‘বিস্ময়’ স্ৰষ্টা

Dainik Janambhumi October 28, 2024

ডিজিটেল ডেস্কঃ কিছুমান সৃষ্টিৰ সৈতে স্ৰষ্টাগৰাকীৰ সম্পৰ্ক এনেকুৱা নিবিড় হৈ থাকে যে পৰস্পৰৰ যিকোনো এটাক বাদ দি আনটোৰ চৰ্চা সম্ভৱ নহয়৷ ‘মনালিছা’ ছবিৰ প্ৰসংগ আহিলেই ষষ্ঠদশ শতিকাৰ চিত্ৰশিল্পী লিঅ’নাৰ্ডো ডা ভিন্সিৰ নাম লগে লগে আহি যায়৷ তেনেকৈ পাবলো পিকাছোৰ নামটো মনলৈ আহিলেই চিত্ৰৰসিকৰ মনলৈ স্বতঃস্ফূৰ্তভাৱে আহি যায় ‘বুল ফাইট’ ছবিখন৷ প্ৰতিগৰাকী বিখ্যাত চিত্ৰকৰৰ একোখন বা একাধিক ছবিৰ সৈতে চিত্ৰকৰগৰাকীৰ নাম এনেদৰে অভিন্ন হৈ থাকে আৰু উভয়কে ইমান বেছি চৰ্চা কৰি থকা হয় যে ছবি আৰু চিত্ৰকৰৰ বিষয়ে বিশেষ একো নজনা-নুবুজা মানুহৰো মুখে মুখে শুনা যায় এনে সৃষ্টি আৰু স্ৰষ্টাৰ বিষয়ে৷

তেনেকৈ কিছুমান বিখ্যাত গ্ৰন্থ, পত্ৰিকা অথবা ভাস্কৰ্যৰ ক্ষেত্ৰতো একেই কথা৷ বেছি দূৰলৈ নগৈ আমাৰেই বৌদ্ধিক সম্পদবিলাকলৈ চালে ইয়াক বেছি সহজভাৱে অনুভৱ কৰিব পাৰি৷ ‘কীৰ্তন ঘোষা’ বুলি ক’লেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামটো, ‘বুঢ়ী আইৰ সাধু’ বুলি ক’লেই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ নামটো, ‘জয়মতী’ বুলি ক’লেই জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামটো, ‘প্ৰান্তিক’ বুলি ক’লেই ড॰ ভৱেন্দ্ৰনাথ শইকীয়াৰ নামটো অভিন্নভাৱে উদ্ভাসিত হৈ উঠে বেছিভাগ মানুহৰে কল্পপটত৷ এইটো এইকাৰণেই হয়– সৃষ্টি আৰু স্ৰষ্টা উভয়েই সুদীৰ্ঘ সময়ৰ বাবে দৰ্শক, পাঠক, শ্ৰোতা কিম্বা অনুৰাগীক প্ৰভাৱিত, চমৎকৃত কৰি ৰাখিবলৈ সক্ষম হয়৷

ঊনৈশ শতিকাৰ মধ্যভাগত ইউৰোপ তথা বিশ্বৰ অৰ্থনৈতিক সংকটৰ সময়ত ৰাজনৈতিক চিন্তাৰ পৰিৱৰ্তনৰ লক্ষ্যৰে জাৰ্মান ইতিহাসবিদ, অৰ্থনীতিবিদ, সমাজবিজ্ঞানী তথা ৰাজনৈতিক তত্ত্ববিদ কাৰ্ল মাক্সেৰ্ দিন-ৰাতি একাকাৰ কৰি ‘ডাচ কেপিটেল’ৰ খচৰা প্ৰস্তুত কৰি উলিয়াইছিল৷ ১৮৬৫ চনলৈকে অমানুষি¸ক শ্ৰমেৰে ইয়াৰ পূৰ্ণাংগ ৰূপ দিয়া হৈছিল৷ সেইখন গ্ৰন্থই পৰৱৰ্তী সময়ত বিশ্বত ৰাজনৈতিক চিন্তাৰ পৰিৱৰ্তনৰ বাহকৰ ৰূপ লৈছিল, সেই ইতিহাসৰ চৰ্চা বিজ্ঞসকলে কৰিছে৷ এনেকুৱা যুগান্তকাৰী সৃষ্টিৰ বাবেই ‘ডাচ কেপিটেল’ আৰু কাৰ্ল মাক্সৰ্ৰ নাম ডেৰ শতিকাজুৰি বিশ্বত বন্দিত হৈ আছে৷ এনেকুৱা অগণিত উদাহৰণ পোৱা যাব, য’ত সৃষ্টি আৰু স্ৰষ্টাক পৃথকে চৰ্চা কৰা নহয়৷ তেনে এক সৃষ্টি আৰু স্ৰষ্টাৰ যুটি হ’ল ‘বিস্ময়’ আলোচনী আৰু তাৰ সম্পাদক শশী ফুকন৷ ‘বিস্ময়’ যেনেকৈ অসমীয়া পাঠক সমাজৰ বাবে এক বিস্ময়, তেনেকৈ শশী ফুকনো এক বিস্ময়৷ কাৰণ শশী ফুকনে ‘বিস্ময়’ক বিস্ময়লৈ ৰূপান্তৰ কৰিছিল আৰু নিজেই ‘বিস্ময়’ৰ মাজেদিয়েই উদ্ভাসিত হৈ অগণন পাঠকৰ, অনুৰাগীৰ আপোন সম্পাদক হৈ পৰিছিল৷ তেওঁ নিজেই উদ্ভাৱন কৰিছিল সেই ‘বিস্ময়’ৰ সূত্ৰ আৰু নিজেই ৰচনা কৰিছিল তাৰ নিজস্ব ধাৰা৷ পাঠকৰ আগ্ৰহক কেনেদৰে প্ৰভাৱিত কৰিব পাৰিলে এখন অসমীয়া আলোচনীৰ প্ৰচলনে লাখৰ ঘৰ অতিক্ৰম কৰিব পাৰে, সেই অভিজ্ঞতা বেছিভাগ অসমীয়া কাকত-আলোচনীৰে নাই৷

