আজিৰ সম্পাদকীয়,অগপ আৰু অসমৰ আঞ্চলিকতাবাদ
Dainik Janambhumi
October 19, 2024
ডিজিটেল ডেস্কঃ আঞ্চলিকতাবাদী ৰাজনৈতিক চিন্তাধাৰা অসমত কিছু পুৰণি যদিও ইয়াৰ আনুষ্ঠানিক আৰু শক্তিশালী আত্মপ্ৰকাশ হৈছিল ‘অসম গণ পৰিষদ’ৰ ৰূপত৷ এই দলে দুটা পাঁচবছৰীয়া কাৰ্যকালৰ বাবে অসমৰ শাসন ক্ষমতাও লাভ কৰিছিল৷ অসম গণ পৰিষদ আকৌ আছিল ছবছৰীয়া অসম আন্দোলনৰ ফচল৷ নামত ‘অসম আন্দোলন’ হ’লেও ইয়াৰ সীমাবদ্ধতা আছিল আৰু আৱেগ ভৰা এই আন্দোলনত বহু ভুল-ত্ৰুটী আৰু বিভ্ৰান্তি আছিল৷ ‘অসম চুক্তি’ৰ জৰিয়তে এই আন্দোলন সমাপ্ত হোৱাৰ পাছত আন্দোলনৰ নেতৃবৰ্গই গঠন কৰিছিল ‘অসম গণ পৰিষদ’৷ অসম চুক্তিৰ পাছতে অসম আন্দোলনৰ লগত জড়িত বিভিন্ন শিবিৰ আৰু সংগঠনসমূহৰ মাজত মতভেদ আৰম্ভ হ’বলৈ ধৰে৷
অসম আন্দোলনৰ যি সীমাবদ্ধতা আৰু ভুল-ত্ৰুটী আছিল, সেয়া অসম গণ পৰিষদতো প্ৰতিফলিত হৈছিল৷ উদাহৰণ স্বৰূপে অসম আন্দোলনত অসমৰ জনজাতি, চাহ-জনগোষ্ঠীৰ অংশগ্ৰহণ নাছিল৷ অৱশ্যে প্ৰতীকী ৰূপত দুই-এজন জনজাতীয় নেতা অসম আন্দোলনত জড়িত আছিল যদিও সৰ্বসাধাৰণ জনজাতীয়, চাহ জনজাতীয় আৰু চৰ অঞ্চলৰ মুছলমান বা তথাকথিত ‘মিঞা’সকল অসম আন্দোলনৰ পৰা আৰু আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ পৰা আঁতৰত আছিল৷ ফলস্বৰূপে অসম গণ পৰিষদৰ জনভিত্তি বা সমৰ্থন ভিত্তি আৰম্ভণিৰ পৰাই সংকুচিত আছিল৷ কাৰণ উল্লিখিত জনগোষ্ঠীসমূহে অসমৰ জনসংখ্যাৰ বৃহৎ অংশক প্ৰতিনিধিত্ব কৰে৷ তথাপি ইয়াৰ মাজতেই অসমৰ প্ৰথমখন আঞ্চলিক দলৰ চৰকাৰে ১৯৮৬ত কাৰ্যভাৰ গ্ৰহণ কৰিছিল৷
অসম আন্দোলনৰ নেতৃত্ব দিয়া শ্ৰেণীটো আছিল অসমৰ অসমীয়াভাষী মূলসুঁতিৰ অসমীয়া মূলৰ৷ সুবিধাবাদী সুযোগসন্ধানী শ্ৰেণী এটা আন্দোলনত সোমাই পৰাৰ অভিযোগ তেতিয়াই উঠিছিল৷ প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছৰ পৰাই তেওঁলোকৰ ভিতৰত আৰম্ভ হ’ল ক্ষমতা আৰু সুযোগ-সুবিধাকেন্দ্ৰিক খোৱা-কামোৰা বা আন কথাত স্বাৰ্থৰ সংঘাত৷ অসম আন্দোলনৰ মূল উদ্দেশ্য, লক্ষ্য, অসম চুক্তিৰ ৰূপায়ণ প্ৰসংগ ক’ৰবাতে থাকিল৷ নেতা-মন্ত্ৰী আৰু তেওঁলোকৰ একাংশ উগ্ৰ সমৰ্থকৰ মাজত আৰম্ভ হ’ল অৰিয়াঅৰি৷ এই অৰিয়াঅৰি এটা সময়ত অসম গণ পৰিষদৰ নেতৃত্বকেন্দ্ৰিক সংঘাতত পৰিণত হ’ল৷ যি সময়ত অসমৰ আঞ্চলিক ৰাজনৈতিক দলটোক তৃণমূল পৰ্যায়ত প্ৰতিষ্ঠা কৰিব লাগিছিল, জনভিত্তি বৃদ্ধি কৰিব লাগিছিল– সেই সময়ত দলৰ নেতা-কৰ্মী ব্যস্ত হৈ পৰিল পাৰস্পৰিক স্বাৰ্থজড়িত সংঘাতত৷
