ডিজিটেল ডেস্ক: পূৰ্বৰ সকলো বাদ-বিতর্ক, অসন্তুষ্টি পাহৰি এইবাৰ পাঠশালা অধিৱেশনত অসম সাহিত্য সভাক অসমৰ ৰাইজে আদৰি লোৱা বুলিয়েই ভবা হৈছে। বিশেষকৈ ড° বসন্ত কুমাৰ গোস্বামীৰ দৰে পণ্ডিতপ্ৰৱৰ এগৰাকী ব্যক্তি সভাপতিৰ আসনত উপৱিষ্ট হোৱাত সাহিত্যানুৰাগী ৰাইজ যথেষ্ট উৎসাহিত হৈছে আৰু তেওঁক আস্থা-বিশ্বাসত লোৱা যেনো অনুভৱ হৈছে। বহুতে এইদৰেও কৈছে যে বহুদিনৰ পাছত এইবাৰ সাহিত্যিক সাহিত্যিক যেন লগা এজন ব্যক্তি সভাপতিৰ বাবে নির্বাচিত হৈছে। সি যি নহওক, এনে বিশ্বাস আৰু আস্থাৰ বাবেই হয়তো এইবাৰৰ পাঠশালা অধিৱেশনত মানুহ উবুৰি খাই পৰিছে।
বৰ অসমৰ চানেকি তুলি ধৰি উলিওৱা বিশাল শোভাযাত্ৰাত হাজাৰ হাজাৰ লোকে নতুন সভাপতিক শুভেচ্ছা আৰু অভিনন্দনেৰে ওপচাই পেলাইছে। বনহংসৰ আৰ্হিৰ ৰথত উঠি শুভ্র ছাতিৰ তলত থিয় হৈ নৱ-নির্বাচিত সভাপতিয়ে জনতাৰ সেই অভিবাদন গ্রহণ কৰাই নহয়, জনতাৰ উৎসাহক সাহস হিচাপে লৈয়ে সভাপতিৰ অভিভাষণত ঘোষণাই কৰিলে- 'সাহিত্য সভাত নেতাৰ স্থান নাই।' স্বয়ং এগৰাকী ৰাজনৈতিক নেতাক কাষত বহুৱাই ড° গোস্বামীয়ে কৰা এনে ঘোষণাই বিশেষ তাৎপর্যও বহন কৰে। তদুপৰি অভিভাষণত সভাপতিগৰাকীয়ে সভাৰ হৈ আত্মসমালোচনাও কৰে। তেওঁ কয়- 'একবিংশ শতিকাৰ প্রায় দুটা দশকত সভাই অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিক জনতাৰ কাষলৈ নিবৰ বাবে চেষ্টা কৰা দেখা নগ'ল।' আকৌ তেওঁ ক'লে- 'ক্ষমতা আৰু ধনৰ পাছত ধনগুলৈ খেদাৰ দৰে খেদি ফুৰা অসমীয়াৰ ভাষা-সাহিত্য-সংস্কৃতিৰ প্রতি ভাবিবলৈ সময় নাই। বহিৰাগত চিন্তা, সংস্কৃতিয়ে অসমীয়াক উটুৱাই নি জাঁজি হ'বলৈ এৰি দিছে। এইক্ষেত্রতো সাহিত্য সভাৰ কৰণীয় আছে।' দেখা গ'ল, ড° গোস্বামীৰ এনেবোৰ বক্তব্যই তেওঁৰ প্ৰতি, সভাৰ প্ৰতি জনতাৰ আস্থাও দুগুণে দৃঢ় কৰিলে।
অৱশ্যে এইবাৰৰ পাঠশালা অধিৱেশনত আন কেতবোৰ ইতিবাচক দিশ পৰিলক্ষিত হ'ল। যেনে- এইবাৰ বাণিজ্য মেলা পৰিহাৰ কৰা হ'ল। এইটো অসমীয়া সচেতন সাহিত্যানুৰাগীৰ দীর্ঘদিনীয়া দাবী আছিল। আনহাতে, এইবাৰৰ অধিৱেশনত বিজ্ঞান-সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰত যথেষ্ট গুৰুত্ব দিয়া দেখা গ'ল, যিটো আশাব্যঞ্জক হিচাপেই চর্চিত হৈছে। সভাস্থলীত আয়োজিত বিজ্ঞান প্রদর্শনীত হোৱা ভিৰে প্ৰমাণ কৰে যে সাহিত্য সভাৰ দৰে অনুষ্ঠানে ভাল পদক্ষেপ ল'লে জনতাৰ সঁহাৰি অৱশ্যেই লাভ নকৰাকৈ নাথাকে। তদুপৰি পাঠশালা অধিৱেশনত প্রদর্শিত বিশাল জাপিটো ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছত অন্তর্ভুক্ত হয়। এইবাৰৰ অধিৱেশনত গ্রন্থমেলায়ো যথেষ্ট গুৰুত্ব লাভ কৰে। যাৰ বাবে সাহিত্য সভাৰ ইতিহাসতে এইবাৰ অভিলেখসংখ্যক গ্ৰন্থৰ বিক্ৰী হোৱা বুলি ইতিমধ্যে আয়োজক সমিতিয়ে ঘোষণা কৰিছে। ই নিশ্চয়কৈ আশাৰ বতৰা। এতিয়া কথা হ'ল- ইমানবোৰ ইতিবাচক কৰ্মৰ পাছতো কোনোবাখিনিত জানো কেৰোণ ৰৈ নগ'ল (?), যাৰ বাবে যোৱাকেইদিনত অসমৰ জনতাই বিভিন্ন মাধ্যমযোগে অসন্তুষ্টি ব্যক্ত কৰিছে! জনতাৰ অসন্তুষ্টিৰ প্ৰধান কাৰণ হ'ল- বঁটাৰ নিৰ্বাচন। এতিয়া যিকোনো বঁটা মাত্রেই বিতর্ক। যেন ইটো সিটোৰ পৰিপূৰক- অংগাংগী। যোৱা সময়ছোৱাত অকাদেমি বঁটাৰ ক্ষেত্ৰতো বেছ বিতৰ্কৰ সূচনা হৈ গৈছে। কেৱল যেন 'মুনীন বৰকটকী সাহিত্য বঁটা'টোহে বিতৰ্কৰ ঊর্ধ্বত ৰৈছেগৈ। সি যি নহওক, এইবাৰ সাহিত্য সভাৰ বঁটা বিতৰ্কৰ সূচনাৰ এক পূর্বাভাস পোৱা গৈছিল বঁটাৰ বাবে গ্ৰন্থৰ আহ্বানৰ সময়তে। কিয়নো যি সময়ত গ্ৰন্থৰ আহ্বান কৰা হৈছিল, তেতিয়া অধিৱেশনলৈ মাজত প্রায় এসপ্তাহমানহে আছিল। এনে সময়তে প্রশ্ন জাগ্রত হৈছিল যে গ্রন্থসমূহ কেতিয়া পঢ়িব আৰু কেতিয়া নির্বাচকে বঁটা নিৰ্বাচন কৰিব? অৱশেষত আশংকা কৰাটোৱেই হ'ল।
গ্রন্থ নপঢ়াকৈয়ে, গ্ৰন্থৰ বিষয়ে নজনাকৈয়ে কেতবোৰ বঁটা প্ৰদান কৰা হ'ল, যাক সচেতন লোক মাত্রেই সহ্যৰ আওতাত ৰখা নাই। এইবাৰ আটাইতকৈ বেছি বিতৰ্কৰ মাজত সোমাল দুটা সন্মানীয় বঁটা। প্রথমটো হ'ল- গিৰিধৰ শৰ্মা বঁটা। এই বঁটাৰ বাবে সাহিত্য সভাই ৪০ বছৰ বয়সৰ তলৰ লেখকক উপন্যাসৰ পাণ্ডুলিপিৰ বাবে প্ৰদান কৰি আহিছে। অথচ এইবাৰ এখন চলচ্চিত্ৰ সম্পৰ্কীয় গ্ৰন্থৰ বাবে বঁটাটো ঘোষণা কৰা হ'ল। আনহাতে, নকুল চন্দ্ৰ সভাপণ্ডিত সোঁৱৰণী বঁটাটো প্ৰদান কৰা হয় শ্রেষ্ঠ শিশু গ্ৰন্থৰ পাণ্ডুলিপিৰ বাবে। কিন্তু এইবাৰ এখন উপন্যাসৰ বাবে এই বঁটাটো দিয়া হ'ল। য'ত বঁটাৰ বাবে নির্বাচিত ব্যক্তিগৰাকীয়ে নিজে আচৰিত হৈছে আৰু ইয়াক অস্বীকাৰ কৰিছে। তেওঁ ইতিমধ্যে ছ'চিয়েল মিডিয়াত সাহিত্য সভাক চোকা সমালোচনা কৰিছে। সেইদৰে এইবাৰ ৫৪গৰাকীক 'নিষ্ঠাৱান সাংবাদিক বঁটা' প্রদান কৰা হ'ল। এই সাংবাদিকসকলৰ বহুসংখ্যকেই মফচলীয়। মফচলীয় সাংবাদিকক উৎসাহ যোগোৱাটো ভাল কথা। সেইদৰে প্ৰথমবাৰৰ বাবে আৰ্হি কাকত চাওঁতাকো উৎসাহিত কৰা হৈছে। তাকো বিভিন্ন মাধ্যমত বিভিন্নজনে আদৰণি জনাইছে। কিন্তু তাৰ মাজতে একাংশৰ সৰৱ চর্চা- সাহিত্য সভাই সাংবাদিক