আজিৰ সম্পাদকীয়,প্ৰাৰ্থিত্ব

Dainik Janambhumi October 23, 2024

ডিজিটেল ডেস্কঃ   Winnability, অৰ্থাৎ বিজয়ৰ সম্ভাৱনা থকাটোক আমাৰ দেশৰ সাম্প্ৰতিক নিৰ্বাচনত প্ৰাৰ্থিত্বৰ প্ৰধান অৰ্হতা হিচাপে গণ্য কৰা হয়৷ কোনোবা একোগৰাকী ব্যক্তিৰ ভাবমূৰ্তি যথেষ্ট উজ্জ্বল হ’ব পাৰে, সমাজৰ প্ৰতি তেওঁৰ অৱদানো যথেষ্ট হ’ব পাৰে বা নিজৰ দলতো তেওঁৰ থাকিব পাৰে বহুত অৰিহণা, কিন্তু তেওঁক দলে নিৰ্বাচনৰ প্ৰাৰ্থিত্ব নিদিব পাৰে, কিয়নো তেওঁৰ বিজয়ৰ সম্ভাৱনা কম৷ এনেকুৱা বিবেচনাৰ বাবেই দেশৰ তথা বিভিন্ন ৰাজ্যৰ বিভিন্ন ধৰণৰ নিৰ্বাচনত কেতিয়াবা বহু ভাল দাবীদাৰক বঞ্চিত কৰি অপৰাধী হিচাপে চিহ্নিত ব্যক্তিয়েও বিভিন্ন দলৰ টিকট লাভ কৰে একমাত্ৰ বিজয়ৰ সম্ভাৱনাৰ বাবে৷ ঝাৰখণ্ডৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে যিখন ৬৬জনীয়া প্ৰথম তালিকা প্ৰকাশ কৰিছে তাত তিনিটা প্ৰধান অৰ্হতাই গুৰুত্ব পাইছে, সেয়া হৈছে পাৰিবাৰিক ৰাজনৈতিক প্ৰভাৱ, মিত্ৰতাৰ লগতে বিজয়ৰ সম্ভাৱনা৷ মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনৰ ক্ষেত্ৰতো একে কথা৷ তাত কংগ্ৰেছ,  শিৱসেনা (উদ্ধৱ থাকৰে) আৰু এন চি পি (শাৰদ পাৱাৰ)ক লৈ গঠিত জোঁটবন্ধন মহাবিকাশ আঘাড়ীৰ প্ৰাৰ্থী নিৰ্বাচনৰ মূল অৰ্হতাই ‘বিজয়ৰ সম্ভাৱনা’ হ’ব বুলি ৰাজ্যিক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি নাছিম খানে সাংবাদিকৰ আগত কৈছে৷ উল্লিখিত দুটা উদাহৰণ অতি সাম্প্ৰতিক হিচাপে উল্লেখ কৰিলেও এতিয়াৰ প্ৰায়বোৰ নিৰ্বাচনতে এই অৰ্হতাটোৰ চৰ্চাই সৰ্বাধিক৷ জিকাৰ সম্ভাৱনাৰ ক্ষেত্ৰত প্ৰত্যাশীসকলৰ বৌদ্ধিক দক্ষতাবোৰতকৈ প্ৰধানকৈ গুৰুত্ব পায় আৰ্থিক সামৰ্থ্যৰ বিষয়টোৱে৷ জিকাৰ সম্ভাৱনাই প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব পোৱাৰ ভিত্তিক কিছুমান উদাহৰণে শক্তিশালী কৰি দিয়ে৷ ২০০৪ চনৰ লোক সভাৰ নিৰ্বাচনত গুৱাহাটী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী কিৰিপ চলিহাৰ হাতত বিজেপিৰ ড॰ ভূপেন হাজৰিকাৰ দৰে প্ৰাৰ্থী পৰাজিত হোৱাটো এই ক্ষেত্ৰত প্ৰণিধানযোগ্য এইবাবেই যে সমষ্টিটোৰ তদানীন্তন সাংসদ বিজয়া চক্ৰৱৰ্তীক আঁতৰাই দলে ড০ হাজৰিকাক প্ৰাৰ্থিত্ব দিছিল৷ বিজয়া চক্ৰৱৰ্তী জিকাৰ সামৰ্থ্য থকা প্ৰাৰ্থী৷ সেই সমষ্টিৰ পৰা বিজয়া চক্ৰৱৰ্তী সেই নিৰ্বাচনৰ পূৰ্বে আৰু তাৰ পৰৱৰ্তী নিৰ্বাচনতো বিজয়ী হৈছিল একমাত্ৰ Winnability অৰ্থাৎ বিজয়ৰ সামৰ্থ্যৰ কাৰণে৷ কিন্তু সেই সময়তে অসমীয়া জাতিৰ হিয়াৰ আমঠু হৈয়ো সেই নিৰ্বাচনত বৰেণ্য শিল্পীগৰাকী হাৰিছিল, নিৰ্বাচনত জিকাৰ তথাকথিত সামৰ্থ্য নথকাৰ বাবে৷ বিজয়া চক্ৰৱৰ্তী এগৰাকী বিশিষ্ট ৰাজনীতিক, সমাজকৰ্মী