আজিৰ সম্পাদকীয়,বিহালী
Dainik Janambhumi
October 26, 2024
ডিজিটেল ডেস্কঃ ভাৰতীয় গণতন্ত্ৰৰ সাম্প্ৰতিক সুবিধাবাদী ৰাজনীতিৰ অন্যতম উদাহৰণ হৈ পৰিছে উত্তৰ অসমৰ বিহালী সমষ্টিটো৷ চাহ বাগিচা আৰু নেপালী সম্প্ৰদায়ৰ লোকৰ প্ৰাধান্য থকা উক্ত সমষ্টিটোত ২০০১ চনলৈকে মূলতঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰে একাধিপত্য আছিল৷ ১৯৭৮ চনৰ জনতা পাৰ্টিৰ উত্থানৰ মাজতো ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিষ্ণুলাল উপাধ্যায় তাৰ পৰা নিৰ্বাচিত হৈছিল৷ ১৯৯১ আৰু ১৯৯৬ চনত সমষ্টিটোক প্ৰতিনিধিত্ব কৰিছিল কংগ্ৰেছৰে চাহ জনগোষ্ঠীয় নেতা বৰ্ণবাস তাঁতীয়ে৷ ২০০১ চনত তাত বিজেপিৰ উত্থান ঘটাৰ কাৰণ কোনো নেতাকেন্দ্ৰিক ছুনামি নাছিল৷ অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানিৰ দৰে নেতাৰ সবল আৰু চমকপ্ৰদ নেতৃত্ব তথা সমানেই দক্ষ আৰু উজ্জ্বল ভাবমূৰ্তি থকা দ্বিতীয় শাৰীৰ এচাম নেতাৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাই যোৱা শতিকাৰ শেষৰটো দশকত বিজেপিৰ প্ৰভাৱ হিন্দী বলয়ৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰসাৰিত কৰিছিল৷ বাবৰি মছজিদ ধবংস আৰু আদৱানিৰ ৰথযাত্ৰাৰ প্ৰভাৱে অসমতো বিজেপিৰ ৰাজনৈতিক উত্থানত অনুঘটকৰ দৰে কাম কৰিছিল৷ জনসংঘ তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিভিন্ন শাখা-প্ৰশাখাই উল্লিখিত সময়ছোৱাৰ বহু আগৰে পৰাই অসমৰ ঠায়ে ঠায়ে শিপাবলৈ সক্ষম হ’লেও হিন্দুত্ববাদী ৰাজনৈতিক ধাৰাটো ৰাজ্যত জীপাল আৰু লক্ষণীয় হ’বলৈ ধৰিছিল যোৱা শতিকাৰ শেষৰ দশকটোত উল্লিখিত নেতাসকল আৰু সেই সময়ৰ প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত৷ বৰাক উপত্যকা আৰু আনকি ধুবুৰীৰ দৰে সমষ্টিৰ পৰাও অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল বিজেপিৰ প্ৰতিনিধি৷ উজনি-উত্তৰ অসমত তেতিয়াও বিজেপিৰ প্ৰতিনিধি সংসদ বা বিধানসভালৈ নিৰ্বাচিত কৰি পঠিয়াব পৰাকৈ গেৰুৱা দলটোৰ প্ৰয়োজনীয় ৰাজনৈতিক গাঁথনি টনকিয়াল হৈ পৰা নাছিল যদিও লক্ষণীয়ভাৱে অবিভক্ত শোণিতপুৰ জিলাৰ বিহালী আৰু ৰঙাপাৰা সমষ্টি তাৰ ব্যতিক্ৰম আছিল৷ চাহ জনগোষ্ঠী আৰু নেপালী সম্প্ৰদায়ৰ বসতিপ্ৰধান সমষ্টি দুটাৰ পৰা তেতিয়াই ৰঞ্জিত দত্ত, অভিজিত হাজৰিকাৰ দৰে তুলনামূলকভাৱে অপৰিচিত প্ৰাৰ্থী বিধানসভালৈ নিৰ্বাচিত হ’বলৈ সক্ষম হৈছিল৷ বিহালীত সেই সময়ত বিজেপিৰ উত্থানৰ ক্ষেত্ৰত ৰঞ্জিত দত্তৰ ভূমিকাও