ডিজিটেল ডেস্ক : সাংবিধানিক গণতন্ত্রত নির্বাচিত জনপ্রতিনিধিয়ে সংসদত আলাপ-আলোচনা আৰু বিতৰ্কৰ অন্তত আইন প্রণয়ন কৰে। কিন্তু এনে আইন সংবিধানে নির্দিষ্ট কৰি পথ-পদ্ধতি আৰু চিন্তাধাৰাৰে প্ৰৱৰ্তিত আৰু প্রচলিত হ'ব লাগিব। আমাৰ সংবিধানে নাগৰিকক মৌলিক অধিকাৰ দিছে। অধিকাৰ অবিহনে নাগৰিকৰ অৰ্থ নাই। নাগৰিকৰ অধিকাৰৰ লগে লগে কৰ্তব্যৰ প্ৰসংগ আহে। অর্থাৎ যদিহে নাগৰিকৰ অধিকাৰেই বিপন্ন হয়, তেন্তে তেনে নাগৰিকৰ পৰা কৰ্তব্য-দায়িত্ব পালনৰ দাবী কেনেকৈ কৰা যায়? বিজেপি মৰ্চা চৰকাৰে যোৱা বছৰবিলাকত এনে বহু আইন প্রণয়ন কৰিছে, যিবোৰ সংবিধানৰ ভাবাদৰ্শৰ লগত সংগতিপূর্ণ নোহোৱাৰ অভিযোগ আছে। সংখ্যাগৰিষ্ঠতাৰ দোহাই দি এনে আইন বলপূর্বক বলৱৎ কৰিবলৈ চেষ্টা চলোৱা হৈছে। 'কা' বা নাগৰিকত্ব সংশোধনী আইন আছিল তেনে এখন আইন যি আইনৰ বৈধতাৰ প্রশ্নটো এতিয়াও উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন। শেহতীয়াকৈ মাননীয় উচ্চতম ন্যায়ালয়ে অগাপিছাকৈ দুটা অতি গুৰুত্বপূৰ্ণ বিষয়ত যুক্তিপূর্ণ মতামত আগবঢ়াইছে।
ৰাজ্যপালৰ পদটো সাংবিধানিক মর্যাদাসম্পন্ন এটা গুৰুত্বপূৰ্ণ পদ। কেন্দ্ৰৰ প্ৰতিনিধি হিচাপে ৰাজ্যপালজনে ৰাজ্যৰ নিৰ্বাচিত চৰকাৰৰ শপত গ্ৰহণ কৰোৱা, বিধানসভাৰ অধিৱেশনৰ আৰম্ভণিত অংশ লোৱা বা আন প্রশাসনিক ক্ষেত্ৰত পৰামৰ্শ দিয়া আদি কাম ৰাজ্যপালে কৰে। ৰাজ্যত ৰাষ্ট্ৰপতি শাসন হ'ব লগা পৰিস্থিতিৰ উদ্ভৱ হ'লে ৰাজ্য একোখনৰ প্ৰশাসনিক ব্যৱস্থা উপদেষ্টাৰ পৰামৰ্শক্রমে ৰাজ্যপালে পৰিচালনা কৰে। কিন্তু বৰ্তমান চৰকাৰৰ দিনত ৰাজ্যপাল কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰত চৰকাৰ চলোৱা দলৰ এজেন্ট হৈ পৰাৰ অভিযোগ উঠিছে। বিৰোধী দলৰ চৰকাৰ থকা ৰাজ্যসমূহত ৰাজ্যপালসকলে ক্ষমতাত থকা চৰকাৰক নানা ধৰণে অসুবিধাত পেলাবলৈ চেষ্টা কৰি অহাৰ অভিযোগ উঠিছে। পশ্চিম বংগ, কেৰালা, তামিলনাডু, কর্ণাটক, মেঘালয় আদিত ৰাজ্যপালসকলে সংবিধানে ৰাজ্যপাল একোজনক অর্পণ কৰা ক্ষমতাৰ পৰিসীমা পাৰ হৈ গৈ নানা অবাঞ্ছিত কার্যত লিপ্ত হোৱাৰ অভিযোগ উঠিছে। তামিলনাডুত চৰকাৰে বিধানসভাত গৃহীত কৰা আইন ৰাজ্যপালে অনুমোদন নজনোৱাকৈ দীর্ঘকাল পেলাই থোৱা কাৰ্যই ৰাজ্যখনক অসুবিধাত পেলাইছে। উল্লেখযোগ্য যে বিধানসভাত গৃহীত আইনে ৰাজ্যপালৰ অনুমোদন আৰু স্বাক্ষৰৰ পাছতহে সাংবিধানিক বৈধতা লাভ কৰে। কিন্তু সংবিধানে এই ব্যৱস্থাও ৰাখিছে কোনো আইনৰ প্ৰয়োজনীয় সংশোধনীৰ বাবে ৰাজ্যপালে বিধানসভালৈ ঘূৰাই পঠাব পাৰে। কিন্তু দ্বিতীয়বাৰ বিধানসভাই প্ৰেৰণ কৰাৰ পাছত সেই আইনত ৰাজ্যপালে অনুমোদন জনাবলৈ বাধ্য। তামিলনাডুৰ ৰাজ্যপালগৰাকীয়ে সংবিধানৰ এই দফা অৱজ্ঞা কৰি অনির্দিষ্টকাললৈ কেইবাখনো বিধেয়ক পেলাই থৈছিল। অৱশেষত ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। উচ্চতম ন্যায়ালয়ে সাংবিধানিকভাৱে আৰু নির্দিষ্ট সময়সীমাৰ ভিতৰত ৰাজ্যপালসকলে আইন অনুমোদন জনোৱাৰ ব্যৱস্থা কৰিলে সকীয়নি দিব লগা হয়। ৰাজনৈতিক উদ্দেশ্য প্রণোদিতভাৱে ৰাজ্যপালে কোনো আইনত অনুমোদন নকৰাকৈ থকাটো সংবিধান অৱমাননাৰ সমতুল্য বুলিও ন্যায়ালয়ে মতপ্রকাশ কৰে।
