আজিৰ সম্পাদকীয়,এটা চাকৰি লাগে....
DainikJanambhumi
September 16, 2024
ডিজিটেল ডেস্কঃ ১৫ ছেপ্টেম্বৰ, ২০২৪ চন, দেওবাৰৰ দিনটোৱে আমাৰ সৰু ৰাজ্যখনৰ এটা অন্যতম গুৰুতৰ সমস্যাৰ প্ৰতিচ্ছবিখন তুলি ধৰিলে৷ এই দিনটোতেই আৰম্ভ হৈছে ৰাজ্যৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষাৰ প্ৰথম পৰ্ব৷ মুঠ চ্ছ্ৰটা পৰ্বত অনুষ্ঠিত হ’ব লগা নিযুক্তি পৰীক্ষাটোক ৰাজ্যখনৰ ইতিহাসৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা বুলি খোদ ৰাজ্যিক ভিত্তিক নিযুক্তি আয়োগৰ অধ্যক্ষ তথা ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে ঘোষণা কৰিছে৷
পদৰ ফালৰ পৰা এই নিযুক্তি সৰ্ববৃহৎ নহয়, ই সৰ্ববৃহৎ ৰূপে চিহ্নিত হৈছে প্ৰাৰ্থীৰ সংখ্যাৰ দিশৰ পৰাহে৷ মুঠ পদ প্ৰায় ১২,৬০০টা হ’লেও প্ৰাৰ্থীৰ সংখ্যা ৩২ লক্ষাধিক৷ দেওবাৰে অনুষ্ঠিত হ’ল তৃতীয় বৰ্গৰ [উচ্ছতৰ মাধ্যমিক] তিনি সহস্ৰাধিক পদৰ নিযুক্তি পৰীক্ষা, প্ৰাৰ্থী ১১,২৩,২০৪গৰাকী৷ ২৯ ছেপ্টেম্বৰত হ’ব তৃতীয় বৰ্গৰ [স্নাতক পৰ্যায়] দ্বিতীয়টো পৰীক্ষা, প্ৰাৰ্থীৰ সংখ্যা ৫,২৯,৯৮৯৷ সেই দিনাই পিছবেলা তৃতীয় বৰ্গ [চালক]ৰ পৰীক্ষাৰ প্ৰাৰ্থী ২,০৪,০৯১গৰাকী আৰু ২৭ অক্টোবৰত হ’ব চতুৰ্থ বৰ্গৰ পৰীক্ষা, য’ত অৱতীৰ্ণ হ’ব ১৩ লাখ ৮০ হেজাৰ প্ৰাৰ্থী৷ প্ৰাৰ্থীৰ সংখ্যাৰ বিশালতায়েই আমাৰ সন্মুখত প্ৰকট কৰি তুলিছে সাম্প্ৰতিক অৱস্থাৰ ছবিখন৷
নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱা বা হ’বলৈ প্ৰস্তুত হোৱা সকলোৱেই মনত পুহি ৰাখিছে এই ১২ হেজাৰ ৬০০ পদৰ এটা যেনেতেনে লাভ কৰাৰ৷ তাৰ বাবে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে অহোৰাত্ৰ কেনেকৈ প্ৰস্তুতি চলাইছে সেয়া পৰিয়ালবিলাকেহে জানে৷ কিন্তু নিৰ্মম সত্যটো হ’ল ৩২ লাখ আৱেদনকাৰীৰ ৩১ লাখ ৮৭ হেজাৰ ৪০০ প্ৰাৰ্থীয়েই অৱশেষত বিমুখ হ’ব লাগিব৷ চৰকাৰে এই নিযুক্তি পৰীক্ষাত যাতে কোনো ধৰণৰ অনিয়ম হ’ব নোৱাৰে তাৰ বাবে কেনে ধৰণৰ যুদ্ধকালীন কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া প্ৰচাৰ হৈছেই৷ তদুপৰি ভুল উত্তৰত ‘নিগেটিভ’ নম্বৰৰ ব্যৱস্থা৷ গতিকে প্ৰশ্নসমূহৰ উত্তৰ অনুমানত দি ভাগ্যৰ জোৰত নম্বৰ পোৱাৰো উপায় নাই৷
শুদ্ধ উত্তৰ দিব পৰাসকলেই বাছনিত উঠিব৷ ইমান বিশালসংখ্যক প্ৰাৰ্থীৰ মাজৰ পৰা মুষ্টিমেয় কেইজনমানক বাছনি কৰিবলৈ এনেকুৱা কঠোৰ ব্যৱস্থাৰ গত্যন্তৰো নাই৷ কিন্তু ভয়ানক প্ৰশ্নটো হৈছে ব্যৰ্থ হোৱা ৩১ লক্ষাধিক প্ৰাৰ্থীয়ে কি কৰিব? তেওঁলোক পুনৰ অনি(য়তাৰ এক পৰিস্থিতিৰ মাজত সোমাই দ্বিধাগ্ৰস্ত মনেৰে আৰু এটা চাকৰিৰ বিজ্ঞাপনলৈ অপেক্ষা কৰি থাকিব লাগিব৷ এইবাৰৰ নিযুক্তি পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ সকলোৱেই সম্পূৰ্ণ নিবনুৱা বুলি ধৰি ল’লে ভুল হ’ব৷ ইয়াৰ মাজত িকছুসংখ্যক ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা, বেচৰকাৰী স্কুলত শিক্ষকতা কৰা যুৱক-যুৱতীও আছে৷
