আজিৰ সম্পাদকীয়,বাংলাদেশৰ সংকট....

Dainik Janambhumi August 06, 2024

ডিজিটেল ডেস্কঃ বহুদিনৰ পিছত পুনৰ ৰাজনৈতিক সংঘাটৰ সম্মুখীন হ'ল বাংলাদেশ। ভয়াবহ সংৰক্ষণ বিৰোধী আন্দোলনৰ পৰিণতিত ক্ষমতাচ্যুৎ হ'বলগীয়া হ'ল দেশখনৰ শেখ হাছিনাৰ চৰকাৰ। ক্ষমতাচ্যুৎ হোবাই নহয়। নিজ দেশৰ পৰাই পলায়ন কৰি হাছিনা বর্তমান ভাৰতত। এই মুহূর্তত পৰবৰ্তী চৰকাৰ কেনেদৰে গঠন হ'ব তাৰ চৰ্চা চলি আছে দেশখনত। সেনাবাহিনীয়ে সম্প্রতি নিয়ন্ত্রণ কৰি আছে দেশখনৰ শাসন। এই মুহূর্তত প্রতিবেশী বন্ধু ৰাষ্ট্ৰখনৰ পৰিস্থিতি নিয়ন্ত্রণত ভাৰতে কিবা ভূমিকা ল'ব নে নলয় সেইটো স্পষ্ট হোৱা নাই। উল্লেখযোগ্য যে সংৰক্ষণ বিৰোধী আন্দোলনৰ বাবে দেশখনৰ পৰিৱেশ ইমানেই লোমহর্ষক হৈ পৰে যে থানাতে মৰিয়াই মৰিয়াই আৰক্ষীৰ লোকক হত্যা কৰা হৈছে, দুটা পক্ষৰ সংঘৰ্ষত প্রাণ হেৰুৱাইছে, আঘাতপ্রাপ্ত হৈছে অসংখ্য লোক, জ্বলাই দিয়া হৈছে ঘৰ, ৰাজনৈতিক দলৰ কাৰ্যালয়, যান-বাহন।

 

কিয় তাত এই পৰিস্থিতিৰ সৃষ্টি হৈছে সেই কথা ইতিমধ্যে বিভিন্ন মাধ্যমত চর্চা হৈছে। পাকিস্তানৰ পৰা বাংলাদেশক মুক্ত কৰাৰ যিখন স্বাধীনতা সংগ্রাম হৈছিল সেই সংগ্ৰামৰ মুক্তিযোদ্ধাসকলৰ সতি-সন্ততিৰ বাবে দেশখনৰ চাকৰি আৰু শিক্ষানুষ্ঠানত আসন সংৰক্ষণৰ এক ব্যৱস্থা আছিল। মাজতে সেই সংৰক্ষণ ব্যৱস্থা প্রত্যাহাৰ হোৱাত মুক্তিযোদ্ধা পৰিয়ালৰ একাংশ সন্তানে তৰা এক গোচৰৰ ভিত্তিত বাংলাদেশৰ ছুপ্রিম ক'র্টে ৰায় দিলে যে সেই সংৰক্ষণ ব্যৱস্থা অব্যাহত থাকিব লাগিব। আদালতে সেই সংৰক্ষণ ৩০ শতাংশ নির্ধাৰণ কৰি দিয়ে। কিন্তু সর্বোচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ বিৰুদ্ধে বাংলাদেশৰ ছাত্ৰ সমাজে প্রতিবাদ কৰে। সূচনা হয় সংৰক্ষণ-বিৰোধী এক ৰক্তক্ষয়ী আন্দোলনৰ। উল্লেখ কৰা উচিত যে মুক্তিযোদ্ধৰ সতি-সন্ততিৰ বাবে ৩০% এই সংৰক্ষণৰ ব্যৱস্থা বাংলাদেশত শেখ মুজিবুৰ ৰহমানৰ শাসনৰ দিনৰ পৰাই আৰম্ভ হৈছিল। সেই সময়ত দেশখনত চৰকাৰী চাকৰি আৰু চৰকাৰী শিক্ষানুষ্ঠানত সামগ্রিক সংৰক্ষণ আছিল ৫৬%। ১০ শতাংশ আছিল মহিলাৰ বাবে আৰু কিছু অংশ আছিল পিছপৰা অঞ্চলৰ জনসাধাৰণৰ বাবে। এই সংৰক্ষণৰ বিৰুদ্ধে ২০১৮ চনতো প্রবল আন্দোলনত নামিছিল ছাত্র সমাজ। ছাত্র সমাজৰ যুক্তি আছিল এনেকুৱা সংৰক্ষণ ব্যৱস্থাই মেধাৱী শিক্ষাৰ্থীসকলক চৰকাৰী চাকৰি পোৱাৰ পৰা বঞ্চিত কৰিছে।

 

