ডিজিটেল ডেস্কঃ হাতী-মানুহৰ শত্ৰু কোনোকালেই নাছিল, এতিয়াও নহয়৷ প্ৰাণীকুলৰ আটাইতকৈ বিশাল অৱয়বৰ এই প্ৰাণীবিধৰ মানুহৰ সৈতে সহাৱস্থান পৌৰাণিক যুগৰে পৰাই৷ দেৱৰাজ ইন্দ্ৰৰ বাহন ঐৰাৱত নামৰ এটা হাতী বুলি হিন্দু ধৰ্মবিশ্বাসী একাংশই প্ৰাচীন কালৰে পৰাই বিশ্বাস কৰি আহিছে৷ হৰ-গৌৰীৰ পুত্ৰ গণেশেও ঘটনাচক্ৰত পৰি হস্তীমুণ্ড ধাৰণ কৰিব লগা হোৱাৰ আখ্যানো হিন্দু ধৰ্মশাস্ত্ৰত আছে৷ সেয়েহে, হাতীক দেৱতাৰ ৰূপ বুলিয়েই বিশ্বাস কৰি এই ধৰ্মবিশ্বাসীসকলে ভক্তি-অৰ্চনা কৰে৷ প্ৰাগ ঐতিহাসিক যুদ্ধবিলাকত হাতী আছিল ৰজা-মহাৰজাৰ অন্যতম মূল বাহন৷
ৰজা ভগদত্তৰ অশ্বত্থামা হাতীটোক অৱলম্বন কৰি এটা কাহিনীয়েই আছে- ‘অশ্বত্থামা হত ইতি গজ...’৷ স্বৰ্গদেউ চ্যুকাফায়ো হেনো পুৰণি ৰাজ্য এৰি অসমলৈ আহোঁতে এটা দঁতাল আৰু এজনী মাখুন্দী হাতী লগত লৈ আহিছিল৷ আহোম ৰাজত্বৰ কালত বনৰীয়া হাতী ধৰি ৰাজকীয় বাহিনীত ব্যৱহাৰ কৰাটো ৰজাৰ এটা ব্যৱস্থাই আছিল৷ হাতী ধৰাত ব্যৰ্থ হোৱা বাবে গুৰুজনা শংকৰদেৱ কেনেকৈ আহোম ৰজাৰ ৰোষত পৰিছিল সেই কাহিনী আমাৰ ইতিহাসত আছে৷ এনেকৈ হাতীক কেন্দ্ৰ কৰি, হাতী-মানুহৰ বান্ধোনক কেন্দ্ৰ কৰি ইতিহাস, পৌৰাণিক আখ্যানৰ বহু পৃষ্ঠা আছে৷ আজিৰ পৰা পাঁচ দশকমানৰ আগলৈকে হাতী আছিল আভিজাত্যৰ প্ৰতীক৷ অসমৰ একাংশ অঞ্চলত হাতী থকা মানুহবোৰ চিহ্নিত হৈছিল ধনী মানুহ হিচাপে৷ পাহাৰ-অৰণ্যত কটা বিশাল বিশাল কাঠৰ কুন্দাবোৰ কঢিয়াই আনিছিল হাতীয়ে৷
গৌৰীপুৰৰ জমিদাৰৰ পৰিয়ালৰ সৈতে হাতীৰ সম্পৰ্ক, বিখ্যাত ‘হস্তীৰ কন্যা’ গীত অসমীয়া জনজীৱনৰ এক উল্লেখযোগ্য অধ্যায়৷ এতিয়াও ৰাষ্ট্ৰীয় উদ্যানবিলাক দৰ্শন [ছাফাৰী]ৰ অন্যতম মূল বাহন হাতীয়েই৷ গতিকে, হাতীৰ এনেকুৱাবোৰ অধ্যায়ৰ সৈতে জনজীৱন নিবিড়ভাৱে সম্পৰ্কিত হৈ থকা অৱস্থাত হাতীক শত্ৰু বুলি ভাবিব পৰাৰ কোনো অৱকাশেই নাই৷ কিন্তু এতিয়া ‘হাতীবন্ধু’ শব্দটো বিখ্যাত হৈ পৰিছে অন্য এক অধ্যায়ক কেন্দ্ৰ কৰি৷ এই শব্দটো আহিছে হাতী-মানুহৰ সংঘাতৰ এক অনাকাংক্ষিত বাস্তৱক