গণতন্ত্রলৈ ভাবুকি

dainik janambhumi April 22, 2025

ডিজিটেল ডেস্ক : আমাৰ দেশৰ গণতন্ত্ৰৰ দুই মূল স্তম্ভ কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজৰ সংঘাতে এনেকুৱা এটা পর্যায় পাইছেগৈ যে সাধাৰণ মানুহৰ গণতন্ত্ৰৰ ওপৰত বিশ্বাস ক্রমান্বয়ে টুটিবলৈ আৰম্ভ কৰিছে আৰু সাধাৰণ মানুহে এটা কথা ধাৰণা কৰিবলৈ আৰম্ভ কৰিছে যে দুয়ো পক্ষৰ এই অৰিয়াঅৰি ভালৰ বাবে হোৱা নাই; এনেকুৱা প্ৰৱণতাই উঁই পোকৰ দৰে দুয়োটা স্তম্ভকে ভিতৰি ভিতৰি আক্ৰান্ত কৰি শক্তিহীন কৰি পেলাব পাৰে। ইয়াৰ পৰিণতিত গণতন্ত্ৰৰ মৃত্যু ঘটিব নেকি সেই কথা এতিয়াই ক'ব পৰা নগ'লেও আমাৰ দেশে ইমানদিনে গৌৰৱ কৰি অহা গণতন্ত্র যে বিশ্বৰ সন্মুখত মর্যাদাহীন হৈ পৰিব সেয়া খাটাং। ইতিমধ্যে এই দুটা স্তম্ভৰ সংঘাতৰ বিষয়ে যথেষ্ট চর্চা হৈছে; শেহতীয়াকৈ তামিলনাড়ু বিধানসভাই গৃহীত কৰা বিধেয়ক আৰু বাক্‌ফ আইনক লৈ উচ্চতম ন্যায়ালয়ে দিয়া ৰায় আৰু নির্দেশবিলাকে বিষয়টোক অধিক গুৰুতৰ অৱস্থালৈ লৈ গৈছে। এই বিষয়ত আনকি উপ-ৰাষ্ট্ৰপতিগৰাকীয়েও মুকলি বিষোদ্গাৰ প্ৰকাশ কৰাত দুয়োপক্ষৰ সম্পৰ্কৰ যে ভৱিষ্যতে অধিক অৱনতি ঘটিব সেইটো একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে। 

এইখিনিতে এটা কথা উল্লেখ কৰা উচিত হ'ব যে আমাৰ সংবিধানখনে গণতন্ত্ৰৰ তিনিওটা স্তম্ভ ক্রমে বিধানমণ্ডল, কার্যপালিকা আৰু ন্যায়পালিকাৰ ক্ষমতা আৰু পৰিসীমা নির্ধাৰণ কৰি দিছে। তেনেকৈ দেশৰ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্রধানমন্ত্রীকে ধৰি পদাধিকাৰীসকলৰ ক্ষমতা আৰু মৰ্যাদাও নিৰ্ধাৰিত হৈছে সংবিধানৰ জৰিয়তে। ভাৰতীয় সংবিধানৰ ১৪২ অনুচ্ছেদ হৈছে এনেকুৱা এটা দফা যাৰ জৰিয়তে 'সম্পূর্ণ ন্যায়' প্ৰদানৰ অধিকাৰ উচ্চতম ন্যায়ালয়ক প্ৰদান কৰা হৈছে। যিবিলাক বিষয় উচ্চতম ন্যায়ালয়ৰ সন্মুখলৈ অনা হয়, সেই বিষয়ত যাতে 'সম্পূর্ণ ন্যায়' প্ৰদান কৰিব পাৰে তাৰ বাবে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ক বিশেষ ক্ষমতা দিয়া হৈছে। গণতন্ত্রক শক্তিশালী কৰি ৰাখিবলৈ হ'লে যে ন্যায়পালিকাৰ এনেকুৱা বিশেষ ক্ষমতাৰ সময়ে সময়ে প্রয়োজন হ'ব পাৰে, সেই কথা আমাৰ সংবিধান প্রণেতাসকলে অনুভৱ কৰিছিল। সেই কাৰণেই ১৪২ অনুচ্ছেদ সংবিধানত অন্তর্ভুক্ত কৰা হৈছিল। কিন্তু কেইদিনমান পূর্বে দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে উচ্চতম ন্যায়ালয়ক দিয়া এই ১৪২ অনুচ্ছেদৰ বিশেষ ক্ষমতাক গণতান্ত্রিক শক্তিসমূহৰ বিৰুদ্ধে 'নিউক্লিয়েৰ মিছাইল (পাৰমাণৱিক ক্ষেপণাস্ত্র)' বুলি তাচ্ছিল্য কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীৰ এই সমালোচনাৰ কাৰণ হ'ল তামিলনাডু বিধানসভাই গৃহীত কৰা কিছুসংখ্যক বিধেয়ক সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া কঠোৰ ৰায়। 

