আজিৰ সম্পাদকীয়,দৃষ্টিহীনতা.....

DainikJanambhumi September 12, 2024

ডিজিটেল ডেস্কঃ এইকেইদিন অনলাইন ট্ৰেডিং, শ কোটি-হাজাৰ কোটি টকাৰ কথাবোৰে আমাৰ ৰাজ্যৰ পৰিস্থিতি উত্তপ্ত কৰি ৰাখিছে৷ লগতে খিলঞ্জীয়া-অখিলঞ্জীয়া, বলাৎকাৰ, মিঞা, মাছ, মাটি-সম্পত্তি, আছু আদি কথাবোৰো আছে৷ এই সমগ্ৰ কথাবোৰে যেন ৰাজ্যৰ আচল সমস্যাবোৰ, ইছ্যুবোৰকে তল পেলাই ৰাখিছে৷ কি ছ’চিয়েল মিডিয়া, কি প্ৰিণ্ট-ইলেক্টªনিক মিডিয়া– সকলোতে এতিয়া বিশাল, চুমি, স্বপ্ননীল, আফজাল আদি৷ এইবোৰক বাদ দি যেন এতিয়া গণমাধ্যমসমূহত আন একো ছিৰিয়াছ বিষয়-আলোচনাই নোহোৱা হৈ পৰিছে৷ সি যি নহওক, এই সাময়িক উত্তেজনাৰ ‘ছুনামি’ত ৰাজ্যবাসী উটি-ভাহি থকাৰ মাজতে প্ৰিণ্ট মিডিয়াত ভিতৰৰ পৃষ্ঠাত সৰুকৈ প্ৰকাশ পোৱা এটা সৰু বাতৰিৰ প্ৰসংগ উল্লেখ কৰিব বিচাৰিলোঁ৷ আমাৰ বিশ্বাস, আকাৰত সৰু হ’লেও বাতৰিটোৰ সাৰকথাই সমাজসচেতন লোক মাত্ৰেই বাৰুকৈয়ে চিন্তিত কৰি তুলিব৷ বাতৰিটো আছিল ৰাষ্ট্ৰীয় নেত্ৰদান পষেক উপলক্ষে তেজপুৰত অনুষ্ঠিত এটা অনুষ্ঠানৰ৷ অনুষ্ঠানটোত এগৰাকী গৱেষক-চিকিৎসকে সমগ্ৰ বিশ্বতে বৰ্তমান দৃষ্টিহীনতাৰ দৰে ৰোগে কিদৰে ছানি ধৰিছে তাক তথ্যপূৰ্ণভাৱে দাঙি ধৰিছিল৷ তেওঁ দাঙি ধৰা তথ্য মতে, বিশ্বত প্ৰতি প্ত ছেকেণ্ডত এজনকৈ লোক দৃষ্টিহীন হৈছে৷ সেইদৰে প্ৰতি মিনিটত দৃষ্টিহীন হৈছে এটিকৈ শিশু৷

 

 ওপৰে ওপৰে চালে বিষয়টোত সিমান চিন্তা কৰিবলগীয়া একো নাই যেন লাগে৷ কিন্তু সমাজসচেতন লোকক বিষয়টোৱে তেতিয়া চিন্তাগধুৰ কৰি তোলে, যেতিয়া তথ্য ওলায় যে বিশ্বৰ মুঠ দৃষ্টিহীন লোকৰ সৰহসংখ্যকেই আমাৰ দেশৰ৷ অৰ্থাৎ আমাৰ দেশত অস্বাভাৱিক হাৰত বৃদ্ধি পাবলৈ ধৰিছে দৃষ্টিহীন লোকৰ সংখ্যা৷ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চকু বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ সৌৰভ কুমাৰ ভূঞাই তথ্য দাঙি ধৰে যে সমগ্ৰ বিশ্বত বৰ্তমান প্ৰায় চ্ছ্ৰ কোটি ৫০ লাখ লোকে দৃষ্টিহীনতাত ভুগি আছে৷ ইয়াৰে প্ৰতি তিনিজনৰ ভিতৰত এজন ভাৰতৰ৷ ডাঃ ভূঞাৰ আশংকাক সত্য প্ৰমাণিত কৰি ভাৰত চৰকাৰৰ অন্ধতা আৰু দৃষ্টিশক্তি নিয়ন্ত্ৰণ কাৰ্যসূচীয়েও [NPCB] দেশৰ অন্ধতা আৰু দৃষ্টিহীনতাৰ ভয়াৱহ ছবিখন দাঙি ধৰিছে৷ এন পি চি বিৰ মতে, দেশৰ প্ৰায় ২ কোটি ৩৪ লাখ লোক দৃষ্টিশক্তিহীন৷ এইটো বিশ্বৰ দৃষ্টিশক্তিহীন জনসংখ্যাৰ প্ৰায় ২৫ শতাংশ৷ অৱপতে নেশ্যনেল লাইব্ৰেৰী অব্‌ মেডিচিন চলোৱা এক সমীক্ষা মতে, ভাৰতৰ মুঠ চ্ছ্ৰ.৯৫ কোটি দৃষ্টিহীন লোক আছে৷ 

