ডিজিটেল ডেস্ক: সাহিত্য আৰু সংস্কৃতি এটা মুদ্রাৰ ইপিঠি-সিপিঠি। সাহিত্যক বাদ দিলে সংস্কৃতিৰ শিপাডাল নিশকতীয়া হোৱাৰ সম্ভাৱনা প্রকট। সাহিত্য আৰু সংস্কৃতিৰ জৰিয়তে মাতৃভাষাৰ জয়যাত্ৰা অব্যাহত থাকে। সাহিত্য সভাৰ সৈতে সত্ৰীয়া সংস্কৃতিৰ সমন্ধ পুৰণিকলীয়া। কিন্তু দুয়োটা বিষয় বর্তমান সময়ত যেন বিপৰীত মেৰুত অৱস্থান কৰিছে। অসমৰ সংস্কৃতিৰ ভিতৰত সত্ৰীয়া সংস্কৃতিয়ে শ্রেষ্ঠ। ২০০০ চনৰ ১৫ নবেম্বৰ তাৰিখে অসমৰ সত্ৰীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ সত্ৰীয়া নৃত্যক ভাৰতবৰ্ষৰ ধ্রুপদী নৃত্যৰ মৰ্যাদা প্রদান কৰা হয়। আনহাতে ২০২৪ চনৰ ৩ অক্টোবৰ তাৰিখে অসমীয়া ভাষাকো ধ্রুপদী ভাষাৰ স্বীকৃতি প্রদান কৰা হয়। সত্ৰীয়া সংস্কৃতি বুলিলে পোনতে সত্ৰভূমি মাজুলীৰ কথাই মনলৈ আহে। অসমৰ সত্ৰীয়া সংস্কৃতি সত্ৰৰ বৰপেৰাৰ পৰা বাহিৰলৈ উলিয়াই আনিছিল কমলাবাৰী সত্ৰৰ সত্ৰীয়া শিল্পী মণিৰাম দত্ত বায়ন মোক্তাৰে। বিশিষ্ট গৱেষক পণ্ডিত, সাহিত্যিক ড° মহেশ্বৰ নেওগ, সুধাকণ্ঠ ড° ভূপেন হাজৰিকা, ৰাণী সবিতা বালা দেৱী, গোবিন্দ বিদ্যার্থী, প্রদীপ চলিহা, পুৰুষোত্তম দাস, বীৰেন ফুকন এইসকলৰ প্ৰচেষ্টাত মণিৰাম দত্ত বায়ন সত্ৰৰ চৌহদৰ পৰা বাহিৰৰ জগতখনলৈ ওলাই আহিল। অসমৰ বিভিন্ন অনুষ্ঠানত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি ভূয়সী প্রশংসা লাভ কৰাৰ পাছত ১৯৬৩ চনৰ ১০ নৱেম্বৰ তাৰিখে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত তেখেতে সত্রীয়া নৃত্য প্রদর্শন কৰে। একে বছৰতে সত্রীয়া নৃত্যত ভাৰত চৰকাৰে তেখেতক সংগীত নাটক অকাদেমি বঁটা প্ৰদান কৰে। পৰৱৰ্তী ১৯৬৪ চনত অসম সাহিত্য সভা ডিগবৈ অধিৱেশনত (সভাপতি মিত্রদেৱ মহন্ত) তেখেতক সম্বর্ধনা জনোৱা হয়। সেই সভাতেই মণিৰাম দত্ত বায়নে সাহিত্য সভাৰ অধিৱেশনৰ সাংস্কৃতিক অনুষ্ঠানত সত্ৰীয়া সংস্কৃতিয়ে গুৰুত্ব পাব লাগে বুলি প্রস্তাৱ দিছিল।
