ডিজিটেল ডেস্ক : 'নেশ্যনেল হেৰল্ড' গোচৰত কংগ্ৰেছ দলৰ দুগৰাকী মুখ্য নেতা ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু ছেম পেট্ৰ'ডাকে ধৰি কেইগৰাকীমান সহযোগীৰ বিৰুদ্ধে আইন। বলৱৎকাৰী সঞ্চালকালয়ে (ই ডি) যোৱা ১৫ এপ্রিলত দিল্লীৰ এখন আদালতত অভিযোগনামা দাখিল কৰাৰ লগে লগে নেতা দুগৰাকী যিকোনো মুহূৰ্ততে কাৰাৰুদ্ধ হ'ব লগাটো নিশ্চিত হৈ পৰিছে। কংগ্ৰেছৰ দুয়োগৰাকী শীর্ষ নেতা আৰু তেওঁলোকৰ সহযোগীকেইজনৰ বিৰুদ্ধে ধনৰ অবৈধ সৰবৰাহ আইনৰ ৪৪ আৰু ৪৫ নম্বৰ ধাৰা আৰোপ কৰা হৈছে, যিকেইটা ধাৰাত জামিন পোৱাটো কঠিন। অৰবিন্দ কেজৰিৱাল, মনীষ ছিছ'দিয়া, হেমন্ত ছোবেন, সত্যেন্দ্ৰ জৈনৰ দৰে নেতাসকল এই দুটা ধাৰাত গ্ৰেপ্তাৰ হোৱা বাবেই দীর্ঘদিন কাৰাগাৰত থাকিবলগা হৈছিল। আদালতত ই ডি-এ অভিযোগনামা দাখিল কৰাৰ পাছতে প্রত্যাশিতভাবে সমগ্র দেশজুৰি কংগ্ৰেছৰ নেতা-কর্মীসকল ক্ষোভত ফাটি পৰা দেখা গৈছে।
বুধবাৰে সমগ্ৰ দেশৰ ই ডিৰ কাৰ্যালয়বিলাকৰ সন্মুখত কংগ্ৰেছৰ নেতা-কর্মীসকলে বিক্ষোভ প্ৰদৰ্শন কৰি ই ডিৰ কাৰ্যৰ প্ৰতিবাদ জনায়। বিৰোধী ৰাজনৈতিক নেতা একাংশক হাৰাশাস্তি কৰিবলৈ, তেওঁলোকৰ ভাবমূর্তি ম্লান কৰিবলৈ ই ডি, চি বি আই, আয়কৰ লগোৱাৰ অভিযোগ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰসমূহৰ বিৰুদ্ধে আছে। এনেকুৱা কেইবাটাও গোচৰৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠেও মুকলি অসন্তুষ্টি ব্যক্ত কৰিছে। তেনে অৱস্থাত ছোনিয়া গান্ধী, ৰাহুল গান্ধী জড়িত থকা এই 'নেশ্যনেল হেৰল্ড' গোচৰৰ ই ডিয়ে আদালতত অভিযোগনামা দাখিল কৰাটো এনেকুৱা ষড়যন্ত্ৰৰে অংশ নেকি সেই প্রশ্ন জনসাধাৰণৰ মনলৈ আহিব পাৰে। বুধবাৰৰ কংগ্ৰেছৰ প্ৰতিবাদৰ লক্ষ্যও ই ডি নিগ্রহৰ এটা অধ্যায় বুলি প্রতিষ্ঠা কৰা, কিন্তু এই গোচৰটোৰ ইতিহাসলৈ লক্ষ্য কৰিলেই গম পোৱা যায় যে ইয়াত ই ডি পৰৱৰ্তী সময়তহে জড়িত হৈ পৰিছে। কংগ্ৰেছ দেশৰ শাসনত থাকোঁতেই ২০১২ চনত বিশিষ্ট আইনজ্ঞ তথা সাংসদ সুব্রমনিয়ম স্বামীয়ে দিল্লীৰ এখন আদালতত 'নেশ্যনেল হেৰল্ড'ৰ বিশাল সম্পত্তি হস্তগত কৰাৰ ষড়যন্ত্ৰ কৰা বুলি ছোনিয়া গান্ধী, ৰাহুল গান্ধীসহ একাংশ নেতাৰ বিৰুদ্ধে গোচৰ তৰিছিল। সেই গোচৰটোৰে বিচাৰৰ অংশ হিচাপে মঙলবাৰে ই ডিয়ে আদালতত দাখিল কৰিছিল অভিযোগনামা। আদালতত সুব্রমনিয়ম স্বামীয়ে যি অভিযোগ উত্থাপন কৰিছে সেই মতে সম্পূর্ণ এটা অস্বচ্ছ পদ্ধতিৰে ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীয়ে স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ সৈতে জড়িত 'নেশ্যনেল হেৰল্ড' তথা ইয়াৰ প্ৰকাশন প্রতিষ্ঠান এছ'চিয়েট জার্নাল লিমিটেড (এ জে এল) নিজৰ অধীনস্থ কৰিছিল 'ইয়ং ইণ্ডিয়ান' নামৰ এটা প্ৰতিষ্ঠানৰ জৰিয়তে, যিটোৰ সঞ্চালক পদত আছিল ৰাহুল গান্ধী আৰু সঞ্চালক মণ্ডলী (ব'র্ড অব ডিৰেক্টৰ্ছ)-ত আছিল ছোনিয়া গান্ধী।