কেন্দ্ৰ কৰি৷ অনাদি অনন্ত কালৰ পৰা মানুহৰ উপাস্য, মিত্ৰ হৈ অহা হাতী কিছুমান মানুহৰ বাবে এতিয়া আতংকৰ অন্য এক নাম৷ হাতী-মানুহৰ সংঘাতক কেন্দ্ৰ কৰি ২০০১ চনৰ পৰা ২০২২ চনলৈ প্ৰাপ্ত তথ্য মতে ৰাজ্যত ১,৩৩০টা হাতীয়ে প্ৰাণ হেৰুৱাইছে৷ মানুহৰ মৃত্যুৰ সংখ্যা হৈছে ৯৪৯গৰাকী৷
কৃষিভূমিৰ ধ্বংস, ঘৰ-দুৱাৰ ধ্বংসৰ সীমা-সংখ্যা নাই৷ ৰাজ্যত এনেকুৱা কিছুমান ঠাই আছে য’ত হাতী-মানুহৰ সংঘাতৰ বাবে প্ৰায়ে মানুহে বিনিদ্ৰ ৰজনী কটাব লগা হয়৷ এনে পৰিস্থিতিৰ পৰাই উদ্ভৱ হৈছে ‘হাতীবন্ধু’ শব্দটো৷ নগাঁও জিলাৰ এটা সংগঠনৰ নাম ‘হাতীবন্ধু’, যিটো সংগঠনৰ নাম আৰু কাম উচ্চাৰণ হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত৷ প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰিছে এই সংগঠনটোক তেওঁলোকৰ এক অনন্য উদ্যোগৰ বাবে৷ তাৰ পূৰ্বে এই ‘হাতীবন্ধু’ৰ নামত এখন তথ্যমূলক চিনেমাও নিৰ্মাণ হৈছে, যিখনে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় স্তৰত প্ৰশংসা লাভ কৰিছে আৰু ইয়াত দিয়া ধাৰাভাষ্যৰ বাবে সদ্য প্ৰয়াত কুলদা কুমাৰ ভট্টাচাৰ্যই ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ধাৰাভাষ্যকাৰৰ বঁটাও লাভ কৰিছিল৷ এই ‘হাতীবন্ধু’ৰ মূল উদ্যোক্তা দুগৰাকী হৈছে প্ৰদীপ ভূঞা আৰু বিনোদ দুলু বৰা৷ কাৰ্বি আংলং সীমান্তৰ হাতীখুলি ৰংহাং গাঁৱৰ খেতিপথাৰবিলাক হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবৰ বাবে এওঁলোকে ২০১৭ চনতে জন্ম দিছিল ‘হাতীবন্ধু’ৰ৷ এই ‘হাতীবন্ধু’ৱে ২০০ বিঘা মাটিত হাতীৰ বাবে ধান খেতি কৰি আৰু পাহাৰীয়া এলেকাত নেপিয়াৰ ঘাঁহৰ খেতি কৰি আহিছে৷ এই ধাননি আৰু ঘাঁহনিতে হাতীৰ পালে প্ৰয়োজনীয় খাদ্য পোৱাৰ ফলত আৰু হাতীৰ পালক ইয়াতেই ‘হাতীবন্ধু’ৱে ব্যস্ত কৰি ৰখাৰ ফলত স্থানীয় খেতিয়কসকলে কষ্টৰে কৰা খেতি ৰক্ষা পৰিছে৷