সেই দেশ কঁপোৱা আন্দোলনটোৰ বাবে শ্বেখ হাছিনা চৰকাৰে চৰকাৰী চাকৰিত থকা উল্লিখিত সংৰক্ষণ ব্যৱস্থা প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছিল। কিন্তু বাংলাদেশৰ ছুপ্রিম ক'র্টে ৩০% সংৰক্ষণ বাহাল ৰখাৰ বাবে দিয়া ৰায়ৰ বাবেই দেশখনত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মূলতঃ ছুপ্রিম ক'ৰ্টৰ ৰায়ৰ বাবে নতুনকৈ ছাত্ৰ সংগ্ৰামৰ সূচনা হ'লেও ই পিছত শেখ হাছিনা চৰকাৰৰ বিৰুদ্ধে এক আন্দোলনলৈ ৰূপান্তৰ হৈ পৰে। দেশখনৰ অৰ্থনৈতিক বিকাশৰ হাৰ কমি যোৱা, চৰকাৰী ব্যৱস্থাটোত ব্যাপক দুর্নীতি সংঘটিত হোৱা আদি বিষয়বিলাকো আন্দোলনটোৰ অন্যতম প্রসংগ হৈ পৰে আৰু সংৰক্ষণ প্রত্যাহাৰৰ প্ৰসংগতে সীমাবদ্ধ হৈ নাথাকি ই ৰূপান্তৰিত হয় শ্বেখ হাছিনা চৰকাৰৰ পদত্যাগৰ দাবীৰ আন্দোলনলৈ। তাৰপৰিণতিতে ক্ষমতাচ্যুত হ'ব লগা হ'ল। হাছিনাৰ চৰকাৰ। উল্লেখযোগ্য দিশটো হ'ল দেশখনৰ ছুপ্রিম ক'র্টে মুক্তিযোদ্ধাৰ সতি-সন্ততিৰ বাবে ৩০% সংৰক্ষণৰ ৰায়টোৰ সংশোধন ঘটাই এই সংৰক্ষণৰ পৰিমাণ ৫%লৈ হ্রাস কৰিছে আৰু পিছপৰা অঞ্চলৰ বাবে সংৰক্ষণ ৰাখিছে ২%; কিন্তু ইয়াৰ পাছতো আন্দোলন স্তব্ধ হোৱা নহ'ল, বৰঞ্চ ই অধিক ৰক্তক্ষয়ী হৈহে পৰে। দেওবাৰে প্ৰতিবাদী আৰু প্ৰতিবাদ-বিৰোধী পক্ষৰ সংঘৰ্ষত সহস্রাধিক লোক হতাহত হ'বলগীয়া হোৱাটোৱে তাৰ পৰিস্থিতিৰ অতি ভয়াৱহতাক প্রকট কৰি তোলে। আন্দোলনটোৱে ৰাজনৈতিক ৰূপ ধাৰণ কৰাৰ ফলত প্রতিবাদী পক্ষৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে নিৰাপত্তা বাহিনীৰ লগতে আবামী লীগৰ মন্ত্ৰী-সাংসদ নেতা-সমর্থক। বিভিন্ন সংবাদ- পত্ৰৰ বাতৰি মতে, দেওবাৰে সংঘটিত ভয়ংকৰ প্ৰতিবাদত সোঁপন্থী ইছলামিক শাসনতন্ত্র আন্দোলনৰ সমৰ্থক আৰু কিছুমান অপৰিচিত লোক সোমাই পৰে আৰু বেছিভাগ কূটাঘাতৰ ঘটনা এওঁলোকেই সংঘটিত কৰে। লক্ষণীয়ভাবে দেশখনৰ খালেদা জিয়া নেতৃত্বাধীন বাংলাদেশ নেশ্যনেলিষ্ট পার্টি (বি এন পি), আৰু তেওঁলোকৰ সহযোগী দলবোৰ, অন্য বহুত ৰাজনৈতিক, পেছাদাৰী আৰু সাংস্কৃতিক গোটে ছাত্র সংগ্রামটোলৈ সমর্থন আগবঢ়োৱাত এই প্ৰতিবাদৰ পৰিসৰ কিমান ব্যাপক হ'ব পাৰে সেয়া সহজেই অনুমেয়। এইসকলৰ লক্ষ্য আছিল সংৰক্ষণ-বিৰোধী আন্দোলনৰ সুযোগ লৈ দেশখনৰ ক্ষমতাৰ পৰিৱৰ্তন ঘটোৱা।

 

এইবিলাক দেখি-শুনিয়েই প্রধানমন্ত্রী শেখ হাছিনাই কঠোৰ হাতেৰে আন্দোলনটো দমন কৰাৰ নীতি গ্ৰহণ কৰিছিল যদিও শেষত চৰকাৰখন নিজে ক্ষমতাচ্যুৎ হ'বলগীয়া হয়। অভ্যন্তৰীণ বিষয় বুলি কৈ নৰেন্দ্ৰ মোদী চৰকাৰে এই পৰিস্থিতিৰ পৰা নিজক নিলগাই ৰাখিছিল যদিও এতিয়াৰ মোদী চৰকাৰে কি ভূমিকা ল'ব সেয়া সকলোৰে বাবে কৌতূহলৰ বিষয়। কাৰণ বাংলাদেশৰ যিকোনো পৰিস্থিতিৰ প্ৰভাৱ ভাৰতত পৰেই। এই আন্দোলনৰ ফলতো হাজাৰ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰী দেশখনৰ পৰা আঁতৰি আহিব লগা হৈছে। সংঘৰ্ষৰ মাত্ৰা বাঢ়ি গ'লে ভাৰতলৈ শৰণাৰ্থী প্ৰব্ৰজনৰো আশংকা থাকিব। আনহাতে, সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰভাৱত হাছিনাই ক্ষমতা হেৰুওৱাত দেশখনৰ সৈতে ভাৰতৰ সম্পৰ্কতো গুৰুতৰ প্ৰভাৱ পৰাৰ আশংকা থাকিব।

Share This