এই 'ইয়ং ইণ্ডিয়ান' গঠন কৰা হৈছিল ২০১০ চনত।' ইয়ং ইণ্ডিয়ান'ৰ সম্পত্তিৰ পৰিমাণ আছিল ৫ লাখ টকাৰ আৰু ই দখল কৰিছিল 'নেশ্যনেল হেৰল্ড' আৰু এ জে এলৰ ৫ হাজাৰ কোটি টকাৰ বিশাল সম্পত্তি। 'নেশ্যনেল হেৰল্ড' বুলি ক'লেই মনলৈ আহে জৱাহৰলাল নেহৰুৰ নামটো। কিন্তু এইটোও সত্য যে এই 'নেশ্যনেল হেৰল্ড' কিম্বা এছ'চিয়েটেড জার্নাল লিমিটেড নেহৰুৰ ব্যক্তিগত প্রতিষ্ঠান নাছিল। ৫ হাজাৰ স্বাধীনতা সংগ্ৰামীৰ আৰ্থিক সহযোগিতাত স্থাপন হৈছিল এই প্রতিষ্ঠান। এই প্রতিষ্ঠানে 'নেশ্যনেল হেৰল্ড' কাকতৰ উপৰি উর্দু ভাষাত 'কৌমি আৱাজ' আৰু হিন্দী ভাষাত 'নৱজীৱন' প্ৰকাশ কৰিছিল। ২০০৮ চনত বন্ধ হৈ পৰিছিল এই ঐতিহাসিক কাকতকেইখনৰ প্ৰকাশ। তাৰ পাছত ২০১০ চনত এই 'নেশ্যনেল হেৰল্ড' আৰু এ জে এল প্রতিষ্ঠান চামিল হৈছিল 'ইয়ং ইণ্ডিয়ান'ৰ সৈতে। এই 'ইয়ং ইণ্ডিয়ান'লৈ হস্তান্তৰৰ পাছত ৰাহুল গান্ধী-ছোনিয়া গান্ধী নিয়ন্ত্রণাধীন প্রতিষ্ঠানটোৱে কংগ্ৰেছৰ পৰা শূন্য শতাংশ সুদত ৯০ কোটি টকা ঋণ হৈছিল কাকতকেইখন পুনৰ প্ৰকাশৰ নামত। উত্থাপিত গোচৰৰ অভিযোগ মতে, যিখন 'সাধাৰণ সভা'ৰ জৰিয়তে নেশ্যনেল হেৰল্ড আৰু এ জে এল প্রতিষ্ঠানক 'ইয়ং ইণ্ডিয়ান'ৰ সৈতে চামিল কৰা হৈছিল সেই সাধাৰণ সভালৈ 'নেশ্যনেল হেৰল্ড' আৰু এ জে এলৰ বেছিভাগ অংশীদাৰকে আমন্ত্রণ জনোৱা হোৱা নাছিল। এই শ্বেয়াৰ হ'ল্ডাৰসকলৰ অন্যতম আছিল শান্তিভূষণ মার্কণ্ডে কাটজুৰ দৰে বিশিষ্ট ব্যক্তিও। এতিয়া প্রশ্ন হৈছে- 'নেশ্যনেল হেৰল্ড'ক 'ইয়ং ইণ্ডিয়ান' নামৰ প্রতিষ্ঠানটোৰে সংলগ্নকৰণ, সেই ঐতিহাসিক সম্পদৰাজিৰ বৰ্তমানৰ অৱস্থা, ইয়াৰ ব্যৱহাৰ, সেই সম্পদৰাজিৰ লভ্যাংশৰ উপভোগ আদি বিষয়বোৰ কিমান স্বচ্ছতাৰে সম্পন্ন হৈছে? কংগ্রেছ শাসনত থকাৰ সময়ত গান্ধী পৰিয়ালে অবৈধ পন্থাৰে এই ঐতিহাসিক সম্পদৰাজিৰ কৰ্তৃত্ব সাব্যস্ত কৰিছিল নেকি? এটা প্রতিষ্ঠানক কংগ্ৰেছৰ দৰে ৰাইজৰ বৰঙনিৰে চলা দল এটাৰ নব্বৈ কোটি টকা ঋণ দিয়াৰ অধিকাৰ আছেনে নাই? এই প্রশ্নবোৰৰ উত্তৰ ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীসহ কগ্রেছ নেতৃত্বই আদালতৰ মজিয়া দিব লাগিব। 'নেশ্যনেল হেৰল্ড' গোচৰৰ অধ্যায়টোত গান্ধী পৰিয়ালে নিজৰ ভূমিকাৰ স্বচ্ছতা আদালতত প্রতিপন্ন কৰিব পাৰিবনে নোৱাৰে, তাৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যৎ।