কিন্তু ‘বিস্ময়’ৰ সেই অভিজ্ঞতা আছে ই পাঠকক দিয়া অনন্য ৰসাস্বাদনৰ আনন্দৰ বাবে৷ আলোচনীৰ প্ৰতিটো শিতানকে আকৰ্ষণীয় কৰি তুলিব পৰা সামৰ্থ্য কম সম্পাদকৰহে থাকে৷ শশী ফুকনৰ সেই সামৰ্থ্য আছিল৷ তেখেতে জানিছিল কাৰ জৰিয়তে সেই শিতানবোৰক আকৰ্ষণীয় কৰিব পৰা যাব, কেনেকৈ পাঠকৰ সৈতে গঢ়িব পাৰি শক্তিশালী সংযোগ৷ ইয়াৰ প্ৰকৃষ্ট উদাহৰণ ‘পত্ৰবন্ধু’ শিতানটো৷ ‘বিস্ময়’ৰ ‘পত্ৰবন্ধু’ শিতানে কিমানৰ মাজত বন্ধুত্ব গঢ়িলে, কিমানক চিৰজীৱনলৈ আপোন কৰিলে, তাৰ সীমা-সংখ্যা নাই৷ আৰু ‘বিদূষক’ৰ সেই মনঃস্পৰ্শী উত্তৰবোৰ ! আপাতদৃষ্টিত এখন বিনোদনধৰ্মী আলোচনী হ’লেও আমাৰ গাঁও-ভূই, নগৰ-চহৰৰ সাধাৰণ পৰিয়ালবোৰৰ সাধাৰণ পাঠকক বিশ্বসাহিত্যৰ কিছুমান ধ্ৰুপদী সৃষ্টিৰ ‘অনূদিত’ ৰূপ উপভোগৰ সুযোগ ‘বিস্ময়’-এ দিছিল৷ ভৌতিক, ছায়ফিক উন্নত মানৰ গল্প-উপন্যাসসমূহ আছিল ‘বিস্ময়’ৰ প্ৰধান অলংকাৰ৷

তদুপৰি ‘এক মিনিটৰ গল্প’, খেল আৰু চলচ্ছিত্ৰ সম্পৰ্কীয় ৰসাল লেখাবোৰ– এই সকলো মিলি এচাম বিশাল পাঠক ‘বিস্ময়’ৰ গৰ্ভত সোমাই পৰিছিল ‘ম’বাইল’-এ জনজীৱনক আক্ৰান্ত কৰাৰ আগলৈকে৷ ফলত ‘বিস্ময়’ৰ বুকুৰ পৰা ওলোৱা এচাম লেখকৰ সৈতে পাঠকৰ গঢ়ি উঠিছিল গভীৰ অন্তৰংগতা৷ এয়া সম্ভৱ হৈছিল শশী ফুকনৰ বাবে৷ ‘বিস্ময়’ৰ সমান্তৰালকৈ ১৯৮০–৯০ দশকত তদনুৰূপ বহু আলোচনী ওলাইছিল যদিও সেইবিলাকে ‘বিস্ময়’ৰ ওচৰ চাপিব নোৱাৰিলে এইকাৰণেই যে সকলো সম্পাদক শশী ফুকনৰ দৰে হ’ব নোৱাৰে, যেনেকৈ ‘প্ৰান্তিক’ কেৱল ড॰ ভৱেন্দ্ৰনাথ শইকীয়াৰ হাততহে সৰ্বাংগসুন্দৰ হৈছিল৷ বিশ্বনাথ চাৰিআলিৰ পৰা আহি গুৱাহাটীৰ ভাৰাঘৰৰ পৰা ‘বিস্ময়’ৰ যাত্ৰাৰ সূচনা কৰি ইয়াক এক অৰ্ধশতিকাজোৰা মহাযাত্ৰালৈ ৰূপান্তৰিত কৰিব পৰা শশী ফুকনকো সেয়েহে এক ‘বিস্ময়’ বুলি অভিহিত কৰিলেও হয়তো অত্যুক্তি কৰা নহ’ব৷ শশী ফুকন নিঃশব্দে আছিল, নিঃশব্দে আৰম্ভ কৰিছিল সম্পাদক যাত্ৰা, সেই যাত্ৰাক অমৃত যাত্ৰালৈ ৰূপান্তৰ কৰি তেখেত নিঃশব্দে আমাৰ মাজৰ পৰা গ’লগৈ৷

Share This