সেই মর্মে সাহিত্য সভাৰ পৰৱৰ্তী অধিৱেশনসমূহৰ সাংস্কৃতিক সন্ধিয়াত সত্ৰীয়া সংস্কৃতিয়ে গুৰুত্ব পাবলৈ ল'লে। সত্ৰ নগৰী বৰপেটা, তেজপুৰ, শুৱালকুছি, গোলাঘাট, যোৰহাট, দেৰগাঁও, ডিব্ৰুগড়, ডিফু, নাৰায়ণপুৰ আদি বহুসংখ্যক অধিৱেশনৰ সাংস্কৃতিক সন্ধিয়াত সত্রীয়া সংস্কৃতি প্রদর্শনে বিশেষ গুৰুত্ব লাভ কৰিছিল।সত্ৰীয়া সংস্কৃতি আৰু সাহিত্য সভাৰ মাজত সমন্বয় ৰক্ষা কৰিবলৈ আপ্রাণ চেষ্টা অব্যাহত ৰখা অন্যগৰাকী ব্যক্তি হৈছে কমলাবাৰী সত্ৰৰ অধিকাৰ, সংস্কৃত পণ্ডিত প্রয়াত নাৰায়ণ চন্দ্র গোস্বামী। তেখেতে ১৯৭৪ চনত অসম সাহিত্য সভাৰ সভাপতি ড° মহেশ্বৰ নেওগৰ সৈতে মিলিত হৈ অসমৰ সত্ৰীয়া সংস্কৃতিৰ এক বিশ্বমুখী যাত্ৰা আৰম্ভ কৰে। পৰৱৰ্তীকালত ১৯৭৫ চনৰ সভাপতি সত্যেন্দ্রনাথ শর্মায়ো এই দিশত ইতিবাচক সঁহাৰি প্ৰদান কৰে। সেইবর্ষ তিতাবৰ অধিবেশনত কমলাবাৰী সত্ৰৰ গায়ন-বায়ন, সত্ৰীয়া নৃত্য আৰু গড়মূৰ সত্ৰৰ ৰাসৰ শিশুলীলা খণ্ড পৰিৱেশন কৰা হয়। লগতে উক্ত অধিবেশনত অসমৰ সত্ৰীয়া সংস্কৃতিয়ে ৰাইজৰ বিপুল সঁহাৰি লাভ কৰে। যিহেতু সেই সময়ত সত্রীয়া সংস্কৃতি প্রদর্শন বাহিৰত খুব কমেই হৈছিল। এইগৰাকী কমলাবাৰী সত্ৰৰ অধিকাৰৰ প্রচেষ্টাতে ১৯৭৫ চনত মহাপুৰুষ শংকৰদেৱৰ ৰচিত ৰামবিজয় অংকীয়া নাটখন পোনপ্ৰথমবাৰৰ বাবে ৰাজধানী দিল্লীত প্রদর্শন কৰা হয়। যিটো আছিল সাহিত্য সভাৰ অধিৱেশনৰ জৰিয়তে অনুপ্রাণিত হৈ পৰিৱেশন কৰা এটা সু-শৃংখলিত সাংস্কৃতিক অভিযান।
একে বছৰতে ভাৰতৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ সহায়ত সুদূৰ ইণ্ডোনেছিয়াত কমলাবাৰী সত্ৰৰ সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শন কৰি এক গৌৰৱময় ইতিহাসৰ সাক্ষ্য বহন কৰি আছে। সাহিত্য সভাৰ অধিৱেশনৰ জৰিয়তেহে এই ধাৰাটো বিশ্বমুখী হ'ল।কিছুকাল আকৌ সাহিত্য সভা আৰু সত্ৰীয়া সংস্কৃতিৰ মাজত কিছু দূৰত্বই দেখা দিলে। দুই-তিনিদিনীয়া অধিবেশনত সত্রীয়া সংস্কৃতিৰ কাৰ্যসূচী সীমিত হোৱা পৰিলক্ষিত হ'ল। ১৯৯৩ চনত ড° ভূপেন হাজৰিকা সভাপতি হয়। সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামীৰ সৈতে তেখেতৰ ভাল সম্পর্ক আছিল। এবাৰ মাজুলীৰ কমলাবাৰী সত্ৰলৈ ভূপেন হাজৰিকা আহিছিল। সত্ৰীয়া সংস্কৃতিৰ সম্পর্কে সত্ৰাধিকাৰগৰাকীয়ে সভাপতিক অৱগত কৰে। সেই বছৰৰে শিৱসাগৰ অধিৱেশনৰ সাংস্কৃতিক সন্ধিয়াত দুদিন কমলাবাৰী সত্ৰৰ সত্ৰীয়া সংস্কৃতি প্রদর্শন কৰা হৈছিল। সেই মুকলি সভাৰ আলোচনা-চক্রত সাহিত্য সভা আৰু সত্ৰীয়া সংস্কৃতি বিষয়েও ঠাই পাইছিল। নাৰায়ণ চন্দ্ৰ গোস্বামী, ড° মহেশ্বৰ নেওগ, সুধাকণ্ঠ ড° ভূপেন হাজৰিকা, ৰসেশ্বৰ শইকীয়া বৰবায়ন আৰু বহুকেইগৰাকী ব্যক্তিৰ নিৰৱচ্ছিন্ন প্রচেষ্টাতে ২০০০ চনৰ ১৫ নৱেম্বৰ তাৰিখে অসমৰ সত্ৰীয়া নৃত্যই ভাৰতবৰ্ষৰ ধ্রুপদী নৃত্যৰ মৰ্যাদা লাভ কৰে। তেতিয়া সংগীত নাটক অকাদেমিৰ অধ্যক্ষ হিচাপে আছিল সুধাকণ্ঠ ড° ভূপেন হাজৰিকা। নাৰায়ণ চন্দ্ৰ গোস্বামীক ২০১৮ চনত পৰমানন্দ ৰাজবংশীৰ কাৰ্যকালত অসম সাহিত্য সভাৰ জীৱনজোৰা সাধনা বঁটাও প্ৰদান কৰা হয়। ১৯৯৯ চনত সভাপতি চন্দ্রপ্রসাদ শইকীয়াৰ কাৰ্যকালতো হাজো আৰু যোৰহাট অধিৱেশনত সত্ৰীয়া
সংস্কৃতিয়ে সাংস্কৃতিক অনুষ্ঠানৰ শোভাবর্ধন কৰে। ২০০১ চনত হোমেন বৰগোহাঞিৰ সভাপতিত্বত হোৱা ডিব্ৰুগড় অধিৱেশনত উত্তৰ কমলাবাৰী সত্ৰৰ শিল্পীসকলে যথেষ্ট অপমানৰ সন্মুখীন হ'বলগীয়াৰ দৰে পৰিস্থিতিৰো সৃষ্টি হয়। সন্ধিয়া ৭ বজাতে ৰূপসজ্জাৰে সজ্জিত হৈ থকা ৰামবিজয় অংকীয়া ভাওনাৰ দলটোৱে পুৱতি নিশা ৩ মান বজাতহে প্রদর্শন কৰিবলৈ সুবিধা পায়। তাৰ পূর্বেও বহু সত্ৰৰ সত্ৰীয়া সংস্কৃতিৰ কাৰ্যসূচীসমূহ সাহিত্য সভাৰ অধিৱেশনৰ সাংস্কৃতিক সন্ধিয়াত গুৰুত্বহীন কৰা হয়। লাহে লাহে সাহিত্য সভাৰ অধিৱেশনৰ সাংস্কৃতিক সন্ধিয়াত সত্ৰীয়া সংস্কৃতিৰ দলসমূহে নিমন্ত্রণ পোৱাৰ পাছতো যাবলৈ অনীহা প্রকাশ কৰা হ'ল। ইয়াৰ মূলতে হ'ল অভ্যর্থনা সমিতিৰ গুৰুত্বহীনতা। এটা সাংস্কৃতিক সন্ধিয়াত সাত্ত্বিক ভাবাপূর্ণ সত্ৰীয়া সংস্কৃতিৰ কাৰ্যসূচীসমূহ প্রথমে প্রদর্শন কৰোৱা উচিত। যিটো বহু ক্ষেত্রত হিতে বিপৰীত হোৱা দেখা গ'ল। যাৰ বাবে ২০১১ চনত ৰংবং তেৰাঙৰ সভাপতিত্বৰ কালত হোৱা দেৰগাঁও অধিৱেশনৰ সাংস্কৃতিক সন্ধিয়াত সত্রীয়া সংস্কৃতি প্ৰদৰ্শনৰ বাবে