আজিৰ সম্পাদকীয়,এটা যুগৰ ৰোমন্থন....

Dainik Janambhumi November 26, 2024


ডিজিটেল ডেস্কঃ  ‘পৰিৱৰ্তনক বাদ দি একোৱেই স্থায়ী নহয়’– ছক্ৰেটিছৰ পূৰ্বৰ গ্ৰীক দাৰ্শনিক হেৰাক্লিটাছে কৈ যোৱা এই কথাষাৰৰ বাস্তৱ সত্যতাক যুগে যুগে মানুহে উপলব্ধি কৰি আহিছে৷ তেৱেঁই কৈছিল– man ever steps in the same river twice’. অৰ্থাৎ বোৱঁতী নৈৰ চিৰপ্ৰৱহমান সুঁতিৰ দৰে জগতৰ চৰিত্ৰ৷ আজি পোৱা সামাজিক পৰিমণ্ডলটো কাইলৈ বিচাৰি পোৱা নাযায়৷ চিন্তা-চৰ্চাবোৰৰো পৰিৱৰ্তন এনে ধৰণেৰেই হৈ থাকে৷ একেজন মানুহেই কেইটামান দশকৰ আগৰ সময়খিনিৰ পৰিৱেশ আৰু আজিৰ পৰিৱেশ তুলনা কৰিলে উল্লিখিত উক্তিবোৰৰ শাশ্বত ৰূপটোক অনুধাৱন কৰিব পাৰে৷ যোৱা দেওবাৰে গুৱাহাটী মহানগৰীৰ বিবেকানন্দ কেন্দ্ৰত এক অনুষ্ঠান হৈছিল৷ য’ত ১৯৮০১ দশকত প্ৰকাশিত আলোচনী ‘সাম্প্ৰতিক সাময়িকী’ৰ সংখ্যাবিলাক একত্ৰিত কৰি বৃহৎ কলেবৰত প্ৰকাশ কৰা ৩টা সংকলন উন্মোচন কৰা হৈছিল৷ ‘সাম্প্ৰতিক সাময়িকী’ আছিল এখন প্ৰগতিশীল আলোচনী, য’ত সেই সময়ৰ প্ৰগতিশীল চিন্তাধাৰাৰ চিন্তাবিদ-লেখকসকলৰ চিন্তা-সৃষ্টিৰ সমাৱেশ ঘটিছিল৷ নিত্য বৰাৰ সম্পাদনাত প্ৰকাশিত সেই আলোচনীখনৰ প্ৰচলন সংখ্যা কিমান আছিল সেইটো ডাঙৰ কথা নহয়, সেই চিন্তা-সৃষ্টিখিনিয়ে বিশাল পৰিমণ্ডল এটাক সামৰি ল’বলৈ সক্ষম হৈছিল৷ সেই মানুহখিনি শ্ৰেণীহীন সমাজৰ প্ৰবক্তা আছিল, অনুগামী আছিল৷ সেই প্ৰভাৱশালী আলোচনীখনৰ গ্ৰন্থৰূপত উন্মোচনৰ অনুষ্ঠানটোত প্ৰত্যাশিতভাৱে ১৯৭০-৯০ দশকৰ প্ৰগতিশীল চিন্তা-সৃষ্টিৰ ধবজা বহন কৰা বহু লোকৰ সমাৱেশ ঘটিছিল আৰু স্বাভাৱিকভাৱেই অনুষ্ঠানটো হৈ পৰিছিল সেই সময়খিনিৰ ৰোমন্থনৰ মঞ্চ৷ সেই সময়খিনি আছিল নক্সালবাৰী আন্দোলনৰ উত্থানৰ সময়৷ চি পি আই এম-এল ভাবাদৰ্শৰে উদ্বুদ্ধ শিক্ষিত চাম এটা বুৰ্জোৱাৰ প্ৰভাৱৰ অৱসান ঘটাই শ্ৰেণীহীন শোষণমুক্ত সমাজ ব্যৱস্থা এটা গঢ়ি তুলিবলৈ ওলাই আহিছিল৷ তাৰে কিছুমানে অস্ত্ৰ তুলি লৈছিল, কিছুমান নিৰস্ত্ৰ৷ কুৰি শতিকাৰ তৃতীয়টো দশকৰ পৰাই অসমত কমিউনিষ্ট চিন্তাৰ সোঁত প্ৰৱাহিত হৈছিল৷ স্বাধীনতা আন্দোলনতো কমিউনিষ্টৰ শক্তিশালী ভূমিকা অনস্বীকাৰ্য৷ সমাজবাদীসকলে ১৯৪২১ ভাৰত ত্যাগ আন্দোলনৰ সময়ত কেনেকৈ স্বাধীনতা আন্দোলনটোৰ অহিংস ধাৰাটোৰ সমান্তৰালকৈ উগ্ৰপন্থাৰে তদানীন্তন পৰিস্থিতিক উত্তাল কৰি তুলিছিল সেই ইতিহাসৰ বহুল চৰ্চা হৈ থাকে৷ স্বৰাজোত্তৰ দেশৰ কমিউনিষ্ট আন্দোলনবোৰে তদানীন্তন সমাজত কেনেকৈ প্ৰভাৱ পেলাইছিল সেই ইতিহাসো বিভিন্ন উপলক্ষত চৰ্চা হয়৷ ১৯৭০১ দশকত আৰম্ভ হোৱা নক্সালবাদী সংগ্ৰাম হৈছে সেই ধাৰাটোৰে এটা অতি শক্তিশালী ৰূপ, যাৰ প্ৰভাৱ উল্লিখিত সময়ছোৱাত অসমত কেনেকৈ পৰিছিল সেই বিষয়ে বৰ্তমানৰ ৰাজ্যবাসীৰ লঘিষ্ঠ অংশ এটাইহে জানে৷ সেই সংগ্ৰামৰ বহু গুৰুত্বপূৰ্ণ চৰিত্ৰ এতিয়াও সমাজত আছে, যাৰ বৰ্তমানৰ পৰিচয় আৰু পূৰ্ব পৰিচয়ৰ পাৰ্থক্য সুমেৰু-কুমেৰুসদৃশ৷ গ্ৰন্থৰ ৰূপৰ ‘সাম্প্ৰতিক সাময়িকী’ৰ উন্মোচনী অনুষ্ঠানটোত সেই সময়ছোৱাৰ, সেই চিন্তাধাৰাৰ যিসকল ব্যক্তি সমৱেত হ’ল, সেইসকলৰ বক্তব্যত বৰ্তমানৰ অৱস্থাক লৈ আৰু তেওঁলোকৰ যৌৱনক উদ্দীপিত কৰা ৭০-৮০১ দশকৰ চিন্তা-কৰ্ম-আদৰ্শবোৰ আজি গুৰুত্বহীন হৈ পৰাক লৈ ক্ষোভৰ প্ৰকাশ ঘটিল৷ বৰ্তমানৰ নতুন প্ৰজন্ম সেই চিন্তাৰে কিয় উদ্বুদ্ধ হোৱা নাই, কিয় প্ৰতিবাদৰ অগনি জ্বলাবলৈ ওলাই অহা নাই– তাক লৈও আক্ষেপৰ সুৰ ব্যক্ত হ’ল দুই-এগৰাকী বক্তাৰ কণ্ঠত৷ বিখ্যাত অসম-আন্দোলন আৰু তাৰ প্ৰাক্‌ক্ষণত সাম্যবাদী ছাত্ৰ আৰু ৰাজনীতিকৰ ওপৰত সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীয়ে কৰা অত্যাচাৰৰ প্ৰসংগও সভাত উত্থাপন হ’ল৷ এইসকলৰ আক্ষেপ আৰু আজি সেই চিন্তা-চেতনা গুৰুত্বহীন হৈ পৰা অৱস্থাটোৱে কিছুমান প্ৰশ্ন স্বাভাৱিকভাৱেই বহুতৰ মনলৈ আনে৷ ১৯৭০-৮০ দশকত জনসাধাৰণৰ বুজন অংশ এটাৰ মাজত গভীৰভাৱে শিপাবলৈ সক্ষম হোৱা সেই কমিউনিষ্ট ভাবাদৰ্শ সমাজৰ পৰা প্ৰায় অন্তৰ্হিত হৈ গ’ল কিয়? ইয়াৰ বিপৰীতে জনসাধাৰণৰ মাজত সোঁ-পন্থীসকলৰ প্ৰভাৱ হঠাৎ ইমান ব্যাপকভাৱে বৃদ্ধি পাই যোৱাৰ কাৰণ কি? লগতে সময়ান্তৰত আজি এই প্ৰশ্নও উত্থাপিত হৈছে যে অসম আন্দোলনৰ মূল দাবীৰ যুক্তিযুক্ততাক সেই সাম্যবাদীসকলে অগ্ৰাহ্য কৰা নাই, সেই আন্দোলনত জনতাৰ বৃহৎ ত্যাগকো প্ৰগতিশীলসকলে স্বীকাৰ কৰে, তেনেহ’লে সেই আন্দোলনটোৰ হঠকাৰী কাম-কাজবোৰ শুধৰাই আন্দোলনটোক সঠিক পথেৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ভূমিকা লোৱাত তেওঁলোক ব্যৰ্থ হ’ল কিয়? সেই ‘সাম্প্ৰতিক সাময়িকী’, সেই ‘পান্থপাদপ’ৰ ধাৰাটো প্ৰগতিশীল শিক্ষিত চামটোৱে ৰক্ষা কৰিব নোৱাৰিলে কিয়? সেই শ্ৰেণীৰ সংগঠকসকল নিজেই একাষৰীয়া হৈ গ’লনে, সমাজে তেওঁলোকক একাষৰীয়া কৰিলে? যদি আজিৰ সামাজিক-ৰাজনৈতিক পৰিৱেশতো তেনে প্ৰগতিশীল চিন্তাৰ এখন শক্তিশালী পৰিক্ষেত্ৰ ৰচনাৰ প্ৰয়োজন আছে বুলি ভবা হয়, তেনেহ’লে তাৰ দায়িত্ব কোনোবাই ল’ব লাগিব৷ কোনে ল’ব? প্ৰথমতে উল্লেখ কৰা উক্তিটোৰে দোহাৰি ক’ব পাৰি যে পৰিৱৰ্তনেই পৃথিৱীৰ একমাত্ৰ সত্য৷ পৰিৱৰ্তন অৱধাৰিত৷ কিন্তু প্ৰতিটো পৰিৱৰ্তনৰ আঁৰত থাকে বৌদ্ধিক কচৰৎ৷ প্ৰগতিশীল চিন্তা-চৰ্চাৰ পৰিৱেশ ঘূৰাই আনিবলৈ হ’লেও লাগিব তেনে সুৰৰ বৌদ্ধিক কচৰৎ৷ ‘The measure of intelligence is the ability to change’.

Share This