আজিৰ সম্পাদকীয়,ব্ৰেইন ৰট

Dainik Janambhumi December 19, 2024

 ডিজিটেল ডেস্কঃ  ব্ৰেইন ৰট৷ এই সময়ছোৱাত বিশ্বজুৰি আটাইতকৈ চৰ্চিত এটা শব্দ৷ এটা নতুন শব্দ৷ বিজ্ঞান-প্ৰযুক্তিৰ শেহতীয়া উত্তৰণ তথা ম’বাইল, ইণ্টাৰনেট, ছ’চিয়েল মিডিয়াৰ দ্ৰুত সম্প্ৰসাৰণৰ লগে লগে এই শব্দটোৰ চৰ্চাও ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে৷ আনকি অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে ২০২৪ বৰ্ষৰ বিশেষ শব্দ হিচাপে ‘ব্ৰেইন ৰট’ক তেওঁলোকৰ অভিধানত সংৰক্ষিত কৰিছে৷ ১৮৫৪ চনত আমেৰিকান লেখক হেনৰী ডেভিড থব’ৰ গ্ৰন্থ ‘ৱাল্ডেন’ত পোনপ্ৰথমবাৰ ব্যৱহাৰ হৈছিল ‘ব্ৰেইন ৰট’৷ ইয়াৰ প্ৰায় ১৭০ বছৰৰ পাছত বৰ্তমান এই শব্দৰ ব্যৱহাৰ আৰু প্ৰাসংগিকতা আকৌ বৃদ্ধি পোৱাটো স্বাভাৱিকতেই চৰ্চাৰেই বিষয়৷ এতিয়া প্ৰশ্ন হ’ব পাৰে– কি এই ‘ব্ৰেইন ৰট’? চাবলৈ গ’লে ‘ব্ৰেইন ৰট’ৰ পোনপটীয়া আক্ষৰিক অৰ্থ হ’ল ‘গেলা মগজু’৷ অৱশ্যে ইয়াৰ কাৰ্যকৰী অৰ্থ আলোচনা কৰিবলৈ গ’লে আন কেতবোৰ কথাও আলোচনা কৰিব লাগিব৷ মানুহৰ মগজুৰ আটাইতকৈ সৰু অথচ গুৰুত্বপূৰ্ণ অংশটোক কোৱা হয় চেৰিবেলাম৷ ই মানুহৰ হাতৰ মুঠিটোৰ সমান৷ মানুহৰ মূৰৰ পিছফালে টেম্পৰেল আৰু অক্সিপিটেল নামৰ অংশৰ তলত অৰ্থাৎ মগজুৰ ঠাৰিৰ ওপৰত ই অৱস্থিত৷ সাধাৰণতে স্নায়ুবিজ্ঞানৰ গৱেষণাত বিজ্ঞানীসকলে প্ৰায়ে এন্দুৰ অৰ্থাৎ নিগনিক ব্যৱহাৰ কৰি আহিছে৷ কেৱল স্নায়ুবিজ্ঞানেই নহয়, নিগনিক ব্যৱহাৰ কৰি মানুহৰ শৰীৰবিজ্ঞানৰ বিভিন্ন অৱস্থান, কাৰুকাৰ্য আদিৰ আৰ্হিও প্ৰস্তুত কৰা সম্ভৱ হৈছে৷ বিজ্ঞানীসকলৰ মতে নিগনিৰ মগজুত থকা ডি এম এন [default mode network] মানুহৰ সৈতে একে৷ এই ডি এম এনে প্ৰাণীৰ আচৰণ, চাল-চলন প্ৰকাশৰ বাবে সংৱেদনশীলতা, আৱেগ আদি গুণ একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ গৱেষকসকলে সেয়ে এন্দুৰৰ মগজুত মানুহৰ মগজুৰ ‘কলা’ স্থাপন কৰি মগজুৰ বিকাশ আৰু বিকাৰৰ বিষয়ে অধ্যয়ন কৰিব পাৰিছে৷ ইয়াৰ দ্বাৰা গৱেষকসকলে মানুহৰ পৰা ‘কলা’ আঁতৰাই নিদিয়াকৈ মগজুৰ বিকাৰৰ বিষয়ে অধ্যয়ন কৰিবলৈ সক্ষম হৈছে৷ ‘ব্ৰেইন ৰট’ সম্পৰ্কেও নিগনিৰ দ্বাৰাই গৱেষণা চলোৱা হৈছিল৷ এবাৰ আমেৰিকাৰ প্ৰখ্যাত বিজ্ঞানী ক্ৰেগ ফেৰিছৰ লেবৰ এজন বিজ্ঞানীয়ে এটা বুঢ়া নিগনিৰ মগজু স্কেন কৰি আ(ৰ্যচকিত হৈ পৰিছিল৷ ইয়াৰ কাৰণ আছিল– নিগনিটোৱে