আজিৰ সম্পাদকীয়,নাৰকীয়
Dainik Janambhumi
August 20, 2024
আজিৰ সম্পাদকীয়,নাৰকীয়
ডিজিটেল ডেস্কঃ নাৰকীয় শব্দটোৰ অৰ্থ হ’ল নৰকসদৃশ, পৈশাচিক, অতি জঘন্য৷ চৌপাশৰ কিছুমান ঘটনা দেখিলে বা কিছুমান কথা-কাণ্ডৰ বিষয়ে শুনিলে আমাৰ সমাজবিলাকৰ কোনোবা কোনোবা অংশক নাৰকীয় বুলি ক’বলৈ মন যায়, আমাৰ চৌপাশৰে কিছুমান অমানুহৰ কামবোৰক পৈশাচিক বুলি অভিহিত কৰিবলৈ মন যায়৷ অতি জঘন্য কিছুমান ঘটনাৰ বাবে আজিৰ সমাজত বিৰাজ কৰা আতংকময়, উদ্বেগজনক পৰিৱেশৰ বাবে কাইলৈবা কি হ’ব সেই ভাবি ভীতিগ্ৰস্ত হ’ব লগা হয়৷ কলকাতাৰ চিকিৎসালয়ৰ কম বয়সীয়া চিকিৎসকগৰাকীৰ ঘটনাটোৰ পাছত আচলতে মানুহৰ প্ৰতি বিশ্বাসেই হেৰাই যায়৷
এই ঘটনাটোৰ পাছত সন্মুখৰ কম বয়সীয়া ছোৱালীবিলাকলৈ চাই, মহিলাসকললৈ চাই প্ৰৌঢ়সকলে অসহায়ভাৱে ভাবিবলগীয়া হয়– এইখন সমাজত এওঁলোক কেনেকৈ জীয়াই থাকিব! কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ ছেমিনাৰ হলত চিকিৎসকগৰাকীক ৯ আগষ্টৰ নিশা বলাৎকাৰ কৰি হত্যা কৰাৰ যিবোৰ খবৰ বিভিন্ন মাধ্যমেৰে পোহৰলৈ আহিছে সেইবোৰ অতি ভয়াৱহ, লোমহৰ্ষক৷ এইবোৰত কোৱা হৈছে যে দলবদ্ধ ধৰ্ষণৰ পাছত হত্যা কৰা হৈছিল চিকিৎসকগৰাকীক৷ লগতে ইয়াকো কোৱা হৈছে যে মেডিকেল কলেজ হস্পিটেলখনত চলি থকা ড্ৰাগ্ছ আৰু মানৱ অংগৰ বেহাৰ চক্ৰ এই হত্যাকাণ্ডত জড়িত থাকিব পাৰে৷ বহু প্ৰভাৱশালী আৰু ৰাজনৈতিক দলৰে সংযোগ থকা লোকৰ এই পৈশাচিক কাণ্ডত হাত থকাৰো সন্দেহ কৰা হৈছে৷ অৱশ্যে, এই সকলো কথাৰ সত্যাসত্য নিশ্চিত কৰিব পাৰিব বিশ্বাসযোগ্য সংস্থাৰ দ্বাৰা কৰোৱা নিৰ¸পেক্ষ তদন্তইহে৷
কলকাতা উচ্ছ ন্যায়ালয়ে ইতিমধ্যে আৰক্ষীৰ তদন্ত যথোপযুক্ত নহ’ব বুলি গণ্য কৰি চি বি আইক সমগ্ৰ কাণ্ডটোৰ ৰহস্য উদ্ঘাটন তথা দোষীক চিনাক্ত কৰাৰ দায়িত্ব অৰ্পণ কৰিছে৷ উচ্ছতম ন্যায়ালয়েও নিজাববীয়াকৈ গোচৰ তৰি মুখ্য ন্যায়াধীশৰ নেতৃত্বৰ বিচাৰপীঠ এখনত বিষয়টো বিচাৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ গতিকে, প্ৰকৃত সত্য পোহৰলৈ আহিব আৰু দোষী চিনাক্ত হ’ব বুলি আশা কৰাৰ থল নথকা নহয়৷ কিন্তু লগতে চিন্তনীয় কথাটো হ’ল– ৯ আগষ্টৰ ঘটনাটোৰ পাছত কোনোৱে মেডিকেল কলেজ হস্পিটেলখনত ধবংসলীলা চলাই সমগ্ৰ কাণ্ডটোৰ প্ৰমাণ নষ্ট কৰা বুলি অভিযোগ উঠিছে৷ হ’লেও চি বি আয়ে ইচ্ছা কৰিলে নি(য় সঠিক দিশেৰে তদন্ত আগবঢ়াই নিব পাৰিব৷ উল্লিখিত কথাখিনিৰ পৰা এটাই ধাৰণা কৰিব পাৰি যে কিছুমান চাৰিত্ৰিকভাৱে অসুস্থ, সমাজ-বিৰোধী চক্ৰই অভাৱনীয়ভাৱে সমাজ জীৱনৰ অংগবোৰ প্ৰদূষিত কৰি