সমাজক নিষ্ঠাৱান আৰু অনিষ্ঠাৱান দুটা ভাগত বিভক্ত কৰিলে। গোটেই অসমজুৰি ঘোষণা কৰা বঁটাত কোনো কোনো জিলাৰ সাংবাদিকৰ নাম নোসোমোৱাক লৈও বহু অসন্তুষ্ট। সেইদৰে বিগত শুৱালকুছি অধিৱেশনত সাংবাদিক বঁটাৰে বিভূষিত এগৰাকী সাংবাদিকক পুনৰবাৰ সন্মানিত কৰা হ'ল। আকৌ, এগৰাকী সাহিত্য সভাৰ বিষয়ববীয়া তথা বঁটাৰ বিচাৰকে তেওঁৰ পত্নীকো বঁটাৰ বাবে মনোনিত কৰিলে। এইবোৰ কথাই বিতৰ্ক বঢ়াইছে। তদুপৰি এইবাৰ আগদিনা সন্ধিয়া বঁটা ঘোষণা কৰি পিছদিনাই বঁটা প্ৰদান কৰা দেখা গ'ল। পূর্বতে এনে হোৱা নাছিল। অসম সাহিত্য সভাৰ বঁটাৰ বাবে নিৰ্বাচিত ব্যক্তিলৈ ডাকযোগে নিমন্ত্রণী-পত্ৰ প্ৰেৰণ কৰা হৈছিল। কেইবাদিনৰ আগৰে পৰা বঁটাপ্ৰাপক সাজু হৈছিল অধিৱেশনলৈ। তেতিয়া বঁটাক লৈ আৱেগ আছিল, অনুসন্ধিৎসা আছিল, আছিল আত্মিক তাড়নাও। কিন্তু এতিয়া এই সকলো নোহোৱা কৰি পেলোৱা হ'ল। কিয়? শতবর্ষ অতিক্ৰম কৰা এটা অনুষ্ঠানত এনেবোৰ কাণ্ড কিয় হয়? ইমান বৃহৎ বাজেটৰ এখন বৃহৎ অধিৱেশনত ক'ৰবাত সৰু-সুৰা দুই-এক বেমেজালি ঘটিব পাৰে, কোনোবাই খাবলৈ নাপাব পাৰে, কোনোবা অতিথি মণ্ডপ বিচাৰি হায়ৰাণ হ'ব পাৰে, পতাকা এখন ওলোটাকৈ উৰিব পাৰে, চিঠি-পত্ৰ আদিত বিসংগতি হ'ব পাৰে। এইবোৰ মাৰ্জনা কৰিব পৰা বিধৰ। কিন্তু বঁটা হৈছে সাহিত্য সভাৰ মৰ্যাদা ৰক্ষাকাৰী কৰ্ম। সাহিত্য সভাৰ দৰে অনুষ্ঠানৰ বঁটাই একোজন ব্যক্তিৰ পৰিচয় হ'ব পাৰে, কৰ্মৰ স্বীকৃতি হ'ব পাৰে কিম্বা নতুনৰ উৎসাহ হ'ব পাৰে।
উদাহৰণস্বৰূপে এইবাৰ 'অসমীয়া ভাষাৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম আৰু অন্যান্য প্রসংগ', 'অসমৰ আদি ৰূপ প্রাগজ্যোতিষপুৰ, লৌহিত্য আৰু কামৰূপ কমতা' গ্রন্থ দুখনৰ বাবে নীলমণি সেন ডেকা আৰু পাচুগোপাল চক্ৰৱৰ্তীক দুটা সন্মানীয় বঁটা প্ৰদান কৰা হৈছে। দুয়োখন গ্রন্থই ভাল আৰু দুয়োগৰাকী ব্যক্তিয়েই অধ্যয়নপুষ্ট। ইয়াত কাৰোৰে দ্বিমত নাই, মত-বিৰোধ নাই। বৰং দুয়োগৰাকী ব্যক্তিৰ সাধনাক দুয়োটা বঁটাই লোকচক্ষুৰ সন্মুখত তুলিহে ধৰিলে। অর্থাৎ এই দুয়োগৰাকী ব্যক্তিৰ ব্যক্তিত্ব সম্পর্কে জনতাক অৱগত কৰাত বঁটা দুটাই যথেষ্ট ভূমিকা গ্রহণ কৰিলে। অথচ এনে বঁটা নিৰ্বাচনৰ কামফেৰাকে যদি সঠিকভাৱে কৰা নহয়, তেতিয়াহ'লে সাহিত্য সভাৰ দুবছৰীয়া প্ৰতীক্ষাৰ পাছৰ জাকজমকীয় গোটেই অধিৱেশনৰ কাৰ্যসূচীয়েই যেন অর্থহীন হৈ পৰে। আশা কৰোঁ আগন্তুক সময়ত নতুন সমিতিয়ে এনে বেমেজালি দূৰ কৰিবলৈ সক্ষম হ'ব।