আজিৰ সম্পাদকীয়,অগ্নিপৰীক্ষা
DainikJanambhumi
September 13, 2024
ডিজিটেল ডেস্কঃ কাশ্মীৰক লৈ নতুন এটা অগ্নিপৰীক্ষাৰ সন্মুখীন হ’বলৈ গৈ আছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখন৷ সংবিধানৰ ৩৭০ অনুচ্ছেদৰ সুবিধাৰে পাই থকা বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তনৰ পাছত প্ৰথমবাৰৰ বাবে এটা নিৰ্বাচনৰ অভিজ্ঞতা লাভ কৰিবলৈ আগবাঢ়িছে দেশৰ ভূস্বৰ্গৰূপে খ্যাত অঞ্চলটোৱে৷ ইয়াৰ পূৰ্বে স্বৰাজোত্তৰ সময়ছোৱাত তাত বহু নিৰ্বাচন হৈ গৈছে যদিও এইবাৰৰ নিৰ্বাচনটো সম্পূৰ্ণ পৃথক৷ আগতে ভৌগোলিকভাৱে ভাৰতৰ অংগভুক্ত হৈ থাকিলেও জম্মু-কাশ্মীৰৰ আছিল দুখন পতাকা– এখন দেশৰ, এখন ৰাজ্যখনৰ নিজা৷
তদুপৰি, আছিল নিজস্বভাৱে শাসন পৰিচালনা কৰিব পৰাৰ সংবিধান প্ৰদত্ত ক্ষমতা৷ গতিকে, সেই নিৰ্বাচনবিলাক পৰিচালনা হৈছিল মূলতঃ শ্ৰীনগৰৰ ইচ্ছা অনুসৰিচ কিন্তু এইবাৰ নিৰ্বাচন নিৰ্বাচন আয়োগৰ জৰিয়তেই সম্পন্ন হ’ব যদিও ইয়াৰ পৰিচালনা হৈছে নতুন দিল্লীৰ পৰা, কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ প্ৰত্যক্ষ তত্ত্বাৱধানত৷ এইবাৰ তাত নিৰ্বাচন হ’ব ভাৰতৰ ত্ৰিৰংগ পতাকাৰ তলত৷ এইক্ষেত্ৰত মূলতঃ দুটা প্ৰত্যাহবানৰ সন্মুখীন হ’ব মোদী চৰকাৰ– প্ৰথম, নিৰ্বাচনটো নিৰ্বিঘ্নে অনুষ্ঠিত কৰা আৰু দ্বিতীয়টো হৈছে ৰাজনৈতিকভাৱে বিজেপিৰ গ্ৰহণযোগ্যতা এতিয়া কেন্দ্ৰীয় শাসিত ৰাজ্যখনত কি স্তৰত আছে তাৰ প্ৰমাণ পোৱা৷ উল্লেখযোগ্য যে ২০১৮ চনৰ পৰাই তাত নিৰ্বাচিত চৰকাৰ নাই৷ সেই বৰ্ষত বিজেপিয়ে পি ডি পি নেতৃত্বাধীন চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পাছত তদানীন্তন ৰাজ্যপাল সত্যপাল মালিকে বিধানসভা ভংগ কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত তেতিয়াৰ পৰা তাত ৰাষ্ট্ৰপতিৰ শাসন চলি আছে৷ চলিত বৰ্ষত অনুষ্ঠিত লোক সভাৰ নিৰ্বাচনত ৰাজ্যখনত যথেষ্টসংখ্যক ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰাটো এটা ইতিবাচক দিশ ৰূপে চিহ্নিত হৈছে আৰু নিৰ্বাচন আয়োগে সেই উদাহৰণৰ পৰাই দাবী কৰিছে যে ৰাজ্যখনৰ বাসিন্দাসকলে বুলেটতকৈ বেলটক বেছি গুৰুত্ব দিবলৈ লৈছে৷ সেয়া এটা সুকীয়া অধ্যায় আৰু বিধানসভাৰ নিৰ্বাচনৰ চৰিত্ৰ আৰু গুৰুত্বও বেলেগ৷
সুদীৰ্ঘদিন ৰাজ্যখনত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰি অহা আৰু পৰিৱৰ্তিত পৰিস্থিতিত অস্তিত্বৰ সংকটত পৰা দুটামান আঞ্চলিক দলৰ লগতে কংগ্ৰেছৰ বাবে এই নিৰ্বাচনটোৰ গুৰুত্ব যেনেকৈ বেছি, বিজেপিৰ বাবেও এই নিৰ্বাচন এক সন্মানৰ প্ৰশ্ন৷ কংগ্ৰেছৰ ৰাজ্য সভাৰ সদস্য চৈয়দ নাছিৰ হুছেইনে কৈছে, ‘জম্মু-কাশ্মীৰত যুদ্ধখন স্পষ্ট, এফালে কংগ্ৰেছ-নেশ্যনেল কনফাৰেন্স মিত্ৰজোঁট আৰু আনফালে বিজেপি আৰু অন্যান্যসকল৷’ কংগ্ৰেছ-নেশ্যনেল কনফাৰেন্সে ইতিমধ্যে মিত্ৰজোঁট গঠন কৰি তথা আসন বুজাবুজি সম্পন্ন কৰি ৰাজ্যখনৰ নিৰ্বাচনত জয়ী হোৱাৰ বাবে পূৰ্ণগতিত প্ৰচাৰ অভিযান চলাই আছে আৰু জনসাধাৰণক এই মিত্ৰজোঁটে এটাই প্ৰতিশ্ৰুতি দিছে