উল্লেখযোগ্য যে মেঘালয়ত ৰাজ্যপালজন উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ৰোষত পৰিব লগা হয়। বিশ্ববিদ্যালয়ৰ কাম-কাজ আৰু চৰকাৰী প্ৰশাসনিক বিষয়ত অবাঞ্ছিত হস্তক্ষেপ কৰাৰ বাবে নানা অপমানজনক পৰিস্থিতিৰো মুখামুখি হয়। পশ্চিম বংগত ৰাজ্যপালৰ লগত মুখ্যমন্ত্ৰীৰ সংঘাত এটা ৰাজহুৱা বিষয় হৈ পৰিছে। বিৰোধী দলৰ শাসন থকা আন ৰাজ্যতো ৰাজ্যপালসকলে সমস্যাৰ সৃষ্টি কৰাৰ বাতৰি সংবাদ মাধ্যমত প্রকাশ পায়। উচ্চতম ন্যায়ালয়ৰ ৰাজ্যপালৰ কাম-কাজ বিষয়ক নীতি-নির্দেশনাই এনে সংঘাতৰ ওৰ পেলাব পাৰে বুলি সকলোৱে আশা কৰিছে। বহু বিতৰ্কৰ অন্তত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে 'ৱাকফ ব'ৰ্ড' সম্পর্কীয় যি আইন পাছ কৰিছিল আৰু লৰালৰিকৈ ৰাষ্ট্ৰপতিৰ অনুমোদন কৰাইছিল সেই আইনেও ধর্মীয় ভাবাৱেগত আঘাত হনা বুলি অভিযোগ উঠাত সর্বোচ্চ ন্যায়ালয়ে এই আইনৰ কেতবোৰ বিষয়ক লৈ চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰিব লগা হৈছে। ৱাকফ সম্পত্তি উদ্দেশ্য প্রণোদিতভাৱে শ্ৰেণী বহির্ভূত কৰি চৰকাৰৰ অধীনলৈ অনা অভিপ্ৰায়ক উচ্চতম ন্যায়ালয়ে কঠোৰভাৱে সমালোচনা কৰাৰ লগতে এই আইন যে উদ্দেশ্যপ্রণোদিত আৰু পক্ষপাতমূলক সেই কথাও শুনানিত স্পষ্টকৈ প্ৰকাশ কৰিছে। মধ্যযুগৰ মুছলমান শাসকৰ ঐতিহাসিক স্মাৰক যেনে কুটুবমিনাৰ, ফাটেহপুৰ চিক্রি, আগ্রাদুর্গ, তাজমহল, লালকিল্লা, লক্ষ্ণৌৰ ডুনডুলায়া, হায়দৰাবাদৰ চাৰমিনাৰ আদি বর্তমান পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ। চৰকাৰে ইয়াৰ পৰা ৰাজহ আহৰণ কৰে। কিন্তু ইয়াৰ বিপৰীতে হিন্দু ধৰ্মৰ নানা মঠ- মন্দিৰ, তীর্থক্ষেত্ৰ আদি পৰিচালনাত থাকে একোখন বিশেষ ধৰণৰ পৰিচালনা সমিতি। প্রতিদিনেই দৰ্শনাৰ্থীৰ পৰা ধন-সোণ আদি সংগ্রহ হয়। দুই-এক মন্দিৰৰ বাহিৰে আন বহু ক্ষেত্ৰত তাৰ কোনো খতিয়ান প্রকাশ নহয়। অলপতে শংকৰাচাৰ্য স্বামী অভিমুক্তেশ্বনন্দই অভিযোগ কৰিছিল যে কেদাৰনাথ মন্দিৰৰ পৰা ২২৮ কেজি সোণ হঠাতে নোহোৱা হৈছে। এয়া এক গুৰুতৰ অভিযোেগ এজন শংকৰাচাৰ্যৰ। সেই বাবেই ধর্ম নির্বিশেষে সকলো ধর্মীয় স্থান, তীর্থস্থান আদিৰ সা-সম্পত্তি আৰু সংগৃহীত ধন-সোণৰ যাতে সদ্ব্যৱহাৰ হয় চৰকাৰে সেই বিষয়ত সতর্কতা অৱলম্বন কৰিব লাগে। কোনো নির্দিষ্ট ধৰ্মাৱলম্বীৰ প্ৰতি যাতে অবিচাৰ কৰা নাই।