আজিৰ সম্পাদকীয়,আদানিৰ কেলেংকাৰি

Kakali Deka November 27, 2024


 ডিজিটেল ডেস্কঃ দেশৰ দ্বিতীয় ধনাঢ্য ব্যক্তি গৌতম আদানি আৰু বিতৰ্ক এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ নিচিনা হৈ পৰিছে৷ যোৱা কেইটামান বছৰত গৌতম আদানি-কেন্দ্ৰিক ইটোৰ পিছত সিটো বিতৰ্কই সমগ্ৰ দেশবাসীৰ মনত এনে এটা ধাৰণা গাঢ় কৰি তুলিছে যে তেওঁৰ উত্থানৰ সমগ্ৰ ইতিহাসৰ আঁৰত অবৈধ উপায় জড়িত হৈ থাকিব পাৰে৷ শেহতীয়াকৈ আমেৰিকাৰ বজাৰ নিয়ন্ত্ৰক কতৃৰ্পক্ষই উত্থাপন কৰা ২৬৫ নিযুত ডলাৰৰ উৎকোচৰ অভিযোগৰ ভিত্তিত নিউয়ৰ্কৰ ইষ্টাৰ্ন ডিষ্ট্ৰিক্ট ক’ৰ্টে জাৰি কৰা গ্ৰেপ্তাৰী পৰোৱানাই আদানিৰ কেলেংকাৰিৰ নতুন এটা অধ্যায় ৰচনা কৰিছে৷ এই ঘটনাই তেওঁৰ ব্যাৱসায়িক সাম্ৰাজ্যত প্ৰচণ্ড আঘাত হনাই নহয় জনমানসত আদানিৰ প্ৰতি  থকা সন্দেহ আৰু ঘনীভূত কৰিলে৷ আদানিৰ সম্পত্তিৰ বৃদ্ধিৰ গতিলৈ লক্ষ্য কৰিলেই গম পোৱা যায় যে সাধাৰণভাৱে এজন ব্যৱসায়ীৰ সম্পত্তি ইমান বৃদ্ধি সম্ভৱ নহয়৷ গৌতম আদানিৰ মুঠ ব্যাৱসায়িক সম্পদৰ পৰিমাণ ২০১৩ চনত আছিল ৩.ৰ বিলিয়ন ডলাৰৰ, ২০১৪ চনত সেয়াও কমি গৈ হৈছিল ২.জ্জ্ব বিলিয়ন ডলাৰ৷ ২০১৫ চনত সেই সম্পদ একেকোবে হয়গৈ ৬.৬ বিলিয়ন ডলাৰৰ৷ ২০১৬ চনত সেয়া কমি ৩.প্ত বিলিয়ন ডলাৰ হৈছিল যদিও তাৰ পাছত তেওঁৰ সম্পদৰ ঊধবৰ্মুখী যাত্ৰা আৰম্ভ হয়৷ ২০২০ চনত তেওঁৰ সম্পদ জ্জ্ব.জ্ঝ বিলিয়ন ডলাৰৰ আছিল৷ সেয়া হঠাৎ বৃদ্ধি পাই ২০২১ত ইয়াৰ পৰিমাণ হয়গৈ ৫০.প্ত বিলিয়ন ডলাৰ আৰু ২০২২ চনত ৯০ বিলিয়ন ডলাৰ৷ বৰ্তমান তেওঁৰ সম্পদৰ পৰিমাণ ৫৮ বিলিয়ন ডলাৰৰ৷ ২০২৩ চনত এই পৰিমাণ আছিল ৪৩.৩ বিলিয়ন ডলাৰৰ৷ ২০২০-ৰ পৰা ২০২২ চনলৈ আদানিৰ সম্পত্তিৰ বৃদ্ধিৰ গতি আছিল ৰকেটৰ গতিতকৈও তীব্ৰ৷ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে সংসদৰ ভিতৰে-বাহিৰে অভিযোগ কৰি থাকে যে আদানিৰ সম্পত্তিৰ এই বৃদ্ধিৰ আঁৰত আছে নৰেন্দ্ৰ মোদী চৰকাৰৰ আশীৰ্বাদ৷ কথাবোৰ কিমান সত্য বা মিছা সেয়া নিৰপেক্ষ তদন্ত হ’লেহে ওলাই পৰিব৷ কিন্তু হঠাৎ ভাৰতীয় ব্যৱসায়ী এজন ইমান বিশাল সম্পত্তিৰ অধিকাৰী হ’ব পৰাৰ আঁৰত যে কিবা ৰহস্য লুকাই আছেই সেইটো ধুৰুপ৷ এক বিলিয়ন ডলাৰ মানে হ’ল ভাৰতীয় হিচাপত ৭৫০০ কোটি টকা৷ ২০২৪ চনত ভাৰতীয় মূল্যত ২৩ হাজাৰ কোটিৰ সম্পত্তি থকা আদানি ২০২২ চনত জ্জ.৬ লাখ কোটি টকাৰ সম্পত্তিৰে এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিত পৰিণত হয়৷ কিন্তু ২০২৩ চনত ধন কুবেৰৰ সম্পদ আধালৈ অৰ্থাৎ ৪৩.