তথাপি তেওঁলোকে পৰম আশাৰে এই নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছে বা হ’বলৈ সাজু হৈছে এই কাৰণেই যে তেওঁলোককো এটা চাকৰি লাগেচ জীৱনলৈ নিৰাপত্তা আনি দিব পৰা চাকৰি৷ তেওঁলোকে বেচৰকাৰী প্ৰতিষ্ঠান বা বেচৰকাৰী স্কুলত জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়খিনি দিছে, শ্ৰম দিছে, কিন্তু ইয়াৰ বিনিময়ত পোৱা ‘দৰমহা’টোৱে তেওঁলোকক আৰ্থিক নিৰাপত্তা দিব নোৱাৰে৷ সেই নূ্যনতম মাননিখিনিৰে পৰিয়াল এটা পোহপাল দিয়া সম্ভৱ নহয়৷
গতিকে তেওঁলোককো এটা চাকৰি লাগে বাবেই ৩২ লাখ প্ৰাৰ্থীৰ বিশাল শাৰীত তেওঁলোকো থিয় দিছে৷ পৰিয়ালবিলাকেও বিচাৰে নিজৰ সন্তানটি এটা চৰকাৰী চাকৰিত সোমাওক, লাগিলে সেই চাকৰি একেবাৰে নিম্ন বৰ্গৰে হওক৷ কিছুবছৰ পূৰ্বে চৰকাৰী চাকৰি নেপালেও সংস্থাপনৰ অন্য দুৱাৰ কিছুমান খোলা আছিল৷ বিমুদ্ৰাকৰণ, জি এছ টি বলৱৎ আৰু কভিড অতিমাৰীৰ পিছত প্ৰায়বোৰ দুৱাৰ বন্ধ হৈ গ’ল৷ আগতে বেছি শিক্ষিত, অল্পশিক্ষিত বহু যুৱক-যুৱতী বাহিৰলৈ ওলাই গৈছিল৷ আনকি ব্যক্তিগত নিৰাপত্তাৰক্ষী হিচাপেও বিভিন্ন ঠাইত সংস্থাপন লৈছিল বহুতে৷ কিন্তু উল্লিখিত পৰিস্থিতিবোৰে বহু কোম্পানী, বহু ব্যৱসায় বন্ধ কৰি দিয়াৰ ফলত সংস্থাপনৰ পৰিৱেশ সীমিত হৈ পৰিছে৷ চৰকাৰে অৰ্থনৈতিক বিকাশৰ চমকপ্ৰদ অধ্যায় ৰচনা হোৱা বুলি দাবী কৰিলেও চাকৰিৰ বজাৰখন তেনেদৰে সমৃদ্ধ হৈ উঠা নাই৷
তদুপৰি নতুনকৈ আহিছে প্ৰাণৰ সংশয়৷ বহিঃৰাজ্যত সংস্থাপন বিচাৰি যোৱা বহুসংখ্যক লোকৰ যোৱা সময়ছোৱাত হয় অকল্পনীয় পৰিস্থিতিত মৃত্যু হৈছে অথবা সন্ধানহীন হৈছে৷ ফলত ৰাজ্যবাসীৰ মাজত এক ভীতিগ্ৰস্ততাৰ সৃষ্টি হৈছে৷ নিজৰ ল’ৰাটো বা ছোৱালীজনীক বাহিৰলৈ উলিয়াই পঠাবলৈ সাহস নকৰা হৈছে৷ এনে পৰিস্থিতিত চৰকাৰী চাকৰি এটালৈ আশাৰে বাট চাইছে লাখ লাখ প্ৰাৰ্থী আৰু পৰিয়ালবিলাকে৷ ইয়াৰ বাবে আক্ষৰিক অৰ্থতে একোখন যুদ্ধত অৱতীৰ্ণ হৈছে পৰিয়ালবিলাক৷ চাকৰিৰ নিশ্চিত সম্ভৱনা তথা মেডিকেল পাঠ্যক্ৰমত বা অভিযান্ত্ৰিক পাঠ্যক্ৰমত নামভৰ্তি কৰিবৰ বাবে হাজাৰ হাজাৰ ল’ৰা-ছোৱালীয়ে কেনেকৈ পঢ়িছে, ক’চিং লৈছে, টিউচন কৰিছে সেয়া সকলোৱে দেখি আছে৷ কিন্তু যিয়েই নকৰক, চাকৰিৰ পদেই হওক বা শিক্ষানুষ্ঠানৰ আসন, সকলো সীমিত৷ চালনিত সৰকিবলৈ সক্ষম হোৱা মুষ্টিমেয় অংশ এটাইহে শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ব৷ এইবাৰৰ নিযুক্তি পৰীক্ষাৰ জৰিয়তে ১২,৬০০ প্ৰাৰ্থীক চৰকাৰে সম্পূৰ্ণ নিকা আৰু স্বচ্চ ব্যৱস্থাৰে চাকৰি দি কৃতিত্ব ল’বলৈ চেষ্টা কৰিব ঠিকেই, কিন্তু যি বিশালসংখ্যক প্ৰাৰ্থী ব্যৰ্থ হ’ব তেওঁলোকৰ ভৱিষ্যতৰ নিৰাপত্তাৰ বাবে চৰকাৰে কি চিন্তা কৰিছে বা কৰিব সেইটো গুৰুত্বপূৰ্ণ কথা৷ পাঁচ বছৰত চৰকাৰে মাত্ৰ ১ বা ডেৰ লাখক চাকৰি দিব পাৰিব৷ বাকীসকলৰ বাবে প্ৰত্যয়জনক সংস্থাপনৰ পথ উলিওৱাৰ চিন্তা চৰকাৰেই কৰিব লাগিব৷
Share This