আজিৰ সম্পাদকীয়,নতুন মেৰু

Dainik Janambhumi October 29, 2024

 

ডিজিটেল ডেস্কঃ  অলপতে ৰাছিয়াৰ কাজানত অনুষ্ঠিত ‘ব্ৰিকছ’ ৰাষ্ট্ৰৰ শীৰ্ষ নেতাসকলৰ সন্মিলনখন সাম্প্ৰতিক বিশ্ব পৰিস্থিতিৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি চিহ্নিত হৈছে৷ ‘ব্ৰিকছ (Brics)’-এ মূলতঃ পাঁচখন ৰাষ্ট্ৰৰ গোটক প্ৰতিনিধিত্ব কৰিছিল– ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া (ভাৰত), চীন আৰু ছাউথ আফ্ৰিকা (দক্ষিণ আফ্ৰিকা)৷ কিন্তু এইবাৰ ইয়াৰ ষষ্ঠদশ সন্মিলনখনত আৰু চাৰিখন ৰাষ্ট্ৰৰ মুৰববীয়ে সদস্যৰাষ্ট্ৰৰ ৰূপত অংশগ্ৰহণ কৰে৷ তেওঁলোক হ’ল– ইজিপ্ত, ইথিওপিয়া, ইৰান আৰু ইউনাইটেড আৰব এমিৰেটছ, অৰ্থাৎ সংযুক্ত আৰব আমিৰশ্বাহী৷ বৈঠকখনৰ অন্যতম গুৰুত্বপূৰ্ণ দিশটো হ’ল– একে সময়তে অনুষ্ঠিত কমনৱেল্‌থ ৰাষ্ট্ৰসমূহৰ মুৰব্বী সন্মিলনখনলৈ নগৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফ’চাই ‘ব্ৰিকছ’ৰ সন্মিলনখনত অংশগ্ৰহণ কৰিছিল৷

 