৩ বিলিয়ন ডলাৰলৈ নামি আহে৷ ইয়াৰ কাৰণো হ’ল– কেলেংকাৰিৰ উন্মোচন৷ ২০২৩ চনৰ ২৪ জানুৱাৰীত বিখ্যাত হিণ্ডেনবাৰ্গ প্ৰতিবেদন প্ৰকাশ হৈছিল, যিখন প্ৰতিবেদনে প্ৰকাশ কৰিছিল শ্বেয়াৰ বজাৰত আদানিৰ জালিয়াতিৰ কাহিনী৷ লেনদেনৰ ব্যাপক জালিয়াতিৰে আদানিৰ কোম্পানীবিলাকৰ শ্বেয়াৰ মূল্য অংশীদাৰী বজাৰত অস্বাভাৱিকভাৱে বৃদ্ধি কৰা বুলি প্ৰতিবেদনখনত প্ৰকাশ হৈছিল৷ ফলত হোৰাহোৰে কমি আহিছিল আদানিৰ সম্পদৰ পৰিমাণ৷ সেই অধ্যায়টোৰ চাপৰ পৰা মুক্ত হৈ আকৌ আদানিৰ সম্পত্তি বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল৷ ২০২৩-ৰ ৪৩.৩ বিলিয়ন ডলাৰৰ পৰা তেওঁৰ সম্পদৰ পৰিমাণ বাঢ়ি ৫৮ বিলিয়ন ডলাৰ হোৱাৰ মুহূৰ্ততে এইবাৰ আদানিৰ বিৰুদ্ধে আমেৰিকাৰ পৰা উত্থাপিত হ’ল প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ৷ এই অভিযোগ মতে আদানি আৰু সাতজন সহযোগীয়ে মিলি ২৬৫ মিলিয়ন ডলাৰ [২২০০ কোটি টকা] উৎকোচ দি কেইখনমান ৰাজ্যৰ পৰা বিদ্যুৎ যোগানৰ ঠিকা আহৰণ কৰিছিল আৰু এই ক্ষেত্ৰত আমেৰিকাকে ধৰি একাংশ আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীক প্ৰৱঞ্চনা কৰিছিল৷ আমাৰ দেশৰ চৰকাৰী ব্যৱস্থাত উৎকোচৰ লেনদেন অস্বাভাৱিক কথা নহয়৷ সকলো ধৰণৰ ঠিকা-ঠুকলিৰ ক্ষেত্ৰত উৎকোচ মজ্জাগত হৈ পৰা বুলিয়েই ক’ব পাৰি৷ কিন্তু আদানিৰ বিৰুদ্ধে উৎকোচৰ গুৰুতৰ অভিযোগটো এনে সময়ত উত্থাপিত হৈছে যি সময়ত আদানি-মোদীৰ সম্পৰ্ক এটা ‘ইছ্যু’ হৈ আছে৷ আদানিয়ে বিভিন্ন দেশত বিভিন্ন প্ৰকল্পৰ ঠিকা লাভ কৰাৰ ক্ষেত্ৰত মোদী চৰকাৰে প্ৰভাৱ খটুওৱাৰ অভিযোগ মুকলিকৈয়ে উত্থাপিত হৈ অহাৰ পৰিপ্ৰেক্ষিতত আমেৰিকাৰ পৰা এইবাৰ বিদ্যুতৰ ঠিকাৰ যি অভিযোগ অনা হৈছে সেয়া জনসাধাৰণে মিছা কিম্বা উদ্দেশ্যপ্ৰণোদিত বুলি ভাবিব পৰা নাই৷ যিকেইখন ৰাজ্যৰ সৈতে আদানিৰ এই বিতৰ্কিত বিদ্যুৎ চুক্তি হৈছে তাৰ ভিতৰত প্ৰধানকৈ আছে অন্ধ্ৰ প্ৰদেশ [ৱাই এছ আৰ কংগ্ৰেছৰ শাসনৰ সময়ত], ওড়িশা [বিজু জনতা দলৰ শাসনৰ সময়ত], তামিলনাডু [ডি এম কে] ছট্টিশগড় [কংগ্ৰেছৰ শাসনত] আৰু জম্মু-কাশ্মীৰ [ৰাষ্ট্ৰপতি শাসনৰ সময়ত]৷ এইটোও এটা তাৎপৰ্যপূৰ্ণ দিশ এইবাবেই যে মোদী-আদানিৰ সম্পৰ্কৰ অভিযোগ উত্থাপিত হৈ থাকিলেও উল্লিখিত ৰাজ্যকেইখনৰ ক’তোৱেই বিজেপিৰ চৰকাৰ নাই৷ এতিয়া অন্ধ্ৰ প্ৰদেশৰ চন্দ্ৰবাবু নাইডু চৰকাৰে আদানিৰ সৈতে থকা বিদ্যুতৰ ঠিকাৰ চুক্তিখন বাতিল কৰিব পাৰে বুলি ওলাই আছে৷ যি নহওক কাকনো বুলিবা ককা সকলোৰে দাড়ি-চুলি পকাৰ নিচিনা হৈছে৷ উৎকোচৰ বেলিকা যে দলবিলাকৰ চৰিত্ৰৰ পাৰ্থক্য নাই সেইটো এই আদানি কাণ্ডয়ো পুনৰ এবাৰ উন্মোচন কৰিছে৷ এনেকুৱা উৎকোচ কাণ্ডৰ অৱশেষত মাধমাৰ সাধাৰণ মানুহৰ মূৰত পৰিবগৈ, কাৰণ এই বিশাল ধনৰাশি জনসাধাৰণৰ পৰাই উলিয়াই অনা হ’ব৷ এই উৎকোচ-কাণ্ডৰ সত্যাসত্য আমেৰিকাৰ আদালতত কেনেকৈ নিৰ্ণয় হয়, আদানিৰ বিদ্যুৎ ঠিকাৰ ভৱিষ্যৎ কি হয় সেয়া চাবলগীয়া হ’ব৷

Share This