পেলাই মানুহ সুস্থভাৱে জীয়াই থকাটোকে অসম্ভৱপ্ৰায় কৰি তুলিছে৷ প্ৰত্যাশিতভাৱে কনিষ্ঠ চিকিৎসকগৰাকীৰ ওপৰত হোৱা পৈশাচিক অত্যাচাৰ-হত্যাৰ দেশজুৰি প্ৰতিক্ৰিয়া হৈছে; ৰাজপথলৈ ওলাই আহিছে অগণন মানুহ৷ সকলোৰে এটাই দাবী– এই জঘন্য কাণ্ডৰ উচিত বিচাৰ হ’বই লাগিব,– যিমানেই শক্তিশালী-প্ৰভাৱশালী নহওক কিয় দোষীয়ে শাস্তি পাবই লাগিব, কৰ্মক্ষেত্ৰত চিকিৎসক-চিকিৎসা কৰ্মীৰ নিৰাপত্তা নিশ্চিত হ’বই লাগিব৷ কিন্তু কিছুমানে সমান্তৰালভাৱে বিষয়টোক ৰাজনৈতিক ৰূপ দিবলৈ তৎপৰ হোৱা দেখা গৈছে৷ হ’ব লাগিছিল দল-মত নিৰ্বিশেষে ঐক্যবদ্ধ প্ৰতিবাদ, কিন্তু বাস্তৱত দেখা গৈছে পৰস্পৰ বিৰোধী দলৰ ভিন্নমুখী প্ৰতিবাদী কাৰ্যসূচী৷
এনেবোৰ কথাই যাতে নিৰপেক্ষ তদন্তক প্ৰভাৱিত নকৰে সেইটোহে মূল কথা৷ ১০ বছৰ পূৰ্বে অনুৰূপ পৈশাচিক কাণ্ড ঘটিছিল আমাৰ ৰাজ্যৰ ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজত ২০১৪ চনৰ ৯ মে’ত৷ একেদৰেই গভীৰ নিশা দুবৃৰ্ত্তৰ দ্বাৰা ধৰ্ষণ-হত্যাৰ বলি হ’ব লগা হৈছিল সৰিতা তচ্নিৱাল নামৰ কনিষ্ঠ চিকিৎসকগৰাকী৷ একেই নাৰকীয় কাণ্ড, কিন্তু তেতিয়া এনে দেশজোৰা প্ৰতিবাদ হোৱা নাছিল৷ উচ্ছতম ন্যায়ালয়েও গ্ৰহণ কৰা নাছিল নিজাববীয়া গোচৰ, কেন্দ্ৰীয় চৰকাৰে দিয়া নাছিল বিশেষ গুৰুত্ব৷ সেই সময়ত সেই ঘটনাটোক আজিৰ দৰে গুৰুত্ব দিয়া হ’লে বা সেই ঘটনাক আধাৰ কৰি চিকিৎসকসকলৰ, বিশেষকৈ মহিলা চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলৰ নিৰাপত্তা নিশ্চিত কৰাত গুৰুত্ব দিয়া হ’লে, সমগ্ৰ দেশত প্ৰযোজ্য হোৱাকৈ কিছুমান নীতি-নিৰ্দেশনা, বাধ্যবাধকতা আৰোপ কৰাৰ ব্যৱস্থা লোৱা হ’লে হয়তো কলকাতাৰ চিকিৎসকগৰাকীৰ ঘটনাটো নঘটিলেইহেঁতেন৷ উজনি অসমৰ এখন বাগিচাৰ চিকিৎসক দেৱেন দত্তক দলবদ্ধভাৱে হত্যা কৰা ঘটনাটোৱেও ৰাষ্ট্ৰীয় স্তৰত গুৰুত্ব নোপোৱাটোও এই প্ৰসংগত লক্ষণীয় কথা৷ কলকাতাৰ ঘটনাটো মানৱতাৰ প্ৰতি এক ভ্ৰূকুটি৷ সেই ঘটনাই সভ্য সমাজক হতচকিত কৰিছে৷ কিন্তু আমি প্ৰতি নিয়ত পাই থাকোঁ অনুৰূপ নিৰ্মমতাৰ আৰু বহুত খবৰ৷ নিৰাপত্তাহীনতা সমাজৰ বাবে এক ডাঙৰ ভাবুকি হৈপৰিছে৷ বিশেষকৈ নাৰীসকল সমাজৰ পিশাচবোৰৰ সহজ লক্ষ্য হৈ পৰিছে৷ এনেকৈ মানুহে কেনেকৈ জীৱন নিৰ্বাহ কৰিব, নাৰীসকল কেনেকৈ বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাব?
ভীতিহীন সমাজ এখন কেনেকৈ সম্ভৱ হ’ব? এই প্ৰশ্নবোৰ অতি প্ৰাসংগিক হৈ পৰিছে৷ কলকাতাৰ চিকিৎসকগৰাকীৰ হত্যাকাণ্ডৰ বিচাৰ কৰোঁতে সংশ্লিষ্ট পক্ষসমূহে এইবিলাক কথাও বিচাৰৰ আওতালৈ আনিব লাগিব৷
Share This