ডিজিটেল ডেস্ক : ড'নাল্ড ট্রাম্পৰ ইটোৰ পাছত সিটো বিতর্কিত সিদ্ধান্তই অন্য দেশবিলাকৰ কথা বাদেই, খোদ আমেৰিকাতে জনতাক অতি ক্ষুব্ধ কৰি তুলিছে। এই ক্ষোভৰ বহিঃপ্রকাশ ঘটাই শনিবাৰে আমেৰিকা আৰু প্রায় সমগ্র ইউৰোপত যি মুকলি প্রতিবাদ জনতাই সাব্যস্ত কৰিলে, সেয়া নজিৰবিহীন। আমেৰিকাত ড'নাল্ড ট্রাম্পৰ বিৰুদ্ধে জনতাৰ ক্রোধ আৰু ক্ষোভ ইমানেই চৰম পৰ্যায় পাইছেগৈ যে বহু প্রতিবাদকাৰীয়ে ট্রাম্পক হিটলাৰৰ লগত তুলনা কৰিছে। কোলাত কেঁচুৱা লৈও দেওবাৰৰ প্ৰতিবাদলৈ ওলাই আহে বহুজন। দ্বিতীয়বাৰ হোৱাইট হাউছলৈ অহাৰ পাছত ট্রাম্পৰ ঘৃণা আৰু স্পর্ধা অভাৱনীয়ভাৱে বৃদ্ধি পোৱাটোবেই প্রকট হৈ উঠিছে তেওঁৰ প্ৰতিটো আচৰণত, সিদ্ধান্তত।
নিৰ্বাচনৰ সময়ত ট্রাম্পে যি 'মেক আমেৰিকা গ্রেট এগেইন' (আমেৰিকাক পুনৰ মহান কৰি তুলিম) শ্ল'গান দিছিল, সেই শ্ল'গানক কটাক্ষ কৰি এচাম প্রতিবাদকাৰীয়ে হাতত তুলি লোৱা প'ষ্টাৰত লিখা আছিল- 'হেট র'ণ্ট মেক ইউ এছ গ্রেট', অর্থাৎ ঘৃণাই আমেৰিকাক মহান কৰিব নোৱাৰে। আমেৰিকাত দেওবাৰৰ প্ৰতিবাদৰ নাম দিয়া হয় 'হেণ্ডছ অফ'। এই 'হেণ্ডছ অফ'ৰ অৰ্থ হ'ল ট্রাম্পৰ অপশাসনৰ পৰা আমেৰিকাক মুক্ত কৰা। আমেৰিকাৰ চৈধ্য শতাধিক নগৰ-মহানগৰৰ লাখ লাখ মানুহ এই প্রতিবাদলৈ ওলাই অহাৰ অৰ্থ হ'ল- এই প্রতিবাদ কেৱল ট্রাম্প-বিৰোধীসকলেই কৰা নাই। যি কিছুদিন আগৰ নিৰ্বাচনত ট্রাম্পক ভোট দিছিল, তেওঁলোক অসন্তুষ্ট, তেনে বহু লোক ওলাই আহিছে ট্রাম্প-বিৰোধী এই প্রতিবাদলৈ। বিশ্বৰ বিভিন্ন দেশৰ পৰা সামগ্ৰীৰ আমদানিৰ ক্ষেত্রত ট্রাম্প প্ৰশাসনৰ অভাৱনীয় হাৰত শুল্ক আৰোপে (যাক কোৱা হৈছে শুল্ক যুদ্ধ) সমগ্র বিশ্বক অসন্তুষ্ট কৰিছে। সমগ্র ইউৰোপ, কানাডাৰ লগতে অন্য বহু দেশে ইয়াৰ প্রতিবাদ কৰিছে। কাৰণ এই শুল্ক যুদ্ধই প্ৰায়বোৰ দেশৰে ৰপ্তানি বাধাগ্ৰস্ত কৰিব।
সমান্তৰালকৈ আমেৰিকাবাসীও ইয়াক লৈ ক্ষুব্ধ হোৱাৰ কাৰণ হ'ল অধিক শুল্ক আৰোপৰ এই পদক্ষেপে আমেৰিকাত সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধি ঘটাব আৰু নাটনিৰ সৃষ্টি হ'ব। কাৰণ অধিক শুল্ক আৰোপৰ ফলত বাহিৰৰ দেশৰ সামগ্ৰীবিলাকৰ দাম আমেৰিকাত আকাশলংঘী হৈ পৰিব। পৰিণতিত বহু দেশে আমেৰিকালৈ সামগ্ৰীৰ ৰপ্তানি বন্ধ কৰি দিবলগীয়াও হ'ব পাৰে। সেইবাবে অন্য দেশবোৰৰ লগতে আমেৰিকাতো