ন্যায়-অন্যায়
Dainik Janambhumi
November 15, 2024
ডিজিটেল ডেস্কঃ ‘জীৱনটো আচলতে অতি সাধাৰণ, কিন্তু আমি ইয়াক জটিল কৰি তুলিবলৈ চেষ্টা কৰি থাকোঁ’– মানৱতাবাদী, দাৰ্শনিক কনফুচিয়াছে জীৱন সম্পৰ্কে বহু কথাই কৈ থৈ গৈছে৷ উল্লিখিত কথাখিনিও তেওঁ জীৱন সম্পৰ্কে আহৰণ কৰা এক গুৰুত্বপূৰ্ণ উপলব্ধি৷ হয়ো, জন্মৰ পৰা মৃত্যুলৈকে সমগ্ৰ পৰিক্ৰমাটোলৈ লক্ষ্য কৰিলেই হৃদয়ংগম কৰিব পৰা যায় যে জীৱনটো নিতান্তই সাধাৰণ এটা পৰিক্ৰমা৷ কিন্তু ইয়াক জটিল কৰি তোলাটো মানুহৰ এটা প্ৰবৃত্তি৷ জীৱনটোক যদি ইয়াৰ স্বাভাৱিক সাধাৰণ গতিৰে আগবঢ়াই নিব পৰা গ’লহেঁতেন, জীৱনলৈ অহা প্ৰতিটো সমস্যাক সাধাৰণভাৱে গ্ৰহণ কৰিব পৰা গ’লহেঁতেন, তেনেহ’লে জীৱনত অশান্তিৰ প্ৰভাৱ বহুলাংশে কমি গ’লহেঁতেন৷
আমি যদি ব্যক্তিৰ পৰা গৈ সমষ্টিগতভাৱেও চাওঁ, বহু সামাজিক অশান্তিৰ কাৰণ হ’ল বাস্তৱক সহজভাৱে গ্ৰহণ কৰাৰ ক্ষেত্ৰত আমি প্ৰদৰ্শন কৰা অপাৰগতা৷ ব্যক্তিগত জীৱনত বা সামাজিক, ৰাজনৈতিক জীৱনত জটিলতাবোৰ বৃদ্ধি কৰি অনাৰ লগে লগে অতি সাধাৰণভাৱে সমাধান কৰিব পৰা বিষয় কিছুমানে গুৰুতৰ সমস্যাৰ ৰূপ ধাৰণ কৰিছে আৰু ইয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অশান্তিয়ে ব্যক্তিক তথা সমাজক গ্ৰাস কৰি জীৱন-যাত্ৰাক অসহনীয় কৰি তুলিছে৷ আমাৰ সমাজৰ এনেকুৱা এটা সাম্প্ৰতিক সমস্যা হৈছে উচ্ছেদ৷ উচ্ছেদ এনেকুৱা এটা বিষয় যি নিশাটোৰ ভিতৰতে কাৰোবাৰ জীৱনলৈ গভীৰ অনিশ্চয়তা নমাই আনিব পাৰে, অথচ ইয়াক লৈ কোনো কোনো পক্ষ আহ্লাদিত হৈ পৰাও পৰিলক্ষিত হয়৷ কোনোবা এজন ব্যক্তিয়ে অসামাজিক কাম কৰাৰ অপৰাধত প্ৰশাসনে বুলডজাৰ নমাই সেই অপৰাধীৰ ঘৰ নিমিষতে উচ্ছেদ কৰি ধূলিৰ লগত মিলাই দিয়ে, সেই অপৰাধীৰ লগতে সমগ্ৰ পৰিয়ালটোৰ মূৰৰ ওপৰৰ চালিখন খন্তেকতে নোহোৱা হৈ পৰে, তাক দেখি অপৰাধীটোৰ শাস্তিৰ দাবী কৰি থকা মানুহবোৰ আনন্দিতও হয়, কিন্তু সেই অপৰাধীটোৰ বাবে যে পৰিয়ালৰ আন নিৰ্দোষী মানুহবোৰ মুকলি আকাশৰ তললৈ নিক্ষেপিত হ’ল, সেই বেদনাখিনি কোনে উপলব্ধি কৰিলে?
