আজিৰ সম্পাদকীয়,অসহিষ্ণু বাংলাদেশ...

Kakali Deka December 04, 2024

ডিজিটেল ডেস্কঃ  যোৱা ডেৰ দশকৰ অভিজ্ঞতাই বাংলাদেশ সম্পৰ্কে ভাৰতীয় মানুহৰ মনত ‘এক ভাল প্ৰতিৱেশী’ৰ যি ধাৰণাৰ জন্ম দিছিল, সেয়া যোৱা ডেৰ মাহমানৰ পৰিস্থিতিয়ে সলনি কৰাৰ উপক্ৰম ঘটাইছে৷ তাত জীৱন-সম্পত্তিৰ নিৰাপত্তা বিচাৰি হিন্দু মানুহে ৰাজপথত আন্দোলন কৰিবলগীয়া হ’ব বুলি যোৱা ডেৰ দশকৰ পৰিৱেশে ভবাৰ অৱকাশেই দিয়া নাছিল৷ কিন্তু আজি আমাৰ প্ৰতিৱেশী ৰাষ্ট্ৰখনত সেয়াই বাস্তৱ৷ প্ৰায় ডেৰ কুৰি হেজাৰভাগ দুৰ্গা পূজা হোৱা বাংলাদেশত দুবৃৰ্ত্তই বহু মন্দিৰৰ ক্ষতিসাধন কৰা বুলি বিভিন্ন সূত্ৰে বাতৰি ওলাইছে৷ হিন্দু মানুহৰ ওপৰতো অত্যাচাৰ চলা আৰু এনে গণ-নিগ্ৰহৰ ঘটনাবোৰত জামাতুল মুজাহিদীন, বাংলাদেশ [জে এম বি] নামৰ সন্ত্ৰাসবাদী সংগঠনৰ সদস্যও অন্য মৌলবাদী তথা বি এন পিৰ লগতে নামি পৰা বুলি যি বাতৰি ওলাইছে, সিবিলাকে স্বাভাৱিকভাৱেই ভাৰতীয় লোকৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷ অৱশ্যে, প্ৰকাশিত বাতৰিবিলাকৰ দৰেই ঘটনাবোৰ ঘটিছে নে কোনোবা চক্ৰই অতিৰঞ্জিত কৰিছে সেয়া স্পষ্ট নহয়৷ হ’লেও দেশখনৰ পৰিস্থিতি ভাৰতৰ অনুকূলে থকা নাই আৰু হিন্দুসকল আগৰ দৰে নিৰাপদ নোহোৱাটো সত্য৷ অথচ যোৱা ডেৰ দশকৰ অৱস্থা সম্পূৰ্ণ বিপৰীত আছিল৷ এই সময়ছোৱাত বাংলাদেশৰ বাণিজ্যিক আৰু অন্যান্য সম্পৰ্ক যি হাৰত বৃদ্ধি হৈছিল সেয়া সৰ্বকালৰ শ্ৰেষ্ঠ বুলি ক’ব পাৰি৷ দক্ষিণ-পূব এছিয়াৰ ভিতৰত বাংলাদেশেই হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ ব্যাৱসায়িক অংশীদাৰ৷ উত্তৰ-পূবৰ সৈতেও ভাৰতৰ নতুন নতুন বাণিজ্যিক সংযোগ এই সময়ছোৱাতে সৃষ্টি হয়৷ কূটনৈতিক ক্ষেত্ৰতো একেই পৰিৱেশ৷ এই সময়ছোৱাতে গুৱাহাটীত স্থাপন হয় বাংলাদেশ  হাইকমিছনাৰৰ এটা কাৰ্যালয়৷ আমাৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এই সময়ছোৱাৰ উল্লেখযোগ্য দিশটো হ’ল বাংলাদেশৰ আলফাৰ ঘাটি উৎখাত হোৱাটো৷ অৰবিন্দ ৰাজখোৱাসহ কেইবাজনো শীৰ্ষ আলফা নেতাক ভাৰতৰ হাতত অৰ্পণ কৰা হৈছিল৷ শ্বেখ হাছিনাৰ আৱামি লীগৰ শাসনৰ সময়ছোৱাত দেশখনত মৌলবাদী শক্তিবোৰক অতি কঠোৰভাৱে দমন কৰাৰ ফলত দেশখনত মৌলবাদীৰ তৎপৰতাতো হ্ৰাস পাইছিলেই, ভাৰততো ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিছিল৷ বাংলাদেশৰ পৰা নিয়ন্ত্ৰিত উঃ পূবৰ মৌলবাদী কাৰ্যকলাপ এই ডেৰ দশকত প্ৰায় নোহোৱা হৈ পৰা বুলিয়েই ক’ব পাৰি৷ অন্য এক গুৰুত্বপূৰ্ণ দিশ হ’ল এই সময়ছোৱাত ভাৰতৰ সৈতে বাংলাদেশৰ শৈক্ষিক যোগাযোগৰ নতুন এক অধ্যায় ৰচনা হৈছিল৷ অন্যান্য বিষয়ৰ লগতে ভাৰতৰ বহু চিকিৎসা শিক্ষাৰ্থীয়ে