ডিজিটেল ডেস্ক: এখন দেশ তথা এটা জাতি আগবাঢ়ি যাবলৈ হ'লে অন্যান্য বহু উপাদানৰ মাজৰ ভিতৰত ইয়াৰ নাগৰিকসকল সু-স্বাস্থ্যৰ অধিকাৰী হোৱাটো বিশেষ প্রয়োজনীয় কথা। এনেইনো কয়নে 'স্বাস্থ্যই পৰম ধন' বুলি। এনে প্ৰসংগতে ভাৰতবৰ্ষত মেদবহুল নাগৰিকৰ সংখ্যা বৃদ্ধিত সঠিকভাৱেই উদ্বিগ্নতা প্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। বিগত ১১৯ সংখ্যক 'মন কী বাত'ত প্রধানমন্ত্রীয়ে মেদবহুলতাত ভোগা লোকৰ সংখ্যা দেশত দিনকদিনে বৃদ্ধি পোৱাত গভীৰ উদ্বেগ প্রকাশ কৰিছে। বিশ্ব স্বাস্থ্য সংগঠনৰ তথ্যক উদ্ধৃতি দি তেওঁ কয় যে ২০২২ চনত মেদবহুলতাত ভোগা লোকৰ সংখ্যা প্রায় ২৫০ কোটি। এটা অধ্যয়নৰ পৰা জানিব পৰা মতে, এতিয়া প্রতি দহজন ব্যক্তিৰ আঠজনেই মেদবহুলতাৰ সমস্যাত আক্রান্ত। বিগত কেইবছৰমানত মেদবহুলতাত ভোগা লোকৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে।
বিশেষ মন কৰিবলগীয়া কথাটো হ'ল শিশুসকলৰ মাজত এই সমস্যা চাৰি গুণ বৃদ্ধি পাইছে। প্রসংগতে উল্লেখযোগ্য যে এই মেদবহুলতা অর্থাৎ শৰীৰত প্ৰয়োজনতকৈ অধিক মেদ জমা হোৱা লোকসকলেই প্রধানকৈ বহুমূত্ৰ আৰু উচ্চ ৰক্তচাপত আক্রান্ত হয়। চিন্তনীয় কথাটো হ'ল ভাৰতবৰ্ষত বহুমূত্ৰ ৰোগীৰ সংখ্যা বিশ্বৰ ভিতৰতে সৰ্বাধিক আৰু সেয়েহে ভাৰতবৰ্ষক 'বিশ্বৰ বহুমূত্ৰ ৰোগৰ ৰাজধানী' বুলি স্বাস্থ্য বিশেষজ্ঞসকলে আখ্যায়িত কৰিছে। উচ্চ ৰক্তচাপৰ ক্ষেত্ৰত পৰিস্থিতি প্রায় একেই। এইখিনিতে আৰু ক'ব লাগিব যে খাদ্যাভ্যাসকে ধৰি ত্রুটীপূৰ্ণ জীৱনশৈলী যাপনৰ বাবে শৰীৰত যিবোৰ ৰোগে বাহ লয়, তাৰ ভিতৰত বহুমূত্ৰ আৰু উচ্চ ৰক্তচাপ অন্যতম। সেয়ে মেদবহুলতাৰ প্রসংগত উদ্বিগ্নতা প্রকাশ কৰি দেশৰ প্ৰধানমন্ত্ৰীজনে কয়, 'খোৱা-বোৱাৰ অভ্যাসত সামান্য সালসলনি কৰি আমি হৃদৰোগ, মধুমেহ আৰু মানসিক উদ্বেগৰ দৰে ৰোগৰ পৰা হাত সাৰি থাকিব পাৰোঁ।' এই প্রসংগত তেওঁ খোৱা তেলৰ ব্যৱহাৰ হ্ৰাস কৰাৰ পৰামৰ্শ দিয়ে। তেওঁ কয় যে প্রতিজন ব্যক্তিয়ে যদি খোৱা তেলৰ ব্যৱহাৰ ১০ শতাংশ হ্রাস কৰে আৰু আনকো এই কাম কৰিবলৈ উৎসাহিত কৰে, তেতিয়া এই সমস্যা সমাধান কৰিব পৰা যায়। খোৱা তেলৰ ব্যৱহাৰ হ্ৰাস কৰাটো মেদবহুলতাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব বুলি তেওঁ কয়।প্রধানমন্ত্রীজনে আৰু কয়, 'এক শাৰীৰিকভাৱে সক্ষম আৰু স্বাস্থ্যৱান ভাৰত নিৰ্মাণৰ বাবে আমি অবেছিটিৰ (মেদবহুলতা) সমস্যাৰ মোকাবিলা কৰিবই লাগিব।' প্ৰধানমন্ত্ৰীৰ উদ্বেগ আৰু মেদবহুলতাৰ প্ৰসংগটো নিশ্চয় গুৰুত্বপূৰ্ণ। এফালে শাৰীৰিক শ্ৰমৰ প্ৰতি অনীহা আৰু আনফালে জাংক ফুডকে ধৰি অস্বাস্থ্যসন্মত খাদ্যই যে মেদবহুলতাৰ প্ৰধান কাৰণ, সেই কথা বিশেষজ্ঞই ইতিমধ্যে বাৰম্বাৰ উল্লেখ কৰিছে। শাৰীৰিক পৰিশ্ৰমৰ প্ৰসংগ বাদ দি যদি কেৱল খোৱা-বোৱাৰ প্রসংগটো চাওঁ, তেনেহ'লে দেখা যায় পৰম্পৰাগত ঘৰুৱা খোৱা-বোৱাসমূহ এৰি আমি অধিকাংশই নানা তৰহৰ দেশী-বিদেশী খাদ্যত অভ্যস্ত হৈ পৰিছোঁ।