দেশৰ অন্য অংশৰ কথা আলোচনালৈ নানিলেও, আমাৰ ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰিৱেশটো লক্ষ্য কৰিলেই সমস্যাটোৰ সম্পৰ্কে আৰু ইয়াৰ অন্তৰ্নিহিত বেদনাখিনিক উপলব্ধি কৰিব পৰা যায়৷ ক’ৰবাত বনাঞ্চল অধিকাৰ কৰাৰ বিৰুদ্ধে, ক’ৰবাত চৰকাৰী ভূমি বেদখলৰ বিৰুদ্ধে, ক’ৰবাত অপৰাধী নিৰ্মূলৰ গইনা লৈ বা ক’ৰবাত উন্নয়নৰ নামত আমাৰ ৰাজ্যতে অগণন মানুহ উচ্ছেদিত হৈছে৷ মহানগৰীৰ কাষতে আমচাং অভয়াৰণ্যৰ বনাঞ্চল আৰু অ-বনাঞ্চল এলেকাৰ সীমাৰেখাক গণিতা নকৰাকৈ বহুত ঘৰ এফালৰ পৰা ভাঙি দি কিছুমান পৰিয়ালক দিক্-বিদিক্শূন্য অৱস্থালৈ ঠেলি দিলে, সোণাপুৰৰ কচুতলী নামৰ ঠাইত এনে কিছুমান মানুহ উচ্ছেদিত হ’ল যিবিলাকে সেই বসতি বৈধ বা অবৈধ তাক আজিলৈকে বুজি পোৱা নাই, মহানগৰীৰ শিলসাঁকোত কিছুমান সাধাৰণ মানুহৰ ঘৰ উচ্ছেদ কৰা হ’ল, তাত কিন্তু প্ৰতিপত্তিশীল কিছুমান মানুহৰ অট্টালিকাত হাত দিবলৈ প্ৰশাসনে সাহসেই নকৰিলে৷
এইবোৰ হৈছে সামাজিক জীৱন-যাত্ৰাক সৰলৰ পৰা জটিল কৰি তোলা একো একোটা বিষয়, যিবোৰে এতিয়া গুৰুতৰ সমস্যাৰ ৰূপ ধাৰণ কৰিছে৷ এই সমস্যা ন্যায় নে অন্যায় তাক সাধাৰণভাৱে ঠাৱৰ কৰিব নোৱৰা এটা সমস্যা৷ যিমানেই যুক্তিসংগত নহওক কিয়, এটা পৰিয়ালক হঠাৎ উচ্ছেদ কৰি গৃহহীন কৰি দিয়াটো উচিত হয় নে নহয়, তাক এতিয়া দেশৰ সৰ্বোচ্চ ন্যায়ালয়েও পৰ্যালোচনা কৰিব লগা অৱস্থা হৈছে৷ কেৱল পৰ্যালোচনা কৰাই নহয়, বৰ্তমানৰ চৰকাৰখনৰ জধে-মধে, যাকে-তাকে লক্ষ্য কৰি বুলডজাৰ চলোৱাৰ প্ৰৱণতাক নাকী লগাবলৈ ন্যায়ালয়ে এলানি নিয়ম বান্ধি দিবলৈও বাধ্য হৈছে৷ অসমৰ প্ৰসংগক প্ৰথমতে আলোচনা কৰিলেও উচ্চতম ন্যায়ালয়ে যোৱা বুধবাৰে ‘বুলডজাৰ অভিযান’ক নিয়ন্ত্ৰণ কৰিবলৈ দিয়া ৰায়টোৰ মূল পটভূমি হৈছে উত্তৰ প্ৰদেশ৷ তাত ২০১৭ চনৰ পৰা যোগী আদিত্যনাথ চৰকাৰৰ উদ্যোগত চলা বুলডজাৰ অভিযানৰ জৰিয়তে ৬৭ হাজাৰ একৰ মাটি (২৭০ বৰ্গ কিঃমিঃ এলেকা) ‘মুক্ত’ কৰা হৈছে৷ এই ক্ষেত্ৰত বিশেষকৈ মুছলমানসকলক লক্ষ্য কৰি লোৱা বুলি অভিযোগ উঠিছে৷ যোগী আদিত্যনাথ চৰকাৰৰ এই ব্যৱস্থাক বহুতে সমৰ্থন কৰি ইয়াক ‘বুলডজাৰ ন্যায়’ বুলি অভিহিত কৰা দেখা গৈছে যদিও কিছুমান নিৰীহ মানুহে এই ‘বুলডজাৰ অভিযান’ৰ বলি হৈ সৰ্বস্ব হেৰুৱাব লগা হৈছে৷ ই কিমানদূৰ ন্যায়সংগত তাক লৈ বহুতৰ মনত প্ৰশ্ন উত্থাপন হোৱা দেখা গৈছে৷ বহু ক্ষেত্ৰত উচ্চতম ন্যায়ালয়েও ইয়াৰ বৈধতাক মানি ল’ব পৰা নাই বাবেই ‘কোনোবা ব্যক্তি দোষী বুলি চিহ্নিত হ’লেই তেওঁৰ ঘৰ ভাঙি দিয়াটো সংবিধানসন্মত নহয়’ বুলি ৰায় দিবলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠ বাধ্য হৈছে৷ কোনো গত্যন্তৰ নাথাকিলেহে উচ্ছেদক শেষ পন্থা হিচাপে গণ্য কৰিবলৈ বিচাৰপীঠে চৰকাৰক সকীয়াই দিছে আৰু এই বুলিও কৈছে যে উদ্দেশ্যপ্ৰণোদিতভাৱে উচ্ছেদ চলোৱাটো প্ৰমাণ হ’লে সংশ্লিষ্ট চৰকাৰী বিষয়াই ইয়াৰ বাবে ক্ষতিপূৰণ ভৰিব লাগিব৷
এতিয়া কথা হ’ল উচ্ছেদ একেবাৰে অবৈধ বুলি ন্যায়ালয়ে কোৱা নাই, কিন্তু ন্যায়ালয়ে লক্ষ্য কৰিছে যে সাধাৰণভাৱে সমাধান কৰিব পৰা বিষয় কিছুমানক জটিল কৰি পেলোৱা হৈছে আৰু ফলত ই এক সামাজিক সমস্যাৰ ৰূপ পৰিগ্ৰহ কৰিছে৷ সমাজ শান্তিপূৰ্ণ ৰূপত থকাটো বিচাৰিলে এই জটিলতাবোৰ এৰাই চলাৰ মানসিকতা লাগিব৷ কেৱল উচ্চেদেই নহয় অন্য সমস্যাবোৰৰ ক্ষেত্ৰতো একেই কথা৷
Share This