আজিৰ সম্পাদকীয়,সুৰাময় শৰৎ

Dainik Janambhumi October 16, 2024

ডিজিটেল ডেস্কঃ   কিছুদিনৰ আগলৈকে গেলা গৰমে দহা ৰাজ্যবাসীয়ে এইবাৰ শাৰদীয় দুৰ্গোৎসৱ সুন্দৰভাৱে পাৰ কৰিলে৷ বৰষুণে কিছু বিধি-পথালি দিলেও এইবাৰ পূজাত উৎকট গৰম নহ’ল৷ শাৰদীয় বতৰ মানে সাধাৰণতে এক সুন্দৰ পৰিৱেশৰ কথা আমাৰ চকুত ভাহি উঠে৷ এই বতৰত সকলোৰে মন অনাবিল আনন্দ আৰু সুখানুভূতিৰে ভৰি পৰে৷ মানুহৰ মন উজ্জীৱিত কৰে শাৰদীয় বতৰত উদ্‌যাপিত উৎসৱসমূহে৷ বাৰিষাৰ সময়ছোৱাত প্ৰকৃতিয়ে ধবংসৰ ৰূপ লয়৷ এই সময়খিনিত বহু ধবংসাত্মক ঘটনা ঘটে৷ প্ৰাকৃতিক দুৰ্যোগে মানুহৰ বিলাই-বিপত্তি নোহোৱা কৰে৷ আলাই-আথানি, অভাৱ-অনাটনত জৰ্জৰিত মানুহে যন্ত্ৰণাৰ পৰা মুক্তি বিচাৰে৷ কিন্তু ঋতুৰ পৰিৱৰ্তনৰ লগে লগে আহিনৰ নিয়ৰ, শেৱালি, নৈৰ পাৰৰ কঁহুৱাই মানুহৰ মন ফৰকাল কৰে৷ প্ৰকৃতিৰ লগতে মানুহৰ মনলৈও পৰিৱৰ্তন আহে৷ অৱসাদগ্ৰস্ততাৰ বিপৰীতে উৎসৱমুখী পৰিৱেশ এটাই মানুহৰ মনলৈ আনন্দ আনে৷

শাৰদীয় দুৰ্গোৎসৱ, গুৰুজনাৰ জন্মোৎসৱ, লক্ষ্মী পূজা, কাতি বিহু আদিৰ উদ্‌যাপনৰ বতৰত সকলোফালে যেন এক আনন্দময় পৰিৱেশে বিৰাজ কৰে৷ কিন্তু বিগত কেইবছৰমানত আমাৰ সমাজত এই উৎসৱ-পাৰ্বণসমূহ উদ্‌যাপনৰ সময়ত ধৰ্মীয় দিশটোতকৈ ৰং-ৰহইচ, আনন্দ-উল্লাসেহে প্ৰাধান্য লাভ কৰিছে৷ শাৰদীয় বতৰত সুৰাৰ প্ৰচলন উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে৷ শেহতীয়াভাৱে দুৰ্গা পূজাৰ সময়ত মাত্ৰ চাৰিটা দিনত গুৱাহাটী মহানগৰীত সুৰাৰ বিক্ৰীয়ে অভিলেখ সৃষ্টি কৰিছে৷ এইবেলি পূজাৰ সময়ত মহানগৰীত প্ৰায় ৩০ কোটি টকাৰ সুৰা বিক্ৰী হয়৷ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে এইবাৰৰ সুৰা বিক্ৰীয়ে৷ ২০২২ বৰ্ষত ১৬.৮০ কোটি ৫০ লাখ টকাৰ সুৰা বিক্ৰী হৈছিল৷ ২০২৩ বৰ্ষত ২২.৫০ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল৷ সুৰা বিক্ৰীৰ সমান্তৰালভাৱে সংঘটিত হৈছে বহু পথ দুৰ্ঘটনা৷ দুৰ্গোৎসৱৰ সময়ত ছদিনত ৰাজ্যৰ ৩১খন জিলাত ৮৪৩টা পথ দুৰ্ঘটনা সংঘটিত হয়৷ জ্জ্ব অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈকে ৬ দিনত সংঘটিত এই পথ দুৰ্ঘটনাৰ সৰ্বাধিক সংঘটিত হয় শোণিতপুৰ জিলাত৷ জিলাখনত মুঠ ৬৬টা দুৰ্ঘটনা সংঘটিত হয়৷ কামৰূপ জিলাত ৬০টা, গোলাঘাটত ৫৭টা, কামৰূপ (মহানগৰ)ত ৫৪টা, নগাঁৱত ৫২টা, ডিব্ৰুগড়ত ৪৬টা দুৰ্ঘটনা সংঘটিত হয়৷ বিগত বৰ্ষৰ তুলনাত এইবাৰ দুৰ্গোৎসৱৰ সময়ত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ সংখ্যা অধিক৷ ১২ অক্টোবৰৰ পৰা ৪৮ ঘণ্টাৰ ভিতৰত দুৰ্ঘটনাত পতিত হৈ আহত হোৱা ১২০জন ব্যক্তিক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰোৱা হয়৷ ইয়াৰে ৫১জন গুৱাহাটীৰ আৰু ৬১জন গুৱাহাটীৰ বাহিৰৰ৷ এই ব্যক্তিসকলৰ বয়স ২০১ পৰা ৪০ বছৰৰ ভিতৰৰ৷