বৰ্তমান বাংলাদেশত অধ্যয়ন কৰি আছে৷ এই সকলোবোৰ সম্ভৱ হৈছিল পূৰ্বৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰতৰ সৈতে গঢ়ি তোলা বন্ধুত্বমূলক সম্পৰ্কৰ বাবে৷ সেয়া আছিল পিতৃ মুজিবুৰ ৰহমানৰ নেতৃত্বত হোৱা বাংলাদেশৰ মুক্তি সংগ্ৰামত ভাৰতে আগবঢ়োৱা অসীম সহযোগিতাৰ কৃতজ্ঞতা৷ সেই মুক্তিযুদ্ধলৈ আগবঢ়োৱা অৱদানৰ বাবে শ্বেখ হাছিনা চৰকাৰে ড॰ ভূপেন হাজৰিকাসহ ১২৯গৰাকী বিদেশী ব্যক্তিক সন্মানিত কৰিছিল৷ কিন্তু যোৱা আগষ্ট মাহত দেশখনত ছাত্ৰ আন্দোলনৰ গইনা লৈ ঘটা গণ উত্থানৰ পৰিণতিত ক্ষমতাচ্যুত হৈ শ্বেখ হাছিনা দেশ এৰি ভাৰতলৈ পলোৱাৰ পাছৰে পৰা দেশখনৰ পৰিস্থিতি সলনি হৈ গৈছে৷ এই গণ উত্থানৰ সুযোগ লৈ মৌলবাদী শক্তিৰ তৎপৰতা যিদৰে বৃদ্ধি হৈছে সেয়া সেই দেশৰ হিন্দুসকলৰে নহয় ভাৰতৰ বাবেও উদ্বেগজনক৷ তাক বৰ্তমানৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ নেতৃত্বাধীন অন্তৰ্ৱৰ্তী চৰকাৰখনে নিয়ন্ত্ৰণ কৰিব পৰা নাই৷ সেই গণ উত্থানৰ সময়ৰে পৰা এতিয়ালৈকে তাত ছেগা-চোৰোকাকৈ হিন্দুক নিৰ্যাতনৰ ঘটনাবোৰ ঘটিয়েই আছে৷ ইউনুছৰ চৰকাৰখনে হিন্দুৰ বিৰুদ্ধে সংঘাত বিচৰা নাই৷ বৰঞ্চ দুৰ্গা পূজাকে ধৰি বিভিন্ন সময়ত দেশখনত হিন্দু-মুছলমানৰ মাজত সদ্ভাৱ বৰ্তাই ৰখাৰ চেষ্টা কৰি আছে চৰকাৰখনে ঠিকেই, কিন্তু মৌলবাদী শক্তিবোৰক নিয়ন্ত্ৰণো কৰিব পৰা নাই৷ অলপতে বাংলাদেশৰ পতাকাক অপমান কৰাৰ অপৰাধত ‘ইস্কন’ৰ এগৰাকী নেতা চিন্ময় কৃষ্ণদাসক চৰকাৰে গ্ৰেপ্তাৰ কৰাক কেন্দ্ৰ কৰি দেশখনত হিন্দু-মুছলমানৰ মাজত সংঘাত পুনৰ বৃদ্ধি পাইছে৷ তাত নিৰাপত্তা বিচাৰি হিন্দুসকলে ৰাজপথত বিক্ষোভ কৰাৰ সময়ত মুছলমান মৌলবাদী শক্তিবোৰো তৎপৰ হৈ পৰিছে৷ কোনো সংগঠনে প্ৰকাশ্যে স্বীকাৰ কৰা নাই যদিও দেশখনত অসহিষ্ণুতাৰ পৰিৱেশ বৃদ্ধি কৰি নিয়া হৈছে আৰু হিন্দু বিদ্বেষ তীব্ৰ কৰি অনা হৈছে৷ অৱধাৰিতভাৱেই ভাৰতত তাৰ প্ৰতিক্ৰিয়াও ক্ৰমান্বয়ে তীব্ৰ হৈ গৈ আছে৷ দুদিন আগলৈকে সদ্ভাৱেৰে চলি থকা, পৰস্পৰে পৰস্পৰক বন্ধু বুলি আঁকোৱালি লোৱা দেশ দুখনৰ মাজৰ এই পৰিৱৰ্তিত ৰূপটো কাৰো বাবে ভাল নহয়৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে ভাৰতৰ সৈতে বাংলাদেশৰ সম্পৰ্ক আচলতে কেনে হ’ব মহম্মদ ইউনুছৰ নেতৃত্বাধীন অন্তৰ্ৱৰ্তী চৰকাৰখনে সেইটো তেওঁলোকে থিৰাঙেই কৰিব পৰা নাই৷ তেওঁলোকে প্ৰবল হেঁচাৰ মাজত দেশখন চলাই থাকিব লগা হৈছে৷ তাত নিৰ্বাচিত চৰকাৰ এখন প্ৰতিষ্ঠা নোহোৱালৈকে এই সমস্যাবোৰৰ সমাধান হোৱাৰ আশা নাই৷ কিন্তু এটা কথা ঠিক, পৰিৱৰ্তিত বিশ্বত টিকি থাকিবলৈ হ’লে ভাৰত-বাংলাদেশে সদ্ভাৱেৰে আগবঢ়াৰ গত্যন্তৰ নাই৷

Share This