও মানিব বুলিয়ে ভবা গৈছিল। কিন্তু ইৰানে প্ৰত্যুত্তৰ দি কাটাৰ আৰু ইৰাকত থকা আমেৰিকাৰ সামৰিক ঘাটিত আক্ৰমণ কৰি যুদ্ধখনৰ গতিহে সলনি কৰি দিলে। এনে সময়তে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ লগত ইৰানৰ বৈদেশিক মন্ত্ৰীৰ যি আলোচনা হ'ল তাৰ পৰা এটা বাৰ্তাই ওলাই আহিল যে যুদ্ধখন ইমানতে বন্ধ নহ'লে ই গৈ হিতে বিপৰীত হ'বগৈ পাৰে। লগে লগে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে জৰুৰী বৈঠক পাতি সংশ্লিষ্ট বিভিন্ন পক্ষৰে আলোচনা কৰি যুদ্ধ-বিৰতিৰ সিদ্ধান্ত ঘোষণা কৰিলে। যি ট্রাম্পে কেইদিনমান পূৰ্বে ইৰানৰ বিৰুদ্ধে যুদ্ধখনে এটা স্থায়ী মীমাংসা আনিব বুলি হুংকাৰ দিছিল সেইজন ট্রাম্পেই হঠাৎ যুদ্ধ-বিৰতিৰ বাবে ব্যস্ত হ'ব লগা হোৱাটোৱেই ভবাৰ অৱকাশ দিয়ে যে যুদ্ধখন ইজৰাইল বা আমেৰিকাৰ অনুকূল দিশে গতি কৰা নাছিল। কাটাৰ আৰু ইৰাকত থকা আমেৰিকাৰ সামৰিক ঘাটিত ইৰানে কৰা প্ৰতিশোধমূলক আক্রমণে যুদ্ধ-বিৰতিৰ বাবে আমেৰিকাক পদক্ষেপ আগবঢ়াবলৈ বাধ্য কৰালে বুলিও বিভিন্ন মহলে যুক্তি দিয়া পৰিলক্ষিত হৈছে। এতিয়া আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰি ওলাইছে যে যি ইউৰেনিয়ামৰ ভঁৰাল ধ্বংস কৰিবলৈ ইজৰাইলে ইৰান আক্ৰমণ কৰিছিল সেই ইউৰেনিয়াম ইৰানে হেনো সুৰক্ষিত স্থানলৈ আঁতৰাই পঠাইছে। ইৰানৰ হাতত এতিয়াও ৪০০ কেজি ইউৰেনিয়াম সুৰক্ষিত হৈ আছে যাৰ পৰা দেশখনে ১০টা পাৰমাণৱিক বোমা নিৰ্মাণ কৰিব পাৰিব। পাৰমাণৱিক অস্ত্র নির্মাণত পুনৰ অগ্ৰসৰ হ'ব বুলি ইৰানৰ নেতাসকলে ভাবুকিও দিছে। গতিকে, ক'ব পাৰি যি লক্ষ্যৰে ইজৰাইলে ইৰানৰ বিৰুদ্ধে যুদ্ধখন আৰম্ভ কৰিছিল সেই লক্ষ্যত উপনীত হোৱাত দেশখন সক্ষম নহ'ল। পাৰমাণৱিক অস্ত্ৰৰ বিষয়টো নিষ্পত্তি নোহোৱাকৈ থাকি গ'ল। সেয়েহে, স্বাভাৱিকতেই প্রশ্ন উঠিব এনে অৱস্থাত হোৱা যুদ্ধ-বিৰতিয়ে শান্তি আনিব পাৰিবনে?