যে ৰাজ্যখনে হেৰুওৱা ৰাজ্যৰ মৰ্যাদা এই মিত্ৰজোঁটে চৰকাৰ গঠন কৰিলে ঘূৰাই আনিব৷ আনহাতে, ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পি ডি পি দলৰ নেতা মেহবুবা মুফটিয়ে দাবী কৰিছে যে পি ডি পিয়েই ৰাজ্যখনৰ পৰিচয়, সম্পদ আৰু জনসাধাৰণক অপমান কৰা বিজেপিৰ বিৰুদ্ধে যুঁজিব পৰা একমাত্ৰ দল৷ ইফালে, বিজেপিয়ে ৰাজ্যখনৰ ৯০খন বিধানসভা আসনৰ বাবেই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি অমিত শ্বাহে ঘোষণা কৰিছিল যদিও তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন-পত্ৰ দাখিলৰ শেষ দিনা দলটোৱে হঠাৎ স্থিতি সলনি কৰি কাশ্মীৰ উপত্যকাত মাত্ৰ ১৯খন আসনতহে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ লোৱা সিদ্ধান্ত তাৎপৰ্যপূৰ্ণ বিবেচিতহৈছে৷
একাংশ নিৰ্দলীয় প্ৰাৰ্থীক কাশ্মীৰ উপত্যকাত দেশৰ শাসনাধিষ্ঠিত দলটোৱে সমৰ্থন আগবঢ়াব পাৰে বুলি প্ৰতিদ্বন্দ্বী পক্ষ নেশ্যনেল কনফাৰেন্সে সন্দেহ কৰিছে৷ এনে এক প্ৰেক্ষাপটৰ পাছত বিজেপিয়ে কেনেকৈ স্পৰ্শকাতৰ ৰাজ্যখনত নিজৰ ৰাজনৈতিক কতৃৰ্ত্ব ৰক্ষা কৰে সেইটো কৌতূহলৰ বিষয় হৈ পৰিছে৷ ৰাজ্যখনৰ জনসাধাৰণে কাক ক্ষমতাত বহুৱাব সেয়া নিৰ্বাচনত নিৰ্ণয় হ’ব, কিন্তু বিজেপি দেশৰ শাসনত থকা যোৱা এটা দশকতো কাশ্মীৰত হিংসাত্মক কাৰ্যকলাপ যিদৰে অবিৰতভাৱে চলি আছে তাৰ পৰা নিৰ্বাচনটো কিমান শান্তিপূৰ্ণ হ’ব বা সন্ত্ৰাসবাদীৰ প্ৰভাৱমুক্ত হ’ব সেইটোও এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন৷ কেন্দ্ৰীয় চৰকাৰে, বিশেষকৈ অমিত শ্বাহৰ কতৃৰ্ত্বাধীন গৃহ মন্ত্ৰ্যালয়ে নিৰ্বাচনটো হিংসামুক্ত কৰা আৰু ভোটাৰৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষেত্ৰত সম্ভৱপৰ সকলো ব্যৱস্থা এইবাবেই গ্ৰহণ কৰিব যে ইয়াৰ সৈতে কেন্দ্ৰীয় চৰকাৰখনৰ নীতিবিলাকৰ গ্ৰহণযোগ্যতাৰ প্ৰশ্ন জড়িত হৈ আছে৷ নক’লেও চলে যে নব্বৈৰ দশকৰ পৰা অবিৰত হিংসাই বিধবস্ত কৰি পেলোৱা কাশ্মীৰে যোৱা দশকটোত নতুন কেইবাটাও অভাৱনীয় অভিজ্ঞতাৰ সন্মুখীন হ’ব লগীয়া হৈছে৷ সন্ত্ৰাসবাদীয়ে কাশ্মীৰ আৰু দেশৰ বাকী অংশৰ মাজত বৃহৎ দেৱাল এখন সৃষ্টি কৰি পেলাইছে৷
যোৱা দশকটোত কেন্দ্ৰীয় চৰকাৰে সেই দেৱালখন ভাঙিবলৈ চেষ্টা কৰি আছে৷ নব্বৈ দশকৰ আগৰ কাশ্মীৰত সেই অৱস্থা নাছিল, ভীতিগ্ৰস্ততাও নাছিল৷ ১৯৬৫ চনৰ পৰা তাত বহু বলিউড-হিলউডৰ ছবিৰ চিত্ৰ গ্ৰহণ হৈছিল৷ সোণমাৰ্গ, দুধপাথৰি, ডাল লেক, আৰু ভেলী, পাহালগাম, নিশাতবাগ, গুলমাৰ্গ আদি ঠাই আছিল বহু চিনেমাৰ দৃশ্যগ্ৰহণৰ আকৰ্ষণীয় স্থান৷ দেশ-বিদেশৰ পৰ্যটকে নিৰ্ভয়ে সেই উপত্যকা ভ্ৰমণ কৰি পান কৰিছিল তাৰ প্ৰকৃতিৰ অনন্য ৰূপশিখা৷ সন্ত্ৰাসবাদীয়ে সেই পৰিৱেশ নষ্ট কৰি পেলাইছিল৷ মোদী চৰকাৰে দাবী কৰিছে যে কাশ্মীৰত হিংসাৰ মাত্ৰা যথেষ্ট কমি আহিছে৷ পৰ্যটকসকলেও নিৰ্বিঘ্নে সেই উপত্যকা ভ্ৰমণ কৰিব পৰা হৈছে৷ ১৮ ছেপ্টেম্বৰৰ পৰা হ’ব লগীয়া নিৰ্বাচনটোৱে কাশ্মীৰৰ পৰিৱেশ সলনি কৰিব পাৰিবনে তালৈ আগ্ৰহেৰে বাট চাইছে দেশবাসীয়ে৷
Share This