ধ্ৰুপদী মৰ্যাদা, ভাষাৰ ভৱিষ্যৎ
Dainik Janambhumi
November 09, 2024
ডিজিটেল ডেস্কঃ ভাষা একোটাৰ উদ্ভৱ, বিকাশৰ ইতিহাস অতি দীঘলীয়া৷ প্ৰাক্ সভ্যতা যুগত আকাৰ-ইংগিত আৰু নানা ধৰণৰ উচ্ছাৰণেৰে মানুহে পৰস্পৰৰ মাজত সংযোগ স্থাপন কৰিছিল৷ এয়াই ভাষাৰ আদিম অৱস্থা৷ একোটা জনসমষ্টিৰ প্ৰতিজনৰ মাজত পাৰস্পৰিক ভাব বিনিময়ৰ এটা মাধ্যমৰ প্ৰয়োজন মানুহে অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল৷ তাৰে ফলশ্ৰুতি ভাষা৷
বহুকাল ধৰি মৌখিক ৰূপত চলি আহি আহি এটা পৰ্যায়ত ই লিখিত ৰূপ পালে৷ লিপিৰ বিকাশ হ’ল ভাষাৰ লিখিত ৰূপৰ প্ৰাথমিক চৰ্ত৷ সভ্যতাৰ যুগ আৰম্ভ হোৱাৰ বহু হাজাৰ বছৰলৈকে লিপি নাছিল৷ মানুহে শ্ৰুতিমধুৰ, লয় আৰু ছন্দযুক্ত কিছুমান শাৰী গাইছিল, সেইবোৰ শুনি পৰৱৰ্তী প্ৰজন্মই মনত ৰাখি আৰু পুনৰ উল্লেখ বা স্মৰণেৰে তাৰ ধাৰাবাহিকতা ৰক্ষা কৰিছিল৷ শুনি মনত ৰখা, মনত থকাৰ পৰা পুনৰ আবৃত্তি কৰাৰ বাবেই আমাৰ শাস্ত্ৰসমূহক শ্ৰুতি আৰু স্মৃতি বোলা হয়৷ সেইবাবেই একোটা সমৃদ্ধ ভাষাৰ সুবিস্তৃত ইতিহাসো থাকিব লাগিব৷ ভাষা বুলিলেই তাৰ প্ৰাচীনত্বৰ কথা আহি পৰে৷ অৱশ্যে প্ৰথমে মানুহ, তাৰ পাছতহে মানুহে কোৱা ভাষা৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ ভাষাও ভিন্ন ভিন্ন৷ প্ৰাকৃতিক, ভৌগোলিক পৰিৱেশৰ বৈচিত্ৰ্য আৰু আন প্ৰাসংগিক কাৰকেই এই ভিন্নতাৰ কাৰণ৷ কিন্তু তাৰ মাজতো একোটা ভাষা গোষ্ঠী, ভাষা পৰিয়াল থাকিব পাৰে৷ কিছু ক্ষেত্ৰত ভাষাৰ সাদৃশ্যতা আৰু সম্পৰ্কও থাকিব পাৰে৷ একোটা শক্তিশালী ভাষাই আন প্ৰতিৱেশী ভাষাক প্ৰভাৱিত কৰিব পাৰে৷ কিন্তু এনে প্ৰভাৱ আৰু সাদৃশ্যতা সত্ত্বেও একোটা ভাষাৰ নিজস্বতা বা মৌলিকতা থাকে৷ প্ৰাচীনতা, সাহিত্যৰ বিভিন্ন ৰূপ, লিপি, আন ঐতিহাসিক নিদৰ্শন আৰু মৌলিকতাৰ ভিত্তিতে ভাষা একোটাক ধ্ৰুপদী (Classical) আখ্যা দিয়া হয়৷ সংক্ষেপতে ক’বলৈ গ’লে ধ্ৰুপদী মানে হ’ল প্ৰাচীন আৰু ঐতিহ্যসম্পন্ন৷ শেহতীয়াকৈ অসমীয়া ভাষাকো ধ্ৰুপদী ভাষাৰূপে স্বীকৃতি দিয়া হৈছে আন চাৰিটা ভাৰতীয় ভাষাৰ লগতে৷ ভাষা এটাৰ সমৃদ্ধি নিৰ্ভৰ কৰে তাৰ প্ৰয়োগৰ ওপৰত৷
ভাষা মূলতঃ এটা প্ৰায়োগিক বিষয়, যাক মানুহে কথোপকথন আৰু আন লিখিত ৰূপত ব্যৱহাৰ কৰে৷ এটা ভাষা কিমান এলেকা জুৰি কিমানসংখ্যক মানুহৰ মাজত প্ৰচলিত সেয়াও ভাষাৰ সমৃদ্ধিৰ লগত সম্পৰ্কিত৷ আজিৰ বিশ্বত প্ৰতিবছৰেই বহুত ভাষাৰ মৃত্যু ঘটি আছে বুলি ভাষা তাত্ত্বিক আৰু ভাষা সম্পৰ্কীয় ইতিহাসবিদে জানিবলৈ দিয়ে৷ ইয়াৰ কাৰণ হ’ল আধুনিক যুগত ভাষা একোটাৰ প্ৰয়োগ ক্ষেত্ৰ সংকুচিত হোৱা, শক্তিশালী ভাষাৰ বিস্তাৰ আৰু প্ৰভুত্বই বৃদ্ধি পোৱা, বিজ্ঞান-প্ৰযুক্তি, শিল্প- বাণিজ্য আদিৰ ক্ষেত্ৰত ভাষা একোটা প্ৰয়োগ নোহোৱা বা এই ক্ষেত্ৰত অতি অপ্ৰাসংগিক হৈ পৰাটো৷ শিল্প বিপ্লৱৰ পাছত বিশ্বত পুঁজিবাদ আৰু উপনিৱেশবাদৰ উত্থান