আজিৰ সম্পাদকীয়,গণজাগৰণ

Dainik Janambhumi August 26, 2024

 

ডিজিটেল ডেস্কঃ    শিৱসাগৰৰ কিশোৰী নিৰ্যাতনৰ ঘটনাটোক কেন্দ্ৰ কৰি সৃষ্টি হোৱা গণ উত্থানৰ পৰাই আৰম্ভ হৈছে এক আকস্মিক প্ৰতিবাদী পৰিৱেশ৷ তড়িৎ গতিত এই প্ৰতিবাদী পৰিৱেশে বিস্তাৰ লাভ কৰিছে উজনি আৰু মধ্য অসমৰ বিভিন্ন প্ৰান্তলৈ৷ শিৱসাগৰৰ ঘটনাটো আছিল বহিৰাগত ব্যৱসায়ীৰ বিৰুদ্ধে, কিন্তু এতিয়া জনক্ষোভৰ লক্ষ্য হৈ পৰিছে পূব পাকিস্তান তথা বাংলাদেশৰ পৰা প্ৰব্ৰজিত মুছলমান লোকসকল, যাক আমাৰ মানুহে ‘মিঞা’ বুলি সম্বোধন কৰে৷

 

‘মিঞা’ শব্দটো এটা বিশেষ্য পদ, মুছলমান ভদ্ৰলোকক মান্যতাসহকাৰে সম্বোধন কৰা এটা শব্দ৷ ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, দক্ষিণ শালমাৰাত যিসকলক ‘ভাটিয়া’ বুলি কোৱা হয় নগাঁও, দৰং, মৰিগাঁও, হোজাইত সেইসকলৰ পৰিচয় হ’ল মিঞা৷ মিঞা এতিয়া সেই পূৰ্ববংগীয়, পূব পাকিস্তানী, বাংলাদেশমূলীয় লোকক বুজোৱা এটা শব্দ আৰু এতিয়া নতুনকৈ ‘মিঞা খেদোৱা’ অভিযান আৰম্ভ হৈছে ধিঙত স্কুলীয়া ছোৱালী এগৰাকীক কেইটামান এনেকুৱা ‘মিঞা’ই কৰা পাশৱিক বলাৎকাৰক লৈ সৃষ্টি হোৱা প্ৰবল গণৰোষৰ পৰিপ্ৰেক্ষিতত৷ শিৱসাগৰৰ ঘটনাটোৰ অন্তৰালত যৌন উৎপীড়নৰ লক্ষ্য আছিল বুলি  জনা নাযায়, এইটো আছিল দুজনমান মাৰোৱাৰী সম্প্ৰদায়ৰ দুবৃৰ্ত্তই কৰা প্ৰহাৰৰ ঘটনা৷

 

