চামগুৰিৰ গুলী
Dainik Janambhumi
November 11, 2024
‘All is fair in love and war’– উল্লিখিত উক্তিশাৰী কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল জনা নাযায়, কিন্তু এই বাক্যশাৰীৰ ব্যৱহাৰ ইমান ব্যাপক যে ই এক চিৰশাশ্বত উক্তিৰ নিচিনাই হৈ পৰিছে৷ প্ৰেমত যেনেকৈ সকলো সম্ভৱ, তেনেকৈ যুদ্ধতো নাপায় বোলা কথা নাই৷ মহাভাৰতৰ যুদ্ধত পাণ্ডৱে ভীষ্ম, দ্ৰোণাচাৰ্য, কৰ্ণ, জয়দ্ৰথ, দুৰ্যোধনৰ দৰে মহাবীৰক অন্যায় বুলি জনা পন্থাৰে হত্যা কৰিছিল যদিও যিহেতুকে এই কাণ্ডবোৰ মহাভাৰতৰ যুদ্ধৰ অংশ আছিল, গতিকে ইয়াক অন্যায় বুলি কোৱা হোৱা নাই৷
প্ৰেম আৰু যুদ্ধত এনেকৈ ‘All is fair’ বা যিকোনো কথাই মানি ল’ব পৰা এনেকুৱা অলেখ উদাহৰণ ওলাব৷ এতিয়া ‘All is fair in election’ বুলি কোনোবাই দাবী কৰিলেও পূৰ্বোল্লিখিত বাক্যশাৰীৰ দৰেই ইয়াকো চিৰশাশ্বত বুলিয়েই গণ্য কৰিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে আমাৰ দেশ তথা আমাৰ ৰাজ্যতো৷ নিৰ্বাচন মানেই ‘দেশ সেৱা’ৰ নাম লৈ কৰা এখন নাটক, নিৰ্বাচন মানেই ইপক্ষই সিপক্ষক শালীনতাহীনভাৱে কৰা আক্ৰমণ, নিৰ্বাচন মানেই ‘ভুৱা প্ৰতিশ্ৰুতি’ৰ সমাহাৰ, নিৰ্বাচন মানেই পৰস্পৰৰ মাজত বিদ্বেষ সৃষ্টিৰ এক প্ৰতিযোগিতা! এইবিলাক বেয়া, সমাজক অসুস্থ কৰি তুলিব পৰা কিছুমান বিষাক্ত ভাইৰাছ বুলি সকলোৱেই জানে, কিন্তু ইয়াক মানি লোৱা হয় এইবাবেই যে নিৰ্বাচনত সকলো সম্ভৱ বুলি এতিয়া ধৰি লোৱা হয়৷ ৫টা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ সম্প্ৰতি ৰাজ্যৰ সংশ্লিষ্ট অঞ্চলকেইটাৰ পৰিৱেশ উত্তাল হৈ আছে৷ স্বয়ং মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ দলক বলধ, বিজেপিক গাইৰ সৈতে তুলনা কৰিছে৷ কোনেও বিশেষ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই এইবাবেই যে নিৰ্বাচনত সকলো সম্ভৱ! নিৰ্বাচনৰ এই উত্তাল পৰিৱেশ-পৰিস্থিতিৰ মাজতে শনিবাৰে নিশা বিজেপিৰ পদযাত্ৰাকাৰী দল এটাৰ ওপৰত কোনোবা দুবৃৰ্ত্তই গুলীবৰ্ষণ কৰিলে৷ অসমৰ জনজীৱনত বন্দুকৰ সন্ত্ৰাস ১৯৮০ৰ দশকৰ শেষৰ পৰাই সূচনা হৈছিল যদিও নিৰ্বাচনত ৰাজনৈতিক দলৰ বন্দুকৰ ব্যৱহাৰৰ ঘটনা শুনা নাযায়৷ হয়তো প্ৰথমবাৰৰ বাবে এনেকুৱা ঘটনা ৰাজ্যখনত ঘটিল৷ গুলীবিদ্ধ হৈ নিৰ্বাচনৰ প্ৰচাৰত জড়িত লোক আহত হ’ব লগা হ’ল৷
নিয়ম মতে, জনসাধাৰণ আচৰিত হ’ব লাগিছিল; কিন্তু হোৱা নাই এইবাবেই যে নিৰ্বাচনত এতিয়া সকলো কথাই সম্ভৱ৷ নিৰ্বাচন আচলতে এতিয়া এখন যুদ্ধই, ভোটৰ বাবে যুদ্ধ৷ যিহেতুকে এতিয়াৰ নিৰ্বাচনত হৰা-জিকাৰ বিষয়ত আপোচৰ প্ৰশ্ন নাই, প্ৰতিপক্ষৰ দলবোৰক সন্মান কৰাৰো প্ৰয়োজন নাই, ক্ৰীড়াসুলভ প্ৰতিদ্বন্দ্বিতাৰো কথা নাই, গতিকে ই এখন যুদ্ধই৷ যুদ্ধত সকলো সম্ভৱ, ‘All is fair in war!’ কিন্তু আমি সকলোৱে মনত ৰখা উচিত যে সকলোৰে এটা সীমা থাকে৷ সময়ক বাদ দি কোনো বস্তুৱেই অসীম বুলি প্ৰতিপন্ন হোৱা নাই৷ নিৰ্বাচনত সকলো সম্ভৱ বুলি ধৰি লৈ উচিত-অনুচিতৰ প্ৰশ্ন বিসৰ্জন দি কেৱল ক্ষমতা দখলৰ চিন্তাক প্ৰাধান্য দি এনেকুৱা কিছুমান কাম কৰি থকা হৈছে যাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনত মূল্যবোধৰ ধাৰণাটোৱেই নোহোৱা হৈ পৰাৰ উপক্ৰম ঘটিছে৷ এনেকৈ ঔচিত্যৰ বিবেচনা নোহোৱা বাবেই চামগুৰিত কোনোবাই কাৰোবাৰ লাভৰ স্বাৰ্থত বা কাৰোবাক ভীতিগ্ৰস্ত কৰাৰ বাবে বন্দুকৰ ব্যৱহাৰ কৰিছে৷
বেয়া কামবোৰ এডেও-দুডেও লোটা নিয়াৰ ছেওৰ দৰে হৈ ক্ৰমান্বয়ে বাঢ়ি গৈছে৷ ইয়াৰ পৰিণতি যে এদিন বিষম হৈ পৰিব পাৰে সেয়া সহজেই অনুমেয়৷ শনিবাৰে নিশা চামগুৰিত চলোৱা বন্দুকৰ গুলীয়ে কাৰোবাৰ ভৰিত আঘাত কৰিছে; পিছলৈ ই যে কাৰোবাৰ বুকুত বা মূৰত আঘাত নকৰিব কোনে ক’ব পাৰে! আমাৰ দেশত গণতন্ত্ৰৰ যিসকলে সূচনা কৰিছিল, যিসকলে সংবিধান প্ৰণয়ন কৰিছিল– তেওঁলোকে আজিৰ দৰে পৰিৱেশ এটাৰ ধাৰণা কৰি গণতন্ত্ৰৰ সূচনা কৰা নাছিল৷ সেইসকলৰ সৰ্বান্তঃকৰণেৰে ধাৰণা আছিল– ধনী-দুখীয়া নিৰ্বিশেষে, ধৰ্ম-ভাষা-সম্প্ৰদায় নিৰ্বিশেষে সকলো লোকে নিৰ্বাচনত ভাগ লৈ ৰাইজৰ প্ৰতিনিধি এজনক আগবঢ়াই দিব যথাবিহিত আইন-কানুন প্ৰণয়ন কৰি সুস্থভাৱে দেশখনৰ শাসনকাৰ্য পৰিচালনা কৰিবলৈ৷ নিৰ্বাচনবিলাকত কোনো সংঘাত নাছিল৷ এক সৌহাৰ্দ্যমূলক পৰিৱেশত প্ৰায় ১৯৮০ৰ দশকলৈকে নিৰ্বাচনবোৰ সুকলমে, শালীনতাৰে, সমিলমিলেৰে সম্পন্ন হৈছিল৷ কিন্তু এতিয়া পৰিৱেশ ওলট-পালট হৈ গৈছে৷
ৰাজনৈতিক দলবোৰৰ ইটোৰ প্ৰতি সিটোৰ তথাকথিত ঘৃণাই ইমান নিকৃষ্ট ৰূপ পৰিগ্ৰহ কৰিছে যে ভাল মনৰ মানুহৰ ৰাজনীতিৰ সৈতে সম্পৰ্ক ৰখাৰ ইচ্ছাই নোহোৱা হৈ গৈছে৷ ৰাজনীতি কৰাসকলৰ বেছিভাগৰে কোনো নিৰ্দিষ্ট আদৰ্শৰ কথা নাই, সুবিধা পালেই জঁপিয়ায় ইটোৰ পৰা সিটো দললৈ৷ কিন্তু দলবিলাকৰ মাজত এনেকুৱা সংঘাত, ঘৃণাৰ পৰিৱেশ ৰচনা কৰে যেন ইপক্ষই সিপক্ষক পাৰিলে সমূলঞ্চে নিঃশেষ কৰিহে পেলাব! নিৰ্বাচন আয়োগ আছে, নিৰ্বাচনী বিধি-ব্যৱস্থাও আছে যদিও তাৰ ফলত নিৰ্বাচনবোৰ কিমান দূৰ মুক্ত, নিকা হৈছে সেয়া ৰাইজে দেখি আছে৷ ক্ষমতাসীন পক্ষবোৰৰ ওচৰত সকলো বিধি-ব্যৱস্থা যেন নিষ্ফল! এনেকুৱা অনাকাংক্ষিত বিষয়বোৰ লগ লাগি, অবাঞ্ছিত ঘটনাবোৰ ঘটি থাকি পৰিস্থিতিক অত্যন্ত বিপদসংকুল অৱস্থালৈ নি আছে৷ এটা সময়ত যে ই নিয়ন্ত্ৰণহীন হৈ পৰিব এইটো ধুৰুপ৷ চামগুৰিৰ গুলীবৰ্ষণৰ ঘটনাই তাৰেই ৰেঙনি দেখুৱাইছে৷
Share This