আৰম্ভ হয়৷ ইউৰোপ মহাদেশৰ কিছুমান জাতিয়ে সমুদ্ৰ অভিযান চলাই বিশ্বৰ বিভিন্ন প্ৰান্তত উপনীত হয়গৈ৷ সেই অঞ্চলবোৰ দখল কৰি তাৰ আদিবাসী মানুহবোৰৰ ওপৰত দমন-নিপীড়ন আৰম্ভ কৰে৷ ফলস্বৰূপে সেই সেই অঞ্চলৰ পুৰাতন বাসিন্দাসকলৰ ভাষা-সংস্কৃতি বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ল৷ আনহাতে ইউৰোপৰ শক্তিশালী জাতিসমূহৰ ভাষা সমগ্ৰ বিশ্বতে বিয়পি পৰিল৷ ইংৰাজী, ফৰাচী, স্পেনিছ, পৰ্তুগীজ আদি ভাষা ইউৰোপৰ পৰা ওলাই আহি এছিয়া, আফ্ৰিকা, আমেৰিকা, দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া আদিলৈ বিয়পিল৷
উপনিৱেশবাদৰ প্ৰতিযোগিতাত সবাতোকৈ আগত আছিল ইংৰাজসকল৷ অভিযানকাৰী আৰু জলদস্যু ৰূপত আমেৰিকালৈ যোৱাসকলৰ ভিতৰত ব্ৰিটিছৰ সংখ্যাই অধিক৷ সেয়েহে আমেৰিকা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু আফ্ৰিকা-দক্ষিণ আমেৰিকাৰ বহু ঠাইত তেওঁলোকৰ খোপনি হ’ল৷ ভাৰতবৰ্ষও ব্ৰিটিছৰ বেলি ডুব নোযোৱা সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হ’ল৷ ইংৰাজী ভাষা বিশ্ব ভাষা ৰূপে স্বীকৃত হোৱাৰ পথ মুকলি হ’ল৷ অৰ্থাৎ সেই ভাষা ব্যৱহাৰকাৰী লোকৰ সংখ্যা আৰু এলেকা দ্ৰুতগতিত বৃদ্ধি পালে৷
ভাৰতীয় ভাষাসমূহ বহু প্ৰাচীন৷ সংস্কৃত, তামিল প্ৰাকৃত-পালি আদি সমৃদ্ধ ইতিহাস আছে৷ এই ভাষাসমূহ ইতিমধ্যেই ধ্ৰুপদীৰূপেও স্বীকৃত৷ কিন্তু তামিলক বাদ দি সংস্কৃত-পালি-পাকৃত কোনোটোৱেই জীৱন্ত [Living] ভাষা নহয়৷ তাৰ যি জীৱন্ত ৰূপ বৰ্তমান আছে সেয়া কেৱল বিদ্যায়তনিকহে৷ অৰ্থাৎ বিশ্ববিদ্যালয়-মহাবিদ্যালয় স্তৰত গৱেষণাৰ ৰূপত বাছি আছে৷ এই ভাষাসমূহৰ ব্যাৱহাৰিক প্ৰয়োগ অত্যন্ত সীমিত৷ ই আৰু জনসাধাৰণৰ ভাষা হৈ থকা নাই৷ চৰকাৰী পৃষ্ঠপোষকতাত কেৱল বৰ্তি আছে বুলিব পাৰি৷ সেয়েহে কেৱল ধ্ৰুপদী স্বীকৃতিয়ে ভাষা একোটাৰ আয়ুস ৰেখা নিৰূপণ কৰিব নোৱাৰে৷ বৰ্তি থাকিবলৈ হ’লে বা সমৃদ্ধ হ’বলৈ হ’লে ভাষা এটাৰ প্ৰয়োগ ক্ষেত্ৰ বিস্তাৰিত কৰিব লাগিব৷ বিজ্ঞান-প্ৰযুক্তি, শিল্প-বাণিজ্য আদি বিভিন্ন ক্ষেত্ৰত তাৰ প্ৰয়োগ হ’ব লাগিব৷ বেজবৰুৱাই মাতৃভাষা আৰু মাতৃদুগ্ধ একে পৰ্যায়ৰে বুলি কৈছে৷
দুয়োটাই মানুহৰ প্ৰাকৃতিক আৰু মৌলিক প্ৰয়োজন৷ আজিৰ পৃথিৱীত বহু ভাষিক যুগ চলিছে৷ বৃত্তিগত আৰু আন জৰুৰীকাৰণত অধিক প্ৰচলিত ভাষা গ্ৰহণ কৰিব লগাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কিন্তু এনে প্ৰত্যাহ্বান সত্ত্বেও মাতৃভাষা কেতিয়াও অপ্ৰাসংগিক হৈ উঠিব নোৱাৰে৷ একোটা প্ৰাদেশিক ভাষা, আঞ্চলিক ভাষাক সমৃদ্ধ কৰি ৰখাটো কষ্টসাধ্য হৈ আহিছে দিনকদিনে৷ শিক্ষা ক্ষেত্ৰৰ পৰা যদি এটা ভাষাক নিৰ্বাসন দিয়া হয় তেন্তে বৃহত্তৰ শিক্ষাৰ্থী সমাজৰ পৰা ই বিচ্ছিন্ন হৈ পৰে৷ ভাষা এটাৰ বিকাশ-বিস্তাৰৰ গুৰুত্বপূৰ্ণ দিশবোৰ আওকাণ কৰি কেৱল অনুষ্ঠান উদ্যাপন ফলপ্ৰসূ হ’ব নোৱাৰে৷
Share This