ডিজিটেল ডেস্কঃ অসমীয়া বর্ষপঞ্জী মতে ফাগুন হৈছে বছৰটোৰ একাদশ মাহ। অসমীয়া পঞ্জিকাত বছৰৰ আৰম্ভণি মাহ হৈছে বহাগ। সেয়ে বাকী জেঠ, আহাৰ, শাওণ, ভাদ, আহিন,কাতি, আঘোণ, পুহ, মাঘ আদি মাহৰ হিচাপত ফাগুন একাদশত পৰে আৰু দ্বাদশত পৰে চ'ত। অৱশ্যে অসমীয়া পঞ্জিকাৰ এই ৩০ দিনীয়া ফাগুন মাহৰ সময়ত গ্রেগৰিয়ান পঞ্জিকাত আকৌ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহ চলি থাকে। সেই অনুসৰি প্ৰতি বছৰে ১৪ বা ১৫ ফেব্রুৱাৰীত ফাগুন মাহৰ আৰম্ভণি হয় আৰু মাৰ্চৰ মাজমানলৈ ইয়াৰ সামৰণি পৰে।
অসমীয়াত ফাগুন যদিও একাদশ মাহ, কিন্তু ভাৰতবৰ্ষৰ কিছু কিছু প্রান্তত ইয়াক দ্বাদশ মাহ হিচাপেহে ধৰা হয়। আনহাতে গুজৰাটত ফাগুন হৈছে পঞ্চম মাহ। ইয়াত কাতি মাহকহে বছৰটোৰ প্ৰথম মাহ হিচাপে ধৰা হয়। সি যি নহওক ফাগুনৰ সময়খিনিৰ কিছু নিজা সুকীয়া বৈশিষ্ট্য আছে, যাৰ বাবে ই সদায়ে আনবোৰতকৈ পৃথক আৰু ব্যতিক্রম। ফাগুনেই দিয়ে বসন্তৰ বতৰা। ধূলি-ধূসৰিত হয় বাট-পথ-পথাৰ। আকাশ জ্বলাই ফুলে পলাশ-শিমলু। চৌদিশে শুকান পৰিৱেশ, মন ৰিঙা ৰিঙা কৰা উদাস ভাবৰ হেন্দোলনি। তাৰ মাজতো চঞ্চল হয় মন, চঞ্চল হয় প্রাণ। ফাগুনত প্রকাশে প্রেম আৰু জীৱনৰ নিৰ্যাস। যেন প্রোজ্জ্বলিত হয় মানুহৰ আশা আৰু সপোনৰ আকাশ।
সেয়ে কবিয়ে কৈছে- আজি ফাগুনে আগুন লাগে/পলাশে শিমূলে/মন কনো কাজে লাগি না...। আকৌ কৈছে- মোকতো পোৱাই চিনি/মই যে ফাগুন/অঁকৰা কবিৰ স'তে চুপতি মৰাৰ বাবে/মোৰতো বহুত বদনাম/চাদৰৰ আঁচলেৰে নিচান উৰুওৱা আৰু ধূলিৰে দুচকু ঢাকি/অচিনাকি বান্ধৱীৰ প্ৰথম দেখাৰ মুহূৰ্তটো/ খেলিমেলি কৰি দিয়া মোৰ অতি জঘন্য অভ্যাস...।
ফাগুনক লুকাই-চুৰকৈ অহা বুলি অর্থাৎ সংগোপনে অহা বুলি কোৱা হয়। হঠাৎ ধূলি-ধূসৰিত পৰিৱেশে মানুহক বাট ভেটি ধৰে, পথৰুৱা নাৰীৰ আঁচল উৰুৱাই পছোৱা বতাহ বলে। তেতিয়াই কোৱা হয়- ফাগুন আহিল, ফাগুন আহিল...। ফাগুনৰ আন এক বৈশিষ্ট্য হ'ল- ই উছৱৰো মধু আলোড়ন তোলে। বৈষ্ণৱ কেলেণ্ডাৰৰ মতে ফাগুন মাহটো গোবিন্দৰ দ্বাৰা পৰিচালিত হয়। সেয়ে ফাগুনৰ পূর্ণিমাতে পালন কৰা হয় ফাকুৱা বা দৌলোৎসৱ। এই উৎসৱ চাৰি-পাঁচ দিনীয়াকৈ চলে। অৱশ্যে ভাৰতৰ কোনো কোনো প্রান্তৰ লোকে গৌড় পূর্ণিমাও পালন কৰে। গোৱাত আকৌ ফাগুনতে 'শিগমো' উৎসৱ পালন কৰা হয়। সেইদৰে ফাগুন মাহতে পালন কৰা হয় মহা শিৱৰাত্ৰি। আনহাতে জনগোষ্ঠীয় সমাজতো ফাগুনৰ গুৰুত্ব অধিক। ফাগুনত বড়ো সমাজে 'বাথৌ পূজা' পালন কৰে। কাৰ্বিসকলে পালন কৰে 'কাৰ্বি দাহাল কাচিৰ দম'। মিচিংসকলৰ মাজলৈও আহে প্ৰাণৰ 'আলি-আঃয়ে লৃগাং'। আকৌ, দিৱস হিচাপে ফাগুনতে ৰামকৃষ্ণ দেৱৰ জন্মদিন, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস, বিশ্ব বন্যপ্রাণী দিৱস, দামোদৰ দেৱৰ তিথি, আন্তর্জাতিক নাৰী দিৱস আদিও পালন কৰা হয়। শুকান-উদাসী পৰিৱেশত যেন এইবোৰে কিছু আবিৰৰ প্ৰলেপ সানে। সেউজীয়া প্রলেপ সানে প্রথম ফাগুনত লঠঙা হোৱা গছৰ ডালবোৰতো। হাবিয়ে-বননিয়ে কম্বং, কাঞ্চন আদি অনেক ফুলো ফুলে।