তদুপৰি অন্য ২৯খন ৰাষ্ট্ৰৰ হয় ৰাষ্ট্ৰপতি নতুবা প্ৰধানমন্ত্ৰী কিম্বা বৈদেশিক মন্ত্ৰীয়ে সন্মিলনখনত ভাগ লোৱাটোও তাৎপৰ্যপূৰ্ণ৷ এই ৰাষ্ট্ৰসমূহৰ ভিতৰত ভিয়েটনাম, ভেনিজুৱেলা, তুৰস্ক, থাইলেণ্ড, শ্ৰীলংকা, ছৌডি আৰব, পেলেষ্টাইন, নিকাৰাগুৱা মংগোলিয়া, মালয়েছিয়া, কিৰ্গিস্তান, কাজাখস্তান, ইণ্ডোনেছিয়া, কিউবা, বেলাৰুছ, বাংলাদেশ, বাহৰেইন, আৰ্মেনিয়া অন্যতম৷ ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্টনিঅ’ গুটাৰেছে সন্মিলনখনত ভাগ লোৱাটোও গুৰুত্বপূৰ্ণ৷ উল্লেখ কৰা উচিত যে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানজনৰ কেতবোৰ ভূমিকাত অসন্তুষ্ট হৈ ইজৰাইলে তেওঁৰ দেশখনত প্ৰৱেশেই নিষিদ্ধ কৰিছে৷ বিশ্বৰ সাম্প্ৰতিক প্ৰেক্ষাপটৰ কথা বহলাই আলোচনা নকৰিলেও হয়, কাৰণ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ, ইজৰাইলৰ হামাছ আৰু হিজবুল্লাৰ সৈতে যুদ্ধ, ইৰানত ইজৰাইলৰ বোমা বৰ্ষণকে ধৰি মধ্য প্ৰাচ্য আৰু ইউৰোপৰ এটা অংশত বিৰাজ কৰি থকা যুদ্ধ আৰু ইয়াক কেন্দ্ৰ কৰি বিৰাজ কৰা উত্তেজনাময় পৰিস্থিতি, চীন-টাইৱানৰ সংঘাতৰ বিষয়বোৰ এই স্তম্ভতে বহুবাৰ আলোচনা হৈছে৷ সমগ্ৰ দৃশ্যপটলৈ লক্ষ্য কৰিলে এটা কথাই বুজা যায় যে এই সমস্ত অস্থিৰতাৰ আঁৰত আছে আমেৰিকাৰ হাত৷ আমেৰিকাৰ এই প্ৰভুত্বৰ বিৰুদ্ধে বিশ্বৰ বিভিন্ন দেশৰ ক্ষোভ নতুন কথা নহয়; হ’লেও বিভিন্ন ৰাজনৈতিক আৰু অৰ্থনৈতিক কাৰণত পৰিস্থিতিৰ সৈতে সন্তুলন বজাই ৰখাৰ চেষ্টা কৰি আছে অধিকাংশ দেশে৷ কিন্তু দেশে দেশে নেতৃত্বৰ পৰিৱৰ্তন আৰু পৰিৱৰ্তিত পৰিস্থিতিত দেশবিলাকৰ পৰিৱৰ্তিত চিন্তাধাৰাৰ ফলত বিশ্বৰ কূটনৈতিক দৃশ্যপটবিলাকো সঘনে সলনি হ’বলৈ ধৰিছে৷ আমেৰিকাৰ প্ৰভুত্ব আৰু কতৃৰ্ত্বৰ মানসিকতাক বহু দেশে সহ্য কৰি থাকিবলৈ টান পোৱা হৈছে৷ এনে প্ৰেক্ষাপটৰ অন্তৰ্নিহিত বাৰ্তাক অনুধাৱন কৰিয়েই ‘ব্ৰিকছ’ সন্মিলনৰ সভাপতিৰ আসনৰ পৰা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভvাদিমিৰ পুটিনে কয় যে বিশ্বত এতিয়া বহু মেৰুবিশিষ্ট অৱস্থান এটা (Multipolar world order) গঢ়াৰ প্ৰচেষ্টা চলি আছে আৰু এয়া অৱশ্যম্ভাৱী (irreversible)৷ সেয়েহে ‘ব্ৰিকছ’ৰ মঞ্চত এইবাৰ সদস্য ৰাষ্ট্ৰ আৰু আমন্ত্ৰিত ৰাষ্ট্ৰকে ধৰি ৩৭খন দেশৰ মুৰববী সমৱেত হোৱাটো আমেৰিকাক প্ৰত্যাহ্বান জনাব পৰা নতুন মেৰু গঠনৰ অংশ বুলি ভবাৰ থল আছে৷ ‘ৱাশ্বিংটন প’ষ্ট’-এ লিখিছে– ‘‘এই ‘ব্ৰিকছ’ সন্মিলনখনৰ জৰিয়তে ৰাছিয়াই পশ্চিমীয়া দেশবোৰলৈ এটাই বাৰ্তা প্ৰেৰণ কৰিব খুজিছে যে বহু বন্ধু ৰাষ্ট্ৰৰ সহযোগত ৰাছিয়া পুনৰ শক্তিশালী গুৰু ৰাষ্ট্ৰৰ (powerful global player) ৰূপলৈ উভতি আহিছে৷’’ উল্লেখযোগ্য যে ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পাছত এইখনেই একমাত্ৰ বিশ্ব নেতাৰ সন্মিলন, যি আমেৰিকাসহ পশ্চিমৰ প্ৰভুত্বক প্ৰত্যাহ্বান জনাইছে৷ ‘ব্ৰিকছ’ সন্মিলনৰ কাৰ্যসূচী আৰু ইয়াৰ ঘোষণা-পত্ৰখনেই প্ৰকট কৰি তোলে যে ইয়াত সমৱেত হোৱা ৰাষ্ট্ৰসমূহৰ মাজত অৰ্থনৈতিক সহযোগিতা শক্তিশালী কৰি তুলিব খোজা হৈছে আৰু ৰাছিয়া, ইৰানৰ দৰে দেশবোৰৰ বিৰুদ্ধে একপক্ষীয়ভাৱে আৰোপ কৰি অহা নিষেধাজ্ঞাবোৰ এতিয়া সকলোৰে বাবে গ্ৰহণযোগ্য হৈ থকা নাই৷ এটা কথা উল্লেখ কৰা উচিত যে ‘ব্ৰিকছ’ত যোগদান  কৰা বহুকেইখন ৰাষ্ট্ৰৰ আমেৰিকা আৰু ইউৰোপৰ সৈতেও ঘনিষ্ঠ সম্পৰ্ক আছে৷ তথাপি তেওঁলোকো যে সেই পৰম্পৰাগত ব্যৱস্থাটোকেই মানি চলিবলৈ দায়বদ্ধ নহয়, সেইটো বাৰ্তাও সন্মিলনখনৰ জৰিয়তে আমেৰিকা তথা অন্য ইউৰোপীয় দেশবোৰলৈ গ’ল৷ ব্ৰিকছ সন্মিলন আমেৰিকাৰ বাবে ভাবুকি হৈ পৰাৰ অন্য এটা কাৰণ হ’ল– এইবাৰ সন্মিলনখনত বিশ্বত ‘ডলাৰ’ৰ একাধিপত্য নোহোৱা কৰিবৰ বাবে এক নতুন ‘ব্ৰিকছ মুদ্ৰা’ প্ৰচলনৰ বিষয়টোত গুৰুত্বসহকাৰে আলোচনা কৰা হয়৷ বিষয়টোৱে চূড়ান্ত ৰূপ পৰিগ্ৰহণ নৰিলেও এনেকুৱা চিন্তাৰ উকমুকনি সাম্প্ৰতিক বিশ্বৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লক্ষণীয় কথা৷ ব্ৰিকছ সন্মিলনৰ অৱসৰতে ভাৰত-চীনৰ দুই ৰাষ্ট্ৰ প্ৰধান নৰেন্দ্ৰ মোদী আৰু ঝি জিনপিঙৰ মাজত আনুষ্ঠানিক দ্বিপাক্ষিক আলোচনা হোৱা, দুয়ো ৰাষ্ট্ৰৰ সংঘাত বহুলাংশে দূৰ হোৱাটোও আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ উল্লেখযোগ্য দিশ৷ ক’ব পাৰি এইবাৰৰ ব্ৰিকছ সন্মিলনতে বিশ্বত এটা নতুন অধ্যায়ৰ পাতনি মেলাৰ উপক্ৰম ঘটিল৷

Share This