আজি মহাষষ্ঠী! আজি দুৰ্গা মাৰ প্ৰতিমাৰ মুখখনি ভক্তৰ সন্মুখত হ'ব মুকলি

Kakali Deka October 20, 2023

ডিজিটেল ডেস্কঃ আজি মহাষষ্ঠী। শাৰদীয় বতৰত দুৰ্গতিনাশিনী, মহিষমৰ্দিনী দেৱী দুৰ্গাক আদৰিবলৈ সাজু হৈছে ভক্তপ্ৰাণ ৰাইজ৷ বেলবৰণেৰে বেদীত বহুওৱা  হ’ব দেৱীক৷ ষষ্ঠীৰ দিনা দেৱীৰ বেলবৰণ বুলিও কোৱা হয়। জনবিশ্বাস মতে আজি গণেশ, কাৰ্তিক, লক্ষ্মী, সৰস্বতী- পৰিয়ালৰ সৈতে মা দুৰ্গাৰ সৈতে এনিশা থাকিব৷ সপ্তমীৰ ৰাতিপুৱা তেওঁৰ পিতৃ গৃহত ভৰি দিব৷ শাৰদীয় দুৰ্গা পূজাৰ আনন্দত মতলীয়া ৰাজ্যবাসী।

এক সম্পূর্ণ আধ্যাত্মিক পৰিৱেশত আজি পূজাৰ বেদীত স্থাপিত হ'ব দেৱী দশভূজাৰ মৃন্ময় প্ৰতিমা। মা-দুৰ্গাৰ মূৰ্তিক বস্ত্ৰ, আ-অলংকাৰেৰে সজাই তোলা হৈছে। লগে লগেই আৰম্ভ হ’ব পাঁচদিনীয়া শাৰদীয় দুগোর্ৎসৱৰ৷ দেৱী বন্দনাৰে মুখৰিত হৈ পৰিছে দেশৰ আকাশ বতাহ। 

নিয়ম অনুসৰি ষষ্ঠী পূজাৰ সন্ধিয়া দেৱীৰ বোধন, আমন্ত্রণ আৰু অধিবাস সম্পূর্ণ কৰাৰ পাছত এটা প্রতীকী ৰূপত দেৱীক সজাই এডাল কলগছত বিল্ববোধন কৰা হয়৷ ইয়াৰ পাছতেই দেৱীৰ নৱপত্রিকা প্রৱেশ আৰু স্থাপন কৰাৰ পাছত দেৱীৰ সপ্তমী বিহিত পূজা আৰম্ভ হ’ব৷ 

দুৰ্গা পূজা ষষ্ঠী দিনৰ পৰা আৰম্ভ হয় য'ত ভক্তসকলে দেৱীক আড়ম্বৰভাৱে আৰু উৎসাহেৰে আদৰণি জনায়। আজিৰ দিনটোত, দুৰ্গা মাৰ মুখখন ৰাইজৰ সন্মুখত উন্মোচন কৰা হয়। ঢাক বজাই পূজাৰ আনন্দ আৰু আধ্যাত্মিকতা অধিক বৃদ্ধি কৰা হয়।

দুৰ্গা মাক বিশ্বব্ৰহ্মাণ্ডৰ মাতৃ বুলি গণ্য কৰা হয়। এই চিন্তাৰে পৰিচালিত হৈ কোনো কোনো মাতৃয়ে তেওঁলোকৰ সন্তানক সুৰক্ষা দিবলৈ এই দিনটোত উপবাস পালন কৰে। ই তেওঁলোকৰ সন্তানক বেয়াৰ পৰা ৰক্ষা কৰে বুলি বিশ্বাস কৰা হয়।

পূজাৰ সকলো ৰীতি-নীতি ষষ্ঠীৰ পৰা আৰম্ভ হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পূজা মণ্ডপসমূহ বিভিন্ন ধৰণেৰে আটকধুনীয়াকৈ সজাই তোলা হৈছে৷ উখল-মাখল পৰিৱেশৰ মাজত পূজাথলীসমূহত মন্দিৰ-দেৱালয়ত পূৰ্ণ উদ্যমেৰে চলিছে দুৰ্গাপূজাৰ প্ৰস্তুতি।

Share This