MENU

আজিৰ সম্পাদকীয়,সংসদৰ অভিলেখ

Dainik Janambhumi December 11, 2024

ডিজিটেল ডেস্কঃ ভাৰতীয় সংসদৰ গৌৰৱোজ্জ্বল অধ্যায়ক তুলি ধৰিব পৰাকৈ অসংখ্য চমকপ্ৰদ অধ্যায় আছে, সংসদীয় ইতিহাসত সংপৃক্ত হৈ আছে দেশৰ কিংবদন্তি নেতাসকলৰ বৰ্ণাঢ্য ভূমিকাৰ কাহিনী, আছে স্বৰাজোত্তৰ সময়ত দেশৰ সুখ-দুখৰ সময়ত গ্ৰহণ কৰা যুগান্তকাৰী বহু প্ৰস্তাৱৰ অধ্যায়; কিন্তু মঙলবাৰে (১০ ডিচেম্বৰ, ২০২৪) সংসদত এনে এক অধ্যায় ৰচনা হ’ল যি নজিৰবিহীন৷ সংসদৰ ৭২ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাজ্য সভাৰ সভাপতিৰ বিৰুদ্ধে উত্থাপিত হ’ল অনাস্থা প্ৰস্তাৱ৷ ৰাজ্য সভাৰ সভাপতিগৰাকী যিহেতুকে দেশৰ উপ-ৰাষ্ট্ৰপতি, গতিকে দেশৰ দ্বিতীয়গৰাকী সাংবিধানিক মুৰব্বীৰ বিৰুদ্ধেও অনাস্থা প্ৰস্তাৱ উত্থাপিত হোৱা বুলি ক’ব পাৰি৷ উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্য সভাৰ সভাপতি জগদীপ ধনখড়ৰ বিৰুদ্ধে ৬০গৰাকী সাংসদে স্বাক্ষৰ কৰি উত্থাপন কৰা অনাস্থা প্ৰস্তাৱৰ যুক্তি হ’ল– সভাপতিগৰাকীয়ে ৰাজ্য সভা পৰিচালনাৰ ক্ষেত্ৰত পক্ষপাতিত্বমূলক আচৰণ প্ৰদৰ্শন কৰিছে৷ স্বাক্ষৰ কৰা এই সাংসদসকল কংগ্ৰেছ, ডি এম কে, আৰ জে ডি, টি এম চি, চি পি আই, চি পি আই (এম) আৰু জে এম এম দলৰ৷ অৰ্থাৎ ‘ইণ্ডিয়া’ মৰ্চাত অন্তৰ্ভুক্ত সমগ্ৰ বিৰোধী পক্ষই উত্থাপন কৰিছে ধনখড়ৰ বিৰুদ্ধে এই অনাস্থা৷ সেই অৰ্থত এই প্ৰস্তাৱে অভিলেখ গঢ়িলে বুলি ক’ব পাৰি৷ এই অভিলেখ ভাৰতীয় সংসদীয় ইতিহাসৰ এক ক’লা অধ্যায়ৰ অভিলেখ৷ কিছু বছৰৰ আগলৈকে ৰাজ্য সভা বুলিলে এখন অতি ভদ্ৰ মঞ্চ ৰূপে গণ্য হৈছিল৷ দেশৰ বিভিন্ন দলৰ বিশিষ্ট ৰাজনৈতিক নেতাসকল এই মঞ্চলৈ নিৰ্বাচিত হৈ আহিছিল৷ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰা সদস্যসকলো আছিল বিভিন্ন ক্ষেত্ৰৰ স্বনামধন্য ব্যক্তিত্ব৷ আনহাতে, ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ পৰা আৰম্ভ কৰি ইয়াৰ আগৰ যিসকল উপ-ৰাষ্ট্ৰপতি আছিল সেইসকলো নমস্য ৰাজনৈতিক নেতা৷ ফলত ৰাজ্য সভাৰ কাৰ্যক্ৰমণিকা, আলোচনাবিলাকৰ মানক লৈ প্ৰশ্নৰ সুযোগেই নাছিল৷ তেনে এখন সংসদীয় মঞ্চৰ সৰ্বোচ্ছ পদাধিকাৰীগৰাকীৰ বিৰুদ্ধে দেশৰ সমগ্ৰ বিৰোধী পক্ষই পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰিবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক৷ সংবিধানৰ ৬৭(বি)অনুচ্ছেদ অনুসৰি ইতিমধ্যে ৬০গৰাকী সদস্যৰ স্বাক্ষৰ সম্বলিত অনাস্থা প্ৰস্তাৱৰ জাননীখন দাখিল কৰা হৈছে৷ সংসদীয় ৰীতি অনুসৰি ইয়াৰ আলোচনা হ’ব৷ এই প্ৰস্তাৱ গৃহীত নোহোৱাৰ সম্ভাৱনাই বেছি; কিন্তু ইয়াৰ আলোচনা কালত যেতিয়া