প্ৰধানমন্ত্ৰীয়ে উচিত আৰু প্ৰত্যাশিতভাৱেই তেওঁৰ যোৱাটো ‘মন কী বাত’ৰ অনুষ্ঠানত এই ‘হাতীবন্ধু’ৰ কামৰ প্ৰশংসা কৰি সংগঠনটোক লৈ হোৱা চৰ্চা আৰু ব্যাপক কৰি পেলালে৷ কিন্তু প্ৰশ্ন হৈছে- এই প্ৰশংসায়েই মূল সমস্যাটোৰ সমাধান কৰিব জানো? ‘হাতীবন্ধু’ৱে এটা আদৰ্শনীয় পদেক্ষপ গ্ৰহণ কৰি সীমিত সামৰ্থ্য আৰু সীমিত পৰিসৰৰ মাজত অভিনৱ কাম কৰি কিছুসংখ্যক মানুহক হাতী-মানুহৰ সংঘাতৰ বলি হোৱাৰ পৰা ৰক্ষা কৰিছে৷ অসমৰ প্ৰান্তে প্ৰান্তে এই সংঘাত বিদ্যমান৷ সকলোতে ‘হাতীবন্ধু’ নাই বা এনেকুৱা কাম নিজস্ব সামৰ্থ্যৰে কৰাটো সকলোৰে বাবে সম্ভৱো নহয়৷ তেনেস্থলত ‘হাতীবন্ধু’ৰ সম্প্ৰসাৰণত কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে কিবা ব্যৱস্থা ল’ব নেকি? বা অনুৰূপ অন্য কিবা ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব নেকি? হাতীৰ দৰে মানুহৰ স্বাভাৱিক জীৱনযাত্ৰাত গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিছে অন্য এবিধ ‘উপাস্য’ প্ৰাণী বান্দৰে৷
বান্দৰৰ তাণ্ডৱতো ৰাজ্যৰ অৰ্থনীতিত এক গুৰুতৰ সংকটৰ সৃষ্টি হৈছে৷ ‘হাতীবন্ধু’ৰ দৰে আচলতে অসমবাসীক ‘বান্দৰবন্ধু’ৰো প্ৰয়োজন হৈছিল৷ প্ৰসংগক্ৰমে উল্লেখ কৰা উচিত যে হাতী আৰু বান্দৰ মানুহৰ সৈতে সংঘাতত লিপ্ত হোৱা পৰিস্থিতিটো কিয় হৈছে সেইটোও বিশেষভাৱে গুৰুত্ব দিবলগীয়া বিষয় আৰু এই মূল সমস্যাটো ‘হাতীবন্ধু’ৰ দৰে সংগঠনে সমাধান কৰিব নোৱাৰে৷ কাৰণ হাতী আৰু বান্দৰ এই দুয়োবিধ প্ৰাণীয়েই খাদ্য আৰু বাসস্থানৰ সমস্যাত পৰিছে৷ হাতীৰ বিচৰণৰ স্থান [হস্তী দণ্ডী]বোৰ নোহোৱা হৈ গৈছে৷ আৰু এটা উদ্বেগজনক কথা হৈছে হাতী আৰু বান্দৰ উভয়েই বিলুপ্তিৰ আশংকা থকা প্ৰাণীৰ তালিকাত সোমাইছে৷ খাদ্য বাসস্থানৰসংকটৰ বাবে বিশ্বৰ ৫০ শতাংশ হাতীৰ ইতিমধ্যে বিলুপ্তি ঘটিছে৷ বান্দৰৰো একে অৱস্থা৷ গতিকে, এই প্ৰাণী দুবিধৰ ভৱিষ্যৎ আৰু মানুহৰ সমস্যা এই দুয়োটা দিশ বিবেচনা কৰি এটা সহাৱস্থানৰ পৰিৱেশ গঢ়াটো অতি জৰুৰী৷ ‘হাতীবন্ধু’ ইয়াৰ বাবে উৎকৃষ্ট আদৰ্শ৷ এই সহাৱস্থানৰ আদৰ্শক ব্যাপক কৰি সমগ্ৰ ৰাজ্যক ইয়াত সামৰিবলৈ হ’লে চৰকাৰে আনুষ্ঠানিক পদক্ষেপ লোৱাৰ গত্যন্তৰ নাই৷