 

আমাৰ অসমতো অন্ধতাৰ গড় ৰাষ্ট্ৰীয় তুলনাত ৩.০৩ক্মশতাংশ আৰু দৃষ্টিশক্তিৰ অক্ষমতা ১৫.০২ক্মশতাংশ, যাক কেন্‌ছাৰৰ পাছতেই স্থান দিব পাৰি৷ সি যি নহওক, প্ৰশ্ন হয়– ৰাজ্যত কিয় বৃদ্ধি পাইছে এই দৃষ্টিহীনতা? সতকাই ইয়াৰ উত্তৰ দিব নোৱাৰিলেও এই সন্দেহ নি(য়কৈ কৰিব পাৰি যে পুষ্টিহীনতাৰ বাবেই বৃদ্ধি পাইছে দৃষ্টিহীনতা৷ কিয়নো গৱেষণাত দেখা গৈছে যে আমাৰ দেশত দৰিদ্ৰ পৰিয়াল, মহিলা-শিশু আৰু পিছপৰা অঞ্চলৰ লোকৰ ক্ষেত্ৰতে এনে ৰোগত আক্ৰান্ত লোকৰ সংখ্যা অধিক৷ অৱশ্যে স্বাস্থ্য বিশেষজ্ঞসকলেও কৈছে যে ভিটামিন ‘এ’ৰ অভাৱ, নিৰক্ষৰতা আদি ইয়াৰ অন্যতম কাৰণ৷ এনেয়েও ভাৰতবৰ্ষত এতিয়া প্ৰায় ১৯.প্ত কোটি লোক পুষ্টিহীন৷ সেইদৰে কম ওজনৰ নৱজাতক জন্মৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰতে প্ৰথম৷ আনহাতে, মহিলাৰ ৰক্তহীনতাৰ ক্ষেত্ৰতো ভাৰত এছিয়াৰ ভিতৰতে এক নম্বৰত৷ এনেক্ষেত্ৰত দৃষ্টিহীনতা বৃদ্ধিৰ ক্ষেত্ৰত পুষ্টিহীনতাৰ ভূমিকা নুই কৰিব নোৱাৰি৷ তথাপি চিকিৎসা বিশেষজ্ঞসকলে দৃষ্টিহীনতা বৃদ্ধিৰ ক্ষেত্ৰত কৰ্নিৰ্য়াৰ অস্পষ্টতা, কেটেৰেক্ট, গ্ল’ক’মা, পশ্চাৎ খণ্ডৰ বিকাৰ আদি কেইবাটাও বিকাৰৰ কথা উল্লেখ কৰিছে৷ এইবিকাৰসমূহ সাধাৰণতে ডায়েবেটিছ, দুৰ্ঘটনাজনিত কাৰণ, ভিটামিনৰ বিসংগতি আদিৰ ওপৰতে নিৰ্ভৰ কৰে৷ দেশত বছৰি ৩০,০০০ লোক মধুমেহ ৰোগৰ বিসংগতিৰ বাবে দৃষ্টিহীন হৈ পৰে৷

 