সৃষ্টি হৈছে ট্রাম্প-বিৰোধী জনক্ষোভ। কেৱল এয়াই নহয়, ট্রাম্পৰ আন কেইবাটাও বিতর্কিত সিদ্ধান্তয়ো আমেৰিকাৰ ভিতৰে-বাহিৰে ক্ষোভৰ জুই জ্বলাইছে। দেশখনত হঠাৎ জন্মসূত্ৰে নাগৰিকত্ব বাতিল কৰি দিয়াৰ ফলত তাত থকা বিদেশীসকলৰ সন্তানে মার্কিন নাগৰিকত্ব নাপাব। ফলত বিভিন্ন দেশৰ পৰা গৈ তাত বসবাস কৰিবলৈ লোৱা লোকসকলৰ ওপৰত সৰগ ভাগি পৰা অৱস্থা হৈছে। অনুপ্ৰৱেশৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হ'বই লাগে, কিন্তু পূৰ্বৰ চৰকাৰৰ উদাৰ নীতিৰ সুযোগ লৈ তালৈ যোৱা বহু লোকক এতিয়া অতি বৰ্বৰভাৱে বহিষ্কাৰ কৰা হৈছে। এনেকুৱা সকলোবোৰ কামতে ফুটি উঠিছে ট্রাম্পৰ স্বৈৰাচাৰিতা।
ট্রাম্পৰ এই স্বৈৰাচাৰিতাৰ সংগী প্রযুক্তি সম্রাট ইলন মাস্ক। ট্রাম্প-মাস্ক যুটিয়ে আমেৰিকাত যি শাসন আৰম্ভকৰিছে, সেয়া বিশ্ববাসীৰ কথা বাদেই, আমেৰিকাবাসীৰ বাবেই অকল্পনীয়। গণতন্ত্ৰ আৰু উদাৰতাই আমেৰিকাক এক অনন্য মর্যাদা দিছিল। আমেৰিকা বিশ্বগুৰু হৈছে নিজস্ব সামৰিক আর্থিক শক্তিৰ সমান্তৰালকৈ এই গণতান্ত্রিক চৰিত্ৰ আৰু উদাৰতাৰ বাবে। আমেৰিকাক মহান কৰিছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা বিজ্ঞানীসকলে, পণ্ডিতসকলে, বিশিষ্ট শিল্পীসকলে সাহিত্যিকসকলে। আমেৰিকাৰ উদাৰতাই বিশ্বৰ বিভিন্ন প্ৰান্তৰ বৌদ্ধিক প্রতিভাবিলাকক বিকাশৰ সুযো সুযোগ দিছে। ট্রাম্প-মাস্কৰ স্বৈৰাচাৰিতাই সেই বৈশিষ্ট্য এবংস কৰি দিব বুলি আশংকাৰ সৃষ্টি হৈছে। শীতল যুদ্ধৰ অৱসানৰ পাছত উদাৰীকৰণৰ, মুক্ত বাণিজ্যৰ যি ধাৰাৰ সূচনা হৈছিল, যাৰ জৰিয়তে বিশ্বত নতুন ৰূপত অর্থনীতি উদয় হৈ তাৰ জ্যোতিৰে বিশ্ব জ্যোতিষ্মান হৈছিল, সেই ধাৰাটোৰ নেতৃত্ব দিছিল আমেৰিকাই। ট্রাম্প-মাস্কে সেই অৰ্থনীতিৰ ধাৰাটোও ৰুদ্ধ কৰি পেলাব খুজিছে। সেইবাবেই আমেৰিকাত প্রতিবাদ হৈছে, ইউৰোপত প্রতিবাদ হৈছে, বিশ্বত জ্বলিছে প্রতিবাদৰ অগনি। ট্রাম্প-মাস্কৰ কবলৰ পৰা আমেৰিকাক উদ্ধাৰ কৰাই এই প্ৰতিবাদৰ উদ্দেশ্য। ট্রাম্প-মাস্কৰ নীতিয়ে বিশ্বক ক'লৈ লৈ যাব, বর্তমান আমেৰিকাৰ ভিতৰে-বাহিৰে আৰম্ভ হোৱা প্ৰতিবাদেই বা কি ৰূপ লয়, সেয়া অহা দিনবোৰত ট্রাম্প-মাস্কৰ এই স্বৈৰাচাৰ অব্যাহত দেখা পোৱা যাব। এইটো ঠিক যে ট্ৰাম্প-মাস্কৰ এই স্বৈৰাচাৰ অব্যাহত থাকিবলৈ হ'লে বিশ্বৰ ৰূপ সলনি হৈ পৰিব।