বৃদ্ধাৱস্থা মানেই অচলাৱস্থা নহয়

Dainik Janambhumi January 20, 2025

পৃথিৱীজুৰি জনসংখ্যা বৃদ্ধি হৈছে৷ কিন্তু জনসংখ্যা বৃদ্ধিৰ লগে লগে মানুহৰ গড় আয়ুসো বৃদ্ধি পাবলৈ ধৰিছে৷ ১৯৫০ চনত মানুহৰ গড় আয়ুস আছিল ৩৫.২ বছৰ৷ ১৯৭০ চনত এই আয়ুস বাঢ়ি হয়গৈ ৭০.১৯ বছৰ৷ ২১০০ চনত মানুহৰ গড় আয়ুস প্ৰায় ৮২ বছৰ হ’বগৈ বুলি ইতিমধ্যে পূৰ্বানুমান কৰা হৈছে৷ গড় আয়ুস বৃদ্ধিৰ অৰ্থ হৈছে প্ৰৌঢ় বা বৃদ্ধ লোকৰ সংখ্যা বৃদ্ধি হোৱা৷ United Nations Population Fund আৰু International Institute of  Population Scienceৰ প্ৰতিবেদন অনুসৰি ২০২২ চনত ভাৰতবৰ্ষত ৬০ বা ততোধিক বয়সৰ লোকৰ সংখ্যা ১৪৯ নিযুত৷ অৰ্থাৎ দেশখনৰ মুঠ জনসংখ্যাৰ ১০.প্ত শতাংশ৷

প্ৰতিবেদন অনুসৰি এই জনসংখ্যা ২০৫০ চনলৈ দুগুণ হৈ ২০৫০ চনত ২০.জ্জ্ব শতাংশ হ’বগৈ অৰ্থাৎ ৩৪৭ কোটি লোক৷ বয়স আৰু জনসংখ্যা সম্পৰ্কীয় বিভিন্ন প্ৰতিবেদন পৃথকে পৃথকে প্ৰকাশ কৰা তথ্যসমূহেও এটা কথাই দেখুৱায় যে বৃদ্ধ লোকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে আৰু এই ধাৰা যদি অব্যাহত থাকে তেনেহ’লে ২০৬০-৭০ চন মানত হয়তো এনে এখন পৃথিৱী হ’বগৈ য’ত মুঠ জনসংখ্যাৰ অধিকাংশ প্ৰৌঢ় বা বৃদ্ধ লোক৷ পৃথিৱীত বয়স্ক লোকৰ সংখ্যা বৃদ্ধিৰ অন্যতম কাৰণ এফালে সন্তান জন্মৰ হাৰ হ্ৰাস তথা বৰ্তমান প্ৰজন্মৰ উৰ্বৰতা হ্ৰাস আৰু আনটো কাৰণ হ’ল মানুহৰ জীৱনকাল বৃদ্ধি৷ মূলতঃ চিকিৎসা বিজ্ঞানৰ বিকাশ আৰু জনসাধাৰণৰ স্বাস্থ্য সচেতনতাৰ বাবেই মানুহৰ আয়ুস বৃদ্ধি বা জীৱন কাল বৃদ্ধিত অৰিহণা যোগাইছে৷