নিমন্ত্ৰণ পোৱাৰ পাছতো উত্তৰ কমলাবাৰী সত্ৰৰ শিল্পীসকলে নিমন্ত্ৰণ ৰক্ষা নকৰিলে। ২০১৩ চনত ইমৰাণ শ্বাহৰ কাৰ্যকালত বৰপেটা অধিৱেশনৰ বাবে সাংস্কৃতিক সন্ধিয়াত সত্ৰীয়া সংস্কৃতিৰ কাৰ্যসূচী ৰূপায়ণৰ বাবে নিমন্ত্ৰণ কৰিবলৈ যাওঁতে সন্ধিয়াৰ সলনি দিনৰ যিকোনো কাৰ্যসূচীৰ বাবে নিমন্ত্ৰণ আহ্বান কৰে। যাৰ বাবে দিনত হোৱা সত্ৰীয়া নৃত্য সম্পর্কীয় আলোচনা-চক্ৰত সত্ৰৰ শিল্পীসকলে অংশগ্রহণ কৰে।
অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক পাঠশালা অধিৱেশনৰ সভাপতি ড° সূৰ্য্যকান্ত হাজৰিকা ডাঙৰীয়া এগৰাকী সাহিত্য-সংস্কৃতিৰ পূজাৰী। তেখেতে সত্ৰীয়া সংস্কৃতিৰ প্ৰতি সম্মান জনাই কিছু কাৰ্যসূচী প্রদর্শন কৰাৰ ব্যৱস্থা গ্রহণ কৰিছে। ১ ফেব্ৰুৱাৰীৰ দিনাখন ৰামকৃষ্ণ তালুকদাৰৰ পৰিচালনাৰে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰা হ'ব। কিন্তু পূৰ্বতে সত্ৰীয়া শিল্পীসকলৰ সাহিত্য সভাৰ প্রতি যিটো অসন্তোষ আছে সেই অসন্তোষ দূৰ কৰাৰ ব্যৱস্থা গ্রহণ কৰা নহ'ল। যিটো সময়ত অসমৰ সত্ৰীয়া সংস্কৃতিয়ে বিশ্ববাসীৰ মন জয় কৰিবলৈ সক্ষম হৈছে সেই সময়ত আকৌ নিজৰ ঘৰতে মান নাইকিয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। ইংলেণ্ড আৰু আমেৰিকাৰ পাঠ্যক্ৰমত গুৰুজনাৰ ৰচিত ৰুক্মিণী হৰণ আৰু ৰামবিজয় অংকীয়া নাট অন্তর্ভুক্ত কৰা হৈছে। ই জাতিটোৰ বাবে গৌৰৱৰ বিষয়। সাহিত্য সভাই এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰি আহিছে। যিহেতু অধিবেশনস্থলীত নামঘৰ প্রতিষ্ঠা কৰা হয়। লগতে গুৰু আসন স্থাপন, নাম-প্ৰসংগ, ভাগৱত পাঠ, দিহানাম, ওজাপালি, নাগাৰা নাম আদি পৰিৱেশনৰ ব্যৱস্থা কৰি আহিছে। নামঘৰত ভাওনাও পৰিৱেশন হৈ আহিছে। সত্ৰীয়া সংস্কৃতি আৰু সাহিত্য সভাৰ মাজৰ যি মধুৰ গৌৰৱময় সম্পৰ্ক সেই সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰীডাল আগন্তুক দিনত আৰু শক্তিশালী হ'ব বুলি আশা কৰিব পাৰি। নৱনিৰ্বাচিত সমিতিখনে বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰিব বুলি আশা ৰাখিলোঁ।