আজিৰ সম্পাদকীয়,পাৰিবাৰিক ৰাজনীতি

Dainik Janambhumi October 22, 2024

ডিজিটেল ডেস্কঃ গণতন্ত্ৰত পৰিয়ালতন্ত্ৰ (Democratic dynasties) গণতান্ত্ৰিক শাসন ব্যৱস্থাত এনে এটা বিষয় যিটোক একে আষাৰে ভাল বা বেয়া বুলি ক’ব পৰা নাযায়৷ ইউৰোপত এই বিষয়টোক লৈ গৱেষণাও হৈছে৷ এই ক্ষেত্ৰত মূলতঃ দুটা কথা পোহৰলৈ আহিছে যে দীৰ্ঘদিন কোনোবা ব্যক্তিয়ে সংসদীয় মঞ্চত প্ৰতিনিধিত্ব কৰাৰ সুযোগ পালে বা কাৰোবাৰ ধন-সম্পত্তি অধিক হ’লে গণতান্ত্ৰিক ব্যৱস্থাত পৰিয়ালতন্ত্ৰ গঢ় লৈ উঠাৰ সম্ভাৱনা কিম্বা আশংকা থাকে৷ ৰাজনীতিক যেতিয়া ব্যক্তিকেন্দ্ৰিক (personalisation of politics) কৰা হয় তেতিয়াও গণতান্ত্ৰিক ব্যৱস্থাৰ পাৰিবাৰিক ৰাজনীতিৰ উত্থান ঘটাৰ অৱকাশ থাকে৷ য়’ছ চি কেনাৱাছ (Yoes C Kenawas) নামৰ এগৰাকী গৱেষকে তেওঁৰ ‘The Rise of political Dynasties in a Democratic Society’ নামৰ  গৱেষণা-পত্ৰখনত কিয় কিছুমান পৰিয়াল পাৰিবাৰিক ৰাজনীতিত সফল হয় আৰু কিয় কিছুমান ব্যৰ্থ হয় তাৰ কাৰণবোৰ বিশ্লেষণ কৰিছে আৰু তেওঁ এটা সিদ্ধান্তত উপনীত হৈছে যে পাৰিবাৰিক ৰাজনীতিৰ সাফল্য মূলতঃ নিৰ্ভৰ কৰে পৰিয়ালটোৰ অনানুষ্ঠানিক পাৰিবাৰিক সম্পৰ্কৰ বিস্তাৰ (Strength of informal family Network) আৰু পৰিয়ালটোৰ আৰ্জিত সম্পদৰ আকাৰৰ (Size of accumulated material wealth) ওপৰত৷ বিশ্বৰ অন্য প্ৰান্তৰ উদাহৰণবোৰলৈ নগৈ আমাৰ দেশৰ ৰাজনীতিতে পৰিয়ালতন্ত্ৰৰ অলেখ উদাহৰণ সকলোৰে সন্মুখত বিদ্যমান৷ জম্মু আৰু কাশ্মীৰত দহ বছৰৰ মূৰত হোৱা নিৰ্বাচনৰ জৰিয়তে যিখন চৰকাৰ প্ৰতিষ্ঠা হ’ল তাৰ নেতৃত্ব দিবলৈ যিজন ওমৰ আব্দুলাক জনতাই নিৰ্বাচন কৰি দিলে সেইজন ৰাজ্যখনৰ এটা ৰাজনৈতিক পৰিয়ালৰ তৃতীয় প্ৰজন্মৰ প্ৰতিনিধি৷ ককাক শ্বেখ আব্দুল্লা, পিতৃ  ফাৰুক আব্দুল্লাৰ পাছত ওমৰ আব্দুল্লা৷ স্বৰাজোত্তৰ কালছোৱাৰ অধিকখিনি সময় সেই পৰিয়ালটোৰ হাততে সেই ভূখণ্ডৰ শাসনৰ দায়িত্ব ন্যস্ত হৈ আছে৷ সেই পৰিয়ালটো আঁতৰত থকা অৱস্থাত অন্য এটা ৰাজনৈতিক পৰিয়ালে তাৰ শাসন চম্ভালিছিল– মুফটি মহম্মদ ছয়ীদৰ পৰিয়াল৷ জৱাহৰলাল নেহৰুৰ পৰা আজিলৈকে সংসদত নেহৰু-গান্ধী পৰিয়ালৰ প্ৰতিনিধিত্ব নথকা সময় তেনেই কম৷ তেওঁলোকৰ পৰিয়াল-কেন্দ্ৰিক ৰাজনীতিক লৈ বিৰামহীন চৰ্চা চলিলেও এতিয়াও ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী সংসদৰ দুখন সদনৰ সদস্য৷ হয়তো ৱায়ানাড়ৰ পৰা অচিৰেই প্ৰিয়ংকা গান্ধীও বহিবহি লোক সভাৰ আসনত৷ বাকী পৰিয়ালবিলাকৰ উদাহৰণ দি ইয়াক দীঘলীয়া কৰাৰ অৰ্থ নাই, মুঠতে এটাই ক’ব পাৰি যে জাপানত