তেওঁৰ মগজু নোহোৱাকৈয়ে আন সমগোত্ৰীয়সকলৰ দৰে চলাচল কৰিব পাৰিছিল, দেখা-শুনা, গোন্ধ লোৱা, ভয় খোৱা আদিৰ প্ৰকাশ কৰিব পাৰিছিল৷ হয়তো জন্মৰ পৰাই ইয়াৰ মগজুটো হাইড্ৰক্সচেফালাছৰ বাবে সংকুচিত হৈ ভাগি গৈছিল৷ তথাপি ইয়াৰ আচৰণ স্বাভাৱিক আছিল৷ এনে আচৰিত গুণৰ বাবে ইয়াৰ নাম ৰখা হৈছিল ‘আৰ-২২২’৷ সি যি নহওক, বৰ্তমান সময়ত এই ‘ব্ৰেইন ৰট’ৰ প্ৰসংগ উত্থাপনৰ প্ৰধান কাৰণটোৱেই হ’ল মানুহৰ মগজুৰ প্ৰতি নামি অহা ভাবুকি৷ বিজ্ঞানীসকলৰ শেহতীয়া গৱেষণাই দিয়া ভয়াৱহ বাৰ্তাটো হ’ল– মানুহৰ মগজুটো কিছুমান বিশেষ কাৰণত গেলিবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ অন্যতম আৰু প্ৰধান কাৰণ হৈছে– ইণ্টাৰনেট৷ বৰ্তমান ইণ্টাৰনেটৰ জগতখন ম’বাইলৰ জৰিয়তে তেনেই সহজলভ্য হৈ পৰিছে৷ ইনষ্টাগ্ৰাম, টিকটক, ফে’চবুক, থ্ৰেড, ইউটিউব আদি সামাজিক মাধ্যমত ঘণ্টাৰ পাছত ঘণ্টা ধৰি মানুহ ব্যস্ত হৈ পৰাৰ ফলত ইবোৰে ক্ৰমাৎ মানুহৰ মগজু নষ্ট কৰি আনিছে৷ আটাইতকৈ অধিক প্ৰভাৱ পেলাইছে ৩০ ছেকেণ্ডৰ ৰীল্‌ছবোৰে৷ যাৰ পৰিণতিতে মানুহৰ  বৌদ্ধিক ক্ষমতা শূন্য হৈ পৰিছে, মগজু একপ্ৰকাৰ গেলিবলৈ আৰম্ভ কৰিছে৷ অক্সফ’ৰ্ড অভিধানত মগজু গেলি যোৱা প্ৰক্ৰিয়াকে ‘ব্ৰেইন ৰট’ বুলি কোৱা হৈছে৷ তদুপৰি এই প্ৰক্ৰিয়াক অতিকে বিপজ্জনক বুলিও অভিহিত কৰিছে৷ মনোবিজ্ঞানীসকলে ব্যক্ত কৰা মতে, ৩০ ছেকেণ্ডৰ ৰীলছবোৰৰ প্ৰসাৰ যিদৰে বৃদ্ধি পাইছে, ঠিক সেইদৰে এতিয়া মানুহৰ ধৈৰ্য-শক্তিও মাথোন ৩০ ছেকেণ্ডতে সীমাবদ্ধ হৈ ৰৈছে৷ আজিকালি ছ’চিয়েল মিডিয়াত কেনো কথাৰ আঁতিগুৰি বিচাৰ নকৰাকৈ, বিষয়টো অধ্যয়ন নকৰাকৈ তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটোও ইয়াৰে এক প্ৰকৃষ্ট উদাহৰণ৷ জাৰ্নেল অব্‌ দ্য এমেৰিকান মেডিকেল এছ’চিয়েশ্যন চমুকৈ জামাই [JAMট্ট] শিশুৰ ওপৰত চলোৱা অধ্যয়নতো ছ’চিয়েল মিডিয়াৰ মাত্ৰাধিক ব্যৱহাৰে কিশোৰ-কিশোৰীসকলৰ মগজুৰ বিকাশত প্ৰভাৱ পেলোৱাৰ কথা প্ৰকাশ কৰিছে৷ তেওঁলোকৰ মতে, ছ’চিয়েল মিডিয়াৰ পাৰস্পৰিক ক্ৰিয়াই ড’পামিনৰ প্ৰতিক্ৰিয়াৰ সূচনা কৰিব পাৰে যিয়ে বাধ্যতামূলক ব্যৱহাৰৰ সূচনা কৰিব পাৰে৷ হাৰ্ভাৰ্ডৰ গৱেষকৰ মতে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰৰ  ফলত মগজুত নিৰ্গত ড’পামিন কোকেইনৰ দৰে ড্ৰাগ্‌ছ ব্যৱহাৰৰ পৰা নিৰ্গত হোৱা ড’পামিনৰ সৈতে একে৷ তদুপৰি ছ’চিয়েল মিডিয়াই