আমি সততে পাহৰি গৈছোঁ যে এটা অঞ্চলৰ মানুহৰ খাদ্যাভ্যাস তেওঁলোকৰ ভৌগোলিক অৱস্থিতি, অঞ্চলটোৰ কৃষি, জলবায়ু, নৃগোষ্ঠীগত পৰিচয়, সংস্কৃতি ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰি দীৰ্ঘদিনীয়া অভ্যাস আৰু পৰম্পৰাৰ আধাৰত গঢ় লৈ উঠে। কিন্তু এই দীর্ঘদিনীয়া পৰম্পৰা পৰিহাৰ কৰি আন অঞ্চলৰ খাদ্যক জিভাই আদৰিলেও দেহাই আদৰি নলয়। পৃথিৱীৰ বহু অঞ্চলত মাংস যিদৰে তেওঁলোকৰ প্ৰধান আহাৰ, আমাৰ বাবে সেয়া নহয়। কিন্তু গোলকীয় পৃথিৱীৰ গইনা লৈ, বিশেষকৈ ইণ্টাৰনেট, ইউটিউবত সহজলভ্য হৈ পৰা দেশ-বিদেশৰ নানান খাদ্য কোন সুৰুঙাৰে আহি আমাৰ পাকঘৰ সোমালহি, আমি ততকে ধৰিব নোৱাৰোঁ। আনকি আমি যিবোৰ ঘৰুৱা খোৱা বুলি কওঁ, সেইবোৰো আচলতে ঘৰত ৰন্ধাহে। চচ, চীজকে ধৰি দেশী-বিদেশী নানা উপকৰণেৰে ৰন্ধা সেইবোৰ কোনো কাৰণতে ঘৰুৱা খোৱা-মানে স্বাস্থ্যসন্মত খোৱা বুলি ভবাৰ পৰিধিৰ মাজত নাথাকিল। সেইদৰে প্রধানমন্ত্রীয়ে কোৱাৰ দৰে তেলত ডুবাই ৰন্ধা এপদ জুতি লগা খাদ্য খোৱাৰ মানসিকতাই আমাক মেদবহুলতাৰ দিশলৈ কেনেকৈ আগবঢ়াই নিছে, সেয়া প্রায়ে ভাবি চোৱা নহয়। অকণমান মিঠতেল দি ৰন্ধা মাটি কাঁদুৰি, খুতুৰা নাইবা বনশাকৰ আঞ্জাখন আজিকালি আমাৰ এলাগী। তাৰ পৰিৱৰ্তে ৰিফাইন, ময়দা এইবোৰেৰে তৈয়াৰী খাদ্য আমাৰ জিভাৰ পাগত উঠা। তিনি সাঁজ প্রধান খাদ্য খোৱাৰ পাছতো মাজৰ সময়খিনিত নানান মুখৰোচক খাদ্যৰ জুতি লৈ আমি আনন্দ পাওঁ, কিন্তু চকু নিদিওঁ এই অতিৰিক্ত খাদ্যৰ অভ্যাসে আমাৰ শৰীৰৰ মধ্যভাগ কিদৰে দৃষ্টিকটুভাৱে বহল কৰি আনিছে। যি খাদ্য শৰীৰৰ শক্তিৰ আধাৰ, সেই খাদ্য বা খাদ্যাভ্যাস যে আমাৰ বহুতো ৰোগৰ কাৰণ হৈ পৰে সেই কথা অনেকেই জানিও বুজিব নোখোজে। সাধাৰণতে উজু আৰু খৰতকীয়াকৈ পোৱা বহুবোৰ কথাই ভাল নহয়। ফাষ্টফুড ইয়াৰ এটা ভাল উদাহৰণ যেন লাগে। ফাষ্টফুডৰ অপকাৰিতাৰ বিষয়ে ইতিমধ্যে বিভিন্ন বিশেষজ্ঞই মত পোষণ কৰিছে। নিজৰ আৰু পৰিয়ালৰ স্বাস্থ্যৰ স্বার্থত এই ফাষ্টফুড, বিশেষকৈ তেলত ডুবাই ভজা খাদ্য পৰিহাৰ কৰা উচিত। এই ফাষ্টফুড, বিভিন্ন প্রচেছড্ ফুড আৰু ঘৰৰ ভিতৰৰ আৰামপ্রিয় জীৱন যে আমাৰ শত্রু, সেই কথা নুবুজিলে আমি প্রতিজনেই মেদবহুলতাৰ চিকাৰ হ'ব লাগিব। সেয়ে প্ৰধানমন্ত্ৰীৰ এই সময়োপযোগী উদ্বেগ দেশৰ প্ৰতিজন স্বাস্থ্য সচেতন, জীৱন-বিলাসী মানুহৰ উদ্বেগ হোৱা উচিত। খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ সম্পৰ্কত এতিয়াই যথোপযুক্ত গুৰুত্ব নিদিলে জিভাৰ জুতিৰ আনন্দ এদিন কেৱল স্মৃতি হৈ ৰ'ব, শৰীৰে নিদিব জুতি লগা খাদ্য গ্ৰহণৰ অনুমতি। সেই দিন সকলোৰে বাবে হ'ব বৰ দুখৰ।