ই অতি উদ্বেগজনক কথা৷ সুৰাসক্ত হৈ গুৰু-গোসাঁই নামানি গাড়ী চলোৱাটো এনে পথ দুৰ্ঘটনাৰ অন্যতম কাৰণ৷ অৱশ্যে বিধবস্ত বাট-পথৰ বাবেও বহু দুৰ্ঘটনা সংঘটিত হয়৷ দুৰ্ঘটনামুক্ত দুৰ্গোৎসৱ উদ্‌যাপনৰ আহ্বানেৰে ইতিমধ্যে যোৱা ৭ অক্টোবৰৰ পৰা আৰম্ভ কৰা হৈছিল ৰাজ্যিক পথ সুৰক্ষা সপ্তাহ৷ ৰাজধানী চহৰখনৰ সৰ্বস্তৰৰ ৰাইজৰ মাজত বাটৰ নাটক, পথ সুৰক্ষা সজাগতা বিষয়ক ভিডিঅ’ প্ৰদৰ্শন, বেনাৰ, প্ৰচাৰ পুস্তিকা বিতৰণ আদি নানা ধৰণৰ জনসচেনতা সৃষ্টিৰ প্ৰয়াস কৰি অহাৰ পাছতো কিন্তু দুৰ্ঘটনা কমক চাৰি বৃদ্ধিহে হৈছে৷ ফলত বহু পৰিয়ালৰ উপাৰ্জনৰ আঁৰৰ ব্যক্তিগৰাকী নোহোৱা হৈ গৈছে নাইবা চিৰদিনৰ বাবে ঘুণীয়া হৈ ৰৈছে৷ বহুতে দুৰ্ঘটনাগ্ৰস্তক চিকিৎসাৰ নামত ঘৰৰ মাটি-ভেটি বিক্ৰী কৰিবলগীয়া হৈছে৷ মুঠতে এক অৱৰ্ণনীয় পৰিস্থিতি৷ কিন্তু ইমানৰ পাছতো আমাৰ ৰাজ্যখনত সুৰা বিপণীৰ সংখ্যা দিনে দিনে বৃদ্ধিহে পাই আহিছে৷ আবকাৰী বিভাগৰ তথ্য অনুসৰি আমাৰ ৰাজ্যত আছে তিনি হাজাৰতকৈ অধিক সুৰাৰ বিপণী৷ ইয়াৰে ১,৭০৭খন বিলাতী সুৰাৰ বিপণী, ৯২৩খন পাব আৰু ৩৭৩খন থলুৱা সুৰাৰ বিপণী৷ ইয়াৰ ফলত ৰাজ্য চৰকাৰে এক মোটা অংকৰ ৰাজহ লাভ কৰি আহিছে৷

তাৰ বিপৰীতে ৰাজ্যখনৰ অগণিত লোক আক্ৰান্ত হৈছে সুৰাজনিত ৰোগত, আন বহুতৰ প্ৰাণ গৈছে সুৰাপান কৰি বাহন চলোৱাৰ ফলত আৰু বহু ঘুণীয়া হৈছে চিৰকাললৈ৷

Share This