 সম্প্ৰতি দ্ৰুত নগৰীকৰণৰ প্ৰভাৱত পৰা দেশবাসীৰ মাজত মধুমেহ ৰোগৰ প্ৰাদুৰ্ভাৱো বৃদ্ধি পাইছে৷ সেয়ে ইয়াৰ সৈতে সম্পৰ্কিত আন আন ৰোগসমূহো বৃদ্ধি পাইছে৷ অসমত অধিক লোক refractive errorত আক্ৰান্ত হোৱা বুলি কোৱা হৈছে৷ ইয়াক কৰ্নিয়াৰ অস্পষ্টতাজনিত ৰোগ বুলিও কোৱা হয়৷ অৰ্থাৎ অসমৰ ১৯.১০ শতাংশ শিশু মায়পিয়াত, ১৫.৫০ শতাংশ শিশু এষ্টিগমেটিজমত, ৰ.৮০ শতাংশ শিশু হাইপাৰ’পিয়া আৰু ঙ্ম.২০ শতাংশ এনিছমেট্ৰপিয়াত আক্ৰান্ত৷ আনহাতে, জিনৰ বিৰল মিউটেশ্যনৰ বাবে জন্মান্ধ হোৱা বিশ্বৰ চতুৰ্থটো পৰিয়াল অসমতে আছে৷ নগাঁও জিলাৰ ৰূপহীহাটৰ আব্দুল ৱাহিদৰ ৩৩জনীয়া দৰিদ্ৰ পৰিয়ালটোৰ ১৯জনেই দৃষ্টিহীন৷ এই পৰিয়ালটো জেনেটিক কাৰণতে যে দৃষ্টিহীন সেই কথা ২০১৮ চনত উদ্ভাৱন কৰিছিল লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ গায়ত্ৰী গগৈ নেতৃত্বাধীন চিকিৎসকৰ দলে৷ সি যি নহওক, ভাৰতবৰ্ষত দৃষ্টিহীনতা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰাষ্ট্ৰীয়ভাৱে ইয়াৰ প্ৰতিৰোধৰ আঁচনি প্ৰৱৰ্তন কৰা হৈছিল, যিখন বিশ্বৰ ভিতৰতেই প্ৰথম হিচাপে স্বীকৃত হয়৷ পৰৱৰ্তী সময়ত অৰ্থাৎ ভাৰতবৰ্ষই আঁচনি প্ৰৱৰ্তন কৰাৰ ২৩ বছৰৰ পাছত বিশ্ব স্বাস্থ্য সংস্থাই ১৯৯৯ চনত বিশ্বজুৰি ‘ভিজন ২০২০ ঃ দ্য ৰাইট টু ছাইট’ আৰম্ভ কৰে৷ কথা হ’ল– ১৯৭৬ চনতেই ভাৰতবৰ্ষত কেন্দ্ৰীয় আঁচনি প্ৰৱৰ্তন কৰাৰ পাছতো আজি পৰ্যন্ত দৃষ্টিহীনতা প্ৰতিৰোধ সম্ভৱ হোৱা নাই কিয়? এয়া চৰকাৰী বিফলতা নে জনগণৰ অজ্ঞতা?

 

 

 প্ৰকৃতপক্ষে জনগণৰ অজ্ঞতাও চৰকাৰী কাৰ্যৰ আওতাতে পৰে৷ চৰকাৰী কাম-কাজৰ বিজ্ঞাপনত যিমান গুৰুত্ব দিয়া হয়, ৰাজনৈতিক কাৰু-কাৰ্যসমূহ প্ৰচাৰত যিমান সময়-ধন ব্যয় কৰা হয়, সিমান জনস্বাস্থ্যজনিত বিষয়ত মুঠেই কৰা নহয়৷ যাৰ বাবে যক্ষ্মাই হওক, কেন্‌ছাৰেই হওক কিম্বা দৃষ্টিহীনতাই হওক– প্ৰতিৰোধ নোহোৱাকৈয়ে থাকি যায়৷ বৰং কেতবোৰে গোপনে জনগণ-চৰকাৰৰ অলক্ষিতে থাকি ভয়াৱহ ৰূপ লয়৷ দৃষ্টিহীনতাও এনে এক ব্যাধি, যি সকলোৰে দৃষ্টিৰ পৰা আঁতৰি থাকিয়েই গোপনে ভয়াৱহ ৰূপ পৰিগ্ৰহ কৰিছে৷ তথ্য মতে, ভাৰতবৰ্ষত বছৰি দৃষ্টিহীনতা দূৰীকৰণত ডেৰ লাখ কৰ্নিয়াৰ প্ৰয়োজন হয়৷ অথচ সংগ্ৰহ হয় মাত্ৰ ২০-২৫ হাজাৰহে৷ এনেক্ষেত্ৰত নেত্ৰদান সম্পৰ্কে জনগণক সজাগ কৰাৰ বিকল্পই বা কি আছে? সবাৰোপৰি পুষ্টিহীনতা দূৰ কৰাৰ প্ৰয়োজন আছে, মধুমেহ ৰোগৰ ক্ষেত্ৰত জনজাগৰণ সৃষ্টিৰ প্ৰয়োজন আছে৷ এই কাৰ্যসমূহ যি পৰ্যন্ত হৈ নুঠিব, যি পৰ্যন্ত চৰকাৰী আঁচনিসমূহ সীমাবদ্ধতাৰ দুৱাৰ ভাঙি জনতাৰ মাজলৈ ওলাই নাহিব সেই পৰ্যন্ত উদ্দেশ্যৰ সফলকাম আশা কৰাটোও অমূলক হৈয়ে থাকিব৷

Share This