কবিগুৰু ৰবীন্দ্ৰ নাথে সেয়ে কৈছে- ফাল্গুনী বিকশিত কাঞ্চন ফুল/ডালে ডালে পুঞ্জিত আম্রমুকুল...। মায়াময় ফাগুনত উষ্ণতা সাধাৰণতে ভাৰসাম্য অৱস্থাতে থাকে। এই সময়ছোৱাত বৰষুণ কম হোৱাৰ বাবে বতৰ শুকান হৈ পৰে। নদ-নদী, পুখুৰীৰ পানী শুকাই তলি চুৱে। কিন্তু ফাগুন যোৱাৰ পাছতে ন-পানী বাঢ়ি সকলো জীপাল হৈ। পৰে। গছে-বনে ফলে-ফুলে জাতিষ্কাৰ হৈ পৰে। অৱশ্যে কিছু বছৰৰ পৰা বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনে ফাগুনলৈও আনিছে ভয়াৱহ ইংগিত। পূর্বতে ফাগুনত শীত নাথাকে। মাঘৰ মেজি জ্বলোৱাৰ পাছতে শীতে টালি-টোপোলা বান্ধে বুলি কোৱা হয়। এইবাৰ কিন্তু ফাগুনতো শীত আছে।
আনহাতে গোলকীয় উষ্ণতাই সমগ্ৰ বিশ্বৰ পৰিৱেশ-পৰিস্থিতিত বিৰূপ প্রভাৱ পেলোৱাৰ সময়তে অসমত বৰষুণৰ অস্বাভাৱিক হ্ৰাসৰ খবৰো ওলাইছে। বিগত দুবছৰত অসমত প্রায় ৭৬ শতাংশ বৰষুণ হ্রাস পাইছিল। ৰাজ্যৰ কোনো কোনো জিলাত এশ শতাংশই বৰষুণ নহৈছিল আৰু খৰাংসদৃশ পৰিৱেশে বিৰাজ কৰিছিল। আন একাংশ জিলাত ৫৪ৰ পৰা ৯৭ শতাংশলৈকে বৰষুণ হ্রাস পাইছিল। আনহাতে মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত একেবাৰেই বৰষুণ নহৈছিল। এইবাৰো বৰষুণৰ অভাৱে ৰাজ্যত ফাগুনৰ পৰিৱেশ অধিক অৱনতি ঘটোৱাৰ আশংকা জন্মাইছে। তদুপৰি ধূলি-ধুমুহা তথা বায়ু প্রদূষণে নমাই অনা অনাহুত পৰিস্থিতিয়ে মানুহৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকি নমাই আনিছে।
ইতিমধ্যে ৰাজ্যত কাহ, চর্দি, এলার্জি আৰু আন চর্ম ৰোগ, শ্বাস-প্রশ্বাসজনিত ৰোগ আদিৰ প্ৰাদুৰ্ভাৱ ঘটাৰ খবৰে সকলোকে চিন্তিত কৰি তুলিছে। আটাইতকৈ চিন্তাৰ বিষয়টো হৈছে- আমি মানুহকুলে নিজেই নিজৰ পৰিৱেশ প্রতিকূল কৰি পেলাইছোঁ নেকি? আমি আমাৰ সুচলতাৰ বাবেই ধ্বংস কৰি গৈ আছোঁ, নির্মাণ বৃদ্ধি কৰি গৈ আছোঁ, জধে-মধে গছ-বন-পাহাৰ কাটি তহিলং কৰি গৈ আছোঁ। উদ্যোগ-বাণিজ্যৰ সম্প্ৰসাৰণ, জনবসতি বৃদ্ধি, গাড়ী-মটৰৰ ব্যৱহাৰ বৃদ্ধিৰে আমি জানো নিজৰেই অনুকূল পৰিৱেশৰ প্ৰতি বিপদ মাতি অনা নাইনে সংগোপনে, ঠিক ফাগুনৰ দৰেই? এতিয়া সংগোপনে ভয়ংকৰ ভাবুকি হৈ অহা এই আনবিধ 'ফাগুন'ৰ প্ৰতিৰোধ ব্যৱস্থা কি হ'ব? প্রকৃতিয়ে কৰা ধ্বংসৰ ক্ষতিপূৰণ প্ৰকৃতিয়ে নিজেই কৰি আহে। ইয়াৰ প্ৰকৃষ্ট উদাহৰণ ফাগুন। কিন্তু স্বাৰ্থপৰ মানুহে কৰা ধ্বংসৰ ক্ষতিপূৰণ কোনে কৰিব?