 ইতিমধ্যে মন্ত্ৰী, জিলাৰ প্ৰশাসনীয় কতৃৰ্পক্ষৰ সন্মুখত মাৰোৱাৰী সমাজৰ পৰা তামোল-পাণ আগবঢ়াই আঁঠুকাঢ়ি সেৱা লৈ ক্ষমা প্ৰাৰ্থনা কৰাৰ পাছত সেই অধ্যায়টো আপাততঃ শাম কাটিছে যদিও ‘মিঞা’ৰ বিৰুদ্ধে শেহতীয়াকৈ সৃষ্টি হোৱা গণ উত্থানৰ পৰিস্থিতি সহজতে শাম কাটিব বুলি ক’ব নোৱাৰি এইবাবেই যে এই ক্ষেত্ৰত প্ৰতিবাদীসকলৰ স্থিতি আৰু ৰাজ্য চৰকাৰৰ স্থিতি মিলি গৈছে৷ গতিকে এতিয়াৰ ‘মিঞা বিৰোধী’সকলে চৰকাৰীপক্ষৰ বাধাৰ সন্মুখীন হোৱাৰ শংকা নাই৷ ৰাজ্যৰ খোদ মুখ্যমন্ত্ৰীগৰাকীয়েই ‘মিঞা’ৰ বিৰুদ্ধে ইমান উগ্ৰভাৱে সৰৱ যে তেওঁ যেন পাৰিলে ৰাজ্যৰ সমস্ত মিঞাক বৰাক-ব্ৰহ্মপুত্ৰৰে উটুৱাই দি বাংলাদেশত পেলাবগৈ৷ তেওঁৰ বক্তব্যত কোনো লুক-ঢাক নাই৷ শিৱসাগৰৰ নাৰী নিৰ্যাতন বিৰোধী আন্দোলনটোক মুকলিভাৱে প্ৰশংসা কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ অন্যান্য অংশত হোৱা নাৰী নিৰ্যাতনৰ বিৰুদ্ধে ৰাইজক মাৰবান্ধি ওলাই আহি শিৱসাগৰবাসীৰ দৰে প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছে৷ ধিঙত স্কুলীয়া ছাত্ৰীগৰাকীক তিনিটা নৰপিশাচে ধৰ্ষণ কৰাৰ বিৰুদ্ধে বিশালসংখ্যক মহিলা আৰু বিভিন্ন দল-সংগঠনৰ কৰ্মী-বিষয়ববীয়াই ওলাই আহি নজিৰবিহীন প্ৰতিবাদ সাব্যস্ত কৰাটো এনেকুৱা পৰিৱেশৰ  ফল বুলি ভাবিব পাৰি৷

 

কাৰণ শিৱসাগৰৰ ঘটনাটোৰ পূৰ্বে ধিঙৰ দৰে কেইবাটাও জঘন্য বলাৎকাৰৰ ঘটনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈছিল, কেইবাটাও এনে ঘটনাত ভুক্তভোগীয়ে প্ৰাণ হেৰুৱাবলগীয়াও হৈছে৷ তাৰ প্ৰতিবাদ ঠায়ে ঠায়ে হ’লেও সেইবোৰ প্ৰতিবাদত ইমান ব্যাপকতা পৰিলক্ষিত হোৱা নাছিল৷ লোক সভাৰ নিৰ্বাচনৰ পাছত কমেও ২২-২৩টা নাৰী নিৰ্যাতনৰ ঘটনা হোৱা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰি ইয়াত এটা বিশেষ সম্প্ৰদায় জড়িত থকা বুলি নিৰ্দিষ্ট পক্ষ এটালৈ আঙুলিয়াই দিয়াৰ পাছতে প্ৰতিবাদী শিবিৰবোৰৰ লক্ষ্য হৈ পৰিছে সেই গোষ্ঠীটো৷ তাৰ পিছতে উজনিৰ পৰা সেই ‘পমুৱা বহিৰাগত’ক এসপ্তাহৰ ভিতৰত খেদি পঠোৱাৰ হুংকাৰ প্ৰতিবাদী সংগঠনবিলাকে দিছে আৰু ইয়াৰ বাবে যি সংগঠিত অভিযান আৰম্ভ কৰা হৈছে, সেয়া বিভিন্ন মাধ্যমেৰে প্ৰকাশ পাইছেই৷ গতিকে ‘মিঞা খেদা’ আন্দোলনে পৰৱৰ্তী কিছুদিন উজনি অসমক উত্তপ্ত কৰি ৰখাৰ সম্ভাৱনা আছে৷ কিন্তু প্ৰশ্ন হৈছে– এই ‘মিঞা’সকলক ক’ৰ পৰা ক’লৈ খেদিব? সাম্প্ৰতিক গণ জাগৰণৰ সুযোগত ঠায়ে ঠায়ে মাৰপিটৰ কিছুমান ঘটনা ঘটিব আৰু ভীতিগ্ৰস্ত কৰি সেই ‘মিঞা’সকলক বৰ বেছি নগাঁও, মৰিগাঁও, বৰপেটা বা ধুবুৰীলৈ যাবলৈ বাধ্য কৰিব৷ তাতকৈ বেছি কৰিব পৰাৰ অৱকাশ এইখন অসমত নাই৷ স্বৰাজ লাভৰ পূৰ্বৰ সময়ৰ পৰা এতিয়ালৈকে আমাৰ শাসকসকলে একোটা খুলিব নোৱৰা মেৰপেঁচ সৃষ্টি কৰি সেই পথ ৰুদ্ধ কৰি থৈছে৷ চৰ্বিত চৰ্বন হ’লেও ক’ব লাগিব যে অসম আন্দোলনত বিশেষকৈ ১৯৮৩ৰ অবৈধ নিৰ্বাচনৰ বিৰুদ্ধে হোৱা সংগ্ৰামখনৰ সময়ত ৰাজ্যৰ বহু স্থানত খিলঞ্জীয়া আৰু বাংলাদেশীমূলৰ লোকৰ যুদ্ধ লাগিছিল৷

