আজিৰ সম্পাদকীয়, জনমূৰি আয়, স্কুটী আৰু ঋণ
Dainik Janambhumi
December 14, 2024
ডিজিটেল ডেস্কঃ এতিয়া প্ৰচাৰ আৰু বিজ্ঞাপনৰ যুগ৷ মুখ্যমন্ত্ৰী, ৰাজ্যপাল, প্ৰধানমন্ত্ৰী আদিৰ ফটোসহ বিভিন্ন আঁচনিৰ সবিশেষ উল্লেখ আৰু তালিকাৰে উন্নয়নৰ ৰংচঙীয়া বিজ্ঞাপন বাতৰিকাকতৰ প্ৰথম পৃষ্ঠাতে প্ৰকাশ পোৱাটো বৰ্তমান এটা পৰম্পৰাত পৰিণত হৈছে৷ আঁচনিৰ সুযোগ-সুবিধা সম্পৰ্কত ৰাইজক অৱগত কৰাটো নিঃসন্দেহে দৰকাৰী কাম৷ কিন্তু সকলো আঁচনি সা-সুবিধাই যে আমাৰ দেশৰ উন্নয়নৰ সহায়ক, কথাটো তেনে নহয়৷ যদিহে বিনিয়োগ উৎপাদনমুখী ক্ষেত্ৰত নহয় তেন্তে তেনে বিনিয়োগে বিকাশ ত্বৰান্বিত কৰিব নোৱাৰে৷ বৰঞ্চ অৰ্থনৈতিক অৱস্থালৈ এক ধৰণৰ স্থবিৰতাহে আনে৷ অসমতো যোৱা দুখন চৰকাৰৰ কাৰ্যকালত উন্নয়নৰ নামত প্ৰতি মাহে শ শ কোটি টকা ব্যয় হৈ থকা সত্ত্বেও কিন্তু উন্নয়ন আশাব্যঞ্জক হোৱা নাই৷ মুখেৰে যিমানেই কোৱা নহওক যে অসম ভাৰতৰ প্ৰথম পাঁচখন উন্নত ৰাজ্যৰ এখন হ’ব, কিন্তু কাৰ্যত তাৰ বিপৰীতহে হ’বলৈ গৈ আছে৷ চৰকাৰ, বিভিন্ন মহলে প্ৰকাশ কৰা প্ৰতিবেদন আৰু পৰিসংখ্যাতো প্ৰকাশ পাইছে৷ অলপতে ভাৰতৰ ৰিজাৰ্ভ বেংকে ভাৰতৰ ৰাজ্যসমূহৰ বিভিন্ন দিশৰ উন্নয়নৰ খতিয়ানসহ ‘হেণ্ডবুক অব্ ষ্টেটিছটিকছ’ প্ৰকাশ কৰে৷ বিভিন্ন ৰাজ্যৰ প্ৰায় সকলোবোৰ ক্ষেত্ৰৰ অৰ্থনৈতিক কাম-কাজৰ এই খতিয়ান আৰু পৰিসংখ্যা অনুসৰি অসমৰ অৱস্থা মুঠেই সন্তোষজনক নহয়৷ বিশেষকৈ জনমূৰি আয়ৰ ক্ষেত্ৰত মুঠ পঁচিশখন দেশৰ ভিতৰত অসমৰ স্থান ২২ নম্বৰত৷ এই ক্ষেত্ৰত অসমৰ চুবুৰীয়া ৰাজ্য ছিকিমৰ স্থান কিন্তু শীৰ্ষত৷ জনমূৰি আয়ৰ ক্ষেত্ৰত ৰাজ্য একোখনৰ স্থানেই আচলতে সেই ৰাজ্যৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ উন্মোচন কৰে৷ যিখন ৰাজ্যত উন্নয়ন আঁচনিৰ শেষ নাই, হিতাধিকাৰীৰ সংখ্যা ক্ৰবৰ্ধমান, নেতা-মন্ত্ৰীৰ মুখত অহৰহ উন্নয়ন বিষয়ক গৰম গৰম বক্তৃতা তেনে এখন ৰাজ্যৰ জনমূৰি আয়বৃদ্ধিৰ এখন উদ্বেগজনক