আছিল গুৰুত্বপূৰ্ণ৷ সহজ-সৰল স্বভাৱ আৰু জনগণৰ সৈতে থকা সংযোগে সমষ্টিটো বিজেপিৰ বাবে অনুকূল কৰি তুলিছিল৷ সেয়েহে তেওঁ ২০০৬ চনৰ তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ সমৰ্থনত ৰাজ্যত হোৱা ৰাজনৈতিক ছুনামিৰ সময়তো সমষ্টিটোৰ পৰা বিধানসভালৈ নিৰ্বাচিত হ’বলৈ সক্ষম হৈছিল৷ ২০১১ৰ নিৰ্বাচনত সমষ্টিটো পুনৰ কংগ্ৰেছলৈ গ’ল তথা পল্লবলোচন দাস তাৰ বিধায়ক নিৰ্বাচিত হ’লেও ২০১৬ বৰ্ষৰ পৰা পুনৰ বিজেপিৰেই ৰাজত্ব বাহাল আছে৷ এই ইতিহাস বা পটভূমি উল্লেখ কৰাৰ প্ৰয়োজন এইবাবেই হ’ল যে স্বৰাজোত্তৰ সময়ৰে পৰা সমষ্টিটোত ৰাজনীতি এক নিৰ্দিষ্ট ধাৰাৰে বৈ আছে৷ কংগ্ৰেছক আঁতৰাই তাত বিজেপিৰ উত্থান ঘটিছিল যদিও সেই উত্থান গদ্দালিকা প্ৰৱাহ নাছিল৷ সোঁতৰ বিপৰীতে এটা আদৰ্শৰ প্ৰভাৱত সেই সমষ্টিটোৰ বাসিন্দাই ৰঞ্জিত দত্তক সন্মুখত ৰাখি নিজৰ ৰাজনৈতিক পৰিচয় নিৰ্ণয় কৰিছিল৷ সেইবাবেই তাত ২০০১ৰ এটা পৃথক পৰিৱেশত বিজেপিৰ যেনেকৈ উন্মেষ ঘটিছল তেনেকৈ ২০০৬ চনৰ নিৰ্বাচনত তৰুণ গগৈৰ নেতৃত্বত সৃষ্টি হোৱা কংগ্ৰেছৰ ছুনামিতো সমষ্টিটো উটি যোৱা নাছিল৷ এইবাৰ ৰঞ্জিত দত্ত সংসদলৈ নিৰ্বাচিত হোৱাৰ বাবে তাত উপ-নিৰ্বাচন হৈছে৷ এই উপ-নিৰ্বাচনটো আচলতে এটা অবুজ অধ্যায়৷ সমষ্টিটোৰ সাধাৰণ নিৰ্বাচনত নিৰ্বাচিত বিধায়কজনক কিয় সংসদলৈ পঠাব লগা হ’ল তাৰ কাৰণ কিম্বা ৰহস্য বিজেপিয়েহে ক’ব পাৰিব, সমষ্টিটোৰ ভোটাৰৰ বাবে এয়া দুৰ্বোধ্য৷ ইফালে, তাত শাসনাধিষ্ঠিত বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে যুঁজিবলৈ গৈ কংগ্ৰেছ তথা বিৰোধী দলবোৰে এইকেইটা দিন যি নাটক জনসাধাৰণক দেখুৱাই আছে, সেয়াও হাস্যস্পদ৷ নামত বিৰোধী ঐক্যৰ নাটক কৰি থকা বিৰোধী দলসমূহৰ মাজত যে নূ্যনতম বুজাবুজিও নাই, কোনেও কাকো যথোচিত সন্মান নকৰে সেয়া সমষ্টিটোৰ প্ৰাৰ্থী বাছনিতে তেওঁলোকে উদঙাই দিছে৷ প্ৰাৰ্থী ঘোষণাৰ সময়লৈকে বিজেপিৰ স্থানীয় নেতা বুলি পৰিচিত ব্যক্তি এজনক কংগ্ৰেছে অৱশেষত প্ৰাৰ্থী ঘোষণা কৰিছে সন্মিলিত অন্য বিৰোধী দলকেইটাৰ ইচ্ছাৰ বিৰুদ্ধে গৈ৷ বিহালীৰ এই উপ-নিৰ্বাচনৰ সময়ত বিৰোধীৰ নীতি-আদৰ্শ যেনেকৈ ফুটি উঠা নাই, তেনেকৈ প্ৰাৰ্থী বাছনিতো স্পষ্ট নহ’ল কোনো আদৰ্শ৷ ইয়াক সুবিধাবাদী ৰাজনীতি বুলি ক’লেও হয়তো অত্যুক্তি নহ’ব? যোৱা চাৰিটা দশকত সোঁতৰ বিপৰীতে ৰাজনৈতিক চৰিত্ৰ ব্যক্ত কৰা বিহালীবাসীয়ে এই নিৰ্বাচনটোক কেনেদৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷
Share This