 

দুয়োপক্ষৰ তেজেৰে ৰাঙলী হৈছিল ৰাজ্যৰ বহু ঠাই৷ তাৰ পাছতো কিবা ফল ৰাজ্যখনে পালেনে? নাই; সেই ঘটনাবোৰ ইতিহাসৰ বিভিন্ন সময়ত অধ্যায়ৰূপে লিপিবদ্ধ হোৱাৰ বাদে আন একো হোৱা নাই৷ এই প্ৰব্ৰজিত মূলৰ লোকখিনিয়ে অন্য কোনবিলাক দিশত অপকাৰ কৰিছে সেইবোৰ বেলেগে চৰ্চা হ’ব পাৰে, কিন্তু এটা কথা স্বীকাৰ কৰিবই লাগিব যে অতি কষ্টসহিষ্ণু আৰু শ্ৰমজীৱী এই লোকসকলেই এতিয়া আমাৰ খিলঞ্জীয়া বেছিভাগ মানুহক সহজভাৱে চলি থাকিব পৰা পৰিৱেশ সৃষ্টি কৰি দিছে৷ ধান, শাক-পাচলি এওঁলোকে উৎপাদন কৰি দিছে, ঘৰটো এওঁলোকে নিৰ্মাণ কৰি দিছে, ৰাস্তাটো এওঁলোকে নিৰ্মাণ কৰি দিছে, আনকি বহু নামঘৰৰ মণিকূটবোৰ এওঁলোকেই নিৰ্মাণ কৰি দিছে৷ অসম আন্দোলনৰ সময়ত উজনি অসমৰ বহু ঠাইৰ মানুহে ‘বাংলাদেশী’ দেখাই নাছিল৷ সেই উজনি অসমত এতিয়া ‘মিঞা খেদোৱা’ আন্দোলন কৰিব লগাৰ একমাত্ৰ কাৰণ হৈছে খিলঞ্জীয়াৰ শ্ৰমবিমুখিতা৷ লগতে এইটোও সত্য যে খহনীয়া বা অন্য প্ৰাকৃতিক দুৰ্যোগৰ বাবে উজনিলৈ প্ৰব্ৰজন কৰা এনেকুৱা বহু লোক বৈধ ভাৰতীয় নাগৰিক৷

 

গতিকে সাম্প্ৰতিক গণ জাগৰণৰ নেতৃত্ব দিয়াসকলে বাস্তৱ পৰিস্থিতিক অনুধাৱন কৰি পদক্ষেপ গ্ৰহণ কৰা উচিত৷ আনহাতে গণ জাগৰণৰ আহ্বান দিয়েই চৰকাৰখনে নাৰীসকলৰ নিৰাপত্তাৰ দায়িত্ব এৰাব নোৱাৰিব৷ সাম্প্ৰতিক গণ জাগৰণে সৃষ্টি কৰিব পৰা বিদ্বেষৰ পাশ্বৰ্ক্ৰিয়া কেনেধৰণৰ হ’ব পাৰে, সেইবোৰৰ প্ৰতিও সংশ্লিষ্ট সকলো পক্ষই লক্ষ্য ৰখা উচিত৷ 

Share This