মানুহৰ গড় আয়ুস দীঘলীয়া হ’লেও বা বৃদ্ধ লোকৰ সংখ্যা ক্ৰমাগতভাৱে বাঢ়িলেও বাৰ্ধক্য জীৱনৰ এনেকুৱা এটা স্তৰ যিটো স্তৰ জীৱনত অৱধাৰিত কিন্তু অধিকাংশ লোকৰে ই কাংক্ষিত নহয়৷ মৃত্যুৰ দৰেই বাৰ্ধক্যৰ প্ৰসংগটোও অধিকাংশ লোকেই এৰাই চলিবলৈ ভাল পায়৷ এই সময়ত যৌৱনৰ শক্তি আৰু কান্তি হেৰাই শৰীৰ নিশকতীয়া হয়, ৰোগে পোখা মেলে, মনৰ উদ্যমে লগ এৰে৷ সেয়ে বাৰ্ধক্যৰ সৈতে বেদনাৰ অনুভৱ এটা সনা-পিটিকা হৈ থাকে৷ ই যেন এক বিড়ম্বনা! কিন্তু যি বাৰ্ধক্যই জীৱনৰ কান্তি হৰণ কৰে, যি বাৰ্ধক্যই জীৱনৰ গতি স্তব্ধ কৰে, যি বাৰ্ধক্যই জীৱনৰ যৱনিকাৰ ইংগিত দিয়ে সেই বাৰ্ধক্যক উপভোগ কৰিব নোৱাৰিনে? পৃথিৱীজুৰি এতিয়া এই চিন্তা সৰৱ, সক্ৰিয়৷

সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য বুলি সাধাৰণীকৰণ নকৰকৈয়ো এই কথা ক’ব পাৰি যে বাৰ্ধক্যই আৱৰি অনা এজন লোকক পৰিয়াল, আত্মীয়-স্বজন বা বন্ধু-বান্ধৱে তেতিয়ালৈকেহে ভাল পায় থাকে যেতিয়ালৈকে তেওঁক এটা বোজা বুলি নাভাবে, এটা সমস্যা বুলি নাভাবে৷ কিন্তু যেতিয়া এজন লোকে দেহৰ সকলো শক্তি হেৰুৱাই সম্পূৰ্ণ অক্ষম এটা জীৱনলৈ ৰূপান্তৰিত হয় তেতিয়া বহু সময়ত ঘৰখনত, পৰিয়ালৰ মাজত, আত্মীয়-স্বজনৰ মাজত লোকজনৰ প্ৰতি অৱমাননাৰ ভাব ওপজে, পূৰ্বৰ আত্মীয় ভাবৰ বান্ধোন ঢিলা হয়৷ আনকি বৃদ্ধকালত পিতৃ-মাতৃ যেতিয়া অক্ষম হয় তেনে পিতৃ-মাতৃৰ প্ৰতি শুশ্ৰূষা আগবঢ়োৱা মানে অনাহক সময় অপচয় বুলি ভবা সন্তানৰ সংখ্যা আজি অনেক৷