এনে পৰিস্থিতিৰ মাজতে আৰম্ভ হ’ল আলফাৰ ‘স্বাধীন অসম’ৰ নামত সশস্ত্ৰ কাৰ্যকলাপ৷ এনে কাৰ্যকলাপত পৰোক্ষভাৱে জড়িত হ’ল বিভিন্ন জাতীয় সংগঠন, ছাত্ৰ সংগঠনৰ একাংশ লোক৷ আলফাৰ এখন সমান্তৰাল চৰকাৰ ৰাজ্যত চলিবলৈ ল’লে৷ উদ্ধাৰ হ’ল গণকবৰ৷ ফলস্বৰূপে কাৰ্যকাল সম্পূৰ্ণ হ’বলৈ দুটামান মাহ থাকোতেই কেন্দ্ৰীয় চৰকাৰে অসমৰ প্ৰথমখন আঞ্চলিক চৰকাৰ ভংগ কৰে৷ ইয়াৰ পাছতে উপ-দলীয় সংঘাতত জৰ্জৰিত অসম গণ পৰিষদ একাধিক পৃথক দলত বিভক্ত হয়৷ অসমৰ ৰাইজৰো আঞ্চলিক দল অসম গণ পৰিষদৰ প্ৰতি থকা মোহ আৰু সমৰ্থন ক্ৰমশঃ হ্ৰাস পাবলৈ আৰম্ভ কৰে৷ বহুলোকেই কংগ্ৰেছ বা আন ৰাজনৈতিক দলৰ প্ৰতি মুকলিকৈ সমৰ্থন ব্যক্ত কৰিবলৈ আৰম্ভ কৰে৷ পৰৱৰ্তী নিৰ্বাচনত হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত পুনৰ কংগ্ৰেছ চৰকাৰ গঠন হ’ল৷ এটা পৰ্যায়ত এই চৰকাৰৰ দিনতো দুৰ্নীতি-অনিয়মে গা কৰি উঠিল৷ অসুস্থ হিতেশ্বৰ শইকীয়া চৰকাৰ চলাবলৈ অক্ষম হৈ আহিল৷ পূৰ্বৰ ভুল এটা পৰ্যায়লৈকে সংশোধন কৰি অসম গণ পৰিষদ দলে পুনৰ মূৰ দাঙি উঠিল৷ এইবাৰ অগপ দলে আন গণতান্ত্ৰিক-ধৰ্মনিৰপেক্ষ দলৰ লগত বুজাবুজি কৰি পুনৰ নিৰ্বাচনত জিকি শাসনভাৰ গ্ৰহণ কৰিলে৷ কিন্তু প্ৰফুল্ল মহন্তৰ নেতৃত্বত দ্বিতীয়খন আঞ্চলিক দলৰ চৰকাৰ গঠন হ’ল৷ লগে লগেই আলফাৰ হঠকাৰী কাৰ্যকলাপ, হত্যা, ধনদাবী, অপহৰণ পুনৰ আৰম্ভ হ’ল৷ দিনৰ পোহৰতে এজন আৰক্ষী অধীক্ষকক এম্বুছ কৰি হত্যা কৰা হ’ল৷ লগত বহুকেইজন দেহৰক্ষী আৰু আন আৰক্ষী৷ এনে ধৰণৰ ঘটনা বৃদ্ধি পোৱাৰ লগে লগে চৰকাৰে কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ল৷ প্ৰফুল্ল মহন্তৰ তাকে নকৰি উপায় নাছিল৷ কাৰণ তেওঁৰ নেতৃত্বাধীন প্ৰথমখন চৰকাৰৰ কাৰ্যকাল সম্পূৰ্ণ নৌহওঁতেই ভংগ কৰি দিয়াৰ কাৰণো আছিল আলফাৰ অতিচাৰ৷ ইয়াৰ পাছত আৰম্ভ হ’ল আলফা-অগপৰ প্ৰত্যক্ষ সংঘাত৷ অগপ নেতা-মন্ত্ৰী নগেন শৰ্মাক বিস্ফোৰণ ঘটাই হত্যা কৰা হ’ল৷ কুমাৰ দীপক দাসক আক্ৰমণ কৰি পংগু কৰা হ’ল৷ তেনেদৰে আৰু বহু অগপ নেতা-কৰ্মী আক্ৰান্ত হ’ল৷ নিৰ্বাচনতো আক্ৰমণ অব্যাহত ৰখাত নগাঁৱত মুহিৰাম শইকীয়াৰ আসন, তেনেদৰে মঙলদৈকে ধৰি আন সমষ্টিত অগপৰ আসন বিজেপিলৈ গ’ল৷ অগপৰ পতন প্ৰক্ৰিয়া আৰু বিজেপিৰ উত্থান প্ৰক্ৰিয়া আৰম্ভ হ’ল৷
এইবাৰ চাবুৱাৰ জেৰাই গাঁৱত অগপই সন্মিলন পাতিলে৷ বৃহৎ সমাৱেশ ঘটালে৷ আলফাৰ নেতা পৰেশ বৰুৱাই অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক অগপৰ লগত চামিল হ’বলৈ আহ্বান জনালে৷ কথাটো চিন্তনীয়৷ বৰ্তমানৰ অগপ হ’ল বিজেপিৰ ওপৰত নিৰ্ভৰশীল দল৷ অগপ সাংসদ বৈশ্যই ‘কা’ৰ সপক্ষে সংসদত ভোট দি থৈছে৷ ইয়াৰ বিপৰীতে অজাপ আৰু ৰাইজৰ দলে ‘কা’ বিৰোধী স্থিতি অব্যাহত ৰাখিছে৷ তদুপৰি অসম গণ পৰিষদ বা আলফাৰ পূৰ্বৰ ভালদিনবোৰ এতিয়া নাই৷ ইয়াৰ বিপৰীতে আকাৰত সৰু হ’লেও আন দুটা দলৰ প্ৰতি ৰাইজৰ কিছু আগ্ৰহ আছে৷ এনে প্ৰেক্ষাপটত অৱশিষ্ট আঞ্চলিকতাবাদী ৰাজনীতিৰ ধাৰ কোনফালে গতি কৰে লক্ষণীয় হ’ব৷
Share This