বঁটা, স্কুটী
Dainik Janambhumi
December 18, 2024
ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক আনন্দৰাম বৰুৱা আৰু বাণীকান্ত কাকতিৰ নামত প্ৰৱৰ্তিত বঁটা আগবঢ়াই শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ যি পদক্ষেপ ৰাজ্য চৰকাৰে গ্ৰহণ কৰি আহিছে, তাৰ পৰিপ্ৰেক্ষিতত ভাল নম্বৰ পাবৰ বাবে ছাত্ৰ-ছাত্ৰীসকল উৎসাহিত হোৱাটো আনন্দদায়ক কথা৷ এটা কথা ঠিক যে ভাল নম্বৰ পাবলৈ এচাম ছাত্ৰ-ছাত্ৰীৰ প্ৰচেষ্টা এনেয়েও থাকে৷
যোৱা কিছু বছৰত ভাল নম্বৰ পোৱাৰ এক অঘোষিত প্ৰতিযোগিতা শিক্ষাৰ্থী সমাজৰ মাজত, বিশেষকৈ উচ্ছতৰ মাধ্যমিক পৰ্যায়লৈকে, ইমান ব্যাপক হৈ পৰিছে যে এই দৌৰটোও বহুতৰ বাবে চিন্তনীয় বিষয় হৈ পৰাহে পৰিলক্ষিত হৈছে৷ আনকি সভাই-সমিতিয়েও বহুতে ক’বলৈ লৈছে– শিক্ষাৰ্থীসকলক নম্বৰৰ প্ৰতিযোগিতাত নমাব নালাগে; নম্বৰ নহয়, প্ৰকৃত জ্ঞানৰ অধিকাৰী হ’বলৈ শিকাব লাগে, নম্বৰৰ দৌৰতকৈ ভাল মানুহ হোৱাৰ বাবে প্ৰেৰণা যোগাব লাগে ইত্যাদি ইত্যাদি৷ অৱশ্যে ‘কেৰিয়াৰ গঢ়া’ৰ যিটো ব্যৱস্থা নিৰ্মাণ কৰি লোৱা হৈছে তাত শিক্ষাৰ্থীসকলে নম্বৰৰ দৌৰত নমাৰ বাদে গত্যন্তৰো নাই৷ আগতে নম্বৰৰ ভিত্তিত উচ্ছ শিক্ষানুষ্ঠানত নামভৰ্তিৰ যি ব্যৱস্থা আছিল তাৰ সলনি এতিয়া ক্ৰমান্বয়ে ‘এণ্ট্ৰেন্স’ অৰ্থাৎ প্ৰৱেশ পৰীক্ষাৰ ব্যৱস্থাটো ব্যাপক কৰি অনা হৈছে যদিও এই ‘এণ্ট্ৰেন্স’বোৰত উত্তীৰ্ণ হ’বলৈও প্ৰচুৰ পঢ়িব লাগে আৰু পঢ়িলে নম্বৰ পাবই৷
গতিকে, আওপকীয়াকৈ হ’লেও নম্বৰৰ দৌৰ এটা থাকিয়েই যাব৷ নম্বৰসৰ্বস্ব শিক্ষা ব্যৱস্থাটোত একাংশ শিক্ষাৰ্থীক বঁটা দি উদ্বুদ্ধ কৰিব বিচৰাটো অপৰিহাৰ্য নহ’লেও বেয়া বুলি ক’ব নোৱাৰি৷ বঁটা পালেও বা নাপালেও, কোনোবা অনুষ্ঠান-প্ৰতিষ্ঠানে সম্বৰ্ধনা জনালেও বা নজনালেও নম্বৰৰ দৌৰটো একেই থাকিব৷ আনন্দৰাম বৰুৱা আৰু বাণীকান্ত কাকতি দুয়োগৰাকী পণ্ডিত প্ৰৱৰ অসমৰ জাতীয় জীৱনৰ প্ৰাতঃস্মৰণীয় ব্যক্তি৷ তেখেতসকলৰ নামেৰে শিক্ষাৰ্থী সমাজৰ মাজত দুটা বঁটা প্ৰৱৰ্তনে দুয়োগৰাকী মহান অসমীয়াৰ প্ৰতি শ্ৰদ্ধাৰ নতুন ধাৰণা এটা বোৱাইছেই, শিক্ষাৰ্থীসকলো গৰ্বিত হৈছে৷ আনন্দৰাম বৰুৱা বঁটা পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ আমোলত পৃথক ৰূপত আৰম্ভ হৈছিল আৰু কীৰ্তিমান শিক্ষাৰ্থীসকলক একোটাকৈ লেপটপ প্ৰদান কৰা হৈছিল৷