উপ-ৰাষ্ট্ৰপতিগৰাকীৰ ভূমিকাৰ  সমালোচনাৰে উচ্ছ সদনখন সৰৱ হ’ব সেয়া দেশবাসীৰ বাবে চৰম দুৰ্ভাগ্যৰ কথা হ’ব৷ স্বৰাজোত্তৰ সংসদীয় ব্যৱস্থাটোত উপ-ৰাষ্ট্ৰপতিগৰাকী শাসকীয় দলৰ সমৰ্থন থকা ব্যক্তিয়েই হয়৷ সেই সূত্ৰে ইয়াৰ আগলৈকে যিমানেই জটিল বিষয়ৰ আলোচনা নহওক, যিমানেই চৰকাৰৰ সমালোচনা নহওক ৰাজ্য সভাৰ সভাপতিগৰাকীয়ে সদায় নিৰপেক্ষ ভূমিকা লৈ, শাসক-বিৰোধী উভয় পক্ষৰ সদস্যক বিধিগতভাৱে পাব লগা আলোচনাৰ সমঅধিকাৰ দি সদন পৰিচালনা কৰি আহিছিল৷ ধনখড়ৰ বিৰুদ্ধে উত্থাপিত অনাস্থা প্ৰস্তাৱৰ পটভূমিৰ বিষয়ে ইতিমধ্যে চৰ্চা হৈছে৷ কাশ্মীৰৰ পৃথকতাবাদী সংগঠনক পুঁজি যোগান ধৰাৰ অভিযোগ থকা জৰ্জ ছ’ৰ’ছ নামৰ হাংগেৰী মূলৰ আমেৰিকান ব্যৱসায়ী তথা দাতা ব্যক্তি এগৰাকীৰ সৈতে ছোনিয়া গান্ধীৰ যোগাযোগ থকা বুলি উঠা এক অভিযোগৰ বিষয়ে আলোচনা কৰিবলৈ ৰাজ্য সভাৰ সভাপতিগৰাকীয়ে অনুমতি দিলে, অথচ আমেৰিকাৰ আদালতে জালিয়াতিৰ বাবে ভাৰতৰ ধনাঢ্য ব্যক্তি গৌতম আদানিলৈ চমন জাৰি কৰা প্ৰসংগটোৰ আলোচনা কৰিবলৈ অনুমতি দিয়া নাই৷ দুয়োটা বিষয়েই যিহেতুকে গুৰুত্বপূৰ্ণ, এই ক্ষেত্ৰত পক্ষপাতিত্ব থাকিব নালাগিছিল৷ কিন্তু কেৱল বিৰোধী পক্ষয়েই নহয়, দেশবাসীয়েও লক্ষ্য কৰিছে যে এনেকুৱা বিষয়বিলাকত সদন পৰিচালনাৰ ক্ষেত্ৰত স্বচ্ছতা নোহোৱা হৈছে৷ অদূৰ অতীতত পি এ চাংমা, সোমনাথ চেটাৰ্জীৰ দৰে অধ্যক্ষই কেনেকৈ নিৰপেক্ষভাৱে সদন পৰিচালনা কৰিছিল তাৰ স্মৃতি এতিয়াও বহুতৰে মনত আছে৷ উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্য সভাৰ সভাপতি জগদীপ ধনখড়ৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ আনি এইবাৰ যি ক’লা অধ্যায় ৰচনা কৰা হ’ল, সেই ঘটনা ২০/২৫ বছৰৰ আগতে ঘটা হ’লে দেশবাসী স্তম্ভিত হ’লহেঁতেন, কিন্তু এতিয়া দেশবাসীৰ মাজতে সিমান প্ৰতিক্ৰিয়া পৰিলক্ষিত হোৱা নাই এইবাবেই যে সংসদখনৰ প্ৰতিয়েই এতিয়া জনতাৰ পূৰ্বৰ দৰে আস্থা-ভক্তি নাই৷ যোৱা প্ৰায় দুটা দশকত জনসাধাৰণে সংসদত কেৱল হুলস্থূলীয়া পৰিৱেশ এটাহে দেখি আহিছে৷ কোনো আলোচনা নোহোৱাকৈ গৃহীত হৈ আছে বহু গুৰুত্বপূৰ্ণ, স্পৰ্শকাতৰ বিধেয়ক৷ জনসাধাৰণৰ মৌলিক সমস্যাবিলাকৰ আলোচনা সংসদৰ মজিয়াত গৌণ হৈ পৰিছে৷ এসময়ত বিজেপিয়ে সংসদৰ কাৰ্যক্ৰমণিকা ব্যাহত কৰাত আগভাগ লৈছিল, এতিয়া কংগ্ৰেছসহ অন্য বিৰোধী দলবোৰে কৰি আছে৷ ক্ৰমান্বয়ে মৰ্যাদাহীন হৈ গৈ আছে সংসদ৷ এনেকুৱা সংসদত যিকোনো ঘটনা ঘটা সম্ভৱ বুলি জনসাধাৰণে বিশ্বাস কৰিবলৈ লৈছে৷ ধনখড়ৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱটোৱে নতুন এক অনাকাংক্ষিত অধ্যায়ৰ দুৱাৰ মুকলি কৰিলে৷

Share This