তথ্য লাভ কৰাৰ পাছত চৰকাৰে তাৰ পৰা কিবা শিক্ষা ল’বনে ? উন্নয়নৰ ‘মডেল’ সলনি কৰি নাইবা উন্নয়ন প্ৰক্ৰিয়াত ৰৈ যোৱা ত্ৰুটী আৰু দুৰ্বলতা চিনাক্ত কৰি তাৰ শুধৰণি বা সংশোধনী কৰাৰ ব্যৱস্থা হাতত ল’বনে ? তাকে নকৰিলে অৱস্থাৰ অধিক অৱনতি ঘটিব৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰ তথা প্ৰশাসন ব্যস্ত হৈ আছে ছাত্ৰীক স্কুটী-চাইকেল আদি বিতৰণ কৰাত৷ ৰাজ্যৰ প্ৰশাসন যন্ত্ৰক এতিয়া কেৱল নিৰ্বাচনমুখী আঁচনিৰ প্ৰচাৰ আৰু সেই সম্পৰ্কীয় কাম-কাজত ব্যস্ত ৰখা হৈছে৷ এই স্কুটী বিতৰণ, চাইকেল বিতৰণ, ধন বিতৰণ আদি কাৰ্যৰ ব্যয়ৰ জোৰা মাৰিব পৰাকৈ ৰাজ্যই পৰ্যাপ্ত ৰাজহ আহৰণ কৰিব নোৱাৰে৷ কেন্দ্ৰৰ সাহায্যও আশাকৰা মতে যিহেতু পোৱা নাযায়, গতিকে ঋণ লৈ খৰচ কৰাৰ বাহিৰে উপায় নাই৷ ৰাজ্যখনে প্ৰায় প্ৰতি মাহৰ শেষৰ ফালে বৃহৎ পৰিমাণৰ ঋণ ল’ব লগা হয়৷
ঋণৰ অবিহনে চৰকাৰো নচলে আৰু আঁচনিও নচলে৷ অসম চৰকাৰে শেহতীয়া তিনিবছৰত লোৱা ধাৰৰ পৰিমাণ ৬১,১৯১ কোটি টকা৷ তাৰ আগৰ বছৰবোৰ আৰু অহা মাহবোৰত ল’ব লগা ঋণৰ কথা বাদেই৷ এই ঋণসমূহৰ সুদৰ বাবত প্ৰতি বছৰেই আদায় দিব লগা হয় বৃহৎ পৰিমাণৰ ধন৷ ৰাজ্যত মনোলোভা, জনপ্ৰিয় আঁচনিৰ সংখ্যা বৃদ্ধিৰ লগে লগে ঋণৰ পৰিমাণো সমন্তৰালভাৱে বৃদ্ধি পাইছে৷ আহি আছে পঞ্চায়ত নিৰ্বাচন৷ চৰকাৰৰ মূলকথা হৈছে নিৰ্বাচনৰ ফলাফল আৰু তাৰ বাবে ভোটাৰ ৰাইজক প্ৰলোভিত কৰা৷ তাকে কৰা মানেই যদি উন্নয়ন তেন্তে তেনে ধৰণৰ উন্নয়ন হৈছে৷ কিন্তু সেই ধৰণৰ উন্নয়নে অৰ্থনীতিৰ চকা ঘূৰাব নোৱাৰে, জনমূৰি আয়ো বৃদ্ধি কৰিব নোৱাৰে৷ ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনে আচলতে সেই সত্যকে উন্মোচন কৰিছে৷ ইতিমধ্যে প্ৰকাশিত কেন্দ্ৰীয় চৰকাৰৰ আন বিভাগৰ প্ৰতিবেদনৰ তথ্যও অসমৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে৷ বিশেষকৈ শিক্ষা আৰু স্বাস্থ্যখণ্ডৰ কাম-কাজো আশানুৰূপ হোৱা নাই৷ শিক্ষাত প্ৰাথমিকৰ পৰা উচ্ছ পৰ্যায়লৈ কেৱল চৰকাৰী আঁচনি ৰূপায়ণ, ছাত্ৰ-ছাত্ৰীক সেই আঁচনিত জড়িত কৰা, ম’বাইল ফ’নত তথ্য-পাতি পঞ্জীয়ন কৰা আদিতে উচ্ছতৰ মাধ্যমিক আৰু কলেজ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী বহু সময় ব্যস্ত থাকিব লাগে৷ সকলোবোৰ ‘বিনামূলীয়া’ কৰি জনপ্ৰিয়তা অৰ্জনক প্ৰাথমিকতা দিয়া হৈছে৷ শিক্ষাৰ গুণগত উৎকৰ্ষ সাধন গৌণ হৈ পৰিছে৷ চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ অধিকাংশই বন্ধ হোৱাৰ উপক্ৰম হৈছে৷ শিক্ষানুষ্ঠান আৰু শিক্ষক শ্ৰেণীৰ ওপৰত অত্যধিক ৰাজনৈতিক তথা চৰকাৰী হস্তক্ষেপৰ নেতিবাচক প্ৰভাৱ পৰিছে৷ আমাৰ চিকিৎসালয় আৰু স্বাস্থ্যকেন্দ্ৰসমূহৰ সংকট আৰু গভীৰ৷ প্ৰয়োজনীয়সংখ্যক চিকিৎসক নাই৷ হাজাৰৰো অধিক চিকিৎসকআৰু চিকিৎসাকৰ্মীৰ পদ খালী হৈ আছে৷ ৰাজ্যখনত এখনৰ পাছত আনখন চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে৷ এইবোৰ আচলতে নামতহে চিকিৎসা মহাবিদ্যালয় বা মেডিকেল কলেজ৷ বেছিভাগৰে নাই প্ৰয়োজনীয়সংখ্যক বিশেষজ্ঞ পৰ্যায়ৰ শিক্ষক৷ তদুপৰি আৱশ্যকীয় সকলো বিভাগ এনে মহাবিদ্যালয়সমূহত মুকলি কৰিবলৈ এতিয়াও বহু বাকী৷ ডিব্ৰুগড়, গুৱাহাটী আৰু শিলচৰৰ এই তিনিখন চিকিৎসা মহাবিদ্যালয়হে আচলতে পূৰ্ণ পৰ্যায়ৰ বুলিব পাৰি৷ জনমূৰি আয়ৰ দৰেই হ্ৰাস পাইছে বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰি দিয়া জনমূৰি চিকিৎসকৰ সংখ্যা৷ গাঁও অঞ্চলৰ চিকিৎসা সেৱাৰ ব্যৱস্থা এতিয়াও বৰ বিশেষ সলনি হোৱা নাই৷ যদি অৰ্থনীতি, স্বাস্থ্য আৰু শিক্ষাৰ দৰে বুনিয়াদী বিষয়বোৰৰ ক্ষেত্ৰত নিতান্তই কৰিব লগাখিনিৰ ক্ষেত্ৰত আমি পাছ পৰি আছোঁ তেন্তে কেন্দ্ৰীয় চৰকাৰৰ সমীক্ষাত আমাৰ স্থান আৰু মান উন্নত হ’ব কেনেকৈ ? তেন্তে ঋণ যোগে অনা এই বৃহৎ পৰিমাণৰ ধন খৰচ ক’ত আৰু কেনেকৈ কৰা হৈছে ? লাখ-কোটিৰ বিনিয়োগৰ পাছতো আঁচনি আৰু সফলতাৰ ৰংচঙীয়া বিজ্ঞাপন প্ৰচাৰৰ পাছতো আমাৰ এনে দশা কিয়
Share This