এতিয়া লেপটপৰ পৰিৱৰ্তে ধন দিয়া হয়৷ আনহাতে, বাণীকান্ত কাকতি বঁটাত চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ পৰা ৭৫ শতাংশ বা ততোধিক নম্বৰ পাই উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক একোখনকৈ স্কুটী দিয়া হয়৷ অসমৰ প্ৰথমগৰাকী আই চি এছ বিষয়া আনন্দৰাম বৰুৱা অথবা অসমীয়া ভাষা-সাহিত্যৰ প্ৰবাদপ্ৰতিম ব্যক্তিত্ব বাণীকান্ত কাকতিয়ে নিজক গঢ় দিয়াৰ শৈশৱ-কৈশোৰত চাইকেল এখনো পোৱা নাছিল, সেইগৰাকী বাণীকান্ত কাকতিৰ নামত এতিয়াৰ শিক্ষাৰ্থী ১৮ বছৰ বয়সতে একোখন স্কুটীৰ গৰাকী হ’ব পৰাটো কম কথা নহয়৷ আধুনিক জীৱন-যাত্ৰাত স্কুটী এখন অতি গুৰুত্বপূৰ্ণ বাহন৷
তেনে অৱস্থাত কম বয়সীয়া শিক্ষাৰ্থী এগৰাকীয়ে মেধাৰ জোৰত লাভ কৰা স্কুটীখন কেৱল সেই শিক্ষাৰ্থীৰ নহয়, ঘৰ একোখনৰো মূল্যৱান সম্পত্তি হৈ পৰে৷ ইয়াৰ মাজতে এনে একাংশ শিক্ষাৰ্থীও আছে যাৰ ঘৰত স্কুটীখন এনেয়ে আৱৰ্জনা হৈ পৰি থাকে৷ সেই শিক্ষাৰ্থীয়েও নচলায়, অভিভাৱকেও নচলায়৷ বাস্তৱ সত্যটো হ’ল আজিৰ অৱস্থাত শিক্ষাৰ্থী এগৰাকীক দৈনিক স্কুটীখন চলোৱাৰ পেট্ৰল ভৰাবলৈ ১০০ টকাকৈ দিয়াৰ সামৰ্থ্য দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত কোনো পৰিয়ালৰে নাই৷ ফলত বাণীকান্ত কাকতি স্মাৰক সেই বঁটা ৰূপী স্কুটীয়ে বহুতৰ ঘৰৰ বাৰাণ্ডাত শোভাবৰ্ধন কৰাৰ বাদে অন্য মূল্য বিশেষ নাথাকেগৈ৷ পাছলৈ সেই স্কুটীৰ লগত শিক্ষাৰ্থীৰ সম্বন্ধ একেবাৰেই বিচ্ছিন্ন হৈ পৰে, যেতিয়া শিক্ষাৰ্থীগৰাকী বাহিৰলৈ পঢ়িবলৈ ওলাই যায়৷ ইয়াৰ পৰিৱৰ্তে কম্পিউটাৰ বা লেপটপ এটাৰ ব্যৱহাৰ শিক্ষাৰ্থীৰ জীৱনত বহুত বেছি৷ আনহাতে, বৰ্তমান ‘বাইক’ সংস্কৃতি বহু পৰিয়ালৰ বাবে উদ্বেগৰ কাৰণ হৈহে পৰিছে৷ ‘বাইক’ক লৈ প্ৰকাশ্য-অপ্ৰকাশ্য বহু অনাকাংক্ষিত ঘটনাই ঘটি আছে আমাৰ সমাজখনত৷ তেনে অৱস্থাতে এইবাৰ বাণীকান্ত কাকতি বঁটাৰ পৰা ৩৫,৭১০ শিক্ষাৰ্থীয়ে লাভ কৰা স্কুটীবিলাকো কোনো কোনো অভিভাৱকৰ উদ্বেগৰ কাৰণ হ’ব নেকি সেইটোও চিন্তাৰ বিষয়৷
চৰকাৰৰ বাণীকান্ত কাকতি বঁটা প্ৰদানৰ সিদ্ধান্তৰ আঁৰত থকা সদ্ভাৱনাক সন্মান জনায়ো ক’ব লাগিব যে স্কুটীতকৈও প্ৰয়োজনীয় বহু বিষয়, বহু সমস্যা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিক্ষাৰ্থী আৰু শিক্ষানুষ্ঠানসমূহত বিদ্যমান৷ স্কুটী নাপালেও ৭৫ বা ৮০ শতাংশৰ ওপৰত নম্বৰ পোৱাসকলৰ জীৱন গঢ়াৰ বহু পথ খোলা থাকিব, কিন্তু তাতকৈ কম নম্বৰ পোৱাসকল, যিসকলৰ মাজৰ বহুতে পদে পদে নানা সমস্যাৰ সন্মুখীন হৈ জীৱন যুদ্ধ কৰিব লগা হয়, তেওঁলোকক এটা সফল জীৱনৰ বাবে আগবঢ়াই নিয়াৰ উদগনি কোনে দিব? শিক্ষকতাৰ মহান বৃত্তিত জড়িত হৈ দীঘলীয়া কাল শিক্ষাৰ্থীৰ মাজত জ্ঞানৰ পোহৰ বিলোৱা বহু শিক্ষকে প্ৰাদেশিকীকৰণৰ দাবীত আমৰণ অনশন কৰি আছে৷ তেওঁলোকৰ সমস্যাৰ সমাধান কোনে কৰিব? এইবোৰ বিষয়ো চিন্তা কৰা উচিত৷
Share This