এনে পৰিপ্ৰেক্ষিতত জীৱন সম্পৰ্কে নতুনকৈ কিছুমান কথা ভবাৰ প্ৰয়োজন হৈছে৷ দীৰ্ঘজীৱন প্ৰায় সকলোৰে কাম্য৷ কিন্তু জীৱন যদি দীঘলীয়া হয় তাৰ এছোৱা সময় যে বাৰ্ধক্যৰ মাজত থাকিব সিও খাটাং৷ সেয়ে বাৰ্ধক্যত কাৰোবাৰ বোজা হৈ অৱহেলাৰ পাত্ৰ নহ’বলৈ বা বৰং বাৰ্ধক্যক উপভোগ কৰিবলৈহে সাজু হ’ব লাগিব৷ দেখা যায় এই দিশত দুটা প্ৰসংগ বিশেষ গুৰুত্বপূৰ্ণ৷ প্ৰথম নিৰোগী ভাল স্বাস্থ্য আৰু আনটো হ’ল আৰ্থিক নিৰাপত্তা৷ এই দুটা দিশ সবল হ’লে বাৰ্ধক্যত আনৰ বোজা নোহোৱাকৈ চলাৰ বহু পথ ওলায়৷ জীৱনৰ আগ বয়সত এই দিশ দুটাৰ প্ৰতি গুৰুত্ব দি বাৰ্ধক্যৰ বাবে সাজু নহ’লেই জীৱন হৈ পৰে জটিল৷ তদুপৰি আছে মানসিক স্তৰৰ প্ৰসংগও৷ দৰাচলতে পূৰ্বে উল্লেখ কৰি অহা স্বাস্থ্য মানে কেৱল শাৰীৰিক স্বাস্থ্যই নহয়, ইয়াত স্বাস্থ্যই মানসিক আৰু সামাজিক সু-স্বাস্থ্যৰ কথাও সামৰি লৈছে৷ বৃদ্ধাৱস্থা মানেই অচলাৱস্থা নহয়– বৃদ্ধ লোকৰ সংখ্যা বাঢ়ি অহাৰ লগে লগে পৃথিৱীজুৰি এই ধাৰণা এতিয়া প্ৰকট হৈ আহিছে৷ ১৯৯৩ চনতে, বিশ্ব স্বাস্থ্য সংস্থাই ‘স্বাস্থ্যকৰ বাৰ্ধক্য’ (Healthy Ageing) ধাৰণাৰ জন্ম দিছিল৷ প্ৰধানতঃ বৃদ্ধ লোকৰ স্বাস্থ্যৰ প্ৰসংগত অধিক গুৰুত্ব দি সক্ষম বাৰ্ধক্যৰ বাবে সবল আৰু নিৰোগী স্বাস্থ্যৰ কথাৰেই এই ধাৰণা আৰম্ভ হৈছিল৷ এই ধাৰণাৰ পৰিসৰ আৰু বৃদ্ধি কৰি লগতে আন কেইবাটাও বিষয় সামৰি ২০০০-০২ চনত ইউৰোপীয়ান কমিছন আৰু বিশ্ব স্বাস্থ্য সংস্থাই সক্ৰিয় বাৰ্ধক্য বা Active Ageing নামেৰে আন এটা নতুন ধৰণৰ ধাৰণা আগবঢ়ায়৷ জীৱনৰ আহিবলগীয়া বাৰ্ধক্যৰ কথা ভাবি কোনো লোকেই যাতে বিষণ্ণতাৰ চিকাৰ নহয়, জীৱনৰ সৈতে এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰিব পাৰে আৰু ইয়াৰ বাবে জীৱনৰ আগছোৱা সময়ৰ পৰাই নিজকে শিক্ষিত কৰি সাজু কৰি তুলিব পাৰে তেনেবোৰ কথাৰেই এই সক্ৰিয় বাৰ্ধক্যৰ ধাৰণাৰ উদ্ভৱ৷ জীৱনলৈ বাৰ্ধক্য আহিবই, কিন্তু সেই বাৰ্ধক্য যন্ত্ৰণাময় বুলি ভীতিগ্ৰস্ত হ’লে নহ’ব৷ কেৱল বাৰ্ধক্যই জানো যন্ত্ৰণাময়?

ভালকৈ গমি চালে দেখা যায় কেৱল বৃদ্ধ সময়ছোৱাই নহয়, সামগ্ৰিকভাৱে মানুহৰ জীৱনৰ প্ৰতিটো স্তৰতে আছে সুকীয়া সুকীয়া ধৰণৰ যন্ত্ৰণা৷ সেইবোৰ সময়ৰ যন্ত্ৰণা আৰু পীড়া অতিক্ৰম কৰিও আমি যদি জীৱনটো উপভোগ কৰিব পাৰিছোঁ তেনেহ’লে এই বৃদ্ধ অৱস্থাতনো নোৱাৰিম কিয়? এই দৃষ্টিৰে গ্ৰহণ কৰিব পাৰিব লাগিব বাৰ্ধক্যক৷ এগৰাকী চিন্তাবিদে কৈছিল– Age doesn't depend upon years, but upon temperament and health. Some man are born old, and some never grow up. বয়স, বাৰ্ধক্যৰ ক্ষেত্ৰত এয়াই শেষ কথা যেন লাগে– মানুহ যুৱ নে বৃদ্ধ সেয়া বয়সৰে জোখ-মাপ কৰাতকৈ মেজাজ, মানসিকতা আৰু স্বাস্থ্যৰ ওপৰতহে বেছি নিৰ্ভৰশীল৷ এনেদৰে জীৱনটো বুজিব পাৰিলে বাৰ্ধক্যৰ পীড়া পাতলিব, বাৰ্ধক্য হ’ব উপভোগ্য৷

Share This