একালৰ এগৰাকী স্বনামধন্য শিক্ষক৷ তেখেতৰ বিজয় তথা নিৰ্বাচনত জিকিব পৰা সামৰ্থ্যই সমাজৰ ক্ষতি নকৰে, কিন্তু জিকাৰ সামৰ্থ্য থকাৰ বাবেই পাপ্পু যাদৱৰ দৰে ৰাজনীতিকসুদীৰ্ঘ দিন ধৰি লোক সভালৈ নিৰ্বাচিত হৈছে যি হত্যাত অভিযুক্ত, যাৰ বিৰুদ্ধে আছে ৪১টাকৈ গোচৰ৷ বৰ্তমান দেশৰ সংসদত থকা ৪০% সাংসদৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ৷ ২৫%ৰ অপৰাধ গুৰুতৰ৷ বিধানসভা বা বিধান পৰিষদবিলাকতো এনেকুৱাই ছবি বিদ্যমান৷ জিকাৰ সামৰ্থ্যই সৰ্বাধিক প্ৰাধান্য পোৱা বাবেই তথা পাৰিবাৰিক প্ৰভুত্বৰ পৰিপ্ৰেক্ষিততসংসদীয় মঞ্চবিলাকৰ ৰূপ এনেকুৱা হৈ পৰিছে৷ এয়া ভাৰতীয় গণতন্ত্ৰৰ বাবে, মূল্যবোধসম্পন্ন ৰাজনীতিৰ বাবে ভাবুকি বুলি বিবেচিত হ’বলৈ ধৰিছে৷ অসমত ৫টা সমষ্টিৰ নিৰ্বাচনতো জিকাৰ সামৰ্থ্যৰ প্ৰসংগটো চৰ্চালৈ অহা দেখা গৈছে৷ বিহালী সমষ্টিটোত বিজেপি বিৰোধী মৰ্চাই এতিয়ালৈকে প্ৰাৰ্থী ঘোষণা কৰিব পৰা নাই একমাত্ৰ এই কাৰণতে৷ এসময়ত কংগ্ৰেছৰ দুৰ্গ ৰূপে চিহ্নিত বিহালীত কংগ্ৰেছৰ আধিপত্য খৰ্ব হোৱাও কেইবা বছৰ হ’ল৷ এইবাৰ সমষ্টিটোৰ উপ-নিৰ্বাচনত কংগ্ৰেছো অন্তৰ্ভুক্ত হৈ থকা ‘অসম সন্মিলিত মঞ্চ’ই চি পি আই (এম-এল) লিবাৰেশ্যনৰ বিবেক দাসক প্ৰাৰ্থিত্ব দিয়াৰ আনুষ্ঠানিক প্ৰস্তাৱ দিয়াৰ বিপৰীতে কংগ্ৰেছে এনে এগৰাকী প্ৰাৰ্থীক যুঁজত নমাবলৈ বিচাৰিছে যিগৰাকীয়ে এতিয়ালৈকে কংগ্ৰেছত যোগদানেই কৰা নাই৷ জয়ন্ত বৰা নামৰ এই ব্যক্তিজন এতিয়াও বিজেপিৰ বুলিয়েই পৰিচিত আৰু তেওঁৰ পূৰ্বৰ বিধায়ক ৰঞ্জিত দত্তৰ সৈতে ঘনিষ্ঠতা থকা কথাটো সকলোৰে জ্ঞাত৷ কংগ্ৰেছৰ গৰিষ্ঠ অংশ এটাই বৰাক প্ৰাৰ্থিত্ব দিবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ কাৰণ হ’ল বিবেক দাসতকৈ তেওঁৰ হেনো জিকাৰ সামৰ্থ্য (Winnability) বেছি৷ এই কথাত  অসম সন্মিলিত মঞ্চৰ অন্য নেতাসকল ক্ষুব্ধ এইবাবেই যে তেওঁলোকে বিবেক দাসক প্ৰাৰ্থিত্ব দি বিৰোধী ঐক্যৰ যিটো বাৰ্তা জনসাধাৰণলৈ দিবলৈ বিচাৰিছে, সেইটো কংগ্ৰেছে মানি ল’ব খোজা নাই ‘বিজয়ৰ সামৰ্থ্যৰ দিশটোলৈ লক্ষ্য ৰাখি’৷ বিবেক দাসৰ দৰে জয়ন্ত বৰায়ো এতিয়ালৈকে নিৰ্বাচন জিকি পোৱা নাই যদিও কংগ্ৰেছে তেওঁৰ মাজত ‘জিকাৰ সামৰ্থ্য’ বিচাৰি পাই বিৰোধী ঐক্যৰ দিশটোকে অৱজ্ঞা কৰিবলৈ বিচাৰিছে৷ এই সৰু কথাটোৱে এটা কথাই প্ৰতিপন্ন কৰিছে যে ‘জিকাৰ সামৰ্থ্য’ৰ ‘অৰ্হতা’টোৱে এতিয়া গণতান্ত্ৰিক ৰাজনীতিৰ বৈশিষ্ট্যকে নোহোৱা কৰি পেলোৱাৰ উপক্ৰম ঘটাইছে, দলবোৰৰ চাৰিত্ৰিক পাৰ্থক্যও নোহোৱা কৰি পেলাইছে৷ জিকিব পাৰিলেই যিকোনো দলে যিকোনো ব্যক্তিক প্ৰাৰ্থিত্ব দিবলৈ কুণ্ঠাবোধ নকৰে, নীতি-আদৰ্শৰ কথা নাই৷ গণতন্ত্ৰৰ বাবে এনে প্ৰৱণতা শুভ লক্ষণ নহয়৷

Share This