হতাশা, সামাজিক উদ্বেগ, চাইবাৰ অপৰাধৰ দৰে মানসিক স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ সেইদৰে হেৰুওৱাৰ ভয়, আত্ম-চিত্ৰৰ সমস্যা, অনুপযুক্ত বিষয়ত প্ৰৱেশ আদি নেতিবাচক প্ৰভাৱতো মানুহ আক্ৰান্ত হ’ব পাৰে৷ অলপতে ছ’চিয়েল মিডিয়া আৰু যুৱক-যুৱতীসকলৰ হতাশাজনক লক্ষণ সম্পৰ্কীয় এডোলেচেণ্ট ৰিচাৰ্চ ৰিভিউত প্ৰকাশিত এক পৰ্যালোচনাত ব্যক্ত কৰা হৈছে যে ফে’চবুকৰ দৰে প্লেটফৰ্মত নেতিবাচক সামাজিক তুলনা কৰিলে ৰুমিনেচনৰ সৃষ্টি হ’ব পাৰে, যাৰ ফলত হতাশাৰ সম্ভাৱনা বৃদ্ধি পায়৷ আনহাতে অনলাইন হাৰাশাস্তিৰ সৈতে উদ্বেগ, আত্মসন্মান লাঘৱ, আত্মহত্যাৰ চিন্তা আদি গুৰুতৰ মানসিক সমস্যাৰ তেনেই ওচৰ সম্পৰ্ক দেখা গৈছে, যিবোৰে ‘ব্ৰেইন ৰট’ বৃদ্ধিত অৰিহণা যোগাব পাৰে৷ লক্ষণীয় আৰু উদ্বেগৰ বিষয়টো হৈছে বিগত এটা বছৰত বিশ্বত এই ‘ব্ৰেইন ৰট’ৰ ঘটনা ২৩০ শতাংশলৈ বৃদ্ধি পাইছে৷ অসমতো ২৮-৩২ বছৰ বয়সৰ বয়সস্থ লোকৰ মাজত গুৰুতৰ হতাশা, উদ্বেগ আৰু মানসিক চাপৰ উচ্ছ প্ৰাদুৰ্ভাৱৰ প্ৰধান কাৰণ ছ’চিয়েল মিডিয়া বুলি গৱেষণাত পোহৰলৈ আহিছে৷ অলপতে এটা গৱেষকৰ দল ড॰ সঞ্জীৱ মল্লিক, ড॰ শ্যাম বি চৌধুৰী, ড॰ দীপিকা দাস, অজন্ত দাসে চলোৱা গৱেষণাত প্ৰকাশ কৰিছে যে বিশেষকৈ ইনষ্টাগ্ৰামৰ দৰে ছ’চিয়েল মিডিয়াৰ প্লেটফৰ্মৰ ব্যৱহাৰ বৃদ্ধিয়ে সকলো বয়সৰ লোকৰ মানসিক স্বাস্থ্যত ব্যাপক প্ৰভাৱ পেলাইছে৷ এনে ভয়াৱহ সংকটৰ পৰা এতিয়া বিশ্ববাসীক ইয়াৰ পৰা মুক্তি লাগে৷ কি হ’ব এই মুক্তিৰ উপায়? সকলো গৱেষকৰ এটাই মত– বহুমুখী পন্থা৷ অৰ্থাৎ ইয়াৰ প্ৰথম উপায় হৈছে– সকলোৱে মিলি ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ সীমিত কৰা৷ সকলো ব্যক্তিয়ে নিজৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ আৰু অনলাইনত ব্যয় কৰা সময়ৰ প্ৰতি সচেতন হ’লে ইয়াৰ প্ৰভাৱ হ্ৰাস পাব পাৰে৷ দ্বিতীয়টো হৈছে– চৰকাৰী কঠোৰ ব্যৱস্থা৷  চৰকাৰে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰৰ সীমা নিৰ্ধাৰণ কৰিব পাৰে অৰ্থাৎ নিয়মীয়া ডিজিটেল ডিটক্সৰ সময়সূচী নিৰ্ধাৰণ কৰি দিব পাৰে, অপ্ৰয়োজনীয় জাননীসমূহ বন্ধ কৰিব পাৰে আদি৷ যদি এইখিনিকে কৰা নহয়, তেতিয়াহ’লে আগন্তুক দিনত বিশ্বজুৰি ‘ব্ৰেইন ৰট’ বৃদ্ধি হৈ গৈয়ে থাকিব, যিটো সমগ্ৰ মানৱ জাতিৰ বাবেই ভয়াৱহ প্ৰত্যাহ্বান হৈ পৰিব৷

Share This