উক্ত বিধেয়ককেইখনত তামিলনাডুৰ ৰাজ্যপালে সন্মতিও জনোৱা নাছিল আৰু বিধানসভালৈ ঘূৰায়ো পঠোৱা নাছিল। ৰাষ্ট্ৰপতিৰ বিবেচনাৰ বাবে প্ৰেৰণ কৰাৰ অচিলা দেখুৱাই ৰাজ্যপালে বিধেয়ককেইখন পেলাই থৈছিল। তেতিয়া সর্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বাধীন বিচাৰপীঠ এখনে এই কার্য সংবিধানসম্মত হোৱা নাই বুলি মত প্রকাশ কৰি সংবিধানৰ নিৰ্ধাৰিত ধাৰাৰ উল্লেখেৰে ৰাষ্ট্ৰপতিক ৩ মাহৰ সময়সীমা বান্ধি দি কৈছিল যে ইয়াৰ পাছতো ৰাষ্ট্ৰপতিয়ে বিধেয়কত অনুমোদন নজনালে তাৰ যথোচিত কাৰণ দর্শাব লাগিব। এই ৰায়তে ক্ষুব্ধ হৈ উপ-ৰাষ্ট্ৰপতিয়ে সর্বোচ্চ ন্যায়ালয়ৰ ক্ষমতাক তাচ্ছিল্য কৰা মন্তব্যৰে বিস্ফোৰণ ঘটাইছিল। উপ-ৰাষ্ট্ৰপতিৰ এনে ভূমিকাত উৎসাহিত হৈয়ে বিজেপিৰ এগৰাকী সাংসদ নিশিকান্ত ডুবেই উচ্চতম ন্যায়ালয়ক মুকলিকৈ সমালোচনা কৰি দুদিন পূর্বে কৈছিল- যদি উচ্চতম ন্যায়ালয়েই আইন প্ৰস্তুত কৰিব পাৰে, তেনেহ'লে সংসদৰ কি প্রয়োজন? সংসদ ভবন ভাঙি দিব লাগে। গণতন্ত্ৰৰ দুটা স্বয়ং সম্পূর্ণ খুঁটা হোৱা সূত্রে ন্যায়পালিকা, কার্যপালিকা প্রত্যেকেই আত্মমর্যাদাৰ প্ৰতি সচেষ্ট হোৱাটো স্বাভাৱিক। ইয়াক লৈ সংঘাত সৃষ্টি হোৱাটোতো অস্বাভাৱিকতা নাই। কিন্তু এইবাৰ এই সংঘাতে মৰ্যাদাৰ পৰিসীমা চেৰাই যোৱা পৰিলক্ষিত হৈছে। এসময়ত সর্বোচ্চ ন্যায়ালয়ৰ ৰায়ৰ বাবে জৰুৰী অৱস্থাৰ পাছত ইন্দিৰা গান্ধী ক্ষমতাচ্যুত হ'ব লগা হৈছিল। তেতিয়াও কিন্তু কার্যপালিকা-ন্যায়পালিকাৰ সংঘাতে এই পর্যায় পোৱা নাছিল। এইবাৰ তামিলনাডুৰ বিধেয়ক আৰু ৱাক্‌ফ আইনক কেন্দ্ৰ কৰি যি মুকলি সংঘাতৰ সূত্রপাত হৈছে সেই ক্ষেত্রত উচ্চতম ন্যায়ালয়ৰ ভূমিকাক সমালোচনা কৰিব পৰা যায়নে? 

দুয়োটা বিষয় উচ্চতম ন্যায়ালয়ৰ সম্মুখলৈ অহাৰ পাছত সংবিধানে দিয়া 'সর্বোচ্চ ন্যায়'ৰ দায়িত্ব পালন কৰিছে নে নাই বা ন্যায়ালয়ৰ ভূমিকাত অসাংবিধানিক পক্ষপাতিত্ব আছে নেকি তাৰ বিচাৰ-বিশ্লেষণ হোৱা উচিত আছিল যদিও তাৰ পৰিৱৰ্তে শাসকীয় পক্ষৰ তৰফৰ পৰা ন্যায়পালিকাৰ সাংবিধানিক অধিকাৰক কটাক্ষ, সমালোচনা কৰা হৈছে। উল্লেখযোগ্য যে বাক্‌ফ আইনখনত উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ দিয়া নাই। ইয়াৰ কেইটামান দফাৰ ঔচিত্যৰ ব্যাখ্যাহে বিচাৰিছে। ইয়াক লৈ আচলতে শাসকীয় পক্ষ ক্রোধান্বিত হোৱাৰ যুক্তি নাছিল। এনে পৰিপ্ৰেক্ষিতত বাৰে বাৰে ক'ব পাৰি দায়িত্বশীল একাংশই যি মুকলি সংঘাতত লিপ্ত হৈছে সেয়া শুভ লক্ষণ নহয়। সুস্থ গণতন্ত্র বৰ্তাই ৰাখিবলৈ হ'লে ইয়াৰ মূল খুঁটা তিনিটাই পৰস্পৰৰ গুৰুত্বক অনুধাৱন কৰিব লাগিব, সন্মান কৰিব লাগিব।

Share This