এক চতুৰ্থাংশ পাৰিবাৰিক জনপ্ৰতিনিধি থকাৰ দৰে আমাৰ দেশৰো ৰাজনীতিৰ গৰিষ্ঠ অংশ এটা অধিকাৰ কৰি আছে নিৰ্দিষ্ট কিছুমান পৰিয়ালৰ উত্তৰাধিকাৰীয়ে৷ আমাৰ ৰাজ্যখনো এই ক্ষেত্ৰত ব্যতিক্ৰম নহয়৷ কেইদিনমানৰ পাছত অনুষ্ঠিত হ’বলগীয়া পাঁচখন বিধানসভাৰ আসনৰ উপ-নিৰ্বাচনৰ বাবে শাসক-বিৰোধী মৰ্চাৰ প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰতে তাৰ ৰূপটো স্পষ্ট হৈ পৰিছে৷ পাঁচখন আসনৰ দুখনতে শাসক-বিৰোধী দলৰ প্ৰাৰ্থিত্ব দিয়া হৈছে পূৰ্বৰ বিধায়ক দুগৰাকীৰ নিকট আত্মীয়ক৷ চামগুৰিত পূৰ্বৰ বিধায়ক ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনক আৰু বঙাইগাঁৱত ফণীভূষণ চৌধুৰীৰ পত্নীক৷ এই দুয়োটা ক্ষেত্ৰতে পশ্চিমীয়া দেশত হোৱা গৱেষণাৰ ফলৰেই প্ৰতিফলন দেখা পোৱা যায়৷ কংগ্ৰেছ এটা বিশাল তথা স্বাধীনতা সংগ্ৰামৰ উত্তৰাধিকাৰিত্ব বহনকাৰী দল হ’লেও চামগুৰিত কংগ্ৰেছৰ বিকল্প চিন্তাৰ এইবাবেই প্ৰাসংগিকতা নাই যে দীঘলীয়া সময় তাত ৰকিবুল হুছেইনৰ পৰিয়ালৰ দ্বাৰাই ৰাজনীতি নিয়ন্ত্ৰণ হৈ আছে৷ ৰকিবুল হুছেইনৰ পিতৃ তাৰ নিৰ্বাচিত প্ৰতিনিধি আছিল, ৰকিবুল হুছেইন নিজেও তাৰ দীঘলীয়া সময়ৰ প্ৰতিনিধি আৰু এতিয়া পুত্ৰ তানজিলৰ হাতলৈ সেই ৰাজনৈতিক উত্তৰাধিকাৰ হস্তান্তৰ কৰিব খোজা হৈছে৷ ঠিক সেইদৰে ৮ বাৰৰ বিধায়ক হোৱা সূত্ৰে ফণীভূষণ চৌধুৰী বঙাইগাঁৱত এনেকুৱা ৰাজনৈতিক কতৃৰ্ত্ব হৈ পৰিছে যে তেওঁৰইচ্ছাক চেৰাই গৈ অগপৰ দৰে অসম আন্দোলনৰ পৰা জন্মলাভ কৰা আঞ্চলিক দলটোৱে একো সিদ্ধান্ত ল’ব নোৱাৰে৷ তাত দলটোৰ বহু জ্যেষ্ঠ নেতা-কৰ্মীয়ে বিদ্ৰোহ কৰি পদত্যাগ কৰাৰ পাছতো দলীয় নেতৃত্বই ফণীভূষণ চৌধুৰীৰ পত্নীক প্ৰাৰ্থিত্ব দিব লগাৰ একমাত্ৰ কাৰণ হ’ল দীঘলীয়া সময়ৰ বিধায়ক হোৱা সূত্ৰে তেওঁ তাত গঢ়ি ল’বলৈ সক্ষম হোৱা সম্পৰ্কৰ বিশাল জালখন আৰু সমষ্টিটোত তেওঁ খটুৱাই অহা প্ৰভুত্ব৷ এনেকৈ পাৰিবাৰিক ৰাজনীতিয়ে গণতন্ত্ৰক গ্ৰাস কৰি পেলোৱা উদাহৰণবোৰৰ বাবেই গণতন্ত্ৰ বহু সময়ত অৰ্থহীন যেনো বোধ হয়৷ স্বাধীনতাৰ আগতে ৰজাৰ শাসনৰ তলত থকাৰ অভিজ্ঞতাৰ ‘জিন’বিলাকে প্ৰভাৱ বিস্তাৰ কৰি থকা বাবেও বোধহয় কিছুমান ‘ৰজা’ সদৃশ নেতাৰ নিয়ন্ত্ৰণ আমাৰ গণতান্ত্ৰিক ব্যৱস্থাটোত বৰ্তি থকা পৰিলক্ষিত হয়৷ আমাৰ দেশৰ গণতন্ত্ৰত এই ধৰণৰ পৰিয়াল-নিয়ন্ত্ৰণৰ অৱসানৰো লক্ষণ নাই৷ কিন্তু যিয়েই নহওক বিচাৰ ৰাইজৰ হাতত৷ সেই বাবেই পৰিয়াল তন্ত্ৰৰ বহু উদাহৰণ থকাৰ পিছতো আব্ৰাহাম লিংকনৰ সেই উক্তি– ‘Democracy is of the people, for the people, by the people’ৰ ওপৰত মানুহৰ ভাৰষা বৰ্তি আছে৷

Share This